header ads

বিশেষ লেখা, পথৰুঘাটৰ কৃষক বিদ্রোহঃ স্বাধীনতা যুঁজৰ আৰম্ভণি চেতনা,ড°হেমেন ৰাজবংশী, ৪ৰ্থ বছৰ ২য় সংখ্যা,

পথৰুঘাটৰ কৃষক বিদ্রোহঃ  স্বাধীনতা যুঁজৰ আৰম্ভণি চেতনা

              
  


      অসমৰ মাটিৰ খাজনা বৃদ্ধি কৰি ইংৰাজৰ বৰপেৰা ভৰোৱাৰ যি চক্রান্ত ৰচনা কৰা হৈছিল , তাত জুৰুলা-জুপুৰা হোৱা কৃষক ৰাইজ হাত সাৱটি বহি থকা নাছিল । নগাঁৱৰ ফুলগুৰি , কামৰূপৰ ৰঙিয়া আদি অসমৰ ঠায়ে ঠায়ে প্রতিবাদ গুজৰি-গুমৰি আছিল । এনে প্ৰতিবাদৰ এক চৰম প্ৰকাশ ঘটিছিল ১৮৯৪ খৃষ্টাব্দত পথৰুঘাটত । পথৰুঘাট দৰং জিলাৰ সদৰ মঙলদৈৰ পৰা প্রায় বিশ কিলোমিটাৰ পশ্চিমে অৱস্থিত । পথৰুঘাটৰ বিদ্ৰোহ কৃষক ৰাইজৰ প্ৰতিবাদী সত্তা আৰু সংগ্রামী জীৱনৰ চৰম প্ৰতিভূ । এই প্রতিবাদৰ যি কৰুণ সমাপ্তি ঘটিছিল তাৰ প্রভাৱত দৰঙৰ সমাজ নতুনকৈ ঠন ধৰি উঠাৰ বাবে বহু সময়ৰ প্ৰয়োজন হৈছিল । কিন্তু কৃষক ৰাইজৰ সংগ্ৰামী মনোভাব কেতিয়াও স্তিমিত হোৱা নাছিল ৷ পৰবৰ্তী ভাৰতৰ স্বাধীনতা আন্দোলন বা অসম আন্দোলনত সাধাৰণ ৰাইজৰ অংশগ্রহণ আৰু ভূমিকাই তাৰ উপযুক্ত প্রমাণ ।

    ১৯৬১ খৃষ্টাব্দত প্রকাশিত দীনেশ্বৰ শৰ্মাৰ ‘মঙ্গলদৈৰ বুৰঞ্জী'ত উল্লেখিত তথ্য অনুসৰি কোঁচ ৰাজবংশৰ দৰঙী ফৈদৰ আৰম্ভণিৰ আগলৈকে দৰং ভূঞাসকলৰ অধীনত আছিল । তেওঁলোকে সৰু সৰু গোটত ভাগ হৈ প্রজা পালন কৰিছিল । অসম-কামৰূপৰ ইতিহাসেও এই সাক্ষ্য দিয়ে যে ভূঞাসকলৰ অধীনত অসমৰ বহু অঞ্চল এসময়ত শাসিত হৈছিল ।  পুৰাতাত্বিক সমল , জনশ্রুতি , ইতিহাস আৰু সাংস্কৃতিক পৰম্পৰা বিশ্লেষণ কৰিলে এই কথা স্পষ্ট হৈ পৰে যে দৰঙৰ এই বৃহৎ অঞ্চলটি যথার্থতে জ্ঞানচর্চা , শাস্ত্র ব্যাখা আৰু কাব্যসৃষ্টিৰ এক উৰ্বৰ ক্ষেত্ৰ আছিল । ‘স্মৃতি ৰত্নাকৰ'ৰ প্রণেতা বেদাচার্যকে ধৰি পীতাম্বৰ সিদ্ধান্তবাগীশ , হৰিবৰ বিপ্ৰ , পুৰুষোত্তম ভট্টাচার্য , নৰোত্তম দ্বিজ , ৰাম সৰস্বতী , সুকবি নাৰায়ণদেৱ , সুর্যখড়ি দৈৱজ্ঞ , সাগৰখড়ি দৈৱজ্ঞ , সুছন্দাই কবিৰাজ মিশ্র ইত্যাদিৰ কাব্যকৃতিয়ে অঞ্চলটিৰ উচ্চ বৌদ্ধিক দিশটোৰ এক উজ্বল নিদৰ্শন দাঙি ধৰে । এইসকল কবি-পণ্ডিতৰ বাসস্থান তথা কাব্য চর্চাৰ ঠাই পথৰুঘাটৰ চৌপাশৰ পাতিদৰং , বাঘৰবাৰী , সৰাবাৰী , দিপীলা , চমতীয়া , ব্যাসপাৰা , বলদেৱপাৰা , গোৱালঝাৰ , চপৰা আদি বিভিন্ন গাওঁ ।

           উপযুক্ত ভৌগলিক অৱস্থান , সুন্দৰ প্রাকৃতিক পৰিৱেশ আৰু ৰাজনৈতিক সুস্থিৰতা এনে মহৎ কর্মৰ এক প্রধান কাৰক বুলি আমি নিশ্চিত । উক্ত পণ্ডিত-কাব্যকাৰ সকলৰ মাজত সময় আৰু পৃষ্ঠপোষকতাৰ ভিন্নতা থাকিলেও তেওঁলোক একে সাংস্কৃতিক পৰম্পৰাৰ অনুগামী । সেই সাংস্কৃতিক পৰম্পৰা হৈছে কৃষিজীৱি সমাজৰ সৰলতাপূর্ণ আপোন অনুভৱৰ পৰম্পৰা । সেইবাবেই এই বৃহৎ অঞ্চল জাতি-জনগোষ্ঠী , ধর্ম-সম্প্রদায়ৰ পবিত্র মিলন তীর্থ । এই মিলন তীৰ্থৰ মসৃণ মজিয়াত গোৰ শোধালেহি বৃটিছ বাহাদুৰে । সহজ-সৰল খাটি খোৱা ৰাইজৰ পৰা দহ বছৰৰ মূৰে-মূৰে মাটিৰ খাজনা বৃদ্ধি কৰা , নাঙলৰ বাবে প্রতি কৰ লগোৱা কাৰ্যই এই অঞ্চলৰ দৰঙী প্রজাক প্রতিবাদী কৰি তুলিলে ।ইং ১৮৬১ খৃষ্টাব্দত সাহসী ৰাইজে প্রতিবাদ সাব্যস্ত কৰিবলৈ পথৰুঘাটৰ ডাকবঙলাত জুই দিয়াৰ উপক্রম ঘটাইছিল । লাহে-লাহে সেই উত্তেজনা শাম কাটিল , কিন্তু অন্তৰত সেই জুই জ্বলিয়ে থাকিল । বগাবঙালৰ উৎপীড়নত অতীষ্ঠ হৈ ৰাইজমেলৰ জৰিয়তে দৰঙৰ কৃষক একগোট হৈ ১৮৯৪ খৃষ্টাব্দৰ ২৮ জানুৱাৰীত পথৰুঘাটত তহচিলদাৰৰ যোগেদি বৃটিছ চাহাবক জনাই দিলে যে তেওঁলোকে অন্যায়ভাবে বৃদ্ধি কৰা খাজনা দিবলৈ অপাৰগ । এই প্রতিবাদ মষিমূৰ কৰিবলৈ জিলাধিপতি বেৰিংটনৰ নেতৃত্বত সংঘটিত হ'ল নাৰকীয় কাণ্ড । তেওঁৰ হুকুমত কৃষকৰ ওপৰত চিপাহীৰ নির্বিচাৰ গুলি চলিল । আচম্বিতে হোৱা এনে নিষ্ঠুৰ আক্ৰমণত কৃষক ৰাইজৰ উৱাদিহ হেৰাল । থাওকতে পোৱা দলি-চপৰা , ফর্মুটি চিপাহীৰ গালৈ ৰাইজে মাৰি পঠিয়ালে । বন্দুকৰ গুলিৰ সমুখত দলি-ফর্মুটিৰে ৰক্ষা পাব পাৰি জানো ? বন্দুকৰ গুলিত বহু কৃষকৰ মৃত্যু হ’ল । বহু ঘূণীয়া হ'ল । বৰ্বৰ বৃটিছে নিহতসকলক এটা ডাঙৰ গাঁত খান্দি পুতি থলে । সমকালীন সময়ৰ সচেতন মহলত এই বৰ্বৰ কাণ্ডৰ প্রভাৱ বিশেষ পৰা দেখা নাযায় । দেশৰ মাটি আৰু মানুহৰ বাবে এয়া দুর্ভাগ্যজনক আৰু পৰিতাপৰ কথা ।

      স্বাধীনমনা কৃষক ৰাইজেৰে পূর্ণ অসমৰ ই অত্যন্ত কৰুণ ঘটনা । পথৰুঘাটৰ সেই কৃষক বিদ্রোহত প্রাণ হেৰুওৱা কেইগৰাকীমান ছহিদ হ'ল আঠিয়া কোঁচ , অগনমেৰা কেওঁট , বহুদাৰীয়া , কাটাশেখ , পৰণ্ড শর্মা , দোমহু শর্মা আদি । এওঁলোকৰ নেতৃত্বত এই অঞ্চলত গাঁৱে গাঁৱে ৰাইজমেল বহিছিল আৰু বগাবঙালৰ অন্যায়ৰ বিৰুদ্ধে ৰাইজ জাগ্রত হৈছিল । অঞ্চলটোৰ সমগ্র গাঁৱৰ সকলোবোৰ মানুহেই পথৰুঘাটৰ প্রতিবাদী সভাত যোগদান কৰিছিল । কলাইগাঁৱৰ হাটত বৃটিছ চাহাবৰ লগত খাজনা বৃদ্ধি সন্দৰ্ভত কৃষক ৰাইজৰ খকাখুন্দা লগাৰ কথা জনসমাজত প্রচলিত ৷ সেই
সময়ত হাট-উৎসৱ আদিয়েই আছিল ৰাইজৰ যোগাযোগৰ থলী । হাট-উৎসৱ , ৰাইজমেলৰ যোগেদি সংগঠিত হোৱা কৃষক ৰাইজৰ বৃটিছৰ অন্যায় বিৰোধী প্রতিবাদ-ক্ষোভ বিস্ফোৰিত হৈছিল । পথৰুঘাটৰ প্রতিবাদথলীত সেইদিনা কিমান মানুহ গোট খাইছিল তাৰ সঠিক হিচাপ আজি কোনো লিখিত তথ্যত পাবলৈ নাই । ইংৰাজ চৰকাৰৰ হিচাপমতে সেইদিনা প্রতিবাদথলীত নিহত হৈছিল মাত্র সোতৰজন ; অথচ ৰাজহুৱাভাবে সেই সংখ্যা আছিল এশ চল্লিছ । গতিকে , পথৰুঘাটত সেইদিনা সংগ্রামী কৃষকৰ উপস্থিতি যে বিপুল পৰিমাণৰ আছিল সেয়া নিশ্চিত । হিন্দু মুছলমান যি এশ চল্লিছ গৰাকী ছহীদৰ নাম পোৱা গৈছে সেয়া সম্পূর্ণ বুলিব নোৱাৰি । প্রকৃতার্থত কিমানজন কৃষকৰ বুকু বৃটিছৰ গুলিয়ে ভেদ কৰিছিল তাৰ সঠিক হিচাপ হয়তো ওচৰেৰে বৈ যোৱা দ্বিগজৰ পানীয়েহে ক'ব পাৰিব ।

    পথৰুঘাটৰ কৃষক বিদ্রোহ ইংৰাজৰ অত্যাচাৰী , ঔপনিবেশিক শাসনৰ বিৰুদ্ধে হোবা কৃষক জাগৰণ । ই অন্যায়-অনিয়ম আৰু বিভেদকামীৰ বিৰুদ্ধে হোৱা প্রবল জেহাদ । ই দৰঙৰ স্বাধীনতা প্রয়াসী কৃষক সাধাৰণৰ সংগ্রামী সত্তাৰ স্বাক্ষৰ । আঠিয়া কোঁচ , অগনমেৰা কেওঁট , বহুদাৰীয়া অসমৰ কৃষক জনগণৰ সংগ্রামী সত্তাৰ প্রতিনিধি । কৃষক সাধাৰণৰ এই জাগৰণে পৰৱর্তী স্বাধীনতা সংগ্রামৰ প্রতি সাধাৰণ মানুহৰ সচেতনতা বঢ়াই তুলিছিল তথা সংগ্রামী সত্তাক সাৰ-পানী যোগাইছিল । এই ঐতিহাসিক তথা কৰুণ ঘটনাক আলম কৰি ভিন্ন সময়ত 'পথৰুঘাটৰ ৰণ', '১৮৯৪', 'নাঙল , মাটি আৰু মানুহ' নামেৰে তিনিখন বিখ্যাত অসমীয়া নাটক লিখা হৈছে আৰু 'অনল' নামেৰে এখন কথাছবিও নির্মাণ হৈছে । অসমৰ সমাজ জীৱনত এই স্বাধীনতা প্রয়াসী কৃষক গণ জাগৰণৰ প্ৰভাৱ অপৰিসীম ।
-------------------

                                                                          


ড°হেমেন ৰাজবংশী
সহযোগী অধ্যাপক
টিহু মহাবিদ্যালয়

Post a Comment

1 Comments

  1. পঢ়ি খুবেই ভাল পালোঁ.... আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ 🙏

    ReplyDelete