header ads

বিজ্ঞানৰ ইটো সিটো, তীৰ্থমণি ডেকা, ৪ৰ্থ বছৰ ২য় সংখ্যা,

 বিজ্ঞানৰ ইটো সিটো

                                  

১) অষ্ট্ৰেলিয়াত পোৱা টাইগাৰ বীটন বিশ্বৰ সবাতোকৈ দ্ৰুতগতিৰে দৌৰিব পৰা পোক । এইবিধ পোকে চিকাৰ অনুসৰণ কৰি ঘণ্টাত ৯ কিলোমিটাৰ গতিবেগত দৌৰিব পাৰে ।

২) পইঁতাচোৰা সহজে নমৰে । মূৰকাটি পেলোৱাৰ পিছতো কেইবা সপ্তাহলৈ জীয়াই থাকিব পাৰে । বৰঞ্চ ভোকতহে পইঁতাচোৰাৰ মৃত্যু হয়। ভোক সহ্য কৰিব নোৱাৰে কাৰণেই পইঁতাচোৰাই যি পায় তাকে খায় ।

৩) ফেঁচাক মূৰ্খ আৰু দিনকণা প্ৰাণী বুলিয়েই জনা যায় । কিন্তু নিশাচৰ পক্ষীবিধৰো কিছুমান বিশেষ দক্ষতা আছে । ইহঁতে ডিঙিটো সম্পূৰ্ণৰূপে ঘুৰাই পাছফালে চাব পাৰে । ইয়াৰ উপৰিও ফেঁচাই পাছফাললৈকো উৰিব পাৰে । মানুহৰ তুলনাত ফেঁচাৰ দৃষ্টিশক্তি ১০০ গুণ বেছি ।
৪) চৰাইৰ পাখিৰ গুৰিত তৈলগ্ৰন্থি থাকে । এই তৈলগ্ৰন্থিৰ পৰা তৈলাক্ত পদাৰ্থ নিঃসৰণ হয় ৷ এই তৈলাক্ত পদাৰ্থ পাখিত ঠোঁটেৰে বিয়পাই দিয়াৰ কাৰণে চৰাইৰ পাখি সহজতে পানীত নিতিতে । যদি তিতিলেহেঁতেন তেন্তে চৰাইয়ে উৰাত কষ্ট পালেহেঁতেন । সেয়েহে চৰাইয়ে ঠোটেঁৰে পাখি আৰু আৰু ফিচা খুচৰি থাকে ৷

৫) পতংগ কুলৰ ভিতৰত সবাতোকৈ চঞ্চল হ'ল ফৰিং ৷ কোনো ঠাইতে ইহঁতে একেথিৰে থাকিব নোৱাৰে । 
                                                                                                  

তীৰ্থমণি ডেকা
সহকাৰী শিক্ষক (বিজ্ঞান )
পূৱপাৰ মদাৰতলা উচ্চ মাধ্যমিক বিদ্যালয়
শিক্ষাখণ্ড - কমলপুৰ।

Post a Comment

0 Comments