header ads

অসমীয়া প্ৰবন্ধ, শিশুসকলৰ মাজত সাধুকথাৰ প্ৰাসংগিকতা , কিৰণ দাস ,৪ৰ্থ বছৰ ২য় সংখ্যা,

 শিশুসকলৰ মাজত সাধুকথাৰ প্ৰাসংগিকতা 

                               


এটা সময় আছিল যেতিয়া আমাৰ প্ৰজন্মৰ সকলোৱে সাধুকথাৰ সোৱাদ লৈছিল ৷ আমিবোৰে ককা-আইতাক একেবাৰে ওচৰৰ পৰা পাইছিলো ৷ সন্ধিয়াৰ সময়খিনি আমাৰ বাবে খুউব আকাংক্ষিত আছিল । গৰমৰ দিনত  চোতালত ঢাৰি পাতি জোনাক নিশাৰ তৰাবোৰ  চাই আইতাই সাধুকথা কৈছিল ৷ এখন হাতেৰে  আকৌ বিচনীৰে বিচি আছিল । সাধুকথাৰ আমেজ আৰু বিচনীৰ বাত আমাৰ টোপনি আহিছিল । বিভিন্ন ধৰণৰ অজান দেশৰ , অজান বৈচিত্ৰময় পৃথিৱীৰ নানা ধৰণৰ কাল্পনিক কাহিনীয়ে শিশু সূলভ মনটোক জোকাৰিছিল আৰু এক সুন্দৰ পৃথিৱীৰ  কাল্পনিক জগতেৰে মনবোৰ ভৰি গৈছিল । আকৌ শীতকালতে আইতাই জুইৰ উম লৈ বিভিন্ন ধৰণৰ সাধু কৈছিল । একাণপতীয়াকৈ  ককা-আইতাই কৈ থকা সাধুবোৰে মনলৈ অনাবিল আনন্দ আনিছিল আৰু সেই  সাধুবোৰে মনত সাঁচ বহুৱাইছিল ।
     প্ৰতিটো প্ৰজন্মৰ মানুহক আলোড়িত কৰিব পৰা এই সাধুকথাবোৰৰ অতীত গৌৰৱ আছে । অতীতৰ সেই গ্ৰীক দেশৰ ঈছপৰ সাধুৰ পৰা  অসমীয়া ভাষাৰ লক্ষ্মীনাথ বেজবৰুৱা তথা বৰ্তমান সময়লৈকে সাধুকথাই বিশেষকৈ ছাত্ৰ- ছাত্ৰীক নিভাজ আনন্দ দিবলৈ সক্ষম হৈছে । ছিগমণ্ড ফ্ৰয়েদৰ মতে সাধুকথাই শিশুৰ মনত  গভীৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে যি প্ৰভাৱ  সুদূৰপ্ৰসাৰী ৷ সাধুকথাত থাকে কাল্পনিক মনোভাৱ , থাকে শিশুই ভাল পাব পৰা বিভিন্ন   সাধুকথা । ঘণ্টাৰ পিছত ঘণ্টা শুনি থাকিলেও সাধুবোৰ শুনিয়ে থাকিবৰ মন যায় । সাধুকথাবোৰত থকা কাহিনী যেনে জন্তু , চৰায়ে কথা কয় , নাচে , খেলে  আৰু এইবোৰ কাহিনীয়ে শিশুমনত আনন্দৰ খোৰাক দিয়ে , কাল্পনিক জগতলৈ লৈ যায় । সাধুকথাৰ কাহিনীয়ে শিশুৰ মনত আলোড়ন , কৌতূহলৰ  সৃষ্টি কৰে । যেনে চিকাৰীৰ জালত পৰা সিংহক কেনেকৈ নিগনিয়ে জালৰ পৰা মুক্ত কৰে , পিয়াঁহত আতুৰ হৈ থকা কাউৰীয়ে কেনেকৈ বুদ্ধিৰে কলহৰ পৰা পানী খাই তৃষ্ণা দূৰ কৰিলে , চিকাৰীৰ জালৰ পৰা ভাটৌ চৰাইবোৰ কেনেদৰে ৰক্ষা পৰিল আদি ৰসাল সাধুকথাৰ কাহিনীয়ে শিশুক কল্পনা জগতলৈ লৈ যায় , কথাবোৰ ভাবিবলৈ , চিন্তা কৰিবলৈ মনত উদগনি যোগায় । সাধুকথাত নীতিশিক্ষা আছে । সেয়েহে সাধুকথাবোৰ শুনি আৰু পঢ়ি শিশুসকলে নীতিশিক্ষা পায় আৰু তেওঁলোকৰ  নৈতিক চৰিত্ৰ গঠনত সহায় হয় । উদাহৰণ স্বৰূপে ৰজা আৰু ভাটৌ চৰাইৰ সাধুটোৰ কাহিনী উল্লেখ কৰিব পাৰি । ঠিক সেইদৰে তেজীমলাৰ সাধু , চিলনীৰ জীয়েকৰ সাধু , শহা আৰু ভেকুলীৰ সাধু , খৰিকটীয়া আৰু জলদেৱতা আদিৰ সাধুবোৰে শিশুৰ মানসিক বিকাশত অৰিহণা যোগায় । সেয়েহে সাধুকথাই শিশুক মানসিকভাৱে সৱল আৰু সুস্থ কৰি তোলাত সহায় কৰে ৷ সাধুকথাবোৰৰ মাজেৰে শিশুৰ বৌদ্ধিক দিশ বিকশিত হয় ৷ 
   শিশুৰ জগতখন খুবেই  বিচিত্ৰ , কল্পনাময় বিস্ময়কৰ এখন সুন্দৰ পৃথিৱী । সেয়ে বিখ্যাত শিশু সাহিত্যিক ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে কৈ গৈছে ,' শিশুৰ অবাক জগতখনৰ লগত যাৰ নিবিড় একাত্মতা নাই , যাৰ মনৰ মাজত চিৰ শিশুজন জাগ্ৰত হৈ থকা নাই সেইজনে শিশুৰ মনৰ ভূ-পাব নোৱাৰে ।’ 
   সাধুকথা অসমীয়া লোকসাহিত্যৰ আপুৰুগীয়া সম্পদ । নীতিকথাৰ ভঁৰাল সাধুকথাবোৰে সৰুৰে পৰা চৰিত্ৰ গঠন কৰাৰ ক্ষেত্ৰত শিশুসকলৰ বাবে বৰ গুৰুত্বপূৰ্ণ । চৰিত্ৰ গঠনৰ জৰিয়তে তেওঁলোক ভৱিষ্যতৰ সুনাগৰিক হোৱাত সহায় হয় ৷ তেজীমলা , হিতোপদেশ , ঈছপৰ সাধু আদিৰ দৰে সাধুবোৰ আকৌ নীতিজ্ঞানেৰে ভৰা । কোমল বয়সৰ শিশুক ভৱিষ্যতে সৎ নাগৰিক কৰি গঢ়ি তুলিবলৈকে জীৱনৰ বাবে প্ৰয়োজনীয় কিছুমান নীতিজ্ঞান সাধুৰ ছলেৰে দিয়া হৈছে । আইতাৰ সাধু , বুঢ়ী আইৰ সাধু , পঞ্চতন্ত্ৰৰ সাধু আদি সাধুকথাৰ কাহিনীয়ে শিশুমনত বাৰুকৈয়ে প্ৰভাৱ পেলায় আৰু তেওঁলোকক একো এগৰাকী ভৱিষ্যতৰ নাগৰিক হোৱাত সহায় কৰে । সাধুকথাবোৰৰ মাজেৰে শিশুবোৰে সৎ , অসৎ , শিষ্টাচাৰ আদিৰ নীতিশিক্ষা লাভ কৰে আৰু এইবোৰে শিশুক মানসিকভাৱে সৱল কৰি তোলে ।
           কিছুমান সাধুকথাত গীতে কাহিনী আগবঢ়াই নিয়াত বিশেষ ভূমিকা গ্ৰহণ কৰা দেখা যায় — 

হুৰ হুৰ বটা চৰাই , 
মোৰ ধান নাখাবি
তোক দিম গোটা কৰাই
ধানো খাম চাউলো খাম
চম্পাৱতীক বিয়া কৰাই ঘৰলৈ যাম ৷ (চম্পাৱতী)

গেদগেদী বাই গেদগেদী বাই
সভালৈ যায় বা নাযায় ? (গংগাটোপ)

আগলতি কলপাত লৰে কি চৰে
চিলনী আই মোৰ আগতে পৰে ৷ (চিলনী জীয়েকৰ সাধু)

হাতো নেমেলিবি ফুলো নিছিঙিবি
ক’ৰে নাৱৰীয়া তই ?
পাট কাপোৰৰ লগতে মাহীআয়ে খুন্দিলে
তেজীমলাহে মই ।

এনে ধৰণৰ গীত সন্নিবিষ্ট মনোগ্ৰাহী সাধুকথাবোৰে শিশু মনক সহজে আকৰ্ষণ কৰে । আকৌ সাধুকথাক অসমীয়া জনজীৱনৰ প্ৰতিচ্ছবি বুলিও ক'ব পাৰি । অসমীয়া জাতিৰ বিশ্বাস , ৰীতি-নীতি , সামাজৰ চিত্ৰ , বুদ্ধি-বৃত্তি আদি সাধুকথাত সোমাই আছে । সমাজ , বুৰঞ্জীৰ দলিল স্বৰূপ সাধুকথাবোৰৰ সাহিত্যিক মূল্যও কোনো গুণে কম নহয় ৷ জাতীয় সাহিত্যৰ এই অমূল্য সম্পদৰাজি সময় থাকোঁতেই সংৰক্ষণ আৰু চৰ্চাৰ ব্যৱস্থা কৰি পাহৰণি গৰ্ভত হেৰাই যোৱাৰ পৰা আমি ৰক্ষা কৰিব লাগিব । 
 কিন্তু বৰ্তমান প্ৰজন্মৰ একাংশই সাধুকথা শুনা বা পঢ়াৰ সলনি ইউটিউব , এনড্ৰ’ইড মবাইলৰ সহজলভ্য বিলাসী এপবোৰ , হোৱাটচএপ , ফেচবুক আদি ভাৰ্চুৱেল বিলাসিতাৰ লগত জড়িত হৈ থকা দেখা যায় । শিশুৰ সুস্থ মানসিক বিকাশ আৰু চিন্তাধাৰা উন্নত কৰিবৰ বাবে সাধুকথাৰ সোৱাদ দৰকাৰ । নিভাঁজ আনন্দ -অনুভূতিৰে শিশুৰ মনস্বত্ব আৰু চাৰিত্ৰিক গঠনৰ বাবে সাধুকথাৰ প্ৰাসংগিকতা চিৰদিন অটুট থাকিব ৷ শিশুসকলক সাধুকথাৰ প্ৰতি আকৰ্ষিত কৰিবৰ বাবে চিত্ৰ বা এনিমেচনৰ দ্বাৰা জনপ্ৰিয় কৰিবৰ বাবে চেষ্টা কৰিব পাৰি । শেষত সাধুকথাবোৰ আমাৰ ভৱিষ্যৎ প্ৰজন্মই আকোঁৱালি লওক আৰু শিশু মনে ভাল পাব পৰা নতুন নতুন সাধুকথাৰ সৃষ্টিৰে আমাৰ সাহিত্যৰ ভঁৰাল চহকী হওক ।
                                                 

কিৰণ দাস 
বিষয় শিক্ষয়িত্ৰী ( ইংৰাজী ) 
ৰামদিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় । 

Post a Comment

0 Comments