কেন্সাৰঃ ( নাটক )
( এজন কেন্সাৰ ৰোগীয়ে তেওঁৰ কন্যাৰ সৈতে কৰা শেষ বাৰ্তালাপ । মঞ্চত আই .চি. ইউ কেবিনৰ দৃশ্য । হস্পিটেলৰ বিচনাত ৰোগী । গ্লাচৰ বাহিৰত ডাক্টৰে টেবুলত বহি ৰিপোৰ্ট চেক কৰি থাকিব । ৰোগীৰ জীয়েকৰ প্ৰৱেশ ।)
জীয়েক :--ছাৰ , দেউতা এতিয়া কেনে আছে ? বিষ অলপ নিৰাময় হৈছেনে ? আৰু ব্লাড দিব লাগিব নেকি ?
ডাক্টৰ :-- তেখেতক আৰু ব্লাডৰ প্ৰয়োজন নাই ।
জীয়েক :-- থেংক ইউ ছাৰ । আজি অত মাহৰ অন্তত অলপ আশাৰ ৰেঙনি দেখিলোঁ ।
ডাক্টৰ :-- আচলতে আপুনি ভুল ভাবিছে ৷ তেখেতৰ অবস্থা একেবাৰে বেয়া ।
জীয়েক :-- তেনেকৈ নকʼব ছাৰ । অত মাহ ধৰি আমি তেখেতৰ চিকিৎসাৰ নামত দিন-ৰাতি একাকাৰ কৰি আছোঁ ৷ আৰু এতিয়া. .
ডাক্টৰ :-- এৰা , কিন্তু তেখেতৰ আৰু কোনো চিকিৎসা নাই ।
জীয়েক :-- কি ?
ডাক্টৰ :-- ইয়াত মিছাতে পইচা খৰচ কৰি থাকি একো লাভ নহ'ব । তেখেতক আপোনালোকে ঘৰলৈ লৈ যাওঁক ।
জীয়েক :-- ঘৰ ! কʼৰ ঘৰত নিম ছাৰ ? ইতিমধ্যেই তেখেতৰ চিকিৎসাৰ নামত আমাৰ শেষ আশ্ৰয়স্থল থকা ঘৰটিও বিক্ৰী হৈ গ'ল । এতিয়া আমি ভাৰা ঘৰতহে আছোঁ ।
ডাক্টৰ :-- কথাটো তোমাৰ আচহুৱা লাগিছে ; কিন্তু আমাৰ বাবে এয়া প্ৰায়েই শুনি অহা কঠোৰ বাস্তৱ । এতিয়া কি কম তোমাক ? ইয়াত তোমালোকে মিছাই টকা খৰচ কৰি আছা । এমাহ ধৰি continue আমি যুজিলোঁ । ব্লিডিং ৰখাব পৰা নাই । কোন মুহূৰ্তত কি হয় ঠিক নাই । এই বেমাৰটোৱেই এনেকুৱা । নিজেও মৰে আৰু পৰিয়ালটিকো নি:শেষ কৰি থৈ যায় ।
জীয়েক :-- আমাৰ আৰু নিঃশেষ হ'বলৈ বাকী নাই ছাৰ । মই ইঞ্জিনিয়াৰিঙত ছীট পায়ো , এই পাঁচটা বছৰ দেউতাৰ লগত লাগি থাকোতেই মোৰ শিক্ষা ৰৈ গ'ল । যোৱাবাৰ ভন্টীজনীৰ এড্মিশ্যনৰ বাবে ৰখা টকা কেইটা কেমো দি খৰচ হ'ল । ঘৰৰ মাটি সম্পত্তি সকলো শেষ । ঘৰৰ ভেটিটোও বন্ধকত দিলোঁ । বহু ভাল ৰিজাল্ট কৰিও আমি দুয়ো ভনীৰে শিক্ষাত যতি পৰিল ।
ডাক্টৰ :-- এৰা, এই বেমাৰটিয়ে কেৱল ৰোগীজনকে কুটি কুটি নামাৰে , একেলগে পৰিয়ালটিকো আধামৰা কৰি থৈ যায় । প্ৰায় সকলোবোৰ পৰিয়ালৰে অৱস্থা একেই ।
জীয়েক ;-- আমাৰ অনুৰোধ , আৰু অলপ চেষ্টা কৰি চাওঁক ছাৰ । তেওঁৰ অনুপস্থিতি আমি কেনেকৈ মানি লম ছাৰ ?
ডাক্টৰ :-- উপায় নাই । মই আগতেই কৈছোঁ । ইতিমধ্যে বহু দেৰি হৈ গ'ল ।
জীয়েক :--এবাৰ তেখেতক দেখা কৰিব পাৰিম নে ছাৰ ?
ডাক্টৰ :-- ঠিক আছে । বেছি কথা নাপাতিব । আকৌ ব্লিডিং হৈ যাব ।
জীয়েক :-- ঠিক আছে ছাৰ ।
( তেনেতে ডাক্টৰৰ ফোন বাজিব । ফোনটি তুলি ডাক্টৰ কোঠাৰ পৰা আঁতৰি যাব । ভিতৰত ৰোগীক শুশ্ৰূষা কৰি থকা নাৰ্চজনীও আঁতৰি যাব )
জীয়েক :-- দেউতা , অ’ দেউতা ।
দেউতাক :-- অ' আই ।
জীয়েক :-- দেউতা , ডাক্টৰে হাত দাঙি দিছে । আমাৰ আৰু উপায় নাই । আমি এতিয়া কি কৰিম ক ?
দেউতা :-- মই কথাটো অনুভৱ কৰিছোঁ অলপ । এতিয়া আৰু একো চিকিৎসা নাই নেকি অʼ মাজনী ? তোৰ বিয়াখন অন্ততঃ চাই যাব পাৰিলেও. ..
জীয়েক :--তেওঁলোকে সকলো চেষ্টাই কৰিছে । কিন্তু. ..
দেউতা :-- টাটা মেমৰিয়েলত এবাৰ লৈ যাব নোৱাৰিনে ? তাতে কিবা এটা হ'লহেতেঁন কিজানি !
জীয়েক :-- মই তাতো কথা পাতিছোঁ দেউতা । কিন্তু ব্লিডিং ৰখাব নোৱাৰিলে তাত নিলেও একো নহ'ব বুলি ক'লে ।
দেউতা :-- তাৰ মানে মোৰ হাতত আৰু সময় নাই ।
জীয়েক :--তোৰ কাৰোবাক কিবা দিব লগা ধাৰ আছে নেকি ?
দেউতা :-- নাই নাই । মই কাকো দিব লগা নাই । অ' দিলীপক টকা ৫০,০০০ দিবি । সি বলধ হাল বেছি পোৱা টকা কেইটা মোৰ তাতে জমা দিছিল । মোৰ খৰচ হ'ল ।
জীয়েক :--হʼব বাৰু । আৰু কাৰোবাক. ...?
দেউতা :-- নাই নাই । আৰু কাকো দিব লগা নাই । ইয়াতো এই কেইমাহত বহুত বিল উঠিল চাগে ? টকাবোৰ কোনে দিছে ?
জীয়েক :-- তই এইবোৰ চিন্তা কৰিব নালাগে ।
দেউতা :-- মোক ঘৰলৈ লৈ বʼল । শেষ সময়খিনি মই ঘৰতে কটাব বিচাৰোঁ ।
জীয়েক :-- ঘৰ ? অ' ডাক্টৰেও কৈছে তোক ঘৰলৈ নিবলৈ । কিন্তু ঘৰত নি তোক জানো এনেকৈ চাই থাকিব পাৰিম ? ব্লিডিং হ'লেই লৈ আনিব লাগিব । ইয়াত অন্ততঃ তই .......
দেউতা :-হʼব । তই গ্লাচ খনৰ বাহিৰৰ পৰাই মোক চাই থাকিবি । তোক দেখা নাপালে মোৰ বৰ ভয় লাগে । ৰাতি যেন কোনোবা মোৰ কাষত ঘূৰি থাকে । মই বৰ ভয় খাওঁ অ' । যোৱাৰাতি মোৰ সোঁকাষৰ বেডৰ জন ঢুকাল । পৰহি বাওঁকাষত থকা জন । এক অজান আশংকাই মোক বেৰি আছে অ' ৷ মোৰ বৰ ভয় লাগে অ' মাজনী ।
জীয়েক :-- মই তোক চাই থাকোঁ । সকলো সময়তে তাত থাকিব নিদিয়ে । তই ভয় নকৰিবি । বাৰে বাৰে চাই থাকিলে ডাক্টৰে অসুবিধা পায় ।
দেউতা :-- মোক কিবাকৈ হʼলেও টাটালৈ লৈ যাব নোৱাৰনে ? সিহঁতে পালে মোক ঠিক কৰি দিব । তাৰ ডাক্টৰবোৰ ভাল । প্ৰথমবাৰো মোক তেওঁলোকেই বচালে । মোক তালৈ লৈ বʼল অʼ মাজনী ।
জীয়েক :-- অস্থিৰ নহবি দেউতা । মই এয়াৰ এম্বুলেন্সৰ লগতো কথা পাতিছোঁ । কিন্তু ব্লিডিং বন্ধ নহ'লে....
দেউতা :-- অ বুজিছোঁ , মোৰ হাতত আৰু এতিয়া কিমান সময় আছে ?
জীয়েক :-- একো ক'ব নোৱাৰি । তই পাই থকা যন্ত্ৰনাবোৰ আমাৰ সহ্যৰ বাহিৰত। সেয়ে পৰমাত্মাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ , তোক যিমান পাৰে সোনকালে নিয়ক । অ , সোনকালে নিয়ক ।
দেউতা :-- মোৰ জীয়াই থকাৰ মন অ'....মাজনী ৷
জীয়েক :-- মই তোক কিমান কৈছিলোঁ এইবোৰ এৰ । মদ , ভাং , চিগাৰেট, চিখৰ , তুলসী , ৰজনী কি এৰিলি তই ? পঢ়া দিনতে এইবোৰ যি মুখত দিলি বিয়াৰ পিছতো তই এইবোৰৰ লোভ নেৰিলি । প্ৰথমবাৰ টাটাত তোক পথাৰৰ মাটি বিক্ৰী কৰি ঠিক কৰি আনিলোঁ । তাৰ পিছতো তই. ...
দেউতা: - মই এইবোৰ এৰিবলৈ চেষ্টা নকৰা নহয় অ' মাজনী । মুম্বাইৰ পৰা কেমো থেৰাপি লৈ আহি মই যোৱা তিনিটা বছৰে একোৱেই নোচোৱাকৈ আছিলোঁ ।
জীয়েক :-- এৰা, তাৰ পিছত তোক এই বৰবিহ বোৰ খাব কিহে ধৰিছিল আকৌ ? পৰিয়ালটি নতুনকৈ পুনৰ ঠন ধৰিব লৈছিলহে । তই. ...
দেউতা :-- এয়া মোৰ জীৱনৰ চৰম মূৰ্খামি অ'। এলক'হল , চাধা , চিগাৰেট , চিখৰ , হৰপল , ৰজনী আদিৰ নামত মই বহু ধন আৰু সময় নষ্ট কৰিলোঁ । কিন্তু .....কিন্তু , মোৰ মৰিবলৈ একেবাৰে ইচ্ছা নাই । মোৰ মৰিবলৈ ভয় লাগে অ' মাজনী । ভয় লাগে ।
জীয়েক :-- ভয় নকৰিবি দেউতা । এদিন আমি সকলো যাবই লাগিব । কপালত যি আছিল হৈ গ'ল দেউতা । তোৰ অলপ ভুলৰ বাবে সকলো ছেদেলি-ভেদেলি হৈ গ'ল অ' দেউতা । সকলো ছেদেলি ভেদেলি হৈ গল । এতিয়া বহু দেৰি হৈ গ'ল অ' দেউতা । কালি বংশ কুটুমৰ সকলোৱে তোক শেষবাৰৰ বাবে দৰ্শন কৰিবলৈ আহিব ।
দেউতা :-- ( কাঁহি কাঁহি. ..নিস্তেজ চকুযুৰি কেৱল থৰ লাগি চাই ৰল )
দেউতা দেউতা. ........
( ডাক্টৰ আৰু নাৰ্চ গৰাকী আহি বগা কাপোৰখন ৰোগীৰ মূৰলৈ টানি দিব ।)
*********************
কৃষ্ণ কলিতা
মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক
হাজো শিক্ষাখণ্ড
0 Comments