header ads

বিশেষ লেখা, মহাত্মা গান্ধীৰ দৃষ্টিত হিটলাৰ, ময়ূৰ বৰা , ৪ৰ্থ বছৰ ২য় সংখ্যা,

 মহাত্মা গান্ধীৰ দৃষ্টিত হিটলাৰঃ



        মহাত্মা গান্ধী আৰু এডলফ হিটলাৰ ৷ ঊনৈশ শতিকাত জন্মগ্ৰহণ কৰি বিংশ শতিকাত অস্বাভাৱিকভাৱে মৃত্যুক সাৱটি লোৱা  দুয়োজনেই আধুনিক ইতিহাসৰ অত্যন্ত গুৰুত্বপূৰ্ণ ব্যক্তি ৷ কেৱল ব্যক্তি বুলিলে হয়তো ভুল হ’ব ৷ কাৰণ মতাদৰ্শৰ তীব্ৰ ভিন্নতা সত্বেও দুয়োজনৰে ৰাষ্ট্ৰ , ৰাজনীতি আৰু মানৱ জীৱন সম্পৰ্কীয় চিন্তা-চৰ্চা আৰু কৰ্মৰাজিৰ প্ৰভাৱ ইমান গভীৰ আৰু ব্যাপক আছিল যে দুয়ো হৈ পৰিছিল দুটা বৃহৎ অনুষ্ঠানৰ নিচিনা ৷ তেওঁলোকৰ চিন্তাৰাজিৰ প্ৰভাৱ আজিৰ মানুহৰ মনোজগততো স্পষ্ট ৷ আধুনিক কোনোবা আৱেগপ্ৰৱণ আৰু সংবেদনশীল মানুহৰ মনত যদি এই দুজনা ব্যক্তিৰ প্ৰভাৱ বোৱঁতী সুঁতিৰ  দৰে , আন কাৰোবাৰ মনত সময়ভেদে সেই প্ৰভাৱ উত্তাল তৰংগৰো সৃষ্টি কৰে ৷
গান্ধী আৰু হিটলাৰৰ চিন্তা আৰু কৰ্মপদ্ধতি আছিল সম্পূৰ্ণৰূপে সুকীয়া ৷ জীৱনকালতেই ‘মহাত্মা’ উপাধিৰে বিভূষিত হোৱা গান্ধী আছিল ভাৰতৰ স্বাধীনতা পিয়াসী , সংগ্ৰামী ৰাইজৰ অধিকাংশৰে নয়নৰ মণি ৷ অহিংসা আৰু সত্যৰ ওপৰত প্ৰতিষ্ঠিত গান্ধীৰ নেতৃত্বত গঢ় লোৱা ভাৰতৰ স্বাধীনতা আন্দোলনে সাম্ৰাজ্যবাদী ব্ৰিটিছৰ শোষণমূলক শাসনৰ অন্ত পেলাইছিল ৷ একে সময়তে বিশ্বত হিটলাৰে জাৰ্মান ৰক্তৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিবলৈ গৈ এনে কিছু অমানুষিক আৰু পৈশাচিক কাৰ্যপন্থা গ্ৰহণ কৰিছিল , যাৰ ফলত নিধন হৈছিল প্ৰায় ষাঠি লাখ ইহুদী আৰু আশী/নব্বৈ লাখ অন্যান্য জাতিৰ লোক ৷ অকালতে মৃত্যুবৰণ কৰিছিল বহু লাখ জাৰ্মান লোক ৷ অৱধাৰিতভাৱে হিটলাৰৰ নিজৰ জীৱনলৈকো আহিছিল সেই ধ্বংসযজ্ঞৰ বিৰূপ প্ৰভাৱ ৷ শেষ মুহূৰ্তত সকলোফালে নিজৰ মতাদৰ্শৰ পৰাজয় সহ্য কৰিব নোৱাৰি হিটলাৰে প্ৰেয়সী ইভা ব্ৰাউনৰ লগত একেলগে আত্মহত্যা কৰিছিল ৷ আখ্যা পাইছিল ‘শতিকাৰ কুখ্যাত ব্যক্তি’ হিচাপে ৷
সকলো মানুহকে সমদৃষ্টিৰে চাবলৈ প্ৰয়াস কৰা মহাত্মা গান্ধীৰ হিটলাৰ সম্পৰ্কীয় ধাৰণা আছিল অত্যন্ত স্পষ্ট ৷ ধূসৰতাৰ কুঁৱলী তাত খুব কমেই দেখা পোৱা যায় ৷ হিটলাৰৰ কৰ্ম সম্বন্ধে গান্ধীৰ মনোভাৱৰ উমান পোৱাৰ বাবে মুখ্য উৎস হ’ল গান্ধীয়ে হিটলাৰলৈ লিখা দুখন চিঠি ৷ প্ৰথমখন চিঠি লিখিছিল ১৯৩৯ চনৰ ২৩ জুলাইত আৰু দ্বিতীয়খন ১৯৪৯ চনৰ ২৪ ডিচেম্বৰত ৷ কিন্তু তেতিয়াৰ বৃটিছ চৰকাৰে দুয়োখন চিঠি প্ৰেৰণৰ ক্ষেত্ৰত বিধি-পথালি দিছিল ৷ আধুনিক ইতিহাস চৰ্চাত গান্ধীৰ-হিটলাৰ সম্পৰ্কীয় দৃষ্টিভংগী বিশেষতঃ দুটা কাৰণৰ বাবে মানুহৰ আগ্ৰহৰ কেন্দ্ৰবিন্দু হৈ পৰা পৰিলক্ষিত হয় । 
প্ৰথম কাৰণটো হ’ল , হিটলাৰে ১৯৩৮ চনত বৃটিছ চৰকাৰক ভাৰতৰ স্বাধীনতা আন্দোলন দমন কৰা সন্দৰ্ভত প্ৰদান কৰা পৰামৰ্শসমূহৰ বিষয়ে গান্ধী অজ্ঞ নাছিল ৷ লৰ্ড হেলিফেক্সৰ আগত ৰখা হিটলাৰৰ ব্যক্তব্যৰ মাজত কোনো দ্বিধা বা দ্বন্দ্বৰ বিষয়ে গম পোৱা নাযায় ৷ কাৰণ হিটলাৰৰ পৰামৰ্শ আছিল সূৰ্যৰ পোহৰৰ দৰে স্পষ্ট ৷ গান্ধীক হত্যা কৰিব পাৰিলেই ব্ৰিটিছ সাম্ৰাজ্যবাদ সুৰক্ষিত হ’ব আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ তীব্ৰতা ম্লান হৈ পৰিব ৷ হিটলাৰ অৱশ্যে সেইখিনিতে ক্ষান্ত হোৱা নাছিল ৷ তেওঁ বৃটিছক কংগ্ৰেছৰ অন্যান্য গুৰুত্বপূৰ্ণ নেতাসকলকো হত্যা কৰিবলৈ কৈছিল ৷ তথাপি যদি স্বাধীনতা আন্দোলনৰ চোক নকমে , তেনেহলে দুশমান সংগ্ৰামী ভাৰতীয়ক হত্যা কৰাৰ উপদেশো হিটলাৰে হেলিফেক্সক দিছিল ৷
মানুহৰ আগ্ৰহৰ দ্বিতীয় কাৰণটো আছিল মহান বিজ্ঞানী আইনষ্টাইনে গান্ধীৰ চিন্তাৰ ওপৰত প্ৰকাশ কৰা নিজস্ব মতামতসমূহ ৷ প্ৰায়বোৰ কথাতে গান্ধীৰ মতাদৰ্শক সন্মান কৰা আইনষ্টাইনে কিন্তু গান্ধীৰ সত্য আৰু অহিংসা নীতিৰ ওপৰত নিৰ্ভৰশীল কাৰ্যপন্থাক হিটলাৰৰ নাজীবাহিনীৰ বিপৰীতে সফলকাম হ’ব নোৱাৰে বুলি ভাবিছিল ৷ আধুনিক বিজ্ঞানে মানৱ জীৱনলৈ অনা যন্ত্ৰচালিত সামগ্ৰীৰ প্ৰতি গান্ধীৰ স্বভাৱজাত অনীহাক সমালোচনা কৰাৰ লগতে আইনষ্টাইনে কৈছিল যে গান্ধীৰ আন্দোলনৰ পন্থা ব্ৰিটিছৰ বিৰুদ্ধেহে প্ৰযোজ্য কৰিব পাৰি , কিন্তু হিটলাৰ বাহিনীৰ বিপক্ষে নহয় ৷ এই দুয়োটা কাৰণৰ বাবে গান্ধীৰ হিটলাৰ সম্পৰ্কীয় মতামত বৌদ্ধিক মহলৰ বাবে সৰ্বদা আকৰ্ষণীয় ৷ একে সময়তে পত্ৰৰ যোগেদি হিটলাৰক অহিংস নীতিৰ সমৰ্থক কৰিবলৈ লোৱা গান্ধীৰ প্ৰয়াসক বাঘক তৃণভোজী কৰাৰ সমাৰ্থক এক অবাস্তৱ পদক্ষেপ বুলিও কিছুসংখ্যাক বাওঁপন্থী আৰু উগ্ৰ হিন্দুত্ববাদী চিন্তাবিদে সমালোচনা কৰিছে ৷ তথাপি কিন্তু আগ্ৰহী ব্যক্তিৰ মনত গান্ধীৰ এই দুয়োখন চিঠিৰ সন্দৰ্ভত অনুসন্ধিৎসাৰ অন্ত নাই ৷ কি আছেনো এই চিঠি দুখনত ?
       গান্ধীয়ে দুয়োখন পত্ৰতে হিটলাৰক ‘বন্ধু’ বুলি সম্বোধন কৰিছিল ৷ তেওঁ হয়তো লেখাৰ সময়তে উপলব্ধি কৰিব পাৰিছিল যে ‘বন্ধু’ বুলি সম্বোধন কৰাৰ কাৰণটোও আৰম্ভণিতে জনাই থোৱা ভাল ৷ গান্ধীয়ে আগবঢ়োৱা যুক্তিত কোনো বৌদ্ধিক চল চাতুৰিৰ প্ৰলেপ দেখা পোৱা নাযায় ৷ জাতি , বৰ্ণ , ধৰ্ম , ভাষা নিৰ্বিশেষে সকলো মানুহক সমান দেখা গান্ধীয়ে চিঠিখনত কৈছিল যে তেওঁৰ কোনো শত্ৰু নাই ৷ গোটেই মানৱ জাতিয়েই তেওঁৰ বন্ধু ৷ লগতে এইটো কথাও সোঁৱৰাই দিবলৈ পাহৰা নাছিল যে অহিংস বিশ্বভাতৃত্বৰ ডোলেৰে বান্ধ খোৱা পৃথিৱীৰ অন্যান্য সাধাৰণ মানুহেও হয়তো হিটলাৰৰ কাৰ্যপন্থাক তেওঁৰ দৃষ্টিৰে মূল্যায়ন কৰিব । 
প্ৰথম চিঠিখন লিখাৰ আগতে গান্ধীয়ে ঠিকেই অনুমান কৰিব পাৰিছিল যে হিটলাৰৰ তীব্ৰ স্বাৰ্থান্বেষী আৰু স্বেচ্ছাচাৰী কাৰ্য বন্ধ নহ’লে এখন বিশাল যুদ্ধ পৃথিৱীৰ সন্মুখত আৱশ্যম্ভাৱী । সেই যুদ্ধৰ ৰক্তক্ষয়ী প্ৰভাৱৰ পৰা মানুহক বচাবলৈ কিছু অনিচ্ছাসত্বেও গান্ধীয়ে তেওঁৰ অন্যান্য কেতবোৰ বন্ধুৰ অনুৰোধত চিঠিখন লিখিছিল । চুটি চিঠিখনত তেওঁ এটা কথা কৈছিল যে হিটলাৰে ইচ্ছা কৰিলে বিশ্ববাসীক তেনে এখন যুদ্ধ সংঘটিত হোৱাৰ পৰা ৰেহাই দিব পাৰে ৷ কাৰণ যুদ্ধ এখন হ’লে মানৱ জাতিৰ ওপৰত পৰিব পৰা তাৰ ধ্বংসাত্মক প্ৰভাৱৰ কথা গান্ধীয়ে খুব সুন্দৰকৈ ধৰিব পাৰিছিল ৷ যুদ্ধোত্তৰ কালত বহুতো সমালোচকে তেওঁৰ এই আশাক মূৰ্খামিৰ পৰিচায়ক বুলি অভিহিত  কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল ৷ আনকি কিছু সমালোচকে কৈছে যে যুদ্ধখন বন্ধ কৰাত হিটলাৰে কিছু দৃঢ় পদক্ষেপ লোৱাটোহে গান্ধীয়ে বিচাৰিছিল আৰু তাৰ বাহিৰে হিটলাৰৰ অন্যান্য অমানৱীয় কাৰ্যাৱলীত গান্ধীয়ে নিৰৱতাৰ যোগেদি মান্যতা প্ৰদানহে কৰিছিল ৷ কিন্তু নিৰপেক্ষ আৰু নিৰ্মোহ যুক্তিৰ আগত এনেবোৰ সমালোচনা সুস্থ আৰু সন্তুলিত চিন্তাৰ  বহিৰ্প্ৰকাশ বুলি কেতিয়াও আখ্যা পাব নোৱাৰে ৷ কাৰণ ইহুদী নিধনকে আদি কৰি অধিকাংশ নৃশংস কাম হিটলাৰে কৰিছিল দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণিৰ পাছতহে ৷ যুদ্ধৰ অচিলা লৈয়েই বহুতো জাৰ্মান লোকৰ সমৰ্থনো হিটলাৰে নানা কৌশলৰে আদায় কৰিবলৈ সক্ষম হৈছিল ৷ শান্তিৰ সময়ত ইমানবোৰ দানৱীয় কাম হিটলাৰে কেতিয়াও কৰিব নোৱাৰিলেহেঁতেন ৷ সেই কথাৰ প্ৰমাণ হিটলাৰে যুদ্ধৰ আৰম্ভণিতে নিজৰ দেশত ল’ব খোজা আন এক জঘন্য কাৰ্যসূচীৰ সময়ত পোৱা যায় ৷ জাৰ্মান লোকসকলৰ দাবীৰ ওচৰত সেও মানি মদমত্ত হিটলাৰে শাৰীৰিকভাৱে অক্ষম লোকসকলক ইচ্ছামৃত্যু দিব বিচৰা চিন্তা মনৰ পৰা পৰিহাৰ কৰিবলগীয়া হৈছিল ৷ গতিকে এইটো ঘটনাৰ পৰা উপলব্ধি কৰিব পাৰি যে গান্ধীৰ প্ৰথম চিঠিখনত হিটলাৰক কৰা অনুৰোধক নিতান্তই অপ্ৰয়োজনীয় বুলি ক’ব নোৱাৰি ৷ বৰং ইয়াৰ মাজত অন্তৰ্নিহিত হৈ আছিল এক শান্তিকামী দূৰদৃষ্টি ৷
গান্ধীয়ে হিটলাৰলৈ লিখা দ্বিতীয় চিঠিখন আছিল কিছু দীঘলীয়া ৷ মূলতঃ অহিংস আন্দোলনৰ অন্যান্য বৈশিষ্ট্যসমূহৰ কথা উল্লেখ কৰি গান্ধীয়ে যিকোনো সংগ্ৰামতে শক্ৰপক্ষক শাৰীৰিকভাৱে পৰাভূত কৰাতকৈ মানসিকভাৱে জয় কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল ৷ তদুপৰি হিটলাৰৰ নিজৰ দেশৰ প্ৰতি থকা মোহ আৰু সন্মানক গান্ধীয়ে স্বীকৃতিও দিছিল ৷ কিন্তু হিটলাৰৰ অযুক্তিকৰ জেদভাৱ , গোড়ামি আৰু অমানুষিক আচৰণক শাণিত ভাষাৰে সমালোচনা কৰিবলৈও এৰা নাছিল ৷ হিটলাৰে পোলেণ্ড , চেক’শ্ল’ভাকিয়া আৰু ডেনমাৰ্কৰ বিৰুদ্ধে দেখুওৱা মিলিটেৰী আগ্ৰাসনক দানৱীয় বুলি ক’বলৈও গান্ধীয়ে ইতস্ততঃ কৰা নাই ৷ শক্তিশালীয়ে শক্তিহীনৰ ওপৰত দেখুওৱা বীৰত্ব বা পৰাক্ৰমক তেও কঠোৰ ভাষাৰে সমালোচনা কৰিছিল ৷ নাজীৰ দৰেই ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে গান্ধীয়ে গ্ৰহণ কৰা মতামতো উক্ত পত্ৰখনৰ মাজতে পোৱা যায় ৷ গান্ধীয়ে বিশ্বাস কৰিছিল যে নাজীবাদ আৰু ব্ৰিটিছ সাম্ৰাজ্যবাদৰ পাৰ্থক্য আছে ৷ মতাদৰ্শ দুটাৰ বিৰূপ প্ৰভাৱৰ প্ৰাবল্যৰ ক্ষেত্ৰতহে ৷ তাৰ বাহিৰে শোষণ , লুণ্ঠন আৰু অবদমন কৰি ৰাখিব বিচৰা প্ৰৱণতাৰ ক্ষেত্ৰত দুয়োটাৰে মাজত বিশেষ প্ৰভেদ দৃষ্টিগোচৰ নহয় ৷ তদুপৰি ভাৰতৰ অধিকাংশ স্বাধীনতা আন্দোলনকাৰীয়ে সৰ্বসাধাৰণ ব্ৰিটিছ লোকৰ কোনো অহিত চিন্তা কৰা নাছিল ৷ গান্ধীয়ে কৈছিল - ‘আমি তেওঁলোকক পৰাভূত কৰিবলৈ চেষ্টা নকৰোঁ , আমি চেষ্টা কৰিম কেবল তেওলোকৰ মনোভাৱ সলনি কৰিবলৈ ৷ আৰু যদিহে আমি তেওলোকৰ মনৰ ভাৱ সলনি কৰিবলৈ সক্ষম নহওঁ , তেনেহলে আমাৰ অহিংস অসহযোগিতাৰ সহায়েৰে তেওঁলোকৰ শাসন অসম্ভৱ কৰি তুলিম ৷’ উক্ত বাক্যকেইশাৰীতে গান্ধীৰ মনৰ মতাদৰ্শত স্পষ্টতা , আত্মবিশ্বাস আৰু জয়ৰ আৱশ্যম্ভাৱিতাৰ কথা বুজিব পাৰি ৷ তথাপি ইয়াত কোনো অযুক্তিকৰ তথা অত্যধিক গৌৰৱ আৰু অহংকাৰৰ লেখ দেখা পোৱা নাযায় ৷ ভাৰতৰ মাটি , ভাৰতীয় মানুহৰ শৰীৰ আৰু ভাৰতীয় মানুহৰ অন্তৰাত্মা সকলোকে গান্ধীয়ে ভিন্ন ৰূপত চিহ্নিত আৰু মূল্যায়ন কৰিছিল ৷ তেওঁ হিটলাক কৈছিল যে ব্ৰিটিছে আমাৰ মাটি বা শৰীৰ লৈ ল’ব পাৰে , কিন্তু কোনো ভাৰতীয়ৰে অন্তৰাত্মা জয় কৰিব নোৱাৰে ৷ মানুহৰ হৃদয় জয় কৰিবলৈ অসমৰ্থ কোনো শক্তিকে গান্ধীয়ে হয়তো প্ৰকৃতাৰ্থত শক্তিশালী বুলি ভবা নাছিল ৷ সেয়েহে সত্য আৰু অহিংসাৰ ওপৰত তেওঁৰ আস্থা আছিল সদায় অটল ৷
গান্ধীয়ে হিটলাৰক আৰু কৈছিল যে অহিংস পন্থাৰে উদ্বুদ্ধ অলেখ ভাৰতীয় লোকে ব্ৰিটিছৰ প্ৰতি কোনো বিৰূপ মনোভাৱ পোষণ নকৰি নিজৰ দেশৰ বাবে প্ৰাণ উছৰ্গা কৰিব পাৰে ৷ ইয়াৰ জৰিয়তে অহিংস মতাদৰ্শৰ মাজত অন্তৰ্নিহিত হৈ থকা সীমাহীন সাহস আৰু স্বাৰ্থহীন দেশপ্ৰেমৰ দৃষ্টান্ত তেওঁ সজোৰে দাঙি ধৰিছিল ৷ অন্যান্য কিছু সতীৰ্থৰ নিচিনাকৈ গান্ধীয়ে জাৰ্মান শক্তিৰ সহায়ত ব্ৰিটিছ সাম্ৰাজ্যবাদক ওফৰাব বিচৰা নাছিল ৷ সেই বিষয়েও তেওঁ দ্বিধাহীনভাৱে স্পষ্ট ভাষাত হিটলাৰক জনাই দিছিল ৷ তেওঁ বিশ্বাস কৰিছিল যে বিশ্বৰ হিংসাশ্ৰয়ী শক্তিসমূহৰ সন্মিলিত প্ৰচেষ্টাকো অহিংস সংগ্ৰামে সেও মনাবলৈ সক্ষম হ’ব ৷ কাৰণ অহিংস ৰণত জয় বা পৰাজয়ৰ কোনো কথা থাকিব নোৱাৰে ৷ গান্ধীৰ মতে ভাৰতৰ স্বাধীনতা সংগ্ৰাম শেষ সময়ত পৰ্যবসিত হৈছিল কেৱল ‘do or die ’ পৰ্যায়লৈ , কিন্তু কাকো হত্যা কৰি বা কাকো আঘাত দি নহয় ৷ তেওঁ আৰু কৈছিল যে অহিংস সংগ্ৰামৰ বাবে টকা–পইচা বা হিটলাৰে প্ৰদৰ্শন কৰা ৰাজনৈতিক মতাদৰ্শৰ কোনো প্ৰয়োজন নাই ৷
গান্ধীয়ে পত্ৰখনত লিখা ইয়াৰ পিছৰ কথাখিনিত দ্বিতীয় মহাসমৰৰ সাম্ভাৱ্য ফলাফল আৰু হিটলাৰৰ শেষ অৱস্থাৰ কথা ভৱিষ্যদ্বাণীৰ দৰে পৰিস্ফুত হয় ৷ মূলতঃ সেই সময়ৰ বিশ্বৰ বিভিন্ন শক্তিৰ মাজত থকা সম্পৰ্কবোৰৰ মাত্ৰাক সূক্ষ্ম দৃষ্টিকোণৰে বিশ্লেষণ কৰিব পৰা ক্ষমতা আৰু আৰু নিজৰ মতাদৰ্শৰ যুক্তিযুক্ততাৰ ওপৰত গভীৰ বিশ্বাস ৰখা গান্ধীৰ দৰে এজন ব্যাক্তিৰ কাপৰ পৰা উক্ত কথাখিনি হয়তো অত্যন্ত অৱধাৰিতভাৱে ওলাই আহিছিল ৷ হিংসাৰ মূল সীমাবদ্ধতা হ’ল ই আমন্ত্ৰণ কৰি অনা সৰ্বতোপ্ৰকাৰৰ ধ্বংসলীলা ৷ কিন্তু একে সময়তে সেই হিংসাশ্ৰয়ী যুদ্ধ আৰম্ভ কৰা পক্ষটোৰ দুৰ্বলতাও শক্ৰপক্ষই বুজি পোৱা হয় আৰু উচিত সময়ত শক্ৰপক্ষই প্ৰথম পক্ষক পৰাভূত কৰিবলৈও সক্ষম হয় ৷ গান্ধীয়ে সেই কথা সঠিকভাৱে উপলব্ধি কৰিছিল আৰু হিটলাৰক জনাইছিল যে এদিন হয়তো ব্ৰিটিছ বা আন শক্তিয়ে হিটলাৰে সূচনা কৰা খেলখনত অধিক পাকৈত হৈ উঠিব আৰু জাৰ্মান শক্তিক পৰাভূত কৰিব ৷
      দ্বিতীয় মহাযুদ্ধৰ শেষ পৰিণামো প্ৰায় তেনেধৰণেৰেই হৈছিল আৰু হিটলাৰ বাহিনী মিত্ৰশক্তিৰ হাতত পৰাভূত হৈ বিধ্বস্ত হৈ পৰিছিল ৷ কিন্তু অত্যন্ত পৰিতাপৰ বিষয় আছিল যে বিধ্বংসী হত্যালীলাৰ ব্যাপ্তি আৰু গভীৰতাৰ ক্ষেত্ৰত দ্বিতীয় মহাসমৰ পৃথিৱীৰ বুৰঞ্জীৰ এক দুখজনক অধ্যায় হিচাপে চিহ্নিত হৈ ৰ’ল ৷ প্ৰায় পাঁচ কোটিতকৈও অধিক মানুহে প্ৰাণ হেৰুৱা এই যুদ্ধই সমগ্ৰ বিশ্বৰ বহুতো অঞ্চলত ধ্বংসৰ তাণ্ডৱলীলা চলাইছিল ৷ মৃত্যুবৰণ কৰাতকৈ অধিকসংখ্যক মানুহ জীৱনৰ কাৰণে ঘুণীয়া হৈছিল ৷ যুদ্ধত লিপ্ত দেশসমূহৰ অৰ্থনীতি হৈ পৰিছিল সম্পূৰ্ণৰূপে বিধ্বস্ত ৷ নানান গুৰুত্বপূৰ্ণ উদ্যোগ আৰু সেইবোৰ স্থাপনৰ বাবে কৰা লাখ লাখ মানুহৰ শ্ৰম , কষ্ট আদি ধূলিৰ লগত মিহলি হৈ গৈছিল ৷ তাতকৈও দুৰ্ভাগ্যজনক কথা আছিল দ্বিতীয় বিশ্বযুদ্ধত প্ৰথমবাৰৰ বাবে ব্যৱহৃত হৈছিল এট’ম বোম ৷ জাপানৰ হিৰোছিমা আৰু নাগাচাকিত আমেৰিকাই নিক্ষেপ কৰা এট’ম ব’মৰ প্ৰভাবত তাৎক্ষণিকভাৱে মৃত্যু হোৱা অলেখ মানুহৰ বাহিৰেও গৰিষ্ঠসংখ্যক লোকে পাছৰ জীৱনত অবৰ্ণনীয় কষ্ট খাই জীয়াতু ভুগিছিল ৷ অৱশ্যে দ্বিতীয় বিশ্বযুদ্ধৰ দৰে পৃথিৱীৰ ইমানবোৰ দেশ জড়িত থকা এক সংঘাতৰ বাবে কেবল হিটলাৰকে জগৰীয়া কৰাটো সমীচীন নহয় ৷ তৎস্বত্বেও সেই বিভীষিকাময় পৰিস্থিতিৰ মূল কাৰণৰ বিষয়ে চিন্তা কৰিলেই হিটলাৰৰ অবিবেচক , চূড়ান্ত স্বাৰ্থপৰ আৰু হিংসাশ্ৰয়ী পথৰ ওপৰত অত্যাধিক আস্থাশীলা কাৰ্যাৱলীৰ কথাই সকলোৰে মনলৈ আহে ৷
ইয়াৰ বিপৰীতে গান্ধীৰ মতাদৰ্শৰ সুস্থিৰতাৰ কথা নাজীবাদবিৰোধী সংগ্ৰামৰ ক্ষেত্ৰত সুন্দৰভাৱে পৰিলক্ষিত হয় ৷ নাজীবাহিনীৰ হিংসাক তেওঁ যিদৰে বিৰোধিতা কৰিছিল , সেইদৰেই ধ্বংস কৰাতকৈ গান্ধীয়ে সদায় গুৰুত্ব আৰোপ কৰিছিল মত পৰিবৰ্তনৰ বাবে লোৱা আন্তৰিকতাৰপূৰ্ণ প্ৰচেষ্টাক ৷ তেওঁৰ এই মতৰ বাবে বিভিন্ন ব্যাক্তিয়ে বিভিন্ন সময়ত ক্ষুৰধাৰ সমালোচনাও কৰিছিল ৷ কিন্তু মহাত্মা গান্ধী নিজ বিশ্বাসত সদায় অটল হৈ আছিল ৷
তদুপৰি বহুসময়ত নিজৰ মতাদৰ্শত গোড়ামিৰ বাবেও গান্ধী সমালোচিত হৈছিল ৷ কিন্তু কোনো সমালোচনাই সত্য আৰু অহিংস নীতিৰ ওপৰত তেওঁ পোষণ কৰা আস্থাক টলাব পৰা নাছিল ৷ বহুতে যদিও এইক্ষেত্ৰত গান্ধীৰ ইগ’ বা আত্মবোধৰ কথাও উনুকিয়াব বিচাৰে , কিন্তু আমাৰ বোধেৰে যিকোনো প্ৰকাৰৰ হিংসাৰ বিৰুদ্ধে তেওঁ ৰখা মনোভাৱ আছিল হৃদয়ৰ নিভৃততম কোণৰ পৰা সৃষ্ট এক স্বতঃস্ফূৰ্ত প্ৰকাশহে ৷ কোনোধৰণৰ কৃত্ৰিমতা বা ভণ্ডামিৰ আৱৰণৰ পৰা সেয়া আছিল সম্পূৰ্ণভাৱে মুক্ত ৷
সাম্প্ৰতিক সময়ত এচাম পণ্ডিতে প্ৰায় আলোচনা কৰা দেখা যায় যে গান্ধীৰ অহিংস নীতি আৰু আত্মত্যাগৰ আদৰ্শয়ো স্বাধীনতাৰ সময়ত আমাৰ দেশখনক বিভাজিত কৰাৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে ৷ কিন্তু সুস্থ আৰু বস্তুনিষ্ঠ ইতিহাস চৰ্চাৰ লগতজড়িত সকলো লোকে হয়তো এইটো কথা মানি ল’ব যে বিশ্ব ইতিহাসৰ যিকোনো গুৰুত্বপূৰ্ণ ঘটনাৰ বাবে কেবল এজন মানুহৰ চিন্তাচৰ্চা আৰু কৰ্মৰাজিৰ একমাত্ৰ কাৰণ হ’ব নোৱাৰে ৷ নিজৰ মতাদৰ্শৰ সীমাবদ্ধতাৰ বিষয়ে গান্ধী নিজেও জ্ঞাত আছিল ৷ তথাপি এই কথা অনস্বীকাৰ্য যে গান্ধীৰ মতাদৰ্শৰ মাজত পৃথিৱীৰ অধিকাংশ মানুহৰ কল্যাণ সাধন কৰিব পৰা এক বিপুল সম্ভাৱনীয়তা আজিও লুকাই আছে ৷ কিন্তু সেই প্ৰত্যাহ্বান গ্ৰহণ কৰি বিশ্ববাসীক এক শান্তিময় , সমৃদ্ধিময় , অৰ্থৱহ আৰু গভীৰ অন্তৰ্দৃষ্টিসম্পন্ন পথৰ সন্ধান দিবলৈ আজি গান্ধীৰ দৰে মহামানৱৰ বাৰুকৈয়ে অভাৱ ৷ গান্ধীয়ে হিটলাৰলৈ লিখা দুয়োখন পত্ৰৰ মাজতে হিটলাৰৰ কাৰ্যপন্থা সম্পৰ্কে তেওঁ পোষণ কৰা দৃঢ় বিৰোধিতাৰ লগতে সত্য আৰু অহিংসাৰ ওপৰত প্ৰতিষ্ঠিত সংগ্ৰামৰ শ্ৰেষ্ঠত্বৰ অনুৰণন শুনা যায় ৷
                              
                                         



ময়ূৰ বৰা , বিশিষ্ট নিবন্ধকাৰ

Post a Comment

0 Comments