# মৃত্যুঘণ্টা #
( প্ৰথম খণ্ড )
মঞ্চ নিৰ্দেশনাঃ
(দুজন ল'ৰাই বাইক আৰু স্কুটি চলাই দুৰ্ঘটনা সংঘটিত কৰিব ৷ দুয়োৱে ৰাস্তাৰ দাঁতিত বাগৰি পৰিব ।)
কৌশিকঃ ঐ তই কণা হৈছ নেকি বে ?
সুৰজিতঃ তই মোক অন্ধ বুলি কৈছ ?
কৌশিকঃ অ অন্ধ হয় বে । তই সামান্য স্কুটীখনকে চলাব নাজান । মই তোক ড্ৰাইভিং শিকাই দিম ৷
সুৰজিতঃ সি এটা ড্ৰাইভাৰ ওলাইছে ! বাইকখনেই ভালকৈ চলাব নাজানে ! মোৰ পৰা শিকি লবি ৷
কৌশিকঃ ঐ , এই দুখন হাতেৰে পিহি পেলাম । মই এই অঞ্চলৰ দাদা হয় ।
সুৰজিতঃ ময়ো এই দুখন হাতেৰে মৰম কৰিম বুলি ভাবিছ হ’বলা ?
( দুয়োৰে হতাহতি হয় । হঠাৎ ৰাজু নামৰ এজন ল'ৰা আহি উপস্থিত হ'ল । ৰাজুই কাজিয়া ভাঙি দিয়ে )
ৰাজুঃ ঐ মনে মনে থাকচোন । তহঁতৰ হৈছে কি ?
কৌশিকঃ বাইক খুন্দিওৱাৰ বাবে পাঁচ হাজাৰ টকা দিব লাগিব ।
সুৰজিতঃ তোৰ বাইক মই খুন্দিয়াইছো ? চোৰে গৃহস্থকে ওলোটাই চোৰ বান্ধিছে ।
কৌশিকঃ ঐ টেমা গৰম কৰি নানিবি ।
সুৰজিতঃ মোৰো স্কুটী চেপেটা কৰাৰ বাবে পাঁচ হাজাৰ টকা দে ।
কৌশিকঃ আবে তই ভুল কৰিবি আৰু মোকে টকা খোজ ৷
( এনেতে পুলিচ এজন সোমাই আহে )
পুলিচঃ ঐ তহঁতে কিহৰ বাবে কাজিয়া কৰিছ মই অনুমান কৰিছোঁ ৷
ৰাজুঃ ছাৰ , ইহঁতে এটা accident কৰিছে । আপুনি আহিল ভালেই হ'ল ।
পুলিচঃ মই তাৰ পৰা ইহঁত দুটাৰ accident টো দেখা পাইছোঁ ।
ৰাজুঃ আপুনিয়েই এটা মীমাংসা কৰি দিয়ক ।
পুলিচঃ প্ৰথমতে তহঁতৰ driving licence দুখন দেখুওৱা । ( সুৰজিতে দেখুৱাই কিন্তু কৌশিকে দেখুৱাব নোৱাৰিলে ।)
সুৰজিতঃ ঐ সোণামূৱা । মোক দেখোন ড্ৰাইভিং শিকাব খুজিছিলি । পিছে নিজৰেই দেখোন লাইচেন্স নাই ।
কৌশিকঃ ছাৰ , ই মোক ঠাট্টা-মস্কৰা কৰি থাকে ।
পুলিচঃ সি সঁচা কথাকে কৈছে । তই বস্তু বেলেগ আছ ।
দ্বিতীয়তে তঁহতৰ হেলমেট আছে নে ?
সুৰজিতঃ মোৰ হেলমেট আছে ছাৰ । মই হেলমেট নোহোৱাকৈ ক'লৈকো নাযাওঁ ।
পুলিচঃ বঢ়িয়া কথা ৷ পিছে তোৰ আছেনে হেলমেট ?
( খঙেৰে ) আছেনে হেলমেট ?
ৰাজুঃ আছে যদি নকয় কিয় ?
কৌশিকঃ নাই ছাৰ । ঘৰৰ পৰা আনিবলৈ পাহৰিলোঁ ।
পুলিচঃ নাই, তোৰতো বৰ বৰ কথা । ইমান বদমাছ কিয় তই ? এতিয়াই দাণ্ডা লগাই ঠাণ্ডা কৰিম ।
ৰাজুঃ মানুহবিলাকৰ accident হ'লে ছাৰহঁতৰ কিমান কষ্ট হয় জাননে ? জনতাৰ শান্তি ৰক্ষা কৰিব নে যান-বাহনৰ দুৰ্ঘটনা ৰক্ষা কৰিব ?
সুৰজিতঃ ঐ তোৰ পৰা মোক টকা নালাগে । তই এতিয়াৰ পৰা বাইক চলালে হেলমেট পিন্ধি আহিবি ।
কৌশিকঃ মোক ক্ষমা কৰক ছাৰ ৷ আজিৰ পৰা মই তেনেকুৱা ভুল নকৰোঁ ৷
ৰাজুঃ হয় ছাৰ । তাৰ ভুলৰ বাবে এইবাৰ ক্ষমা কৰি দিয়ক । আজিৰ পৰা শপত খা তেনেকুৱা ভুল নকৰোঁ বুলি ।
পুলিচঃ দেখিলি মানুহৰ প্ৰতি এওঁলোকৰ কিমান উদাৰতা আৰু সহনশীলতা ৷ ভদ্ৰ হ'বলৈ শিক । তোৰ ভুলৰ বাবে বহুত টকা ফাইন ভৰাব পাৰোঁ । কিন্তু এইবাৰৰ বাবে ক্ষমা কৰি দিলোঁ ৷
ৰাজুঃ আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ছাৰ ।
পুলিচঃ দুৰ্ঘটনাই আগজাননী দি নাহে । অকণমান অসাৱধান হ'লেই সকলো শেষ ৷ এনে দুৰ্ঘটনাৰ বাবেই এদিন মোৰ একমাত্ৰ সন্তানক হেৰুৱাইছিলোঁ ।
সুৰজিত + ৰাজুঃ ছাৰ , আপোনাৰ জীৱনতো ইমান ট্ৰেজেদী আছে বুলি আমি ভবাই নাছিলোঁ ।
পুলিচঃ সি গধূলি টিউচনৰ পৰা চাইকেলেৰে আহি আছিল ।
ৰাজুঃ তাৰ পিছত কি হ'ল ছাৰ ?
পুলিচঃ বিপৰীত দিশৰ পৰা এখন বাইকত দুজন ল'ৰা আহি আছিল । সিহঁতে তীব্ৰ বেগেৰে আহি খুন্দিয়াই দিলে । সি বিকট চিঞৰ মাৰি দূৰত ছিটিকি পৰিল ।
কৌশিকঃ তাৰপিছত কি হ'ল ছাৰ ?
পুলিচ: তাৰপিছত সকলো শেষ ! আশাৰ বালিঘৰ ভাঙি গ'ল ।
পিছত গম পালোঁ সেই ল'ৰা দুটাই অভাৰ ড্ৰিংক্চ কৰিছিল । চিচি কেমেৰাৰ ফুটেজত ধৰা পৰিছিল সিহঁতে wrong side ৰে আহি মোৰ পোণাকনক খুন্দিয়াইছিল ।
ৰাজুঃ ছাৰ , বৰ ট্ৰেজিক ! এদিন ময়ো মোৰ দাদাক হেৰুৱাইছোঁ এনেকৈয়ে ।
সুৰজিতঃ কেনেকৈ হেৰুৱালা ?
ৰাজুঃ অলপতে জালুকবাৰীৰ অসম ইঞ্জিনিয়াৰিং কলেজত সংঘটিত হোৱা দুৰ্ঘটনাৰ কথাও সকলোৱে জানে ।
কৌশিকঃ সেই দুৰ্ঘটনাটোৰ লগত তোমাৰ কি সম্পৰ্ক আছে ?
ৰাজুঃ সেই ঢুকোৱা সাতজন ছাত্ৰৰ এজন মোৰ দাদা ।
পুলিচঃ কি ক'লা ? উহ্ ভগৱান !
ৰাজুঃ হয় ছাৰ । সি সৰুৰে পৰা অতি চোকা আছিল ৷ ঘৰখনত অভাৱ অনাটনে কোঙা কৰি দিছিল ৷ সি টিউচন কৰি নিজৰ খৰছ উলিয়াইছিল ।
কৌশিকঃ তাৰপিছত কি হ'ল ?
ৰাজুঃ বহুত কষ্ট কৰাৰ ফলত পাঁচটা চেমিষ্টাৰত তাৰ ভাল ৰিজাল্ট হ'ল ।
পুলিচঃ ইমান ভাল ল'ৰাজন সিহঁতৰ লগত কিয় গৈছলি ?
ৰাজুঃ হোষ্টেলত তাৰ ওচৰত থকা বন্ধুজনক কৈ গৈছিল অনিচ্ছা সত্তেও যাবলগীয়া হোৱাৰ কথাটো ।
সুৰজিতঃ সংগৰ দোষতে আমাৰ বহুতো ছাত্ৰ-ছাত্ৰীয়ে অমূল্য জীৱনটো হেৰুৱায় ।
পুলিচঃ তোমাৰ মোৰ দৰে আন বহুতৰে এনেকুৱা কৰুণ কাহিনীৰে ভৰা জীৱন আছে ।
পৃথিৱীত আটাইতকৈ বেছি মৃত্যু হয় দুৰ্ঘটনাত । আমি সকলোৱে হেল্মেট ব্যৱহাৰ কৰি আমাৰ জীৱন ৰক্ষা কৰোঁ আহক ।
ৰাজু আমি কোনেও মদ খাই গাড়ী চলাব নালাগে ।
সুৰজিতঃ হে শ্ৰদ্ধাৰ ৰাইজ , অন্যমনস্ক হৈ আৰু ম'বাইল ফোনত কথা পাতি কেতিয়াও গাড়ী নচলাব ।
কৌশিকঃ তীব্ৰ গতিত গাড়ী নচলাই নিজৰ জীৱন ৰক্ষা কৰক ।
পুলিচঃ যান-বাহনৰ নিয়ম-নীতি মানি গাড়ী চলাওক । আপোনালোকৰ পৰা ফাইন লোৱাটো আমাৰ উদ্দেশ্য নহয় ৷ আমাৰ উদ্দেশ্য দুৰ্ঘটনাৰ পৰা মানুহৰ অমূল্য জীৱন ৰক্ষা কৰাহে ।
হে মোৰ সুধীবৃন্দ , এইবাৰ চাওকচোন অন্য এক ঘটনা --------।
( ২য় খণ্ড )
( খুড়ীয়ে চোতাল সাৰি থাকিব। এনেতে মানসী আনন্দ মনেৰে আহি খুড়ীক অৰূপৰ পৰীক্ষাৰ ভাল ফলাফলৰ বাবে শুভেচ্ছা দিব ।)
মানসীঃ অ’ খুড়ী , পাৰ্টি খুবাৱ লাগিব । অৰূপে ইমান ভাল ৰিজাল্ট কৰিছে। First class 1st.
খুড়ীঃ তোৰো ভাল ৰিজাল্ট বুলি শুনিছোঁ ।
মানসীঃ ময়ো first class 10 th position.
খুড়ীঃ ভগৱানে তঁহতক আৰু সুমতি দিয়ক ।
মানসীঃ পিছে অৰূপ ক'লৈ গৈছে ?
খুড়ীঃ অ' সি স্কুটীখন লৈ গৈছে চ'কলৈ । মিঠাই-চিঠাই অকণমান আনিবলৈ গৈছে ।
মানসীঃ ৰাতি আমাৰ ঘৰত আটাইয়েকে ভাত খাবলৈ নিমন্ত্ৰণ জনালোঁ ।
খুড়ীঃ মই অৰূপৰ সৈতে যাম দিয়া । সি অহালৈ বাট চোৱা । আহিবৰ সময় হৈছেই ।
মানসীঃ নাই , মই এঠাইলৈ যাব লাগে ।
( এনেতে মানসে দৌৰি আহিব )
মানসঃ অ’ খুড়ী সৰ্ব্বনাশ হৈছে !
খুড়ীঃ কি সৰ্বনাশ হৈছে ?
মানসঃ তহঁতৰ অৰূপ দাদাৰ চ'কত বাইক accident হৈছে ।
খুড়ীঃ কি ! accident হৈছে ? হে ভগৱান ! (কান্দিব)
মানসঃ তাক হস্পিটেললৈ লৈ গৈছে । তই নাকান্দিবি খুড়ী । সি ভাল হৈ যাব ।
মানসীঃ অ খুড়ী , ঈশ্বৰে তাক ৰক্ষা কৰিব ৷ কেৱল ধৈৰ্য ধৰা ।
মানসঃ আজি ইমান এটা ভাল খৱৰ ওলাইছে । আজিহে নো দুৰ্ঘটনাটো হ'ব লাগে নে ?
মানসীঃ সি অকল পঢ়াতে চোকা নাছিল ৷ লিখা-মেলাটো পাৰ্গত আছিল । তাৰ উপৰিও গীত , নাটক , আবৃত্তিতো খুব সুন্দৰ আছিল ।
খুড়ীঃ ঐ মানস , সি কুশলে আছে নে ? মোৰ সোণটোৱে মোক এৰি যাব নোৱাৰে ।
মানসী, তহঁতে তাক লৈ আহ । সি মোৰ একমাত্ৰ সন্তান । সি নাথাকিলে মই কেনেকৈ জীয়াই থাকিম অ’ ?
( এনেতে পুলিচ আহে )
মানসঃ ছাৰ , অৰূপৰ খবৰ কি ?
পুলিচঃ সি আৰু এই পৃথিৱীত নাই ।
খুড়ীঃ মিছা কথা । সি মৰিব নোৱাৰে । (জোৰেৰে কান্দিব আৰু বলীয়াৰ দৰে হ'ব ) সি জীয়াই আছে ---- । তঁহতে মিছা খবৰ দিছ ।
মই তাক বিচাৰি যাওঁ , অৰূপ ---অৰূপ------ মোৰ সোণটো -----।
পুলিচঃ তোমালোক যোৱা তেখেতক বিচনাত শুৱাই থোৱাগৈ ।
হে ঈশ্বৰ , তুমি ইমান নিষ্ঠুৰ কিয় ? আজি তাৰ পৰীক্ষাৰ খৱৰো ওলাইছে ।
হে শ্ৰদ্ধাৰ ৰাইজ, অৰূপক এখন মাৰুতি ভানে খুন্দা মাৰিছিল । সি ছিটিকি গৈ পকা ৰাস্তাত পৰিলে । অৰূপে হেলমেট পিন্ধি গৈছিল । কিন্তু হেলমেটৰ ফিটাডাল নমৰাৰ বাবে দুৰ্ঘটনাত মূৰৰ পৰা হেলমেটটো ছিটিক পৰিল আৰু পকা ৰাস্তাত তাৰ মূৰটো পৰি ফাটি গ’ল ৷ বহুত তেজ ওলাল । হাস্পতাললৈ নিয়া হ'ল যদিও বচাব নোৱাৰিলে ।
এটা প্ৰতিভা অকালতে মৰহি গ’ল ৷
আহক আমি সকলোৱে মিলি যান-বাহনৰ নীতি-নিয়ম মানি নিজকে সুৰক্ষিত কৰি এটা সুখী জীৱন যাপন কৰোঁ ।
শ্লোগানঃ (সমস্বৰে )
* নিচাসক্ত হৈ গাড়ী নচলাব ।
* গাড়ী চলালে অন্যমনস্ক নহ’ব ।
* যান-বাহনৰ নীতি-নিয়ম মানি চলক ।
ৰচনাঃ প্ৰদীপ কলিতা
সহঃ শিক্ষক , হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয় ।
0 Comments