শুৱালকুছি গাঁও মোৰ অতিকে আপোন
অতিকে আদৰৰ ঠাই ,
পুৱাৰে পৰাই তাঁতশালৰ খিটিক খিটিক শবদে
চাৰিওফাল ৰজন্ -জনায় ।
পুৱাৰে পৰাই ৰাতিলৈকে কাৰো নাই জিৰণি
ব্যস্ততাৰ মাজেৰে সময় যায় বস্ত্ৰ নগৰীৰ ৷
শুৱালকুছিৰ শিপিনীয়ে তাঁতশালত
সৰগৰ সপোন ৰঁচে ,
ৰং-বিৰঙৰ ৰিহা-মেখেলাই
গ্ৰাহকক সন্তুষ্ট কৰে ।
ববচা ফুলেৰে বোৱা ফুলাম গামোচা
অসমীয়াৰ স্বাভিমান ,
এৰী-মুগা , পাটৰ বস্ত্ৰই অসমীয়া মহিলাক
কৰে জ্যোতিষ্মান ।
সত্ৰ মন্দিৰ নামঘৰে নামঘৰে
নাম প্ৰসঙ্গৰ মঙ্গল ধ্বনি ,
ধৰ্ম আৰু কৰ্ম সংস্কৃতিৰ মিলনভূমি
আমাৰ এই শুৱালকুছি ।
'শুৱাল' শব্দই শুৱলা আৰু 'কুছি' শব্দই বুজাই গাঁও ,
সুজলা-সুফলা শস্য শ্যামলা শুৱালকুছি আমাৰ গাঁও ।
উত্তৰ দিশত আছে শুৱালকুছি দ্বাৰ
আৰু আছে বস্ত্ৰ উদ্যান ।
পূৱ দিশত শিলিঠুৰি (ঘাটিয়া) পাহাৰ
হৈ আছে ৰক্ষক ।
পশ্চিম দিশত আছে বাথান গাঁও
গৰু-ম'হেৰে ভৰা ,
দক্ষিণ দিশত মহাবাহু ব্ৰহ্মপুত্ৰৰ
বয় সুজল ধাৰা ।
মহামানৱ মহাত্মা গান্ধীৰ পদ ৰেণুৰে
পবিত্ৰ শুৱালকুছি ,
শুৱালকুছিৰ গান্ধী মৈদাম তাৰেই চানেকি ।
উত্তৰ পূৱৰ মানচেষ্টাৰ সোণালী সূতাৰ দেশ
ৰূপে --গুণে মনোমোহা শুৱালকুছিৰ বেশ ।
শ্ৰী শেৱালী বৈশ্য
প্ৰধান শিক্ষয়িত্ৰী
শুৱালকুছি সনাতন বালিকা প্ৰাথমিক বিদ্যালয়।
হাজো শিক্ষাখণ্ড
0 Comments