header ads

সম্পাদকীয়, ৪ৰ্থ বছৰ ২য় সংখ্যা

         সম্পাদকীয়



   শিক্ষা হৈছে জীৱনৰ জ্যোতি , সভ্যতাৰ মাপকাঠি ৷ শিক্ষাই মানুহৰ মনৰ অন্ধতা আঁতৰাই পোহৰৰ সন্ধান দিয়ে ৷ জীৱন সংগ্ৰামত দেখা দিয়া প্ৰতিটো প্ৰতিবন্ধকতা বা প্ৰত্যাহ্বানৰ সন্মুখীন হৈ জীৱন সাৰ্থক কৰিব পৰাকৈ ব্যক্তিক

সক্ষম আৰু কৌশলী কৰি তোলে শিক্ষাই ৷ চমুকৈ ক’বলৈ হ’লে শিক্ষাই আমাক মানৱৰ পৰা পূৰ্ণমানৱৰ পৰ্যায়লৈ উন্নীত কৰাত গুৰুত্বপূৰ্ণ ভূমিপা পালন কৰে ৷ শিক্ষাৰ এনে গুৰুত্বৰ কথা অনুধাৱন কৰিয়েই মহামানৱ মহাত্মা গান্ধীয়ে শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য শিশুৰ সৰ্বাংগীণ বিকাশ হোৱা উচিত বুলি মন্তব্য কৰিছিল ৷ 

     বিখ্যাত মনীষী ভিক্টৰ হুগোৱে কৈছিল , “ One who opens a school , closes a prison ." সঁচাকৈয়ে শিক্ষাই মানুহৰ মন সুস্থিৰ আৰু সু-সংস্কৃত কৰে যাৰ ফলত সমাজত অপৰাধ আৰু অপসংস্কৃতিৰ মাত্ৰা কমে ৷ শিক্ষাই হৈছে সভ্যতাৰ উন্নতিৰ মাপকাঠি ৷ আদিম মানুহে অঘৰী জীৱনৰ পৰা বৰ্তমানৰ একবিংশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ এই অতি আধুনিক জীৱনত ভৰি দিয়ালৈকে এই সময়ছোৱাত শিক্ষাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷ পৰিবৰ্তিত পৰিস্থিতিৰ সৈতে খাপ খোৱাৰ উপায়ো মানুহে শিক্ষাৰ পৰাহে আহৰণ কৰে ৷ মানৱ সভ্যতাৰ ক্ৰমবিকাশত প্ৰকৃতি আৰু বাস্তৱ জীৱনৰ পৰা গ্ৰহণ কৰা অনানুষ্ঠানিক শিক্ষাইগ্ৰহণ কৰা মহত্ত্বপূৰ্ণ ভূমিকাৰ কথাও আমি কোনেও নুই কৰিব নোৱাৰোঁ ৷ কালক্ৰমত অনানুষ্ঠানিক শিক্ষাই আনুষ্ঠানিক শিক্ষাৰ ৰূপ ল’লে ৷

   . ব্যক্তিৰ সমষ্টিয়ে হৈছে সমাজ ৷ সমাজখনেই নীতি-আদৰ্শ , শ্ৰদ্ধা-ভক্তি , প্ৰেম-ভালপোৱাৰ এক সামূহিক স্থিতি য’ত ইটো সিটোৰ লগত শৃংখলিতহৈ থাকে ৷ শৃংখলাৰ সামান্য হীনডেঢ়িয়ে আনি দিব পাৰে এখন সমাজৰ অস্তিত্ব সংকট ৷ সেয়ে এখন আৰু সুন্দৰ সমাজৰ আশা তেতিয়াহে কৰিব পাৰ যেতিয়া সমাজৰ প্ৰতিজন ব্যক্তি শিক্ষিত হয় ৷ উপযুক্ত যথাৰ্থ শিক্ষাই ব্যক্তিক মানবীয় প্ৰমূল্যবোধ আৰু সামাজিক দায়বদ্ধতাৰে জীয়াই থাকিবলৈ উদ্গনি যোগায় ৷ অৰ্থাৎ শিক্ষাই হ’ল এখন সুস্থ সমাজৰ প্ৰাথমিক চৰ্ত ৷ 

    কিন্তু সমাজৰ এই চৰ্ত পূৰণৰ ক্ষেত্ৰত আজিৰ শিক্ষা ব্যৱস্থা কিমানদূৰ সফল হৈছে সিও এক চিন্তনীয় বিষয় ৷ 

          নিঃসন্দেহে আজিৰ শিক্ষা ব্যৱস্থাই মানৱ সমাজক উন্নতিৰ শিখৰত আৰোহণ কৰাবলৈ সক্ষম হৈছে ৷ ন ন চিন্তাৰ উদ্ভাৱন আৰু গৱেষণাই মানুহৰ জীৱন ধাৰণ প্ৰক্ৰিয়াক সৰলৰ পৰা সৰলতৰ কৰি তুলিছে ৷ সমাজৰ পৰা আঁতৰি গৈছে বহু এলান্ধুকলীয়া বিশ্বাস , অন্ধবিশ্বাস , কুসংস্কাৰ আদি ৷ তৎস্বত্বেও যেন শিক্ষাৰ এই মহত্ত্বপূৰ্ণ যাত্ৰাই কোনোবাখিনিত উজুটি খাবলগীয়া হৈছে ৷ আজি বিদ্যালয়- মহাবিদ্যালয়ৰ বা বিশ্ববিদ্যালয়ৰ উচ্চ শিক্ষাৰে শিক্ষিত হৈয়ো যেন এচাম লোক এতিয়াও প্ৰকৃতভাবে শিক্ষিত হ’ব পৰা নাই ৷ ভোগ বিলাসত মত্ত হৈ চূড়ান্ত স্বাৰ্থপৰ আৰু আত্মকেন্দ্ৰিক জীৱন যাপনেই আজিৰ এচাম তথাকথিত শিক্ষিতৰ লক্ষ্য যাৰ পৰিণতিত সমাজত উশৃঙ্খলতা আৰু হিংসা-অসূয়া দিনক দিনে বৃদ্ধি পাবলৈ লৈছে ৷ ইয়াৰ বাবে হয়তো দায়ী দ্ৰুত বিশ্বায়ন আৰু আমাৰ শিক্ষা ব্যৱস্থাত থকা কিছু আসোঁৱাহ ৷ এই আসোঁৱাহসমূহ আঁতৰ কৰি সমাজক সুশৃংখলিত কৰি ৰাখি প্ৰগতিৰ পথত আগবঢ়াই নিয়াৰ দায়িত্বও আমাৰ শিক্ষিত আৰু বিজ্ঞ লোকসকলেই ল’ব বুলি আমি আশাবাদী ৷ 

    শৈক্ষিক গোট জ্ঞানমৰ উদ্যোগত সকলো বিদ্যানুৰাগী ব্যক্তিৰ বাবে শৈক্ষিক আৰু মানসিক উৎকৰ্ষ সাধনৰ মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰা ‘জ্ঞানম’ আংকিক আলোচনীখনেও সফলতাৰ তিনিটা বৰ্ষ অতিক্ৰমি চতুৰ্থ বৰ্ষত ভৰি থৈছেহি ৷  ‘জ্ঞানম’ৰ চতুৰ্থ বৰ্ষটোৰ বাবে সম্পাদনাৰ দৰে গুৰুদায়িত্বৰ বাবে আমাৰ দৰে তেনেই সীমিত জ্ঞান-বুদ্ধিৰ ব্যক্তি এগৰাকীক উপযুক্ত বিবেচনা কৰা বাবে গৌৰৱবোধ কৰিছোঁ ৷ নিজৰ সীমিত জ্ঞান আৰু অভিজ্ঞতাৰে যথাসম্ভৱ মননশীল লেখা প্ৰকাশৰ ওপৰত গুৰুত্ব দি আলোচনীখন সৰ্বাংগসুন্দৰ কৰি তোলাৰ প্ৰয়াস কৰা হৈছে ৷ আমাৰ এই প্ৰয়াসত কিমানদূৰ সফল হ’ব পাৰিছোঁ তাৰ বিচাৰৰ ভাৰ পাঠক সমাজৰ হাতত অৰ্পণ কৰিলোঁ ৷ 

     শেষত ‘জ্ঞানম’এই সংখ্যাটোত ভিন্ন বিষয়ৰ লেখা প্ৰদান কৰি আলোচনীখনৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ ক্ষেত্ৰত বিশেষ বৰঙনি আগবঢ়োৱা সন্মানীয় লেখক-লেখিকাসকল  আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক আমাৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ ৷ সেইদৰে আলোচনীখন প্ৰকাশৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ দিহা-পৰামৰ্শৰে সকলো সময়তে উৎসাহিত কৰা ‘জ্ঞানম’ৰ মুখ্য উপদেষ্টা অপূৰ্ব ঠাকুৰীয়া ছাৰ , তত্বাৱধায়ক ফুলপাহি নাথ বাইদেউ , উপদেষ্টাদ্বয় ড°গণেশ্বৰ চহৰীয়া ছাৰ আৰু ৰজত চন্দ্ৰ ভৰালী ছাৰকো অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ ৷ আনহাতে , আলোচনীখনত প্ৰকাশিত লেখাবোৰৰ সম্পাদনা , অলংকৰণকে ধৰি প্ৰয়োজনীয় তথ্যৰ যোগান ধৰা আৰু বিভিন্ন ধৰণৰ দিহা-পৰামৰ্শ দি সকলো সময়তে সহযোগ কৰি অহা জ্ঞানম শৈক্ষিক গোটৰ সকলো সন্মানীয় সদস্য তথা গোটটোৰ লগত বিভিন্ন প্ৰকাৰে জড়িত সকলো সন্মানীয় ব্যক্তিকে আমাৰ সম্পাদনা সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ ৷

        সদৌ শেষত আলোচনীখন প্ৰকাশৰ ক্ষেত্ৰত ৰৈ যোৱা ভুল-ত্ৰুটিবোৰৰ বাবে মাৰ্জনা বিচাৰিছোঁ ৷ অনাগত দিনবোৰত ‘জ্ঞানম’ হৈ উঠক সকলো অসমীয়াৰ বাবে প্ৰজ্ঞাৰ সাধনাৰ ক্ষেত্ৰ ৷ তাকেই কামনা কৰিলোঁ জ্ঞানমৰ উন্মোচনৰ এই শুভ মুহূৰ্তত ৷

                                                                         

            শ্ৰদ্ধাৰে --------

            নিৰলা ডেকা 
            সম্পাদক , জ্ঞানম ই-আলোচনী

Post a Comment

0 Comments