অৰণ্য মানৱ যাদৱ পায়েং
মোৰ সেউজীয়া মন
মই সেউজীয়া মানুহ ,
কিন্তু------
নাই দূৰ দূৰলৈ বন বতাহ
আছে উদং আকাশ ৷
নাই--------
মোৰ ধৰা লঠঙা হ'ব নোৱাৰে ,
মোৰ আই শুকাব নোৱাৰে ।
মোৰ আঙুলিৰে বোলাব লাগিব
সেউজীয়া ,
মোৰ হাতেৰেই সিচিব লাগিব
সেউজীয়াৰ বীজ ।
আশা আছে মোৰ ওপৰত বন দেৱীৰ ,
জীয়াব লাগিব সেউজীয়াৰে আইক ।
মোৰ পৰিশ্ৰমেৰে গঢ়িব লাগিব অৰণ্য
বতাহত শুনিব লাগিব ঐ:নিতমৰ সুৰ ;
মন ভৰি যায় কুলি কেতেকীৰ মাতত
কথা পাতে মোৰ লগত চৰাই চিৰিকতিয়ে ।
মোৰ মাত পালে থমকি ৰৈ যায় জীৱ-জন্তু
মোৰ দুবাহুত এতিয়া সেউজীয়া গজিছে ;
এতিয়া মোৰ পদূলিত নানা লোকৰ আগমন
মোৰ প্ৰচেষ্টা , মোৰ পৰিশ্ৰমেৰে
মোৰ চাৰিওফালে সেউজীয়া ধৰণী
সেয়ে মোৰ নাম অৰণ্য মানৱ যাদৱ পায়েঙ ।
পুষ্পাঞ্জলি পাংগিং গাম
বৰুৱা পাহাৰতলী প্ৰাথমিক বিদ্যালয়
ছমৰীয়া শিক্ষাখণ্ড
0 Comments