header ads

তত্বাৱধায়িকাৰ একলম, ৪ৰ্থ বছৰ ২য় সংখ্যা

তত্বাৱধায়িকাৰ একলম 



 ‘ ইতিবাচক দৃষ্টিভংগীয়ে মানুহৰ সপোন সাকাৰ কৰি তোলাত আটাইতকৈ ডাঙৰ ভূমিকা গ্ৰহণ কৰে । কাৰণ ইতিবাচক চিন্তাৰ পৰাই ইতিবাচক শক্তিৰ জন্ম হয় ৷’— ডেভিড বেইলী

 শৈক্ষিক গোট 'জ্ঞানম' কামৰূপৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা কামৰূপৰ সহযোগত প্ৰকাশিত ই-আলোচনী জ্ঞানমৰ ৪ৰ্থ বছৰ ২য় সংখ্যাৰ ‘তত্বাৱধায়িকাৰ একলম’ শিতানত ‘কামৰূপ জিলাত ৰূপায়িত হৈ থকা ‘পঢ়ক আৰু পঢ়ুৱাওক’ কাৰ্যসূচীৰ অন্যতম সংযোজন হাতেলিখা আলোচনী প্ৰকাশ আৰু কিছু অনুভৱ সম্পৰ্কে চমু অৱলোকন আগবঢ়াবলৈ লৈছোঁ ।
           বিদ্যালয়ৰ আলোচনী এখন হ’ল বিদ্যালয়খনৰ দাপোণ । বিদ্যালয় এখনত আলোচনী প্ৰকাশৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ সুপ্ত সাহিত্য প্ৰতিভা বিকাশৰ এক মঞ্চ দিয়া হয় য’ত শিক্ষাৰ্থীসকলে বিভিন্ন বিষয়ৰ লেখাৰ মাধ্যমেৰে জ্ঞান আহৰণৰ সুযোগ পোৱাৰ লগতে নিজকে লেখক হিচাপে আত্মপ্ৰকাশৰ এক প্ৰাথমিক পৰিবেশ সৃষ্টি কৰিব পাৰে । 
           আলোচনী বুলি কলে সাধাৰণতে ছপা আলোচনীৰ কথাই আমাৰ মনলৈ আহে যদিওবা হাতেলিখা আৰু বৈদ্যুতিন/ই- আলোচনী প্ৰকাশ কৰা হয় । দেখা যায় যে , ছপা আলোচনী এখন প্ৰকাশ কৰিবলৈ হ’লে অধিক পৰিমাণৰ অৰ্থৰ প্ৰয়োজন হয় । চৰকাৰী বিদ্যালয়ত এই ক্ষেত্ৰত পৰ্যাপ্ত পৰিমাণৰ টকা-পইচা মজুত নথকা হেতুকে প্ৰাথমিক বিদ্যালয় অথবা বিদ্যালয় পৰ্যায়ত ছপা আলোচনী প্ৰকাশ কৰা কথাটো বহুত বিদ্যালয়ৰ বাবে এক কঠিন কাম । সেয়েহে বিদ্যালয়ত ছপা আলোচনীৰ বিকল্প হিচাপে অতি কম খৰছত ‘হাতেলিখা আলোচনী’ প্ৰকাশ কৰি সাহিত্য চৰ্চাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলক আগ্ৰহী কৰি তোলাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক , বৌদ্ধিক , সৃজনীশীলতা আৰু চিন্তাশক্তিৰ বিকাশৰ বাবে এক পৰিৱেশ গঢ়ি তুলিব পাৰি ।           
         কামৰূপ জিলাৰ বিদ্যালয়সমূহত হাতেলিখা আলোচনী প্ৰকাশ আৰু এই মহান প্ৰয়াসৰ লগত আমি জড়িত হোৱাৰ সুযোগ লাভ কৰাৰ লগতে এই ধাৰা কেনেদৰে আৰম্ভ কৰা হ’ল সেই বিষয়ে কিছু অনুভৱ আগবঢ়াইছোঁ-
           ইং ২০১৮ চনৰ ১২ জানুৱাৰী তাৰিখে কামৰূপ জিলাৰ হাজো শিক্ষা খণ্ডৰ অন্তৰ্গত খোপনিকুছি প্ৰাথমিক বিদ্যালয়ৰ বিদ্যালয় পৰিচালনা সমিতিয়ে বিদ্যালয় প্ৰাঙ্গণত আয়োজন কৰা প্ৰাক-ভোগালী উদ্‌যাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰি এক সুকীয়া অনুভৱ লাভ কৰাৰ সুযোগ পাওঁ । প্ৰাক-ভোগালী মেলা উদ্‌যাপন উপলক্ষে পিঠা-পনাৰ ব্যৱস্থা কৰাৰ উপৰিও বিহুনৃত্য পৰিবেশন , কণী যুঁজ খেল আৰু মেজি জ্বলাই ছাত্ৰ-ছাত্ৰী সকলক ভোগালী বিহুৰ বিষয়ে জ্ঞান আহৰণত সহায়ক হোৱা অনুষ্ঠানটোত এশৰো অধিক অভিভাৱক , বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য-সদস্যা , শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে । উক্ত অনুষ্ঠানত খোপনিকুছি প্ৰাথমিক বিদ্যালয়ৰ সভাপতি মুস্তাফাখানৰ সভাপতিত্বত , সহ: শিক্ষয়িত্ৰী পূবালী শইকীয়া দাসৰ তত্বাৱধানত ৪ৰ্থ শ্ৰেণীৰ এগৰাকী ছাত্ৰই সম্পাদনা কৰা , প্ৰধান শিক্ষয়িত্ৰীকে প্ৰমুখ্য কৰি সহ: শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ ঐকান্তিক প্ৰচেষ্টাত ‘আলোক’ শীৰ্ষক এখন হাতেলিখা আলোচনী উন্মোচন কৰা হয় । আলোচনীখন আকৰ্ষণীয় বেটুপাত আৰু লেখাসমূহৰ অলংকৰণৰ লগতে সাধুকথা , মহৎলোকৰ বাণী , কুইজ , সংগৃহীত লেখা আদিৰে সমৃদ্ধ আছিল । প্ৰথমবাৰৰ বাবে হাতেলিখা আলোচনী এখন উন্মোচনত অংশগ্ৰহণ কৰি অভিভূত হোৱাই নহয় আচৰিতো হ’লো । প্ৰাথমিক বিদ্যালয় পৰ্যায়ত শিক্ষক-শিক্ষয়িত্ৰীৰ উদ্যোগত ছাত্ৰ-ছাত্ৰী , অভিভাৱকৰ অংশগ্ৰহণেৰে হাতেলিখা আলোচনী প্ৰকাশ কৰা কাৰ্যটি সঁচাকৈ এক মহান প্ৰয়াস । বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আৰু শিক্ষাগুৰুসকলৰ ভিতৰত প্ৰধানত সহ: শিক্ষয়িত্ৰী পূবালী শইকীয়া দাসৰ মহানুভৱতা শলাগিবলগীয়া । 
           খোপনিকুছি প্ৰাথমিক বিদ্যালয়ে প্ৰকাশ কৰা হাতেলিখা আলোচনীখনৰ বিষয়ে জানিব পাৰি কামৰূপ জিলাৰ কেইবাখনো বিদ্যালয়ে শিক্ষা বিভাগৰ পৰা দিহা পৰামৰ্শ বিচাৰি হাতেলিখা আলোচনী প্ৰস্তুত কৰাৰ বাবে প্ৰচেষ্টা চলায় । তাৰ ভিতৰত প্ৰাথমিক বিদ্যালয় পৰ্যায়ৰ অন্যতম বিদ্যালয় হ’ল- ৰামদিয়া প্ৰাথমিক বিদ্যালয়ৰ ‘ফেহুঁজালি’ আৰু ২৭৮ নং ৰাইপাট প্ৰাথমিক বিদ্যালয়ৰ তৰফৰ পৰা ‘ৰাইপাট’ শীৰ্ষক হাতেলিখা আলোচনী । অৱশ্যে কিছু বছৰ ধৰি দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা ‘উত্তৰণ’ শীৰ্ষক হাতেলিখা আলোচনী প্ৰকাশ কৰি আহিছে বুলি জানিব পাৰোঁ । 
             বিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ চিন্তা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৃষ্টিশীলতাৰ বিকাশ , বৌদ্ধিক উৎকৰ্ষ সাধন ,পঠন শক্তিৰ বিকাশৰ প্ৰতি থকা আগ্ৰহৰ বাবে মনলৈ এটি প্ৰশ্নৰ উদয় হ’ল যে - সমগ্ৰ শিক্ষা ,কামৰূপে যদি প্ৰতিখন বিদ্যালয়তে হাতেলিখা আলোচনী প্ৰকাশৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে তেতিয়াহ’লে ছাত্ৰ-ছাত্ৰী , শিক্ষাগুৰু তথা অভিভাৱকসকলক সাহিত্যচৰ্চাৰ এক মঞ্চ দিব পৰা যাব । কামৰূপ জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু সমগ্ৰ শিক্ষা, কামৰূপৰ জিলা মিছন সমন্বয়ক শ্ৰীযুত অপূৰ্ব ঠাকুৰীয়া মহোদয়ৰ লগত আলোচনা কৰিলোঁ । তেখেতেও পোনচাটেই সন্মতি জনালে আৰু ‘পঢ়ক আৰু পঢ়ুৱাওক’ কাৰ্যসূচীৰ অন্যতম সংযোজন হিচাপে প্ৰতিখন বিদ্যালয়তে হাতেলিখা আলোচনী প্ৰকাশৰ বাবে বিদ্যালয়সমূহলৈ নিৰ্দেশনা প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে । সেই অনুসৰি ইতিমধ্যে হাতেলিখা আলোচনী প্ৰকাশ কৰা বিদ্যালয় কেইখনৰ আলোচনীৰ বেটুপাতৰ ফটো আৰ্হি হিচাপে লৈ কামৰূপ জিলাৰ সকলো বিদ্যালয়তে ‘হাতেলিখা’ আলোচনী প্ৰকাশৰ বাবে বিদ্যালয় পৰিচালনা সমিতিলৈ নিৰ্দেশনা প্ৰেৰণ কৰা হয় আৰু বিদ্যালয়সমূহক উৎসাহিত কৰাৰ উদ্দেশ্যে জিলা পৰ্যায়ত হাতেলিখা আলোচনীৰ এলানি প্ৰতিযোগিতাৰ আয়োজন কৰা হয় । ইং ২০১৯ চনত প্ৰথমবাৰৰ বাবে আয়োজন কৰা প্ৰতিযোগিতাত ২৫০ খনৰো অধিক বিদ্যালয়ে অংশগ্ৰহণ কৰি জিলাখনত এক হাতেলিখা আলোচনী প্ৰকাশৰ ধাৰা আৰম্ভ হয় । উল্লেখনীয় কথাটো হ’ল প্ৰথম বৰ্ষত হাতেলিখা আলোচনী প্ৰকাশৰ ক্ষেত্ৰত কোনো নিৰ্দ্দিষ্ট বিধি/নীতি নিৰ্ধাৰণ কৰি দিয়া হোৱা নাছিল যদিও বিদ্যালয়সমূহে খুব সুন্দৰ আৰু নিখুঁতকৈ লেখাসমূহ সজোৱাৰ উপৰিও বেটুপাতৰ সজ্জা আৰু লেখাৰ বিপৰীতে কৰা অলংকৰণ আছিল অতি আকৰ্ষণীয় । উল্লেখযোগ্য যে ,আলোচনীৰ নামসমূহো আছিল ব্যতিক্ৰমী আৰু অৰ্থপূৰ্ণ । আলোচনীসমূহ মূল্যায়ন কৰোতে সন্মানীয় বিচাৰকমণ্ডলীয়ে কিছু পৰিমাণে বিপাঙত পৰা বুলি জানিবলৈ দিছিল , কাৰণ প্ৰতিখন আলোচনীয়ে একো-একোটা সূকীয়া মৰ্যদা বহন কৰা পৰিলক্ষিত হৈছিল । সেই বছৰ ৩৮ খন আলোচনীক ১ম , ২য় , ৩য় আৰু উদ্গনিমূলক বঁটা প্ৰদানৰ বাবে নিৰ্বাচিত কৰা হয় । 
            হাতেলিখা আলোচনীৰ প্ৰতিযোগিতা একেধাৰে ইং ২০১৯-২০ বৰ্ষ , ২০২১-২২ বৰ্ষ আৰু ২০২২-২৩ বৰ্ষলৈ আয়োজন কৰা হয় যদিও ২০২০-২১ বৰ্ষত প্ৰতিযোগিতা অনুষ্ঠিত কৰা নহ’ল । কাৰণ কৰ’ণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত তলাবন্ধ কাৰ্যসূচীৰ ফলত বহু দিন বিদ্যালয়ত পাঠদান বন্ধ থকা হেতুকে ছাত্ৰ-ছাত্ৰীসকল ঘৰতে থাকিবলগীয়া হোৱাত বিদ্যালয়সমূহে আলোচনী প্ৰকাশ কৰিব পৰা নাছিল ৷
           সমগ্ৰ শিক্ষা , কামৰূপৰ দ্বাৰা ৰূপায়িত ‘পঢ়ক আৰু পঢ়ুৱাওক’ কাৰ্যসুচীৰ অন্যতম সংযোজন ‘হাতেলিখা আলোচনী’ প্ৰকাশৰ এই ধাৰা বিদ্যালয়সমূহে অব্যাহত ৰাখিব পাৰিলে শিক্ষাৰ্থীসকল সাহিত্য চৰ্চাৰ দিশত এখোজ আগুৱাই যাব পাৰিব বুলি আশা কৰিব পাৰি । এই ক্ষেত্ৰত বিদ্যালয় পৰিচালনা সমিতি , বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি , শিক্ষাগুৰুকে প্ৰমুখ্য কৰি প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে অধিক গুৰুত্ব প্ৰদান কৰাৰ প্ৰয়োজন আছে ।
          সদৌশেষত ৪ৰ্থ বৰ্ষৰ দ্বিতীয় সংখ্যাৰ যথাসময়ত প্ৰকাশৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰা বাবে সম্পাদনা সমিতিৰ লগতে শ্ৰদ্ধাৰ মুখ্য উপদেষ্টা , উপদেষ্টামণ্ডলী আৰু সন্মানীয় সমূহ সদস্য-সদস্যালৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ ।
         আলোচনীখনলৈ লেখা ,ছৱি , সাঁথৰ , কুইজ ইত্যাদি প্ৰেৰণ কৰি সৌষ্ঠৱ বৃদ্ধিকৰা প্ৰতিগৰাকী শ্ৰদ্ধাৰ লেখক আৰু ছাত্ৰ-ছাত্ৰীলৈ বিশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
          আলোচনীখন প্ৰকাশ কৰোতে অজানিতে হোৱা ভুল-ত্ৰুটিৰ বাবে মাৰ্জনা বিছাৰিছোঁ ।
         জ্ঞানম- ই-আলোচনীখনে শিক্ষাৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ গৱেষণাধৰ্মী , সৃষ্টিশীল আৰু ভিন্নসুৰী লেখা প্ৰকাশ কৰাৰ লগতে ভাষা- চৰ্চা , মননশীল পঢ়ুৱৈ আৰু নতুন লেখকৰ সৃষ্টিত মনোনিৱেশ কৰাৰ প্ৰয়াসত যৎপৰোনাস্তি চেষ্টা আৰু গুৰুত্ব প্ৰদান কৰি আহিছে । এই ক্ষেত্ৰত আপোনালোকৰ গঠনমূলক দিহা-পৰামৰ্শ আমাৰ কাম্য ।
               আমাৰ এই যাত্ৰা নতুন দিগন্তলৈ……..
                                            শ্ৰদ্ধাৰে-
ফুলপাহিনাথ 
তত্বাবধায়ক ,জ্ঞানম-ই-আলোচনী
জিলা আঁচনি বিষয়া , সমগ্ৰ শিক্ষা কামৰূপ , আমিনগাঁও ।

Post a Comment

0 Comments