header ads

অসমীয়া প্ৰবন্ধ, আত্মজঃ, শেৱালি নাথ, ৪ৰ্থ বছৰ ৩য় সংখ্যা


আত্মজঃ




        বেৰসিক দিন আৰু ৰাতি ৷ অথচ বসন্তৰ ভৰপূৰ আয়োজন চৌপাশে ৷ বৰষুণৰ আগমন ৷ ধৰাৰ অতৃপ্ত অধৰ চুমি বতাহৰো নাচোন ৷ কাকিনি তামোলে হালিজালি নিজৰ অৱস্থিতি দোহাৰিলে একেই মেঘমল্লা ৰাগৰ তালে তালে ৷ বাকী সকলো ঠিকে আছে ৷ এইকেইদিন নকৈ ওলোৱা কুঁহিপাতৰ আঁৰত কুলিৰ গীতেও মোক মোৰ অৱশ , অসহায় , তলাবদ্ধ অৱস্থাৰ পৰা উদ্ধাৰ কৰিব পৰা নাই ৷ সুন্দৰৰ এনে কত আয়োজন , প্ৰকৃতিৰ এনে মনোহৰ , মনোমুগ্ধকৰ পৰিৱেশ --- আকাশ , নদী , পাহাৰেৰে পৰিবেষ্টিত সেউজীয়া আঁচলত বন্ধা সুৰীয়া ঠাইখন আপোন মোৰ ৷ ক’তো একো হীনডেঢ়ি নাই হোৱা ৷ আনকি পথচাৰীৰ সামান্যতম হাইউৰুমিয়ে স্পৰ্শ কৰিব নোৱাৰাকৈ থকা মোৰ শয়নকক্ষ , মোৰ ইচ্ছা অবিহনে বতাহ সোমাব নোৱাৰাকৈ লগাই লোৱা দৰ্জা খিৰিকীকেইখনো খুবেই মজবুত ৷ মই উঠি আহিলোঁ ৷ উঠি আহিলোঁ খিৰিকী এখনৰ কাষলৈ আৰু খুলি দিলোঁ ৷ বতাহ এছাতিয়ে মোৰ অসাথন বুকু চুই পাৰ হৈ গ’ল ৷ ঠাণ্ডা ৷ ঠাণ্ডা যদিও কিবা এটা ভাল লগা সুখানুভূতিয়ে ক্ষন্তেকলৈ মোক আপ্লুত কৰিলে ৷ মই জানো যে মোৰ লব্ধপ্ৰতিষ্ঠ জ্ঞান আৰু একনিষ্ঠ অভ্যাসনত অভ্যস্ত মনটোৱে প্ৰতিটো ক্ষণতে এক বিয়োগাত্মক ভাৱধাৰাক বহন কৰিব বিচাৰে ৷ শৰীৰটোক মেৰুৱাই থোৱা কপাহ কোমল চমৎকাৰ চৰ্মবিধৰ তলত লুকাই থকা অন্তৰখনত কঢ়িয়াই ফুৰো এনে এটি বিষাদ , যাক মই চুই চাব নোৱাৰোঁ , যাক আনৰ আগত দেখুৱাব নোৱাৰোঁ , প্ৰতিপালিত এই দুখবোধক শব্দৰেও আনকি প্ৰকাশ কৰিব নোৱাৰোঁ ৷  কবিতা , গল্প , উপন্যাসৰ চৰিত্ৰবোৰত ঘুৰ্মুটিয়াই ফুৰোঁ , কিজানিবা বিচাৰি পাওঁ মোক উপহাস কৰি মোৰ অঘৰী আত্মাত স্থায়ীকৈ ঘৰসজা মোৰ নৈৰাশ্যবোধক ৷ 
         আশৈশৱ কঢ়িয়াই ফুৰা একাকীকত্বই হেজাৰ ভিৰৰ মাজতো মোক কৰি পেলায় নিসংগ ৷ পৰিচয়হীন যাযাবৰী জীৱনত একোৱেই ভাল নালাগে ৷ তথাপিও জীৱন অন্যন্য , একক আৰু মায়াবী ৷ মানুহ মাত্ৰেই হয়তো অনুসন্ধানকাৰী ৷ মানুহ মাত্ৰেই বিৰতিহীন দোলনত ডুলি থাকে অহৰ্নিশে ৷ 
কুকুৰটোৰ ভুকভুকনিত অন্তেষপুৰৰ পৰা উভতি শব্দটোক অনুসৰণ কৰিলোঁ ৷ ভোক আৰু অপৰিচিতৰ পদাংকত বিৰতিহীন ভুকভুকনি মোৰ পৰিচিত ৷ মাংস আৰু ভাত অলপমান আগতে লুহীয়াই ৰনকক দিছে ৷ তাকো মোৰ সন্মুখতে ৷ কেতিয়াবা কেতিয়াবা লুহীয়াই ৰনকৰ খাদ্যবস্তুৰ ভাগ লয় ৷ জানো সেইকথা ৷ লুহীয়ায়ো জানে ৰনকক মই মোৰ তেনেই সীমিত বন্ধুবৰ্গতকৈয়ো বেছি বিশ্বাস কৰোঁ ৷ নিৰ্মল , ৰসেশ্বৰ আৰু গনেশ্বৰ মোৰ প্ৰাতঃভ্ৰমণৰ সংগী ৷ তেখেতসকলে মোৰ হাঁহি আৰু সামাজিক ষ্টেটাছত সুখৰেই আবিৰ দেখে ৷ ইয়ো মোৰ বাবে বিড়ম্বনা ৷ 
----- “ বহুত দুখ হে মোৰ ! ” 
মুখৰ কথা শেষ কৰিবই নেপাওঁ , তিনিওজনৰ অট্টহাস্যত খোজৰ গতি লেহেমীয়া হয় ৷
--- “ মোৰ দৰে শৰীৰত হাইপ্ৰেচাৰ , চুগাৰ কঢ়িয়াই ফুৰিছে ? ”
--- “মোৰ দৰে অকৰ্মণ্য সন্তান জন্ম দিছে আপুনি ? মোৰ পেঞ্চনৰ টকাকেইটাক লৈ আপোনাৰ সন্তানৰ অৰিয়াঅৰি হয় জানো ?’’
--- “ জীৱনজোৰা সাধনাৰেও নিজাকৈ মাটি এটুকুৰা , ঘৰ এটা সাজিব নোৱাৰাৰ দুখ আপুনি বহন কৰিছে জানো  ? ”
বাকীকেইজনৰ কথা শুনি মোৰ দুখবোধে তাপ মাৰে সেইপিনেই হয়তো ৷ মোৰচোন দুখেই নাই ৷ তেনেই ক্ষন্তেকীয়া সেই সুখ , তুলাচনীত দুখে শিল হৈ বহি আছে ৷
এইখিনি সময়ত লুহীয়াই মোৰ বাবে সুখৰ আকৰ অকণমান দিবলৈ যো-জা কৰি আছে ৷ ৰাগীত ৰাগ উঠিব মোৰ সুখ-গীতৰ ৷
পৰ্টিকত বহি মদ খোৱাৰ সময়ত কেতিয়াবা লুহীয়া মোৰ ওচৰেপাঁজৰে থাকে ৷ মোৰ সৰু সৰু বস্তুবোৰ যতনাই দিয়াৰ বাবদ পোৱা সকলো কামেই মোৰ বাবে অশান্তিকৰ ৷ ঘৰৰে মন্দিৰটো ভাঙি সেয়েহে বিল্ডিংটো বনালোঁ ৷ মন্দিৰ শালগ্ৰামভাগ থবলৈ বৃহৎ ঘৰটোত এটুকুৰা ঠাই উলিয়াই নিদিলোঁ ৷ কান্দিকাটি বাউলী হৈ মোৰ ওচৰত কাবৌ-কাকুলি কৰক  , ওহো নাই ৷ 
নিতৌ নীৰাক অশান্তি দিবলৈ কৰা কামবোৰৰ প্ৰত্যুত্তৰ নিৰৱে থাকি শান্তি গোটাইছিল ৷ শেষত ছোৱালীজনীয়ে আহি মাকক লৈ গ’ল ৷ ঘৰৰ পৰা যোৱাৰ দিনাও মোৰ সকলো যাৱতীয় বস্তু যতনাই থৈ গৈছিল ৷ মই ভালপোৱা ধৰণে ভাতসাঁজ বাঢ়ি থৈ গৈছিল ৷ পৰম শান্তি পাইছিলোঁ ৷ নীৰা মোৰ জীৱনৰ এডাল অঘয়া হুল আছিল ৷
এবাৰ যদি সুধিলোহেঁতেন আকুলতাৰে ---  “ এইটো বয়সত মোক কোন স’তে এৰি যাবলৈ ওলাইছা ! নুসুধিলেও মোৰ চকুৰ আবেদন ধৰিব পাৰিলে নীৰা নগ’লহেঁতেন ৷
“ নাহিবা আৰু এইখন ঘৰলৈ  ! একেবাৰে যোৱা ৷ শান্তি পাম ৷ ”
কিমান দুখত তিলতিলকৈ গঢ়া ঘৰখন এৰি নীৰা গ’লগৈ মই অনুভৱ নকৰিলোঁ ৷ এতিয়া অনুভৱ কৰিছোঁ - পত্নীজনী সকলো সুখৰ আকৰ , দুখৰ নহয় ৷ যোৱা পাঁচটা বছৰৰ নিসংগতাই মোক এনেকৈ কোঙা কৰিলে যে ল’ৰা ছোৱালী পত্নীৰ খবৰৰ নামত কিছুমান আস্ফালন মোৰ কুকুৰটোৱে হজম কৰি আছে ৷

অইন দিনাৰ দৰে মোৰ ৰুমৰ খিৰিকীকেইখন খুলি দিলোঁ ৷ অকণি অকণি জোনাকী পৰুৱা দুই এটা আহিছে ৷ থপিয়াই ধৰিবলৈ যত্ন কৰোঁ ৷ মই তেনে কৰিলে কুকুৰটোৱেও জঁপিয়াবলৈ ধৰে ৷ শেষত চকীখনত বহি মই মোৰ প্ৰলাপ আৰম্ভ কৰোঁ ৷ মুখ মেলি কুকুৰটোৱে চাই থাকে ৷ অন্তৰংগ বন্ধু এজনৰ দৰে শেষ নিশালৈকে সংগী হয় মোৰ ৷ দুই এজন বাটৰুৱাই মোৰ শব্দ শুনি গেটৰ ফাঁকেৰে জুমি চাই হ'বলা ৷ লুহীয়াক পিছদিনা কোনোবাই কয় ৷ মই সিহঁতে মিছা কোৱা বুলি কওঁ ৷ কাৰণ নিচা ফটাৰ পিছত মোৰ একো মনত নেথাকে ৷

মফচলীয়া চহৰখনে দিনটোৰ ভাগৰ সামৰি নিহপালি দিছে ৷ মোৰ কথা শুনি আমনি পাই ৰনকে ৰেড কাৰ্পেটখনতে টোপনি গৈছে । সদায় একেখিনি কথা কুকুৰ কাৰণেহে শুনি থাকে ৷ লুহীয়াইয়ে আনকি ব্যস্ততাৰ অজুহাতত মোৰ পৰা পলাই ফুৰে ৷ আকাশত অৱশ্যে এধানিমান তৰা এটি মোৰ দৰে সাৰে আছে ৷ খিৰিকীৰে দেখা আকাশখনৰ দৰে মোৰো মন আকাশ ক্ৰমশঃ স্থূল হৈ আহিছে ৷
সন্ধিয়াৰ ফোনকলটোৱে আৰু বেছি অশান্তি দিছে ৷ ৰুহীৰ ফোন আছিল ৷ মোৰ প্ৰয়োজন নথকাৰ দৰে ৰুহী আৰু মৌচমৰো মোৰ প্ৰয়োজন নাই ৷ লুহীয়াই ধৰা ফোনটোত মোক বিচাৰিছিল তাই ৷
“ সিহঁতৰ কাৰোৰে প্ৰয়োজন নাই বুলি ক’ ! ”  লুহীয়াই একো ক’বলগীয়া হোৱা নাছিল ৷ বিছিন্ন ফোনৰ সংযোগত মোৰ অহেতুক অভিযোগ , সিহঁতৰ অভিমান দুয়োটা মূৰত ঠেহ পাতিছিল ৷

খবৰ এটা চিনাকি চহৰখনত বাগৰি বাগৰি মোৰ ওচৰ পোৱালৈকে আবেলি হৈছিল ৷ গতানুগতিক দিনৰ অন্তত লুহীয়া আৰু মীৰা মোৰ আগত থিয় হৈছিলহি ৷
একেলগে  ?
একেলগে দুয়োৱে মোৰপৰা কিবা বিচৰাৰ নজিলৰ নাই ৷ তলমূৰকৈ থিয় হ’লেই বুজি পাওঁ কেইটামান টকা প্ৰয়োজনতকৈ বেছিকৈ লাগে ৷

“ কেৱল তঁহতে টকা টকা কৰি থকা যে ৷ ইমান টকা দিব নোৱাৰোঁ নহয় ৷ ”
চকুত চকুপানী লৈ লুহীয়া বহি পৰিল ৷

“ ছাৰ টকা নেলাগে আমাক ৷ আমি আপোনাৰ ওচৰত নীৰা বাইদেউৰ বাবেহে আছিলোঁ ৷ বাইদেউৰ কায়িক উপস্থিতি নহ’লেও আমাৰ লগত আছিল ৷ বাইদেৱেই আমাক আপোনাৰ যতন ল’বলৈ দঢ়াই দঢ়াই কৈ গৈছিল ৷ এতিয়া তেখেতো একেবাৰে গ’লগৈ ৷ তেখেতৰ অবিহনে আমি এইখন ঘৰত থাকিব নোৱাৰোঁ ৷ ক্ষমা কৰিব আমাক ৷ ”

শিল পৰা কপৌৰ ওচৰৰ পৰা পোহৰ কেতিয়ানো সকলো পোহৰ আঁতৰি গ’ল গমেই নেপালোঁ ৷ যেতিয়া মই গম পালোঁ এন্ধাৰতে ঘৰখন ডুবি আছে ৷ অকল ৰনকৰ চকুদুটা টহ্ টহ্ কৈ জিলিকি আছে ৷ তাৰ ভুকভুকনিও মোৰ আজি অপৰিচিত ৷



 শেৱালি নাথ

সহঃ শিক্ষয়িত্ৰী 
কুলচী জনজাতীয় হাইস্কুল
শিক্ষাখণ্ড : ৰামপুৰ

Post a Comment

0 Comments