header ads

অসমীয়া কবিতা, উত্তৰ গুৱাহাটী, শ্ৰী উৎপল চৌধুৰী, ৪ৰ্থ বছৰ ৩য় সংখ্যা

 উত্তৰ গুৱাহাটী



লুইতৰ আচলত ধৰি
   সেউজী বসন পিন্ধি
   বুৰঞ্জীয়ে গৰকা
   তুমিয়েই উত্তৰ গুৱাহাটী।
   দৌল গোবিন্দ, দীৰ্ঘেশ‌্বৰী
   মণি কৰ্ণেশ্বৰ, অশ্বক্লান্ত
   ই হেন পুণ্য তীৰ্থ‌ই
   সোঁৱৰাই দিয়ে তোমাৰেই ঐতিহ্য।
     দুৰ্জয় নগৰ তুমিয়েই উত্তৰ গুৱাহাটী
 মোগলৰ পৰাজয়ৰ 
তুমিয়েই হৈ ৰলা সাক্ষী।

  





শ্ৰী উৎপল চৌধুৰী
সহঃ শিক্ষক
ৰংমহল উচ্চ মাধ্যমিক বিদ্যালয়
উত্তৰ গুৱাহাটী

Post a Comment

0 Comments