*সাঁথৰঃ*
(১) বগী বাইৰ পিঠিত কলীয়া ককাইৰ কিল , তথাপি কাজিয়া নাই দুয়োৰে বৰ মিল -----
উঃ কাগজ আৰু কলম
(২) বজালে ধোপ ধোপ , কোমল পিটিকিলে , নহ’লেই নহয় তাক সেৱা নকৰিলে --------
উঃ গাৰু
(৩) পখী নহয় উৰি যায় , নূপুৰ নহয় বাজি যায় , আঠা নহয় লাগি ধৰে --------
উঃ জালখন
(৪) বহলকৈ বিছনাত শীতল পাটী পৰা , শুবলৈ মন গ’লেও শুব নোৱাৰা -------
উঃ সাগৰ
(৫) বাটে বাটে গ’লোঁ , নোখোজাকৈ পালোঁ , অকলে অকলে খালোঁ -------
উঃ উজুটি
সংগ্ৰহঃ
স্নেহা পাৰবিন
ষষ্ঠ শ্ৰেণী
কমলপুৰ চৰকাৰী মজলীয়া বিদ্যালয়
0 Comments