header ads

অসমীয়া কবিতা, ফাগুন, শ্ৰী সৰস্বতী দত্ত, ৪ৰ্থ বছৰ ৩য় সংখ্যা

 ফাগুন



শীতৰ পৰশত বৰফ হোৱা সপোনবোৰ...

ফাগুনৰ আগমনত জেতুকা জেতুকা বোল ,
সৰাপাতৰ ফাঁকে ফাঁকে লঠঙা গছবোৰ... 
ন ন সাজেৰে পাটগাভৰু হ'ল । 
আশাবোৰ লমা লমে গজালি মেলে ,
যৌৱনত উন্মাদনা মদাৰ , শিমলু, পলাশলৈ...
 দুষ্ট ফাগুনে ফাকু ছটিয়াই ফুৰে ।
 চঞ্চলা ফাগুনী মলয়াৰ ৰাগীত 
 চেও দি ফুৰিছে শিমলু তুলাবোৰে ,
 হৃদয়ে হৃদয়ে প্রেমৰ বীণা বাজে ,
 বৃন্দাবনত শ্রীকৃষ্ণই গোপীৰ লগত হোলী খেলে । 
মানুহৰ উৰুঙা উৰুঙা মনবোৰ 
সাতোৰঙী আবিৰ হৈ পৰে ।
ডেকাৰ  হৃদয়ৰ পথাৰত ৰঙা গোলাপৰ অনুৰণন , গাভৰুৰ যঁতৰত ঘনাই সূতাৰ জোঁট , 
 শুভ্র আকাশৰ বুকুত চিলাৰ সোঁত । 
দুৰণিত বসন্ত অহাৰ জাননী 
ভাঁহি আহে চকুৱা চৰাইৰ বিননি ,
নাচনীৰ মৰমবোৰ গামোচাত 
ৰঙীন বুটা হৈ তোলে জিকমিকনি । 





শ্ৰী সৰস্বতী দত্ত
প্ৰধান শিক্ষয়িত্ৰী , 
ৰামদিয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়
শিক্ষাখণ্ড : হাজো

Post a Comment

0 Comments