জীৱনৰ বন্ধুজনঃ
এজন কামাণ্ডাৰৰ নেতৃত্বত আগবাঢ়ি যোৱা সেনাৰ দল এটাৰ ওপৰত হঠাৎ বোমাবৰ্ষণ কৰিলে শক্ৰপক্ষৰ বিমানে ৷ কামাণ্ডাৰৰ নিৰ্দেশত যিয়েই যেনি পাৰে নিৰাপদ ঠাইৰ সন্ধানত ইফালে সিফালে দৌৰিল ৷ কেইটামান প্ৰকাণ্ড শিলৰ মাজত আশ্ৰয় ল’লে কামাণ্ডাৰ আৰু কেইজনমান সৈনিকে ৷ বাকীসকল হয় আহত , নহয় নিহত ৷ সুযোগৰ অপেক্ষাত থকা শত্ৰু সেনাৰ গুলীবৰ্ষণৰ প্ৰকোপ যিমানেই বাঢ়িছে , কমাণ্ডাৰৰ স’তে আশ্ৰয় লৈ থকা সৈনিকসকলৰ ভিতৰত এজন সৈনিক সিমানেই অস্থিৰ হৈ উঠিছে ৷ তেওঁ বাৰে বাৰে অনুমতি বিচাৰিছে কমাণ্ডাৰৰ পৰা যাতে তেওঁ সেই শিলৰ মাজৰ পৰা বাহিৰলৈ ওলাই যাব পাৰে ৷ কিন্তু কমাণ্ডাৰে জানে যে সেই সময়ত তাৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ অনুমতিৰ অৰ্থ মৃত্যুৰ বাহিৰে আন একোৱেই নহয় ৷ সৈনিকজনক তেওঁ হেৰুৱাব নিবিচাৰে আৰু গুলীবৰ্ষণ বন্ধ হোৱালৈকে সেই শিলৰ মাজতেই আশ্ৰয় লৈ থাকিবলৈ নিৰ্দেশ দিলে ৷ কিন্তু সৈনিকজন নাচোৰবান্দা ৷ তেওঁ বাহিৰলৈ যাবই লাগিব ৷ কাৰণ তেওঁৰ প্ৰিয়তম বন্ধুজন যে তেওঁৰ কাষত নাই ৷ কমাণ্ডাৰে তেওঁক বুজাবলৈ চেষ্টা কৰিলে যে বাহিৰত থকাসকলৰ ইতিমধ্যেই মৃত্যু ঘটিছে আৰু যুদ্ধৰ মাজত মৃত সৈনিকজনৰ সন্ধানত নিৰাপদ আশ্ৰয় এৰি ওলাই গৈ নিজৰ জীৱনলৈও সেই একেই বিপৰ্যয় নমাই অনাৰ কোনো অৰ্থ নাই ৷ কিন্তু সৈনিকজনে নুবুজে ৷ অৱশেষত উপায়হীন হৈ তেওঁ সৈনিকজনক কেইমিনিট মানৰ বাবে বাহিৰলৈ গৈ তেওঁৰ বন্ধুৰ সন্ধান কৰিবলৈ অনুমতি দিলে ৷
সৈনিকজনে শত্ৰুৰ গুলীৰ বৰষুণলৈও ভ্ৰূক্ষেপ নকৰি সন্ধানত নামিল তেওঁৰ প্ৰিয়তম বন্ধুৰ ৷ কিছু সময়ৰ ভিতৰতেই তেওঁ বন্ধুজনৰ সন্ধান পালে আৰু তেওঁক পিঠিত তুলি কঢ়িয়াই আনিলে শিলৰ মাজৰ সেই নিৰাপদ ঠাইলৈ ৷ আন সৈনিকসকলেও পৰীক্ষা কৰিলে বন্ধুজনৰ শৰীৰটো ৷ তেওঁৰ শৰীৰৰ ভিতৰত প্ৰাণ নাছিল ৷ আনজনক লক্ষ্য কৰি কমাণ্ডাৰ জনে ক’লে - ‘মই কোৱা নাছিলোনে মৃতজনৰ সন্ধানত এই সময়ত বাহিৰলৈ যোৱাৰ একো অৰ্থ নাই ?’
শত্ৰুৰ গুলীয়ে ভেদ কৰিছিল সেই সৈনিকজনৰ শৰীৰো ৷ বিশেষ প্ৰতিবাদ নকৰি তেওঁ মাথোঁ কমাণ্ডাৰ জনক কলে - ‘মহাশয় , মই মোৰ বন্ধুজনৰ সন্ধানত ওলাই যোৱাটো অথলে নগ’ল ৷ মই যেতিয়া মোৰ বন্ধুক আৱিষ্কাৰ কৰিছিলোঁ , তেতিয়া তেওঁৰ শৰীৰত প্ৰাণ আছিল ৷ তেওঁ মোক ক’লে -- সৈনিকজনৰ কণ্ঠও দুৰ্বল হৈ আহিল ৷ মৃত্যুৰ পূৰ্বে তেওঁৰ বন্ধুজনে কিনো কৈছিল , তাকে শুনিবলৈ কামাণ্ডাৰৰ লগতে আনকেইজনো উৎকৰ্ণ হৈ উঠিল ৷ সেই সৈনিকজনে ক’লে – ‘তেওঁ মোক ক’লে জ্যাক , জ্যাক ৷ মই জানিছিলোঁ যে তুমি আহিবা ৷
সৈনিকজন নীৰৱ হ’ল ৷ স্তব্ধ হল তেওঁৰ কণ্ঠও চিৰদিনৰ বাবেই ৷ প্ৰিয়তম বন্ধুজনৰ সন্ধানত বাহিৰলৈ ওলোৱা সেই সৈনিকজনৰ শৰীৰো ভেদ কৰিছিল শক্ৰ সেনাৰ গুলীয়ে ৷
গোলা-বাৰুদৰ মাজত বন্ধুজনৰ সন্ধান কৰিবলৈ গৈ নিজৰ প্ৰাণ হেৰুৱাইছিল সেই সৈনিকজনে ৷ তথাপি তেওঁ অনুভৱ কৰিছিল যে তেওঁৰ সন্ধান বিফলে যোৱা নাছিল ৷ কাৰণ তেওঁ বন্ধুজনৰ মুখত যি কেইটা শব্দ শুনিছিল , সেই শব্দকেইটাই মুহূৰ্ততে প্ৰমাণ দিছিল তেওঁলোকৰ সম্পৰ্কৰ গভীৰতাৰ ৷ বন্ধুজনে তেওঁৰ ওপৰত ৰখা গভীৰ আস্থা আৰু বিশ্বাসত তেওঁ যি তৃপ্তি বিচাৰি পাইছিল , তাৰ ওচৰত পৰাস্ত হৈছিল মৃত্যুৰ যন্ত্ৰণাও ৷ বন্ধুজনৰ সেই শব্দকেইটাতে তেওঁ বিচাৰি পাইছিল জীৱনৰ অৰ্থ ৷ যি মুহূৰ্তই তেওঁক সন্ধান দিছিল আস্থা আৰু বিশ্বাসৰ , সেয়া লাগিলে জীৱনৰ মূল্যৰ বিনিময়তে নহওঁক কিয় , সেই সময় জানো বিফলে যাব পাৰে ?
জীৱন মৰুৰ মাজত যদি কেতিয়াবা ঠিকনা হেৰায় আপোনাৰ , ধূলিৰ ধুমুহাত যেতিয়া আপুনি হাহাঁকাৰ কৰে অকণমান উশাহৰ বাবে , তেতিয়া হেজাৰ ধুমুহা নেওচি নিৰ্মল এছাটি বতাহ হৈ আপোনাৰ পৰিচিতসকলৰ কোনোজন আগবাঢ়ি আহিবই বুলি আপুনি নিশ্চিত হ'ব পাৰেনে ? মানসপটত ভাঁহি উঠিছেনে গভীৰ আস্থাৰ এখনি মুখ ?
বাট-পথবিহীন দুৰ্গম বৰফৰ মাজেৰে প্ৰায় দুমাহ আগবঢ়াৰ পাছত ১৯১১ চনৰ ৩ জানুৱাৰী তাৰিখে যেতিয়া ছাপন্ন সংখ্যক কেম্পটোত নিশাটোৰ বাবে জিৰণি লৈছিল , তেতিয়া কেপ্তেইন স্কট দক্ষিণ মেৰুৰ পৰা প্ৰায় ১৫০ মাইল দূৰৈত ৷ তাৰ পৰাই চাৰিজন সতীৰ্থসহ তেওঁ আৰম্ভ কৰিলে সেই অন্তিম অভিযান , যি অভিযান ত্যাগ , সাহস আৰু বন্ধুত্বৰ বিৰল নিদৰ্শন হিচাপে লিপিবদ্ধ হৈ ৰ’ল পৃথিৱীৰ মানৱ ইতিহাসৰ সোণালী পৃষ্ঠাত ৷
• আমি যেতিয়া স্কুলৰ ছাত্ৰ , তেতিয়া হোমেন বৰগোহাঞিয়ে কিশোৰৰ উপযোগীকৈ লিখা কেপ্তেইন স্কটৰ জীৱন আধাৰিত ‘মানুহ হোৱাৰ গৌৰৱ ’ নামৰ সৰু কিতাপখনে আমাৰ কৈশোৰ মনত ধুমুহা তুলিছিল ৷ তেতিয়া আৰু এতিয়া যেতিয়াই এই কিতাপখন পঢ়োঁ , এখন চলচ্চিত্ৰ উপভোগ কৰি থকা যেন অনুভৱ হয় , যি চলচ্চিত্ৰত চিত্ৰিত হৈছে , পৃথিৱীৰ অপৰাজেয় মানুহৰ মানৱীয়তাৰ গৌৰৱোজ্বল কাহিনী ৷ পাছৰ সময়ছোৱাত পঢ়িছিলোঁ টম গ্ৰিফিথ সম্পাদিত ‘স্কটচ্ লাষ্ট এক্সপেডিশ্যন’ নামৰ বৃহৎ গ্ৰন্থখন , য'ত সন্নিৱিষ্ট কৰা হৈছে কেপ্তেইন স্কটৰ অভিযানৰ প্ৰতিটো মুহূৰ্তৰ বৰ্ণনা ৷ দক্ষিণ মেৰুত ভৰি দিয়া প্ৰথম মানুহ হিচাপে চিহ্নিত হৈছিল নৰৱেৰ অভিযানকাৰী ৰোৱাল্ড আমুণ্ড্ছেন ৷ স্কটতকৈ প্ৰায় এমাহ পূৰ্বেই দক্ষিণমেৰু জিনিছিল আমুণ্ড্ছেনে ৷ দক্ষিণ মেৰু জয়ৰ প্ৰথম মানুহৰ গৌৰৱ অৰ্জনত বাৰ্থ হৈ যেতিয়া ওভতনি যাত্ৰা আৰম্ভ কৰিছিল স্কটৰ দলটোৱে , এটা ভয়াবহ বৰফৰ ধুমুহাত প্ৰাণ হেৰুৱাইছিল আটাইকেইজনে ৷ এক নিৰ্ণায়ক মুহূৰ্তত দুৰ্বল হৈ পৰা এজন বন্ধুক কোলাত লৈ ধীৰ গতিৰে আগবঢ়াৰ মূল্য সকলোৱে নিজ প্ৰাণেৰে ভৰিব লগা হৈছিল ৷ দুজন সংগীক ইতিমধ্যে হেৰুৱাই এটি তম্বুৰ তলত আশ্ৰয় লৈ অনাহাৰে তিলতিলকৈ যেতিয়া মৃত্যুৰ মুখলৈ আগবাঢ়িছিল বাকী ৰোৱা তিনিজনে , সকলোৰে ত্যাগ আৰু বীৰত্বৰ কাহিনী লিপিবদ্ধ কৰি তেওঁলোকৰ পৰিয়াললৈ পত্ৰ লিখিছিল সেই মুহূৰ্ততো ৰবাৰ্ট ফেলকন স্কটে ৷ বাৰ্তা লিখিছিল জনগণক উদ্দেশ্যিও ৷ এজন দায়িত্বশীল স্বামী তথা পিতৃ হিচাপে তেওঁৰ মনলৈ আহিছিল দেশত এৰি অহা তেওঁৰ মৰমী পত্নী আৰু আঢ়ৈ বছৰীয়া সন্তানটিৰ কথাও ৷ অসংখ্য বন্ধু তথা শুভাকাংক্ষীৰ মাজত স্কটে এনে এখনি মুখৰ সন্ধান কৰিলে , যাৰ দৃষ্টিত থাকি নিৰাপদ অনুভৱ কৰিব তেওঁৰ পত্নী আৰু সন্তানে ৷ আত্মীয়-স্ৰজন সকলোকে তল পেলাই যি এখনি মুখ স্কটৰ চকুৰ আগত উজ্জ্বলতৰ হৈ উঠিছিল , তেওঁ আছিল জে এম বেৰী ৷ বেৰীলৈ মৃত্যুমুখী স্কটে লিখিছিল - ‘ মোৰ জীৱনত এনে কোনো বন্ধু নাই , যাক মই তোমাতকৈ ভাল পাওঁ বা সন্মান কৰোঁ ৷ কিন্তু মই কেতিয়াও এয়া প্ৰতিপন্ন কৰিবলৈ যোৱা নাছিলোঁ যে তোমাৰ বন্ধুত্বৰ অৰ্থ মোৰ বাবে কি হ’ব পাৰে ৷ প্ৰয়োজনেইবা ক’ত বন্ধুজনক ভাল পোৱাৰ প্ৰমাণ দিয়াৰ ৷’ প্ৰিয়তম বন্ধুজনৰ ওচৰত সেয়া আছিল স্কটৰ স্বাভাৱিক অধিকাৰ ৷ কেৱল পত্নী আৰু সন্তানৰ দায়িত্বকেই তেওঁ বেৰীৰ ওচৰত অৰ্পণ কৰা নাছিল , তেওঁৰ সতে সেই পাৰাপাৰহীন বৰফত চিৰদিনৰ বাবে শুই পৰা তেওঁৰ সতীৰ্থসকলৰ পৰিয়ালৰ প্ৰতি দৃষ্টি ৰাখিবলৈও তেওঁ তেওঁৰ বন্ধুজনৰ প্ৰতি অনুৰোধ জনাইছিল ৷ যেতিয়া সকলো পথ বন্ধ হৈ পৰিছিল , তেতিয়া ৰবাৰ্ট ফেলকন স্কটে যি একমাত্ৰ পথৰ সন্ধান পাইছিল , সেয়া আছিল তেওঁৰ বন্ধু জে এম বেৰী ৷
সাম্প্ৰতিক সময়ত সমাজ জীৱনৰ দ্ৰুত পৰিবৰ্তনৰ লগে লগেই আপাততঃ সলনি হৈছে বন্ধুত্বৰ সংজ্ঞাও ৷ ফেচবুকত আমাৰ হাজাৰ হাজাৰ বন্ধু ৷ ম’বাইলৰ স্ক্ৰীনত ভাঁহি উঠাসকলৰ মাজৰ পৰা আমি বাছি লওঁ আমাৰ বন্ধুজনক ৷ কিন্তু সেই বন্ধুত্বৰ প্ৰস্তাৱত হৃদয় হৈ পৰে নিতান্তই গৌণ বিষয় আৰু মন গলেই আমি তেনেজনক আমাৰ বন্ধুৰ তালিকাৰ পৰা কৰ্তন কৰোঁ ৷ ইমানেই ঠুনুকা ছচিয়েল ছাইট সমূহৰ দ্বাৰা সৃষ্ট বন্ধুত্বৰ এনাজৰী ৷ অনুভৱী লেখিকা ৰত্না দত্তই মোক কৈছিল যে তেজৰ সম্বন্ধৰ মানুহবোৰতকৈও বন্ধুজন আমাৰ বেছি আপোন এই কাৰণেই যে পৃথিৱীখনত মনে বিচৰা ধৰণেৰে জীয়াই থাকিবলৈ আমি মানুহৰ মাজৰ পৰা নিজে বিচাৰি লওঁ আমাৰ মনৰে মিলা কোনোজনক । নিজে বিচাৰি লোৱাজনকো এৰোঁ বুলিয়েই এৰা নাযায় ।
কিন্তু ছ'চিয়েল ছাইটসমূহত যাক 'বন্ধু' বুলি কোৱা হৈছে , সেয়া যেন বন্ধুত্বৰ সম্পৰ্ক নহৈ হৈ পৰিছে সময় কটাবলৈ হাতত তুলি লোৱা কোনো খেলৰ সামগ্ৰীহে । তেওঁলোকক 'বন্ধু' বুলি অভিহিত কৰাক লৈ ক্ষোভ প্ৰকাশ কৰিছিল কবি-বন্ধু গুৱাহাটীৰ মৌচুমী ৰাজখোৱাই । প্ৰাসংগিক হৈ পৰে বিশ্ববিখ্যাত গ্ৰন্থ 'প্ৰফেট'ত খলিল জিব্ৰানে তোলা সেই প্ৰশ্ন - For what is your friend that you should seek him with hours to kill ? কেৱল সময় কটাবৰ বাবে বিচৰাজননো আামাৰ কি ধৰণৰ বন্ধু ?
আপুনি নিজকে কল্পনা কৰি ল'ব পাৰে মুহূৰ্তৰ বাবে স্কট্ৰ ঠাইত আৰু সন্ধান কৰিব পাৰে আপোনাৰ পৰিচিতসকলৰ মাজত বেৰীৰ দৰেই এক নিৰাপদ আশ্ৰয়ৰ । ৰণত পৰা মৃতপ্ৰায় সেই সৈনিকজনৰ স্থানত নিজকেই কল্পনা কৰি বাৰু আপুনি তাৰ সন্ধান পাইছেনে আপোনাৰ চৌপাশৰ মানুহৰ মাজত , যাৰ ওপৰত আপুনি বিশ্বাস স্থাপন কৰিব পাৰে হিয়াৰ সৰ্বস্বৰে ? যদিহে আপুনি তাৰ সন্ধান পায় , তেনে আপুনি এক অমূল্য সম্পদৰ গৰাকী যাক বিশ্বৰ সমৃদ্ধিশালী সম্ৰাটজনৰ বাবেও লাভ কৰাটো সম্ভৱ নহ'ব পাৰে । যদিহে তেনে কোনো মুখ আপোনাৰ দুচকুৰ আগত ভাঁহি উঠা নাই,তেতিয়া তেনে বন্ধুত্ব প্ৰপ্তিৰ বাবে নিজকে যোগ্য কৰি তোলাটোৱেই হোৱা উচিত আমাৰ জীৱনৰ অন্যতম এটি লক্ষ্য। কাৰণ ধন-সম্পদেৰে নহয়, মানুহৰ জীৱনৰ মূল্য নিৰ্ধাৰিত হয় বন্ধুৰেহে । কোনো চৰ্ত নাই যে সেই মুখনি আপোনাৰ দীৰ্ঘতম সময়ৰ সতীৰ্থজনৰে হ'ব লাগিব । সেই বন্ধুজনৰ সন্ধান আপুনি কৰিব পাৰে ফে'চবুক , টুইটাৰ বা হোৱাটছএপতো । যদিহে কাৰোবাৰ বাবে আপুনি এই ৰচনাতে উল্লেখ কৰা জ্যাকৰ দৰে বিশ্বাসৰ পাত্ৰ , তেনে আপুনি এই পৃথিৱীৰ বন্ধুত্বৰ সাগৰখনৰ এনে এটোপাল পানী , যাৰ অবিহনে সেই সাগৰো হৈ ৰয় অপূৰ্ণ । মনত ৰখা উচিত যে জে এম বেৰীৰ দৰে এজন বন্ধুক পাবলৈ আমিও নিজকে উত্তৰণ ঘটাব লাগিব কেপ্তেইন স্কট্ৰ পৰ্যায়লৈ ।
------------------
অৰ্ণৱ শইকীয়া
বিশিষ্ট লেখক ,
মৰঙি , গোলাঘাট
0 Comments