header ads

অসমীয়া কবিতা, তেজৰ পবিত্ৰতা সকলোৰে সমান, নয়ন মণি দাস, ৪ৰ্থ বছৰ ৩য় সংখ্যা

 তেজৰ পবিত্ৰতা সকলোৰে সমান




তেজৰ পবিত্ৰতা সকলোৰে সমান ,
ধাৰণ কৰোঁতাৰ মনৰ মলিৰ
যদিহে নহয় পয়োভৰ ।

কেঁচুৱাৰ পৱিত্ৰ মনটি
পূৰঠ হোৱালৈ
বিলাসীতাৰ হেঁচাত
চেপা খাই ,
কোনোক্ষণে অবাটেও যায় ।

পিঞ্জৰা বন্দী তনটিয়ে 
আহোপুৰষাৰ্থৰ ছাবি বিনে
নোৱাৰে আনিব
নিজক মোকলাই ।

তেজৰ পবিত্ৰতা সকলোৰে সমান
তেজৰ ৰঙো .. সকলোৰে সমান ।।



✍️ নয়ন মণি দাস
সহকাৰী শিক্ষক
১২৯৩ নং কাৰিগাঁও প্ৰাথমিক বিদ্যালয়
শিক্ষাখণ্ড - ছমৰীয়া

Post a Comment

0 Comments