header ads

সম্পাদকীয়, ৪ৰ্থ বছৰ ৩য় সংখ্যা,

 সম্পাদকীয়



       যুৱ উচ্ছৃঙ্খলতা , সামাজিক মাধ্যম আৰু  মূল্যবোধৰ শিক্ষাঃ 

      ব্যক্তিৰ সমষ্টিয়ে হৈছে সমাজ ৷ সমাজখনেই নীতি-আদৰ্শ , শ্ৰদ্ধা-ভক্তি , প্ৰেম-ভালপোৱাৰ এক সামূহিক স্থিতি য’ত ইটো সিটোৰ লগত শৃংখলিতহৈ থাকে ৷ শৃংখলাৰ সামান্য হীনডেঢ়িয়ে আনি দিব পাৰে এখন সমাজৰ অস্তিত্বৰ সংকট ৷ সেয়ে এখন শৃংখলাবদ্ধ আৰু সুন্দৰ সমাজৰ আশা তেতিয়াহে কৰিব পাৰি যেতিয়া সমাজৰ প্ৰতিজন ব্যক্তি শিক্ষিত হয় ৷ উপযুক্ত যথাৰ্থ শিক্ষাই ব্যক্তিক মানবীয় প্ৰমূল্যবোধ আৰু সামাজিক দায়বদ্ধতাৰে জীয়াই থাকিবলৈ উদ্গনি যোগায় ৷ অৰ্থাৎ শিক্ষাই হ’ল এখন সুস্থ সমাজৰ প্ৰাথমিক চৰ্ত ৷ কিন্তু সমাজৰ এই চৰ্ত পূৰণৰ ক্ষেত্ৰত আজিৰ শিক্ষা ব্যৱস্থা কিমান দূৰ সফল হৈছে সিও এক চিন্তনীয় বিষয় ৷ 

          আমি প্ৰায় প্ৰতিদিনেই ছাত্ৰসমাজ তথা যুৱপ্ৰজন্মৰ দ্বাৰা সংঘটিত অসংখ্য অনৈতিক আৰু অপৰাধজনিত ঘটনাৰ কথা সংবাদ মাধ্যমকে ধৰি অন্যান্য গণমাধ্যমসমূহৰ যোগেদি পাই থাকোঁ ৷ বৰ্তমান সময়ত আমাৰ সমাজ জীৱনত এচাম উচ্ছৃঙ্খল ছাত্ৰ তথা যুৱ প্ৰজন্মৰ দ্বাৰা সংঘটিত জ্যেষ্ঠজনৰ প্ৰতি অশোভনীয় আচৰণকে ধৰি হত্যা , অপহৰণ , ধৰ্ষণ , জালিয়াতি আদি অপৰাধজনিত কাৰ্যবোৰৰ খৱৰো আমি প্ৰায়েই পাওঁ ৷ এইবোৰ যেন প্ৰাত্যহিক ঘটনাত পৰিণত হৈছে আমাৰ বাবে ৷ এটা সময় আছিল যেতিয়া সমাজৰ অধিক সংখ্যক লোকেই এনেধৰণৰ অমানুষিক অপৰাধজনিত ঘটনাবোৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল ৷ কিন্তু সাম্প্ৰতিক সময়ত এনেধৰণৰ ঘটনাবোৰৰ ক্ৰমবৰ্দ্ধিত হাৰত সাধাৰণ জনতা নিৰুদ্বেগ আৰু প্ৰতিক্ৰিয়াহীন হৈ পৰিছে ৷ ব্যক্তিজীৱন আৰু সমাজজীৱনৰ প্ৰতি ভাবুকিস্বৰূপ হৈ পৰা স্বত্বেও সকলোৱে নিৰ্বিকাৰচিত্তে এনে ঘটনাবোৰ স্বাভাৱিক ঘটনা বুলি মানি ল’বলৈ লৈছে ৷ 
      দেখা যায় , ছাত্ৰ-ছাত্ৰীৰ নৈতিক স্খলন আৰু অধঃপতনৰ লগতে অপৰাধপ্ৰৱণ মানসিকতা সাম্প্ৰতিক সময়ৰ এক গভীৰ সামাজিক সমস্যা হৈ পৰিছে ৷ এই সমস্যাৰ সমাধানৰ বাবে চিন্তা কৰাটো বৰ্তমান সময়ত এক ডাঙৰ প্ৰত্যাহ্বানৰূপে দেখা দিছে ৷ ছাত্ৰ সমাজৰ এনেধৰণৰ নৈতিক স্খলন আৰু অপৰাধপ্ৰৱণ মানসিকতাৰ বিভিন্ন ধৰণৰ সামাজিক , অৰ্থনৈতিক অথবা মনোবৈজ্ঞানিক কাৰণ থাকিব পাৰে ৷ কিন্তু আজিৰ তাৰিখত ছাত্ৰ-ছাত্ৰীৰ নৈতিক অধঃপতন আৰু অপৰাধমূলক মানসিকতা গঢ় লৈ উঠাৰ বাবে আটাইতকৈ বেছি দায়ী নিচাযুক্ত দ্ৰব্যৰ অবাধ প্ৰচলন আৰু সামাজিক গণমাধ্যমসমূহৰ অপব্যৱহাৰৰ লগতে অভিভাৱকৰ বস্তুবাদী মানসিকতা ৷ বৰ্তমানৰ যুৱচামৰ অধিক সংখ্যকৰে মদ, ভাং , ড্ৰাগছ আদি নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্তি বাঢ়িছে ৷ এই আসক্তিয়ে এহাতে যেনেকৈ যুৱ সমাজক হিতাহিত জ্ঞানশূন্য কৰাইছে আনহাতে আকৌ ড্ৰাগছৰ নিচাত আসক্ত এচামে ড্ৰাগ্‌ছৰ অতি উচ্চ হাৰৰ মূল্যৰ সৈতে জোৰা মাৰিবলৈ তথাকথিত ইজি মানিৰ পিছত দৌৰিছে ৷ সহজলভ্য ধন ঘটাৰ প্ৰচেষ্টাত এইসকল ছাত্ৰ-ছাত্ৰীয়ে হত্যা , অপহৰণ , জালিয়াতি আদিৰ দৰে অপৰাধমূলক কাম-কাজতো লিপ্ত হৈছে ৷ 
     যুৱ সমাজৰ মাজত ক্ৰমান্বয়ে বৃদ্ধি পোৱা এই নৈতিকতাহীন আচৰণ তথা অপৰাধপ্ৰৱণতাৰ বাবে বৰ্তমান সময়ত সামাজিক গণমাধ্যমসমূহো বহুলাংশে দায়ী ৷ গণমাধ্যম বিশেষকৈ ফেচবুক , হোৱাটচ্এপ , ইনষ্টাগ্ৰাম , ইউটিউব আদিৰ জৰিয়তে নিয়ন্ত্ৰণহীনভাৱে ভাইৰেল হৈ পৰা একো একোটা খৱৰ বা ভিডিঅ’ই বহুসময়ত ছাত্ৰসমাজক বিপথে পৰিচালিত কৰা দেখা যায় ৷ এইবোৰৰ প্ৰভাৱত তেওঁলোক বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যৰ প্ৰতি আকৃষ্ট হয় ৷ বয়সৰ জোখাৰে আত্মনিয়ন্ত্ৰণৰ মনোবল নথকা বহু যুৱকে গণমাধ্যমসমূহত উপলব্ধ খৱৰ বা ভিডিঅ’ৰ অনুকৰণত হত্যা , ধৰ্ষণ , অপহৰণ , ডকাইতি আদিৰ নিচিনা অপৰাধমূলক কাৰ্যত প্ৰবৃত্ত হয় ৷ তাৰোপৰি অভিভাৱক- অভিভাৱিকা সকলৰ বস্তুবাদী মানসিকতাও বহুসময়ত ছাত্ৰ-ছাত্ৰীৰ নৈতিক অধঃপতনৰ বাবে দায়ী ৷ বহু অভিভাৱকে নিজৰ সন্তানক বিলাসবহুল জীৱন এটা উপহাৰ দিয়াৰ স্বাৰ্থতেই নিজেও বিভিন্ন ধৰণৰ দুৰ্নীতিৰ প্ৰশ্ৰয় লয় ৷ প্ৰাচুৰ্য্য আৰু বৈভৱৰ মাজত ডাঙৰ দীঘল হোৱা এইসকল ছাত্ৰ-ছাত্ৰীৰ মানসিকতাও সেয়ে বেছিভাগ ক্ষেত্ৰতে বস্তুবাদী হোৱাই দেখা যায় ৷ মৰম , চেনেহ , মানবীয়চিন্তা আদি ধাৰণাৰ পৰা এওঁলোক সুদূৰ পৰাহত ৷ 

       ছাত্ৰ , যুৱকসকলৰ মাজত বাঢ়ি অহা এনেধৰণৰ অপৰাধপ্ৰৱণতা তথা নৈতিক স্খলনৰ আন এটা উল্লেখযোগ্য কাৰণ হ’ল প্ৰচলিত শিক্ষাব্যৱস্থাত থকা আসোঁৱাহসমূহ ৷ বিশ্বায়নৰ প্ৰভাৱত প্ৰচলিত শিক্ষা ব্যৱস্থাটো তীব্ৰ প্ৰতিযোগিতামূলক দিশলৈ ধাৱমান হোৱাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো তীব্ৰ প্ৰতিযোগিতামূলক মনোভাৱে গা কৰি উঠিছে ৷ প্ৰতিযোগিতাত তিষ্ঠি থকাৰ খাতিৰতেই ছাত্ৰ- ছাত্ৰীৰ মনত বস্তুবাদী মানসিকতাই গঢ় লৈ উঠিছে ৷ আজিৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰকৃত জ্ঞান আহৰণৰ পৰিবৰ্তে সংখ্যাগত নম্বৰ আহৰণৰ লক্ষ্যৰেহে অধ্যয়ন কৰা দেখা যায় বেছিভাগ ক্ষেত্ৰত ৷ নম্বৰ আহৰণৰ এই দৌৰত এহাতে কিছু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ন্যায় আৰু নৈতিকতা কি বস্তু পাহৰি গৈছে , আনহাতে আকৌ আন এচামে মানসিকভাৱে হতাশাগ্ৰস্ত হৈ মদ , ভাং , ড্ৰাগছ আদি নিচাযুক্ত দ্ৰব্যৰ আশ্ৰয় লৈছে ৷ ফলত শিক্ষাৰ ঘাই উদ্দেশ্যৰ পৰা এইসকল ছাত্ৰ-ছাত্ৰী ক্ৰমান্বয়ে বিচ্ছিন্ন হৈ পৰিছে ৷ 
          ছাত্ৰ সমাজত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা এনে অপৰাধপ্ৰৱণ মানসিকতা তথা নৈতিক স্খলনৰ কাৰণ যিয়েই নহওক , ইয়াৰ এটা সমাধানসূত্ৰ উলিওৱাটোৱেই হৈছে বৰ্তমান সময়ৰ শৈক্ষিক তথা সমাজ ব্যৱস্থাৰ আটাইতকৈ বেছি প্ৰাসংগিক বিষয় ৷ যুৱ প্ৰজন্মৰ  নৈতিক স্খলন আৰু মানবীয় প্ৰমূল্যবোধৰ এই অৱক্ষয় ৰোধ কৰাৰ ক্ষেত্ৰত পিতৃমাতৃ , অভিভাৱক আৰু শিক্ষকসকল সচেষ্ট হ’ব লাগিব ৷ তেওঁলোকে ছাত্ৰ-ছাত্ৰীক বিজ্ঞান , প্ৰযুক্তিবিদ্যা ,ৰাজনীতি, সাহিত্য আদি বিষয়ৰ শিক্ষা দিয়াৰ সমান্তৰালকৈ ছাত্ৰ-ছাত্ৰীৰ মানবীয় গুণবোৰ বিকশাই তুলিব পৰা শিক্ষাও ছাত্ৰ-ছাত্ৰীক সৰুৰে পৰা দিয়া উচিত ৷ সঁচা অৰ্থত মানুহ হ’বলৈ হ’লে ছাত্ৰ-ছাত্ৰীৰ মনত সৰুৰে পৰা মানবীয় প্ৰমূল্যবোধৰ ভাৱ জগাই তুলিবলৈ চেষ্টা কৰা উচিত ৷ কোৱা হয় ঘৰখনেই শিশুৰ শিক্ষাৰ কঠিয়াতলী ৷ যিহেতু কেচুৱা অৱস্থাৰ পৰাই সন্তানে পিতৃ-মাতৃৰ লগত গভীৰভাৱে একাত্ম আৰু সংপৃক্ত হৈ থাকে সেয়ে ভাল-বেয়া , উচিত- অনুচিত , ন্যায়-অন্যায় আদি ধাৰণাৰ বিষয়ে শিশুৱে প্ৰাথমিক জ্ঞান আয়ত্ত কৰে পিতৃ-মাতৃ তথা ঘৰখনৰ পৰা ৷ পিতৃ-মাতৃ আৰু পৰিয়ালৰ আন ব্যক্তিসকলৰ আচাৰ আচৰণবোৰ শিশুৱে অনুসৰণ আৰু অনুকৰণ কৰি ভাল পায় ৷ প্ৰত্যেক সন্তানৰ প্ৰথম আদৰ্শ ব্যক্তিগৰাকী হয় পিতৃ বা মাতৃ । সেয়ে পিতৃ-মাতৃৰ স্বভাৱ চৰিত্ৰ আৰু নৈতকতাবোধৰ অনুশীলনে সন্তানৰ চৰিত্ৰ গঠনত এক বৃহৎ প্ৰভাৱ পেলায় ৷ ব্যৱহাৰিক জীৱনত পিতৃ-মাতৃ অথবা অভিভাৱকে কৰা ভাল কামবোৰৰ পৰা সন্তানে ভাল শিক্ষা আৰু বেয়া কামবোৰৰ পৰা বেয়া শিক্ষা লয় ৷ সৎ আচৰণ আৰু ন্যায়বিচাৰৰ শিক্ষাও ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম ঘৰখনৰ পৰাই আৰম্ভ কৰে ৷ সেয়ে অভিভাৱকসকল এইক্ষেত্ৰত সচেতন হোৱা উচিত যাতে তেওঁলোকৰ কোনোধৰণৰ অন্যায় বা বিসংগতিপূৰ্ণ আচৰণ সন্তানে অনুকৰণ কৰিবলৈ সুবিধা নাপায় ৷ ব্যক্তিগত আৰু ব্যৱহাৰিক জীৱনত পিতৃ-মাতৃ তথা পৰিয়ালৰ আন সদস্যসকলে মানি চলা নৈতিকতাবোধ সন্তানৰ বাবে এক মহৎ শিক্ষা ৷

           প্ৰচলিত আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত নীতিশিক্ষামূলক পাঠৰ অন্তৰ্ভুক্তিকৰণৰ জৰিয়তেও ছাত্ৰছাত্ৰীৰ মানবীয় গুণবোৰ বিকশাই তোলাৰ কথা ভাবিব পাৰি ৷ বিশেষকৈ প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰমত মাতৃভাষা মাধ্যমত পৌৰাণিক আখ্যান , সাধুকথা , ডাকৰ বচন , আধ্যাত্মিক দৰ্শন সম্বন্ধীয় পাঠৰ অন্তৰ্ভুক্তিকৰণৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মনত নৈতিকতা তথা মানৱীয় প্ৰমূল্যবোধৰ ভাৱ জগাই তোলাৰ প্ৰয়াস কৰিব পাৰি ৷ আনুষ্ঠানিক শিক্ষাত নীতিশিক্ষাৰ অন্তৰ্ভুক্তিৰ ওপৰত জোৰ দি বিখ্যাত দাৰ্শনিক তথা বিজ্ঞানী বেঞ্জামিন ফ্ৰেংকলিনেও কৈছে , " Nothing is of more impotence for the public weal, than to form and train up the youth in wisdom and virtue. ষাঠিৰ দশকত কোঠাৰী আয়োগৰ প্ৰতিবেদনতো উল্লেখ কৰা হৈছিল " Knowledge with a lack of essential values may be dangerous .জ্ঞান আৰু মূল্যবোধবিহীন শিক্ষাৰ অপকাৰী দিশটোৰ কথাই প্ৰধানত ক’ব বিচৰা হৈছিল কোঠাৰী আয়োগৰ উক্ত প্ৰতিবেদনত ৷ 
     বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ অভাৱনীয় উন্নতিয়ে আজিৰ পৃথিৱীখনক এক ক্ষুদ্ৰকায় গাঁৱলৈ পৰ্যবসিত কৰিছে ৷ তথ্য আহৰণ আৰু জ্ঞানৰ বিস্ফোৰণৰ বৰ্তমানৰ এই তীব্ৰ প্ৰতিযোগিতাৰ যুগত ছাত্ৰ-ছাত্ৰীয়ে যিকোনো প্ৰতিযোগিতামূলক বৃত্তিত আন্তৰ্জাতিকভাৱে ফেৰ মাৰিব পৰাকৈ বিজ্ঞান , প্ৰযুক্তিবিদ্যা , অৰ্থনীতি , ৰাজনীতি আদিৰ শিক্ষাৰে তাত্বিকভাৱে উচ্চশিক্ষিত হোৱাৰ বহুতো সুযোগ পাইছে ৷ কিন্তু বাস্তৱ জীৱনত প্ৰকৃত মানুহ হোৱাৰ ব্যৱহাৰিক শিক্ষা লাভৰ পৰা তেওঁলোক যেন কোনোবাখিনিত বঞ্চিত হৈছে যাৰ কাৰণে আজিৰ সমাজত শিক্ষিত অথচ বিকৃত ৰুচিপূৰ্ণ ব্যক্তিৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে ৷ সেয়েহে বৰ্তমান সময়ত ছাত্ৰ-ছাত্ৰীক অত্যাধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰিক শিক্ষা দিয়াৰ সমান্তৰালভাৱে বিদ্যালয়ৰ পাঠ্যক্ৰমত নীতিশিক্ষা তথা চৰিত্ৰ গঠন সম্পৰ্কীয় পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তিকৰণৰ ওপৰতো সমানেই গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আহি পৰিছে ৷ বিখ্যাত চিন্তাবিদ মাৰ্টিন লুথাৰ কিঙেও কৈ গৈছে ," intelligence plus character -- that is the goal of education." -- কেৱল বুদ্ধিৰ বিকাশ ঘটোৱাই শিক্ষাৰ লক্ষ্য হ’ব নালাগে ৷ বুদ্ধিবৃত্তিৰ বিকাশৰ লগতে ছাত্ৰ-ছাত্ৰীৰ নৈতিক চৰিত্ৰ গঠনো শিক্ষাৰ লক্ষ্য হোৱা উচিত ৷ নীতিশিক্ষা আৰু আধ্যাত্মিক দৰ্শনৰ পাঠে ছাত্ৰছাত্ৰীৰ বৌদ্ধিক আৰু মানসিক সুস্থতা বৃদ্ধি কৰে ৷ ছাত্ৰ-ছাত্ৰীৰ মনত পাৰিবাৰিক আৰু সামাজিক দায়বদ্ধতাৰ মনোভাৱ বৃদ্ধি কৰে , মানসিক দৃঢ়তা বঢ়ায় ৷ ফলত তেওঁলোকে শৈক্ষিক দিশতো উন্নত ফলাফল দেখুৱাবলৈ সক্ষম হোৱাৰ লগতে যিকোনো সমস্যা সমাধানত সাময়িক আবেগৰ পৰিবৰ্তে যুক্তিৰে বিচাৰ কৰাৰ মানসিক শক্তি আহৰণ কৰে ৷ সেয়েহে বৰ্তমানৰ যুৱপ্ৰজন্ম তথা শিক্ষাক্ষেত্ৰত দেখা দিয়া ছাত্ৰ উচ্ছৃঙ্খলতাৰ এই জটিল সন্ধিক্ষণত দেশৰ যুৱপ্ৰজন্মৰ এক সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থতেই আমি সকলো পিতৃ মাতৃ .
 অভিভাৱক , শিক্ষক- শিক্ষয়িত্ৰী তথা জেষ্ঠসকলে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক তথা ব্যৱহাৰিক জীৱনত পাঠ্যক্ৰমৰ শিক্ষাৰ লগতে  নৈতিকতা আৰু মানবীয় প্ৰমূল্যবোধৰ শিক্ষাৰে সন্তান বা ছাত্ৰ-ছাত্ৰীৰ চৰিত্ৰ গঠনৰ ওপৰতো সমানেই গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আহি পৰিছে ৷ এয়া আমাৰ বাবে সময়ৰ দাবী ৷ এই ক্ষেত্ৰত অৱশ্যে আমাৰ ব্যক্তিগত জীৱনৰ সংযমো অত্যাৱশ্যকীয় ৷ শেষত এটা কথা আমি সকলোৱে সদায় মনত ৰখা উচিত যে বিজ্ঞান -প্ৰযুক্তিবিদ্যাত অতি বেছি আগবঢ়া ব্যক্তি, সমাজ বা জাতি এটাক সুসভ্য আৰু শৃংখলিত কৰি ৰাখে কেৱল নৈতিকতা আৰু মূল্যবোধৰ অনুশীলনেহে ৷

   শৈক্ষিক গোট জ্ঞানমৰ উদ্যোগত সকলো বিদ্যানুৰাগী ব্যক্তিৰ বাবে শৈক্ষিক আৰু মানসিক উৎকৰ্ষ সাধনৰ মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰা ‘জ্ঞানম’ আংকিক আলোচনীখনে সফলতাৰ তিনিটা বৰ্ষ অতিক্ৰমি চতুৰ্থ বৰ্ষত ভৰি থৈছেহি ৷  ‘জ্ঞানম’ৰ চতুৰ্থ বৰ্ষটোৰ বাবে সম্পাদনাৰ দৰে গুৰুদায়িত্বৰ বাবে আমাৰ দৰে তেনেই সীমিত জ্ঞান-বুদ্ধিৰ ব্যক্তি এগৰাকীক উপযুক্ত বিবেচনা কৰা বাবে গৌৰৱবোধ কৰিছোঁ ৷ নিজৰ সীমিত জ্ঞান আৰু অভিজ্ঞতাৰে যথাসম্ভৱ মননশীল লেখা প্ৰকাশৰ ওপৰত গুৰুত্ব দি আলোচনীখন সৰ্বাংগসুন্দৰ কৰি তোলাৰ প্ৰয়াস কৰা হৈছে ৷ আমাৰ এই প্ৰয়াসত কিমানদূৰ সফল হ’ব পাৰিছোঁ তাৰ বিচাৰৰ ভাৰ পাঠক সমাজৰ হাতত অৰ্পণ কৰিলোঁ ৷ 

     শেষত ‘জ্ঞানম’ৰ এই সংখ্যাটোত ভিন্ন বিষয়ৰ লেখা প্ৰদান কৰি আলোচনীখনৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ ক্ষেত্ৰত বিশেষ বৰঙনি আগবঢ়োৱা সন্মানীয় লেখক-লেখিকাসকল আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক আমাৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ ৷ সেইদৰে আলোচনীখন প্ৰকাশৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ দিহা-পৰামৰ্শৰে সকলো সময়তে উৎসাহিত কৰা ‘জ্ঞানম’ৰ মুখ্য উপদেষ্টা অপূৰ্ব ঠাকুৰীয়া ছাৰ , তত্বাৱধায়ক ফুলপাহি নাথ বাইদেউ , উপদেষ্টাদ্বয় ড°গণেশ্বৰ চহৰীয়া ছাৰ আৰু ৰজত চন্দ্ৰ ভৰালী ছাৰকো অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ ৷ আনহাতে , আলোচনীখনত প্ৰকাশিত লেখাবোৰৰ সম্পাদনা , অলংকৰণকে ধৰি প্ৰয়োজনীয় তথ্যৰ যোগান ধৰা আৰু বিভিন্ন ধৰণৰ দিহা-পৰামৰ্শ দি সকলো সময়তে সহযোগ কৰি অহা জ্ঞানম শৈক্ষিক গোটৰ সকলো সন্মানীয় সদস্য তথা গোটটোৰ লগত বিভিন্ন প্ৰকাৰে জড়িত সকলো সন্মানীয় ব্যক্তিকে আমাৰ সম্পাদনা সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ ৷

        সদৌ শেষত আলোচনীখন প্ৰকাশৰ ক্ষেত্ৰত ৰৈ যোৱা ভুল-ত্ৰুটিবোৰৰ বাবে মাৰ্জনা বিচাৰিছোঁ ৷ অনাগত দিনবোৰত ‘জ্ঞানম’ হৈ উঠক সকলো অসমীয়াৰ বাবে প্ৰজ্ঞাৰ সাধনাৰ ক্ষেত্ৰ ৷ তাকেই কামনা কৰিলোঁ জ্ঞানমৰ চতুৰ্থ বছৰ , তৃতীয় সংখ্যাটি উন্মোচনৰ এই শুভ মুহূৰ্তত ৷



            শ্ৰদ্ধাৰে --------


            নিৰলা ডেকা 
            সম্পাদক , জ্ঞানম ই-আলোচনী

Post a Comment

0 Comments