header ads

সাক্ষাৎকাৰ, ৪ৰ্থ বছৰ ৩য় সংখ্যা,

 


        মহেন্দ্ৰ হাজৰিকা ! এইগৰাকী জনতাৰ শিল্পীৰ কণ্ঠেৰে নিগৰি অহা সুললিত গীতসমূহ নুশুনা ব্যক্তি হয়তো খুব কমেই ওলাব ৷ যোৱা প্ৰায় চাৰিটা দশকজুৰি ভূপেন্দ্ৰ সংগীতৰ ধাৰাক নিজৰ স্বকীয় আৰু বলিষ্ঠ কণ্ঠেৰে নৱ প্ৰজন্মৰ মাজত প্ৰতিষ্ঠা কৰি জনপ্ৰিয় কৰিবলৈ অহোপুৰুষাৰ্থ কৰি অহাৰ লগতে বিপ্লৱী চেতনাৰে উদ্বুদ্ধ নিজৰ কণ্ঠ আৰু সৃষ্টিৰাজিৰে স্বদেশ-স্বজাতিৰ উন্নতিৰ হকে অসম আৰু অসমীয়াক অনুপ্ৰাণিত কৰি অহা এইগৰাকী স্বনামধন্য গীতিকাৰ , সংগীতকাৰ তথা গায়ক , আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত মহেন্দ্ৰ হাজৰিকাদেৱক সৌ সিদিনা হঠাৎ লগ পোৱাৰ সৌভাগ্য হৈছিল এক প্ৰাকৃতিক মনোমোহা পৰিৱেশৰ মাজত ৷ ভবা নাছিলোঁ মইয়ে উক্ত স্থানলৈ তেখেতক বাট দেখুৱাই নিব লাগিব বুলি ৷ সেইদিনা তেখেতৰ সৈতে একেলগে বহি আহাৰ গ্ৰহণো কৰিলোঁ ৷ তেখেতৰ সৈতে আমাৰ আন্তৰিকতাপূৰ্ণ কথোপকথনৰ মাজতেই শৈক্ষিক গোট জ্ঞানম , কামৰূপৰ দ্বাৰা প্ৰকাশিত জ্ঞানম ই -আলোচনীৰ বিষয়ে তেখেতক ক’লোঁ আৰু আগন্তুক সংখ্যাৰ বাবে তেখেতৰ সাক্ষাৎকাৰ এটি লোৱাৰ ইচ্ছা প্ৰকাশ কৰিলোঁ ৷ তেখেতে একেষাৰেই সন্মতি দিয়াত নিম্নলিখিত প্ৰশ্নসমূহ যুগুতাই তেখেতৰ সুবিধা অনুযায়ী সাক্ষাৎকাৰ লোৱাৰ বাবে আমি তেখেতৰ বাসগৃহত উপস্থিত হ’লোগৈ ৷ তলত আমাৰ প্ৰশ্ন আৰু তেখেতৰ উত্তৰৰ সম্পাদিত ৰূপ জ্ঞানমৰ সহৃদয় পাঠকসমাজলৈ বুলি আগবঢ়োৱা হ’ল ৷



 (১) জ্ঞানমৰ প্ৰশ্নঃ   অসমৰ সংগীত জগতত আপুনি এক বিশেষ স্থান লাভ কৰিছে । মহেন্দ্ৰ হাজৰিকা হিচাপে আপুনি সুখীনে ?

হাজৰিকাদেৱ : এক বিশেষ ব্যতিক্ৰমী ধনাত্মক সৃষ্টিশীল চেতনা ও সাধনাৰ অনুগ্ৰহেৰে সৰুৰে পৰাই মই অশেষ কষ্ট কৰি বাটকুৰি বাইছোঁ ৷ ঈশ্বৰে মোক যেনেকৈয়েই , যেতিয়াই , য’তেই যি স্থিতিৰে যি মনোকামনাৰে ৰাখি আহিছে , আজি অতদিনে মহেন্দ্ৰ হাজৰিকা হিচাপে মই তাতেই অত্যন্ত সুখী ৷ 

 (২) জ্ঞানমৰ প্ৰশ্নঃ     বৰেণ্য শিল্পী ড: ভূপেন হাজৰিকাৰ গীতৰ কথাৰ যিদৰে এক বিশেষ অৰ্থ ঠিক আপোনাৰ গীতবোৰ সুকীয়া । আপোনাৰলা প্ৰেৰণা ?

হাজৰিকাদেৱঃ বৈষ্ণৱ মহাপুৰুষ শ্ৰীগুৰু শঙ্কৰ আৰু শ্ৰীগুৰু মাধৱদেউ মোৰ পৰম পূজনীয় আৰু চিৰ নমস্য ৷ বিষ্ণুৰাভা , জ্যোতিপ্ৰসাদ আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ দৰে মহান পুৰোধা মহাপুৰুষ সৱৰ চিন্তা , পণ , আদৰ্শ আৰু চেতনাৰে অনুপ্ৰাণিত মই ৷ দেশ , জাতি আৰু মাটিৰ অতীতৰ যুগীয়া সুৰীয়া সম্ভ্ৰান্ত সমলৰ প্ৰতিটো ভাৱ , অনুভৱ , অনুভূতিয়েই মোৰ প্ৰেৰণা ৷

(৩) জ্ঞানমৰ প্ৰশ্নঃ  বৰ্তমান অসমীয়া সংগীতৰ ধাৰা কোনদিশে ধাৱমান হোৱা বুলি ভাৱে ? 

হাজৰিকাদেৱ : জাতীয় কৃষ্টি সংস্কৃতিৰ বাপটি সাহোনবোৰত এতিয়া বিমৰ্ষ বেদনাৰ হলিগলি ৷ 
 
 (৪) জ্ঞানমৰ প্ৰশ্নঃ  সস্তীয়া আৰু অস্থায়ী জনপ্ৰিয়তাৰ বাবে সৃষ্টি হোৱা গীত সমূহৰ বিষয়ে আপোনাৰ মন্তব্য কি ?

হাজৰিকাদেৱঃ বাঢ়নি পানীত উটি অহা সংস্কৃতিৰ বিহ মেটেকাবোৰ বা এই সস্তীয়া অস্থায়ী আৱৰ্জনাসদৃশবোৰক জাতিৰ চেতনাৰ ভৱিষ্যতে পখালি পখালি এদিন সময় বলুকাৰ তলত পচাবই ৷ 

(৫) জ্ঞানমৰ প্ৰশ্ন :  গীত এটি গাবলৈ নিৰ্বাচন কৰাৰ ক্ষেত্ৰত নৱ প্ৰজন্মক আপুনি কি পৰামৰ্শ দিব বিচাৰিব ?

হাজৰিকাদেৱ : নতুন সৃষ্টিৰ বাবে ভৱিষ্যত প্ৰজন্মই সুন্দৰ সুন্দৰ বিষয় বাচনি কৰি সাহিত্যৰ অনুৰাগেৰে আগবাঢ়ক ৷

(৬) জ্ঞানমৰ প্ৰশ্নঃ আপোনাৰ গীতত জাতিৰ প্ৰতি থকা মৰম স্নেহ প্ৰতিফলিত হোৱা দেখা যায় ৷ এইয়া কিহৰ বাবে সম্ভৱ হোৱা বুলি ভাবে ?

হাজৰিকাদেৱঃ নিজক বৰ বেছিকৈ ভাল পাওঁ কাৰণেই অইনৰ ভালকো বৰ বেছিকে ভাল পাওঁ ৷ ব্যক্তিকেন্দ্ৰিক মানসিকতা সৰুৰে পৰাই নাই বাবেই মোৰ মন , চিন্তা , চেতনা ইত্যাদি সদায় সামাজিক আৰু সামূহিক ৷ আচলতে সকলো দিশৰ সচেতনতাইহে এইখিনি সম্ভৱ কৰি তুলিছে মোৰ বাবে ৷ 

(৭) জ্ঞানমৰ প্ৰশ্নঃ গীত-মাতে ছাত্ৰ-ছাত্ৰী সকলক কেনেধৰণে সহায় কৰে বুলি আপুনি ভাৱে ?

হাজৰিকাদেৱঃ গীত-মাতে জীৱন শিকায় , গীত-মাতেই সংস্কাৰৰ বৰভেটি নিৰ্মাণ কৰোৱায় ৷ নহ’লেনো ছাত্ৰ-ছাত্ৰীসকলক অংকুৰ শ্ৰেণীৰ পৰাই শব্দত সুৰ লগাই শ্ৰেণীকোঠাত সামূহিক মন্ত্ৰেৰে বিভিন্ন বিষয়ৰ পদ্য (Rhymes) আদিৰে জীৱন আৰু শিক্ষাৰ আদিপাঠ শিকায়নে ! সাৱলীল , সুন্দৰ গীত-সংগীতৰ প্ৰেৰণাৰে সমাজ আগবাঢ়ে নিৰ্মল পথেৰে ৷ 

(৮) জ্ঞানমৰ প্ৰশ্নঃ ছাত্ৰ-ছাত্ৰী সকলক সুনাগৰিক হিচাপে গঢ়ি তোলাত সংগীতৰ ভূমিকা আছেনে ?

হাজৰিকাদেৱঃ ছাত্ৰ-ছাত্ৰীসকলক সুনাগৰিক হিচাপে গঢ়ি তোলাত সংগীতৰ ভূমিকা অসীম ৷ সংগীত , সংস্কৃতি আৰু ক্ৰীড়াৰ গুৰুত্বপূৰ্ণ ভূমিকাইহে ছাত্ৰ-ছাত্ৰীক বিশ্বমানৰ ঠিকনা দি তেওঁলোকৰ জীৱন গঢ়ি সততা শিকায় , উজ্জ্বল ভৱিষ্যতৰ অত্যধিক প্ৰেৰণাৰে জীৱনক মাত্ৰা দি যায় ৷


সাক্ষাৎকাৰ গ্ৰহণকাৰী
গিৰিন দাস
মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক
কৰৰা শিক্ষাখণ্ড

Post a Comment

0 Comments