header ads

বিশেষ লেখা, মন-ছিঙা সুহুৰি, ড° শিৰোমণি ভূঞা, ৪ৰ্থ বছৰ ৩য় সংখ্যা

 মন-ছিঙা সুহুৰি






              মন-ছিঙা সুহুৰি – শীৰ্ষক এই কথাখিনি মইনাজান বোলছবিৰ এটি বিহুগীতত আছে ৷  ‘বা লাগি বাজিছে ঐ মন ছিঙা সুহুৰি’ বুলি গোৱা সেই বিহুগীতৰ কথাংশই বৰকৈ আকৰ্ষণ কৰে ৷ এইখিনিতে এটা ব্যক্তিগত কথা ক’ব খুজিছোঁ । আমাৰ কলেজীয়া দিনৰ এগৰাকী শিক্ষাগুৰু আছিল ড° তপন ভূঞা ছাৰ , পদাৰ্থ বিজ্ঞানৰ অধ্যাপক ৷ ছাৰ পৰৱৰ্তী সময়ত অধ্যক্ষ হৈছিল ৷ তেখেতে শ্ৰেণীকোঠাত উগুল থুগুল মনৰ ছাত্ৰ ছাত্ৰীহঁতক জ্ঞান দি কৈছিল , “এইযে বিহু নামৰ অংশখিনি আছে – বহো তাঁতৰ পাটত চকু আলিবাটত , মাকো সৰি সৰি পৰে । বোপাইহঁত তোমালোকে এতিয়া ক্লাছত মন-কাণ দিয়া নাই । এনেকৈ থাকিলে বিহুফাকি কিন্তু ওলোটা হৈ পৰিব , তেতিয়া হ’বগৈ - বহো তাঁতৰ পাতত , মাকো আলিবাটত , চকু সৰি সৰি পৰে । গতিকে চকু সৰি নপৰাৰ আগতেই মনবোৰ ধীৰ-স্থিৰ  কৰা তোমালোকে ।” ধেমালিৰ চলেৰে কিমান যে ডাঙৰ কথা এষাৰ কৈছিল ছাৰে । তেখেতে কোৱা সেই কথাষাৰ এতিয়াও মনত পৰি থাকে ৷ আচলতে বহাগ বিহুৰ সময়তো এনেকুৱা উগুল -থুগুল কিবা এটা চেং-চেঙনিয়ে আহি বহুতৰে মনত বাহ পাতে । কিন্তু তাৰ পাছতো বৰদৈচিলা বতাহজাকে কোবাই থৈ যোৱা তীব্ৰতাৰ মাজতো জাতিটো থিয় হৈ থাকে । তপন ভূঞা ছাৰে কোৱাৰ দৰে চকু সৰি নপৰোতেই জাতিটো সজাগ হৈ উঠে । বিহুৰ আত্মিক আবেদনে আচলতে আমাক এটা নতুন গতিশীলতাহে প্ৰদান কৰে । মনত হিল্লোল তোলা কিবা এটা যেন এই বিহুত সদায় আছে । বিহুৰ এই বসন্ত সময় সচাই অনন্য । এই সময় , এই ঋতুৱে যেন তাৰেই সুহুৰি মাৰি আমাৰ মন উতলা কৰি তোলে । তাৰেই যেন প্ৰতিধ্বনি সেই গীতৰ কলি – মন ছিঙা সুহুৰি । কাৰোবাৰ বাবে এয়া হয় গছকত ভাঙি যাওঁ যতৰ - শীৰ্ষক বিহুনামটোৰ দৰে । কাৰোবাৰ বাবে হয় আকৌ তলৰ এই বিহুমূলীয়া কথাখিনিৰ দৰে – এইবেলি আহুধান পানীয়ে মাৰিলে/ অহা বেলি আহুধান পাম/ মহৰ শিঙাৰ পেপাটি বনকিয়াই আনগৈ/ তোমাৰ শপত বিহুলৈ যাম । - মানে ভাবি চাওকচোন বিহু এৰাৰ কথা কাৰো মুখত নাই । দুখ আছে , অপ্ৰাপ্তি আছে , তথাপি বিহুৱে সকলো মচে । বহুতে কয় বিহুৰ সেই পুৰাতন অনুভৱ হেৰাই গৈছে । পৰিৱেশ সলনি হৈছে । সলনি হৈছে গাঁও , সলনি হৈছে প্ৰকৃতি , সলনি হৈছে কৃষি পৰম্পৰা ইত্যাদি ৷ তথাপি অসমীয়াৰ মনৰ পৰা বিহুৰ মন উছাতন কৰা সেই জীপাল অনুভৱ নাইকিয়া হৈছে জানো ! আচলতে জীৱন জীৱিকাৰ সংগ্ৰামবোৰ বাঢ়ি আহিছে । তেনে চাকনৈয়াত মুকলি মনৰ অনুভৱবোৰ ৰূপ সলাই আছে যেন লাগে , সেয়া সঁচা । কিন্তু ঘূৰি ঘূৰি গৈ দেখা যায় , অন্তৰেৰে অসমৰ বিহু সত্ত্বাটোৰে সংপৃক্ত কোনো পৰিয়ালৰ উত্তৰ প্ৰজন্মই কিন্তু বিহু এৰা নাই । বিহু অধিক কাষ চাপি আহিছে , অৱশ্যে ৰূপ সলোৱা কথাবোৰ আংশিকভাবে সত্য । ৰঙালী বিহুৰ হুচৰি , পদ , ঘোষা , যোজনা , বিহুনাম , জনপ্ৰিয় মাধ্যমযোগে বিস্তাৰিত বিভিন্ন বিহুগীতসমূহ – সকলোতে অনেক বতৰা আছে ৷ মন-ছিঙা সুহুৰিৰ পৰা কেতেকীৰ হিয়া ভঙা কান্দোনলৈকে সকলোখিনি বিহুৰ পৰিৱেশন আৰু গীতি কথাবোৰত ভৰি আছে । বিহুৱে যেন তুলি ধৰে অসমীয়া মানুহৰ অনুভৱবোৰৰ সময়ৰূপী টিক টিক শব্দত সলনি হোৱা এখিলা এখিলা পাত । এই ৰচনাৰ জৰিয়তে তেনে কিছুমান গীতৰ আংগিক কথাৰেই ইটো সিটো তুলি ধৰিবলৈ চেষ্টা কৰা হৈছে ।
বিহুনাম আৰু গীতসমূহৰ প্ৰসংগৰ অতি শুদ্ধ ব্যাখ্যা দিয়াটো এই কাৰণেই টান যে সৰহ সংখ্যক গীত মাত মুখে-মুখে বাগৰি আহিছে , কথা সলনি হৈছে , প্ৰসংগৰ উল্লেখ ক’তো তেনেকৈ লিপিবদ্ধ হৈ থকা নাই ৷ তথাপি গীত-মাতবোৰৰ কথাৰ তাৎপৰ্য যদি মন কৰা যায় , তেতিয়া কিছু ধাৰণা কৰিব পৰা যায় ৷ যেনে-- দিখৌত গুমেগুমাই কোম্পানীৰ জাহাজখন , ঢেকীৰ গুমেগুমাই থোৰা – শীৰ্ষক কথাখিনিত যেন ঔপনিৱেশিক সময়ৰ নদী পৰিৱহনৰ এক সংকেত বহন কৰিছে । আকৌ কিছুমান গীতৰ কথাত অসমৰ পৰম্পৰাগত বয়ন প্ৰণালী , কৃষি বৈচিত্ৰ , জনজীৱন , অনুভৱ আদিবোৰৰ প্ৰতিফলন দেখা পোৱা যায় । উদাহৰণস্বৰপে
‘তাতে দেখিলো এতেকে চিনিলো/ মোৰ ধনৰ এযুৰি ভৰি/ শালেকটা চুৰিয়া , গুণাকটা পাগুৰি/ আহেনো তিৰবিৰ কৰি’
প্ৰেম মিশ্ৰিত অনুভৱবোৰতো সকলো গীতে-মাতে ভৰি আছে ৷ যেনে-- ৰৈনো ৰৈ বিনালে,বনৰে কেতেকী , ৰৈনো ৰৈ বিনালে ঐ কুলি/ নৈৰে ঘাটতে কোনে সুৰ জুৰিলে/ ঐ চেনাই চেনেহৰে বুলি । ক’ৰবাত আছে সেই আহোমৰ দিনৰ স্বৰ্গদেউৰ ঐতিহ্য সনা বিহুৰ কথা । যোজনাত ৰাইজে গায় – স্বৰ্গদেউ ওলালে , বাটচৰাৰ মুখলৈ , দোলীয়াই পাতিলে দোলা , কাণত জিলিকিলে নৰা জাংফাই অ , গাতে গোমচেঙৰ চোলা । বিহুৰ গীত-মাতত ঐতিহ্যৰ গুণগান আছে , ভক্তিতত্ত্বৰ বিভিন্ন ধাৰা প্ৰৱাহৰ সুৰ বিহুৰ মাজত প্ৰৱাহমান ৷ বৈষ্ণৱী পৰম্পৰা , শাক্ত পৰম্পৰা আদি অনেক ধাৰাৰ উল্লিখন এই গীত-মাতবোৰত আছে । হুচৰি গাওতেই আমাৰ বিহু আৰম্ভ হয় ভক্তিময় এটি পদেৰে । নাইবা ঐতিহ্যময় এটি পদৰ লগত ঘোষাফাঁকিত আকৌ ভক্তিধাৰা মিশ্ৰিত হয় ৷ বিহুৰ গীত-মাতত কিমান যে কথাৰ প্ৰতিফলন আছে । এইবোৰ জোকাৰি পোকাৰি চোৱাটো বৰ দৰকাৰ । ধৰা হ’ল- আমি বিহু জোৰো এই পদ ফাকিৰে -- হুচৰি এ চ’ত, আমি বিহু মাৰো য’ত , দুবৰিও নগজে ত’ত । বিহুৰ উদ্দীপনা , শক্তি সঞ্চাৰৰ আভাস থকা এই পদ ফাঁকিৰ লগত আকৌ আমি বিভিন্ন ভক্তিপূৰ্ণ ঘোষা জুৰি লওঁ ৷ যেনে -- নামঘোষাৰ পৰা ‘মই দুৰাচাৰ , কেৱলে তোমাৰ’ , কেতিয়াবা গাওঁ ‘আমি ব্ৰহ্মাই সৰজা নামৰে কঁঠীয়া , বিষ্ণুৱে সৰজা নাম । দায়-দোষ লাগিলে সৰ্বদোষ ক্ষমিব , হুঁচৰি গীতকে গাম ৷ হুচৰিৰ পদ , ঘোষাসমূহ , লহৰিৰ পৰা আৰম্ভ কৰি প্ৰতিখোজত অনেক ভাৱধাৰাৰ সংমিশ্ৰণ দেখা যায় । বিহু-হুচৰি যোৰা গৃহস্থৰ চোতালত প্ৰৱেশ কৰে তাতে আমি হৰি ধ্বনি দিওঁ । প্ৰৱেশ কৰিয়েই গৃহস্থৰ জনজীৱন , কৃষিভিত্তিক সমৃদ্ধিৰ বাৰ্তা কঢ়িয়াই হুচৰি দলটো যেতিয়া প্ৰৱেশ কৰে , সেয়া কিমান হিল্লোল তোলা এক কলতান , আমি প্ৰতিজন অসমীয়াই অন্তঃকৰণেৰে বুজি পাওঁ ৷ অ’ হৰি অ’ ৰাম , হৰি সন্তোষৰ অৰ্থে হৰি বোল বুলি কোৱাৰে পৰা আৰম্ভ কৰি হুঁচৰি দল আহি চোতাল পোৱালৈকে ভক্তি ভাবেৰে অথচ আনন্দময়তাৰে প্ৰৱেশ কৰে সকলো । গোহালিত গৰু , বাৰীত তামোল পান ইত্যাদি সম্বোধনৰ মাজেৰে হুঁচৰি দল সোমাই আহে । গৃহস্থৰ সমৃদ্ধিৰ বাবে কুশল কামনা কৰে । তাৰ পিছত বিহু ঐতিহ্যমিশ্ৰিত -ভক্তি মিশ্ৰিত পদ , সুৰধ্বনি তুলি জাকি মাৰি উঠা যোজনাৰ মাজত ঢোলত চাপৰ মাৰি বাঢ়ি অহা বিভিন্ন নৃত্য ভংগিমালৈকে এয়া এক সাংঘাটিক আয়োজন । চকুৰে দেখা নন্দন তাত্ত্বিক কথাবোৰ লিখি সামৰিব নোৱাৰি যদিও এইবোৰ দিশৰ ভিন্ন মাত্ৰিক বিশ্লেষণ নিতান্তই দৰকাৰো। গুৰু শংকৰদেৱ , মাধৱদেৱৰ ঘোষাসমূহৰ লগে লগে বিহু নাম , বনঘোষাসমূহ সকলো এই বিহু পৰম্পৰাত একাকাৰ । এনে বহু গীত আছে , যাৰ আংগিক বিশ্লেষণ সাধাৰণতে কৰা নহয় । বিহুৰ বিদগ্ধ পণ্ডিতসকল যেনে ড° লীলা গগৈৰ পৰা আৰম্ভ কৰি আজিৰ ড° অনিল শইকীয়াদেৱলৈকে বহু লোকে অৱশ্যে এনে বহু অভাৱ দুৰ কৰি উত্তৰ প্ৰজন্মৰ বাবে বিহুনাম , বিহুগীতসমূহ প্ৰমূখ্যে সমগ্ৰ বিহু সংস্কৃতিৰ তাত্ত্বিক দিশৰ উপযুক্ত বিশ্লেষণ কৰি গৈছে । অৱশ্যে ধামখুমীয়াৰ মাজতে অসমৰ ঠাইভেদে বিহু সম্পৰ্কীয় কিছুমান পৰম্পৰা প্ৰায় মেলানি মগা পৰিলক্ষিত হয় । ঢোলৰ ছেৱে ছেৱে ছন্দ মিলাই হুঁচৰি যোৰা সোমাই অহাৰ লগে লগে চোতালত গামোচা পাৰি লোৱা , বিহুৱাৰ মূৰত তেলপানীদিয়া , মৰলীয়া বন ছটিওৱা আদি প্ৰচলিত পৰম্পৰাসমূহ বহু পৰিমাণে কমি গ’ল এতিয়া ।  ঘোষাপদৰ লগত কছাৰী ছেও , মিচিং ছেও , ধেমেলীয়া ছেও , দুমনী ছেও , খৰা ছেও আদি চাপৰসমূহ অৱশ্যে অভিজ্ঞ ঢুলীয়াসকলে এতিয়াও বজাই আছে । বুঢ়া ছেওত নচা নাচখন বৰ অপূৰ্ব । সেয়ে হুঁচৰিৰ আংগিকসমূহৰ প্ৰতিপালনৰ প্ৰয়োজন নিশ্চয় আছে। । শেহতীয়াকৈ ১১০০০ বিহুৱা , নাচনীৰ সংমিশ্ৰণেৰে বিহুৰ ৰেকৰ্ড কৰোঁতে অৱশ্যে বিহুৰ পুৰাতন সকলো পৰম্পৰা সামৰি ল’ব পৰা গৈছে বুলি ক’ব নোৱাৰি । এটা পেকেজ হিচাপে প্ৰস্তুত কৰি এই বিশ্ব ৰেকৰ্ডভাগ কৰোতে হুঁচৰি পৰম্পৰাতকৈ আজিৰ মঞ্চৰ বৰ বিহুৱতী প্ৰতিযোগিতাৰ দলীয় মডেল এটাকে আচলতে পৰিৱেশন কৰা হৈছে বুলি ক’ব পাৰি । সেয়ে বিশ্বক দেখুৱাব পৰাকৈ বিহু হুঁচৰিৰ সেই পুৰাতন পৰম্পৰাৰো এক ডাঙৰ প্ৰকল্প ল’ব পাৰি । অৱশ্যে আজিকালি বহু সামাজিক মাধ্যমত এইবোৰৰ ভাল ডকুমেণ্টেচন কৰি আপলোড কৰি থকা দেখা গৈছে । নতুন প্ৰজন্মৰ বহু লোকে এই কাম নিষ্ঠাৰে কৰি আছে । বিশেষকৈ বিহুৰ নামত থকা কিছু লিংগ বৈষম্যমূলক দিশো এতিয়া নাইকিয়া হৈছে । আগৰ সমাজ ব্যৱস্থাৰ গতিধাৰাৰ পৰিপ্ৰেক্ষিতত কিছুমান সীমাবদ্ধতা আছিল যদিও এতিয়া বিহুৰ গীত-মাতত , পৰিৱেশনৰাজিত লিংগ সমতাৰ দিশসমূহ প্ৰায় সকলোৱে সচেতনতাৰে লক্ষ্য কৰে । বহু জনগোষ্ঠীয় বিহু পৰম্পৰাত গীত পদত নিজা নিজা ইষ্টগুৰুৰ বন্দনা , পৰম্পৰাগত লোকাচাৰ , খাদ্যাভাস আদিৰ উপস্থিতি দেখা যায় । স্থানী উপভাষাৰ কথনশৈলীৰ প্ৰতিফলনো এই গীত-মাতবোৰত সুস্পষ্ট । উদাহৰণস্বৰূপে মৰাণ বিহু সম্পৰ্কীয় চৰ্চাৰ এগৰাকী সুলেখক দিলীপ মৰাণদেৱৰ লেখাৰ উদ্ধৃতিৰে কওঁ যে মৰাণসকলে পুৰণি পৰম্পৰা অনুসৰি উপৰিপুৰুষীয়া দেওধৰ্মৰ পৰম্পৰাৰে বিহু নমোৱা কাম সমাপন কৰে ৷ অৱশ্যে সময়ৰ সোঁতত মহাপুৰুষীয়া পৰম্পৰাৰ সংমিশ্ৰণো ঘটিল এই পৰম্পৰাগত কাম- কাজবোৰত । কাল সংহতিৰ আধাৰত কিছু গীত মাতৰ প্ৰচলনো হ’ল । উদাহৰণস্বৰূপে মৰাণ বিহু পদত শ্ৰী শ্ৰী চতুৰ্ভূজ গোসাঁইৰ সম্বোধনো দেখা পোৱা যায় । যেনে -- শ্ৰী চতুৰ্ভূজে অ হৰি ৰাম/ দোমাহী পাতিলে অ হৰি ৰাম/ আমিযে ফুৰিছোং গাই এ হৰি ৰাম/ গোপাল গোবিন্দাই ৰাম । আকৌ জনগোষ্ঠীভেদে বিহু পতাৰ দিন বাৰবোৰৰো বৈচিত্ৰ আছে । মৰাণসকলৰ মাজতেই বহাগৰ প্ৰথম বুধবাৰটোত বিহু নমোৱাৰ পৰম্পৰা আছিল । দেউৰীসকলৰ মাজত পৰম্পৰাগত বহাগ বিচুত বিভিন্ন পুজা উৎসৱৰ পৰম্পৰা আছে । বিহুৰ সাজ-পোছাকো অনন্য । সোণোৱাল কছাৰীসকলৰ ক্ষেত্ৰতো দেখা যায় তেওঁলোকৰ বিহু পালনৰ লগত জড়িত হাইদাং হুঁচৰি আৰু বোকাবিহুৰ এক সুকীয়া মাদকতা আছে । তদুপৰি খ্ৰীং খ্ৰীং বাইথ’ দেৱতাৰ সন্মানাৰ্থে নৈবেদ্য আগবঢ়োৱাৰ পৰম্পৰাও অনন্য । এনেকৈয়ে বাৰেৰহণীয়া আমাৰ বিহু পৰম্পৰা ৷ 

       আমাৰ মন-ছিঙা সুহুৰিৰ দৰে চঞ্চলা বহাগীৰ পৰম্পৰাত আছে অনুপম প্ৰকৃতি বন্দনা । সেয়া সকলোৰে বিদিত । প্ৰতিটো বিহুগীত- মাতত আছে প্ৰকৃতিৰ পয়োভৰা বন্দনা । বিহু হুঁচৰিৰ যোজনাবোৰ ইয়াৰ বাটকটীয়া ।
উদাহৰণস্বৰূপে –
আজি বিহু বিহু কালি বিহু বিহু কেতিয়া ফুলিব নাহৰ/ কেতেকী চৰায়ে কাটে সৰু সুতা মৰুৱা কাঠৰে যতঁৰ ,
এই বেলি বিহুটি ৰমকে জমকে নাহৰ ফুল ফুলিবৰ বতৰ / নাহৰ ফুলৰ গোন্ধ পাই লাহৰিৰ তত নাই গচকত ভাঙি যাওঁ যঁতৰ ,
প্ৰকৃতি ধুনীয়া বিহু বিনন্দীয়া/বিহুৰে মৌ মিঠা মাত/ বিহুৰে বা লাগি বিহুৱা ককাই দেওধনী উঠিছে গাত ,
উজায়ে আহিলে মাছে কি মগৰে/ উজায়ে আহিলে শিহু/ গছে পাত সলালে , কুলিয়েও বিনালে/ পালেহি বহাগৰ বিহু ৷
চ’তে গৈয়ে গৈয়ে বহাগে পালেহি ফুলিলে ভেবেলি লতা/ কৈনো কৈ থাকিলে ওৰকে নপৰে ৰঙালী বিহুৰে কথা ,
কেলৈ ফুলিলি ৰূপহী মদাৰ ঐ কেলৈ পেলালি কলি/ গুৰুকো নালাগে ভকতকো নালাগে থাক তলভৰি সৰি ,
মাছৰে চিকুণ কান্ধুলি বৰণ চৰাইৰ চিকুণ কুলি/চেনেহী চিকুণ কেতেকী বৰণ আছিলি কঠিয়া তুলি ,
গছে বনে সলালে পাত ঐ লাহৰি গছে বনে সলালে পাত/ শুকান নৰা ছিঙি বতাহ হ’ল বাউলি বিহুলৈ কাটিলে বাট ৷
         
আকৌ বিহুগীতৰ নদী প্ৰসংগও মন কৰিবলগীয়া , বিহুগীতত গাইছে –
চিৰিপ চিৰিপ কৰি কাপোৰ ধুই আছিলা চিৰি লুইতলৈ চাই/ চিৰি লুইতে কিৰিলি মাৰিলে ধনে নাওঁ মেলি যায় ।
দিখৌ নৈ এৰিব পাৰো অ মইনা দিচাং নৈ এৰিব পাৰো/ চেনেহৰ বিহুটি এৰিব নোৱাৰো , নেখাইয়ো থাকিব পাৰোঁ ।

     তাৰ মাজতে কৃষিজীৱী জনজীৱন , বসন্তৰ শুৱনি সেউজীয়া অসমীৰ বন্দনা , পৰম্পৰাগত কথাৰ ৰসঘন সংযোজন , শিপিনীৰ প্ৰাণোচ্ছল হাতৰ পৰশত সাকাৰ হোৱা বিহুৱানৰ কথা আদিবোৰ বিহুগীত-মাতৰ প্ৰধান উপজীৱ্য । বিহুগীতত অসমৰ বিভিন্ন ঠাই প্ৰোজ্জ্বল হৈ পৰে , বিহুগীতত নদী হৈ পৰে কাব্যিক অনুভৱেৰে আৱৰা এক জীৱনৰেখা , নাচনিৰ মনোমোহা সৌন্দৰ্য , দেহ-মনৰ সাজোন কাচোন , যৌৱনৰ প্ৰাণোদীপ্ত কথাবোৰ , নাচোন বাগোনৰ অলেখ বন্দনা , ঢোল , পেপা , গগনা , বাঁহী , সুতুলী , তালৰ শব্দত ভাস্বৰ হৈ উঠা ঐক্যতানে বহাগক কৰি তোলে ৰং আনন্দৰ অনুপম আধাৰ । এনে বিহুৰ বৰ্ণনা লিখি শেষ কৰাটো , ভাষাৰে বুজাই ৰূপাংকিত কৰাটো ইমানো সহজ নহয় । বিহু এক বিশাল অনুভৱ । ভূপেন হাজৰিকাদেৱৰ ভাষাৰেই বহাগ মাথো এটি ঋতু নহয় , নহয় বহাগ এটি মাহ , অসমীয়া জাতিৰ ই আয়ুসৰেখা , জনজীৱনৰ সাহ । তিনিপৃষ্ঠাত জোৰা এক বিৱৰণক ভূপেন হাজৰীকাদেৱে এইকেইটা পংক্তিতেই সৱলভাবে আমাক বুজাই থৈছে । ভূপেন হাজৰিকাই চিৰাজ চিনেমাত সংযোগ কৰা - ‘পিৰিতি পিৰিতি পিৰিতি পিৰিতি মিঠা চিৰা দৈ , পিৰিতি পিৰিতি পিৰিতি বোৱা বোৱতী নৈ’ -- গাওঁতেও সেই সৰু ভাঙনি সুৰটোত কিমান যে কথা কৈ থৈ গুছি গ’ল ভাবিব লগীয়া । বিহুৰ মাজত প্ৰতিফলিত হোৱা যৌৱনৰ কথাবোৰ , অনুপম তুলনাবোৰ ভাবি চালে গম পোৱা যায় যে কিমান সুৱদী সুৰীয়াকৈ অসমীয়া জনজীৱনৰ কথাবোৰ সৰল ৰূপত কৈ যোৱা হৈছে । আচলতে জনজীৱনকে পৰিপুষ্ট কৰি থৈ গৈছে আমাৰ প্ৰাণৰ শিল্পী সাহিত্যিক তথা বিহুৱা বিহুৱতীসকলে  । নতুন প্ৰজন্ময়ো এয়া সমানে আগবঢ়াই লৈ গৈছে । বিহুৰ কথাবোৰ কেৱল মন-ছিঙা সুহুৰি এটিৰ দৰেই হৈ থকা নাই , বিহু হৈ পৰিছে এক বিশাল তথ্যকোষ । হেমাংগ বিশ্বাসদেৱে কৈ গৈছিল - ‘ যি নাই বিহুগীতত , সি নাই অসমত । যি নাই অসমত , সি নাই বিহুগীতত’ – তিনিবিহুৰ অনন্য পৰম্পৰা , বিহুৰ বৰ্ণন সম্বলিত গীত-মাত বাদ্যৰ ঐক্যতান আমাৰ বাবে সম্বল । অসমীয়া জনজীৱনৰে পৰিচায়ক ৷ এই লেখাত যদিও আমি বহাগ বিহুকে মুলত: উল্লেখ কৰিছো , বাকী দুই বিহুৰ কথাও কম সমৃদ্ধ নহয় । গতিকে কৈনো কৈ থাকিলে ওৰকে নপৰে আমাৰে বিহুটিৰ কথা । এইখিনিতে এক প্ৰশ্ন হয় – বিহু আচলতে কিমান পুৰণি ? অসমৰ জনজীৱনত সকলো জনগোষ্ঠীৰে কৃষিভিত্তিক , বিশ্বাসভিত্তিক অনেক লোকাচাৰ আছে, তাৰ মাজতে গীত-মাত আদিবোৰো পুৰণি দিনৰে পৰা আছে । তাৰ মাজতে বিহু হৈ পৰিছে বহু লোকাচাৰ , লোকসংস্কৃতিৰ এক সংহত প্ৰতিফলন । ই ৰূপ সলাই ক্ৰমবিকাশৰ মাজেৰে আহি আজিৰ এই অৱস্থা পাইছেহি ৷ আহোম ৰজাসকলৰ দিনৰ পৰা বিহু নামৰ সংহত সত্ত্বাটোৰ উজ্জ্বল বৰ্হিপ্ৰকাশ হৈছে । কিন্তু তাৰ আগৰ লোকসাংস্কৃতিক দিশবোৰ তথা জনগোষ্ঠীভেদে পালন কৰি অহা কৃষিভিত্তিক আনন্দ উৎসৱবোৰৰ বিষয়ে তথ্যানুসন্ধান কৰাৰ প্ৰয়োজন এতিয়াও আছে । কাৰণ অসমৰ প্ৰায়বোৰ পুৰণি জনগোষ্ঠীৰে বিহুৰ সময়ত প্ৰতিপালিত অনেক পৰম্পৰা তাহনিৰে পৰা আছে । বিশাল ভাৰতীয় প্ৰেক্ষাপটতো তিনিবিহুৰ পালনৰ একেখিনি সময়তে সমসুৰীয়া বহুকেইটা কৃষিভিত্তিক তথা লোকবিশ্বাসৰ লগত জড়িত উৎসৱ পালন কৰা হয় । বিহুৰ লগত জড়িত বাদ্যসমূহৰ ক্ৰমবিকাশ , ব্যৱহাৰৰ প্ৰসংগবোৰ এই আওতাত নিশ্চয়কৈ আহিব । গতিকে এতিয়াও বিহুকেন্দ্ৰিক গৱেষণাৰ ক্ষেত্ৰখনৰ বাবে বহু কৰিবলগীয়া আছে । আজিৰ প্ৰেক্ষাপটত আমি যিবোৰ বিহুনাম পাইছো , সেইবোৰৰো প্ৰসংগ বিচাৰৰ প্ৰয়োজন যাৰ জৰিয়তে কিছুমান সময়ৰ আভাস পোৱা যায় । তদুপৰি অসমীয়া জনগোষ্ঠীয় ভাৱনাৰো উমান পোৱা যায় । সময়ভেদে অসমীয়া জাতি জনগোষ্ঠীসমূহ কি কি কথা ভাবিছিল , কি কি কাম কৰিছিল , জীৱন নিৰ্বাহৰ প্ৰমূল্যবোধ আদিবোৰো বাগৰি অহা লোককথা , লোকগীতবোৰৰ মাজেৰে ভাস্বৰ হৈ উঠে । সেয়ে এই কথাবোৰ একো একোটা তথ্যৰ সুঁতি হ’ব পাৰে । এনেবোৰ কথাৰ পৰিপ্ৰেক্ষিততে হয়তো স্বনামধন্য গীতিকাৰ কেশৱ মহন্তই অসমীয়া ছবিৰ বাবে লিখিছিল – ‘বিহুৰে কঠিয়া কোনে সিচি গ’ল , কোনে ৰচি গ’ল গীত/ মন ৰমেৰমায় , বুকু হমেহমায় , অলীয়া বলীয়া চিত। । মানুহৰ মুখে মুখে বাগৰি বাগৰি কত যে গীত আমি পালো আৰু বহু গীত হেৰুৱালোঁ । সেয়ে ৰঙালীৰ বতৰত আমি মন বান্ধিব পাৰো , আমাৰ সমগ্ৰ অসমীয়া সমাজখনৰ ঘৰে ঘৰে , গাৱে ভুঞে জ্যেষ্ঠ কনিষ্ঠ সকলোৰে মুখত বাজি ৰোৱা বিহু মূলৰ গীত- মাতবোৰ আমি সংৰক্ষণ কৰিব লাগে । ইয়াৰ বাবে এক সংহত ৰিপজিটৰী ডিজিটেল ৰূপত হোৱা উচিত । য’ত ৰাইজে শুনা অনেক গীত-মাত নিজেই পষ্ট কৰিব পাৰে । সেইবোৰৰ তথ্যানুসন্ধানৰ বাবে , বিশ্লেষণৰ বাবে ডিজিটেল ৰিপজিটৰীৰ এখন শক্তিশালী সমিতি থকা প্ৰয়োজন । যাতে কাম বেছি হয় , বিতৰ্ক কম হয় ৷ অসম সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠানে অসমৰ হেৰাই যোৱা গীত মাতবোৰৰ এক অংশগ্ৰহণমূলক পোৰ্টেল খুলিব পাৰে । আমি সকলোৱে এইক্ষেত্ৰত সমস্বৰে সহায়ৰ হাত আগবঢ়াবলৈ চেষ্টা কৰা উচিত ৷ এইখিনিৰেই মন-ছিঙা সুহুৰি নাম দি লিখা আমাৰ কথাখিনি সামৰিছোঁ । জয়তু অসমী আই।


ড° শিৰোমণি ভূঞা
প্ৰৱক্তা, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান কামৰূপ,মিৰ্জা

Post a Comment

0 Comments