header ads

অসমীয়া প্ৰবন্ধ, শ্ৰীশ্ৰীআউনীআটী সত্ৰত ৰঙালী বিহুৰ পৰম্পৰা, শ্ৰীত্ৰৈলোক্যমোহন শৰ্মা, ৪ৰ্থ বছৰ ৩য় সংখ্যা

 শ্ৰীশ্ৰীআউনীআটী সত্ৰত ৰঙালী বিহুৰ পৰম্পৰা






         পৃথিৱীত বাস কৰা সকলো জাতি জনগোষ্ঠীৰে সুকীয়া সুকীয়া বৈশিষ্ট্য আছে ৷ এই বৈশিষ্টসমূহ তেওঁলোকৰ ভৌগোলিক পৰিৱেশ , ভাৱ-ভাষা তথা আচাৰ-ব্যৱহাৰ , ৰীতি- নীতি আদিৰ ওপৰত ভিত্তি কৰি সৃষ্টি হোৱা ৷ সেয়েহে বিভিন্ন স্থানত ভিন ভিন বৈশিষ্ট্য পৰিলক্ষিত হোৱা দেখা যায় ৷ এইবোৰৰ ওপৰত নিৰ্ভৰ কৰিয়ে মানুহৰ মাজত সুকীয়া সুকীয়া লোকসংস্কৃতি তথা লোকউৎসৱ সৃষ্টি হোৱা দেখা যায় ৷ আমাৰ অসমতো ইয়াৰ ব্যতিক্ৰম নহয় ৷ অসমত আটাইতকৈ প্ৰভাৱশালী লোক উৎসৱ হৈছে 'বিহু’ ৷ সেয়েহে ইয়াক অসমৰ জাতীয় উৎসৱ বুলি কোৱা হয় ৷ এই বিহু তিনিটা --- ৰঙালী বিহু বা বহাগ বিহু , ভোগালী বিহু বা মাঘ বিহু আৰু কঙালী বিহু বা কাতি বিহু ৷ এই তিনিওটাৰ ভিতৰত আকৌ ৰঙালী বিহুৰ জনপ্ৰিয়তা বেছি ৷ ই প্ৰধানতঃ বিহু হুঁচৰি আৰু বিহু নৃত্য-গীতৰ জৰিয়তে স্পষ্ট এক ৰং আনন্দৰ সমাহাৰ ৷ এই বিহু অসমত বাস কৰা সকলো জাতি জনগোষ্ঠীয়ে পালন কৰে ৷ কিছুমান জনগোষ্ঠীয়ে এই উৎসৱ তেওঁলোকৰ নিজা ভাব ভাষা আৰু লোক পৰম্পৰাৰ মাধ্যমেৰে পালন কৰে ৷ ঠিক সেইদৰে অসমৰ জাতীয় উৎসৱ হিচাপে অসমৰ বৈষ্ণৱ ধৰ্মৰ প্ৰাণকেন্দ্ৰ সত্ৰসমূহো ইয়াৰ  ব্যতিক্ৰম নহয় ৷ সত্ৰসমূহেও এই বিহু পালন কৰি অহা দেখা যায় ।



                 আমাৰ সত্ৰসমূহ যিহেতু ভক্তি মাৰ্গৰ ওপৰত প্ৰতিষ্ঠিত , সেয়েহে বিহুৰ কাৰ্যক্ৰমণিকা সমূহো ঈশ্বৰ ভক্তিক প্ৰাধান্য দি পালন কৰি অহা দেখা যায় ৷ আমাৰ শ্ৰীশ্ৰীআউনীআটী সত্ৰতো  বিহু অতীজৰে পৰা পালন কৰি অহা হৈছে ৷ ৰঙালী বিহুত বিহুৱান দিয়া প্ৰথা আমাৰ অসমত যিহেতু পূৰ্ব্বৰে পৰা চলি আহিছে , সেয়েহে এই পৰম্পৰা আমাৰ সত্ৰতো প্ৰচলিত হৈ আহিছে ৷ আমাৰ সত্ৰত বিহুৱানৰ সলনি 'বিহুৰ পোছাক’ দিয়া বুলি কোৱা হয় ৷ ইয়াত বিহুৱানৰ উপৰিও সম্পূৰ্ণ সাজটো থাকে ৷ যেনে  ধুতি , চেলেং , চোলা , গামোচা , গেঞ্জী ইত্যাদি ৷ এই পোছাক বিহুৰ কেইদিনমান আগতে ভাগে ভাগে যেনে সত্ৰাধিকাৰে নামঘৰৰ কৰ্মচাৰী , ভড়ালত কাম কৰা কৰ্মচাৰী আৰু তেখেতৰ নিজৰ ব্যৱহাৰিক কৰ্মচাৰীসকলক এই পোছাক দিব লাগে ৷ আকৌ মণিকূটৰ কৰ্মচাৰীসকলক মণিকূটৰ বৰপূজাৰীয়ে দিব লাগে ৷ ঠিক সেইদৰে ডেকাসত্ৰাধিকাৰৰ কৰ্মচাৰীসকলক ডেকাসত্ৰাধিকাৰে দিব লাগে ৷ ইয়াৰ উপৰিও প্ৰতিখন বহাৰ বুঢ়াভকত (মেধি )জনে নিজে লোৱাৰ  উপৰিও তলতীয়া পুষ্যপুত্ৰ (আলধৰা) সকলক দিব লাগে ৷ ঠিক তেনেকৈয়ে সত্ৰাধিকাৰে ডেকাসত্ৰাধিকাৰক আৰু ডেকাসত্ৰাধিকাৰে সত্ৰাধিকাৰক দিয়া নিয়ম ৷ এই পোছাক মানুহ বিহুৰ দিনাখন অৰ্থাৎ বহাগৰ এক তাৰিখে ৰাতিপুৱা গা-পা ধুই উঠি পৰিধান কৰি নামঘৰলৈ যাব লাগে ৷


         যদিও এই বিহু আনন্দৰ উৎসৱ তথাপি আমাৰ সত্ৰত জলপানৰ ব্যৱস্থা থাকে ৷ যেনে চিৰা , দৈ , কোমল চাউল , গুড় , বিভিন্ন পিঠাপনা ইত্যাদি সত্ৰতে তৈয়াৰ কৰা হয় ৷ এই জলপান নিজে খোৱাৰ উপৰিও ওচৰৰ গাঁৱৰ মানুহ আৰু শিষ্যবৰ্গ সত্ৰলৈ সেৱা কৰিবলৈ আহিলে নিজৰ চিনাকি অনুসৰি বৈষ্ণৱসকলে আৰু সত্ৰাধিকাৰ , ডেকা সত্ৰাধিকাৰেও জলপানেৰে আপ্যায়ন কৰে লগতে বিহুৱানো প্ৰদান কৰে ৷


            গৰু বিহু আৰু মানুহ বিহুৰ দিনাখন ভড়ালৰ পৰা বৰাৰ যোগেদি মাহ হালধি পিহি প্ৰতিখন বহাৰ দুৱাৰ মুখত ৰাতিপুৱাতেই কলপাতত দি থৈ যায় আৰু সেই মাহ হালধি সানি বিহুত বৈষ্ণৱ সকলে গা ধোৱে ৷ গাঁৱৰ সমাজত থকাৰ দৰে সত্ৰতো গৰু বিহুৰ দিনাখন গৰু নোওৱাৰ ব্যৱস্থা আছে ৷ সেইদিনা গৰুক মাহ হালধি সানি লাও বেঙেনা আদি চাটত মাৰি গৰু নোওৱা হয় আৰু সন্ধিয়া গৰু ঘৰলৈ অহা সময়ত গোহালিত ধূপ-ধূনা , চাকি জ্বলোৱাৰ  লগতে গৰুৰ ঠেঙত পানী দি ধুৱাই দিয়া হয় আৰু বিহুৱান হিচাপে নতুন পঘা দিয়া হয় ৷ গৰু নোওৱাৰ পাছত যুৱবৈষ্ণৱ সকলে বোকা খেলা পৰম্পৰা অতীজৰে পৰা চলি আহিছে ৷ সেই সময়ত যুৱবৈষ্ণৱ সকলে প্ৰথমে বয়োজ্যেষ্ঠ বৈষ্ণৱক বোকাৰ ফোট দি প্ৰণাম কৰি ইজনে সিজনৰ গাত বোকা সানি ৰং ধেমালি কৰি বোকাত ইজনে সিজনক লুতিয়াই বগৰাই আনন্দ কৰে ৷ এই বোকাখেলৰ জৰিয়তে গাত বোকা সনাৰ ফলত শৰীৰত চৰ্মৰোগ হব নোৱাৰে বুলি প্ৰবাদ আছে ৷ ইয়াৰ পাছতে গা পা ধুই নামঘৰলৈ যায় আৰু মহাপ্ৰভুক সেৱা কৰাৰ লগতে সত্ৰাধিকাৰ প্ৰভুক আৰু ডেকা প্ৰভুক সেৱা জনাই বহালৈ আহি বুঢ়াভকতক গুৱা এভাগি দি সেৱা জনোৱাৰ পাছতহে জলপান গ্ৰহণ কৰে ৷ সেইদৰে দ্বিতীয় আৰু তৃতীয় দিনাখনো এই অনুক্ৰমে চলি থাকে ৷


         আউনীআটী সত্ৰত সদায় চৈধ্য প্ৰসংগৰে গোবিন্দ মহাপ্ৰভুৰ উপাসনা কৰা হয় ৷ বিহুৰ তিনিদিনত এই চৈধ্য প্ৰসংগৰ উপৰিও অতিৰিক্ত ভাৱে কিছুমান প্ৰসঙ্গ উদ্‌যাপন কৰা হয় ৷যেনে — সদায়ে গোৱা বৈৰাগী নাম এটাৰ ঠাইত দুটা আৰু বৰনামো তেনেকৈ এটাৰ ঠাইত দুটা দিয়া হয় ৷ দিনৰ এক বজাৰ পৰা নামঘৰত হিয়া নাম গোৱা হয় ৷ ইয়াৰ পাছত দিহানাম  আৰু ইয়াৰ লগে লগে সত্ৰাধিকাৰ , ডেকাসত্ৰাধিকাৰ তথা সাত মান ভগীয়াসকল নামঘৰলৈ আহি নিজৰ নিজৰ আসনত উপবিষ্ট হৈ নামত সেৱা জনায় আৰু বৰ আশীৰ্ব্বদীয়াই আশীৰ্বাদ দিয়ে ৷ ইয়াৰ পাছতে গায়ন-বায়ন , নটুৱা নাচ , চালি নাচ ,অপ্সৰা নৃত্য আৰু ওজাপালি পৰিৱেশন কৰা হয় ৷ ইয়াৰ পাছতে পুনৰ বিয়লি প্ৰসঙ্গ আৰম্ভ হয় ৷ এইদৰে বিহুৰ কেইদিন ৰাতিপুৱাৰপৰা গধুলিলৈকে অবিৰত ভাৱে মহাপ্ৰভূুৰ প্ৰসঙ্গ চলি থাকে ৷ গাঁৱত প্ৰচলিত হৈ থকাৰ দৰে ইয়াতো এশ এবিধ শাকেৰে শাকৰ ভাজি খোৱা নিয়মো আছে ৷ এইদৰে অতীজৰ পৰাই আউনীআটী সত্ৰত ৰঙালী বিহু পালন কৰি অহা হৈছে ৷

শ্ৰীত্ৰৈলোক্যমোহন শৰ্মা
আউনীআটী সত্ৰ ,
উত্তৰ গুৱাহাটী


Post a Comment

0 Comments