ফাকুৱা উৎসৱ আৰু ইয়াৰ প্ৰাসংগিকতা
উৎসৱ পৰ্ব মানুহৰ জীৱনৰ এক অপৰিহাৰ্য অংগ । পৃথিৱীত এনে এটা জাতি নাই যিয়ে উৎসৱ পৰ্ব পালন নকৰে । ভাৰতবৰ্ষ নানা জাতি, ধৰ্ম আৰু ভাষা-ভাষী লোকৰ আৱাসভূমি, যেন ই এখন নানা ৰঙী ফুলেৰে সুশোভিত উদ্যানহে । ইয়াত জাতি, ধৰ্ম নিৰ্বিশেষে সকলোৱে নিজৰ নিজৰ পৰম্পৰা অনুসাৰে বিভিন্ন সময়ত বিভিন্ন উৎসৱ পালন কৰে । এই উৎসৱসমূহৰ ভিতৰত এটি ৰঙৰ উৎসৱ হ’ল হোলী বা ফাকুৱা ।
হোলী বা ফাকুৱা উৎসৱ হৈছে জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলোৰে বাবে একতা, শান্তি-সম্প্ৰীতি আৰু মহামিলনৰ উৎসৱ । ফাকুৱা উৎসৱক বিভিন্ন ৰাজ্যত হোলী, দৌলোৎসৱ, দেউল, ফল্গু উৎসৱ, মদনোৎসৱ, হোলিকা দহন আদি বিভিন্ন নামেৰে জনা যায় ।
হোলী বা ফাকুৱা উৎসৱ ফাগুন বা চ’ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয় । বসন্তৰ আগমনে চিৰসেউজীয়া প্ৰকৃতিক নতুনত্ব আৰু উৎসাহৰ বতৰা দিয়ে । এই চিৰসেউজীয়া প্ৰকৃতিত মানুহৰ মনবোৰো ৰঙীন হৈ পৰে । এই সময়তে মানুহে মনৰ আনন্দত হোলী বা ফাকুৱা উৎসৱ পালন কৰে ।
ভাৰতবৰ্ষত ধৰ্মীয় আৰু লৌকিক পৰম্পৰাৰে পালন কৰা ফাকুৱা উৎসৱৰ কোনো সঠিক দিন বা তাৰিখ নাথাকিলেও এই উৎসৱৰ সৃষ্টিৰ সৈতে বহুতো পৌৰাণিক আখ্যান জড়িত হৈ আছে । পৌৰাণিক আখ্যান অনুসৰি , এসময়ত পাৰ্বতীয়ে আদিদেৱ মহাদেৱক স্বামীৰূপে পাবলৈ কঠোৰ ব্ৰতত ব্ৰতী হৈছিল । কিন্তু তেতিয়া মহাদেৱ তপস্যাত বিলীন হৈ আছিল । সেই সময়তে পাৰ্বতীক সহায় কৰিবলৈ বুলি কামদেৱ আগবাঢ়ি আহিছিল আৰু মহাদেৱলৈ ‘কাম বাণ’ মাৰি পঠিয়াইছিল । কাম বাণৰ আঘাতত মহাদেৱৰ তপস্যা ভংগ হৈছিল । মহাদেৱে খঙত অগ্নিশৰ্মা হৈ তেওঁৰ তৃতীয় নয়নৰ পৰা নিৰ্গত জুইৰে কামদেৱক ভস্মীভূত কৰিছিল । কাম বাণৰ প্ৰভাৱত মহাদেৱ পাৰ্বতীলৈ আকৰ্ষিত হৈছিল আৰু দুয়োৰে মিলন হৈছিল । তেওঁলোকে সেই দিনটোতে নানা ৰঙৰ খেল খেলিছিল আৰু তেতিয়াৰপৰাই ফাকুৱা উৎসৱ আৰম্ভ হয় বুলি জনবিশ্বাস আছে ।
আন এক আখ্যান অনুসৰি, হিৰণ্যকশিপুৱে পুত্ৰ প্ৰহ্লাদক মাৰিবলৈ ভনীয়েক হোলিকাক নিৰ্দেশ দিছিল । হোলিকাই প্ৰহ্লাদক ভস্মীভূত কৰিবলৈ গৈ নিজেই নি:শেষ হৈ গৈছিল । সেই দিনটো আছিল ফাগুন মাহৰ পূৰ্ণিমা তিথিৰ আগদিনা । মৃত্যুক্ষণত হোলিকাই নিজৰ ভুল বুজিব পাৰি প্ৰহ্লাদৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছিল । তেতিয়া প্ৰহ্লাদে বৰ দিছিল, ‘ মৃত্যুৰ পিছত বছৰত অন্তত: এদিন মানুহে তোমাক স্মৰণ কৰিব ।‘ এই হোলিকাৰ পৰাই হোলী শব্দৰ সৃষ্টি হোৱা বুলি অনুমান কৰিব পাৰি । এই প্ৰবাদ অনুসৰি, উত্তৰ ভাৰতৰ বহু অঞ্চলত আজিও হোলিকা দহন পৰ্ব পালন হৈ আহিছে । হোলীৰ আগদিনা পৰিয়ালৰ সদস্যসকলে সন্ধিয়া হোলিকা নামৰ গছ এডালৰ লগতে ঘৰৰ আন অলাগতিয়াল আৱৰ্জনা ভস্মীভূত কৰে ।
পুৰাণত উল্লেখ কৰা মতে, ‘ধুন্দা’ নামৰ এজনী ৰাক্ষসীৰ উপদ্ৰৱ বন্ধ কৰিবৰ নিমিত্তে ফাগুন মাহৰ পূৰ্ণিমা তিথিৰ সন্ধিয়া মানুহে গাত ৰং সানি, ৰঙীন কাপোৰ পৰিধান কৰি চিঞৰ বাখৰ কৰি নৃত্য কৰিছিল । এই দৃশ্য দেখা পাই ‘ধুন্দা’ নামৰ ৰাক্ষসীজনীয়ে ভয়ত পলায়ন কৰিছিল আৰু এনেদৰে হোলী উৎসৱ আৰম্ভ হৈছিল ।
এক প্ৰবাদ অনুসৰি, ফাকুৱা উৎসৱৰ লগত ৰাধা-কৃষ্ণৰ আখ্যান জড়িত আছে । ফাগুন মাহৰ পূৰ্ণিমা তিথিত শ্ৰীকৃষ্ণই বৃন্দাবনত গোপীসকলৰ সৈতে ৰঙ খেলিছিল । এদিন শ্ৰীকৃষ্ণই মাক যশোদাক অভিযোগ কৰিছিল যে ৰাধাৰ ৰং বগা কিন্তু নিজৰ গাৰ ৰং কিয় ক’লা ? তেতিয়া যশোদাই ক’লা ৰং ঘঁহি দিলে ৰাধাও ক’লা হৈ পৰিব বুলি কৈছিল । এদিন ছল বুজি কৃষ্ণই ৰাধাক ৰঙেৰে বোলাই দিছিল । তেতিয়াৰপৰাই ফাকুৱাৰ প্ৰচলন হোৱা বুলি জনা যায় ।
অসমত ফাকুৱা উৎসৱ অতি উলহ-মালহেৰে পালন কৰা হয় । অসমৰ নগাঁও জিলাৰ বৰদোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পোন প্ৰথমবাৰৰ বাবে ফাকুৱা উৎসৱৰ পাতনি মেলি অসমীয়া সাংস্কৃতিক চেতনাত এক নৱ দিশৰ সূচনা কৰিছিল । অসমৰ দ্বিতীয় বৈকুণ্ঠপুৰী বৰপেটা ধামত ১৫১৮ শকত বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাই ফাকুৱা উৎসৱ প্ৰচলন কৰিছিল ।সেই দিনৰে পৰা পৰম্পৰাগতভাৱে জাকজমকতাৰে বৰপেটা সত্ৰত ফাকুৱা উৎসৱ পালন কৰি অহা হৈছে । বৰপেটা সত্ৰত তিনিদিনীয়াকৈ ফাকুৱা উৎসৱ পালন কৰা হয় । প্ৰথম দিনটোক ’গোন্ধযাত্ৰা’ , দ্বিতীয় দিনটোক ‘ভৰদেউল’ আৰু তৃতীয় দিনটোক ‘সুৱেৰী’ বুলি জনা যায় । ’গোন্ধযাত্ৰা’ৰ দিনা আবেলি ‘দৌলগোবিন্দ’ক সত্ৰৰ ভাজ ঘৰৰপৰা পিচ দুৱাৰেদি আৰু ‘কলীয়া ঠাকুৰ’ক ঘাই দুৱাৰেদি গায়ন-বায়নেৰে বাহিৰ কৰি মঠৰ চোতালত দুখন শৰাইত ৰখা হয় । মঠৰ চোতালত মেজি জ্বলাই মহাপ্ৰভুক মেজিৰ চাৰিওফালে সাত পাক ঘূৰোৱা হয় , যাক ‘মেজি পুঁওৱা’ বা ‘মাঘ পুঁওৱা’ বোলে । মাঘ পুঁওৱাৰ পিছত মহাপ্ৰভুক দৌলগৃহৰ দক্ষিণফালে থকা বেৰ নোহোৱা সভাগৃহৰ মাজত যোগমোহন গৃহত ৰাখি নিশা পবিত্ৰ ক্ষণত দৌলত আৰোহণ কৰোৱা হয় । স্থানীয় ৰাইজৰ বিভিন্ন আকৰ্ষণীয় আনন্দ অনুষ্ঠান বিশেষকৈ বৰপেটাৰ স্থানীয় আতচবাজীৰ কাৰুকাৰ্য প্ৰদৰ্শন ইয়াৰ উপভোগ্য অনুষ্ঠান । ‘ভৰদেউল’ৰ দিনা মহাপ্ৰভু দৌলগৃহত থকা সময়ছোৱাত ভক্তসকলে দৰ্শন কৰি ফাকুগুড়ি ছটিয়াই সেৱা জনায় । ‘সুৱেৰী’ ৰ দিনাখন দুপৰীয়া দৌলগোবিন্দ আৰু কলীয়া ঠাকুৰক ফাকুগুড়িৰে বোলাই দোলাত তুলি হোলীগীত গাই ভকতসকলে কান্ধত উঠাই সত্ৰৰ দক্ষিণ দিশত থকা কলবাৰী সত্ৰলৈ হেকেটা ( এবিধ বনৰীয়া মাহ) খুৱাবলৈ লৈ যায় । তাতে গোসাঁইৰ দোলা পৱিত্ৰ ভূমিত ৰখা হয় । ইয়াৰ পিছত পুনৰ গোসাঁইদ্বয়ক বৰপেটা সত্ৰলৈ অনা হয় । বৰপেটা সত্ৰৰ মূল প্ৰৱেশ পথত টুপৰ চোতালত বাঁহ ভঙা কাৰ্য অনুষ্ঠিত কৰা হয় । সত্ৰৰ মূল প্ৰৱেশ পথত লক্ষ্মীপক্ষৰ ভক্তসকলে গোসাঁইদ্বয়ক চাৰিডাল ভলুকা বাঁহেৰে গৃহ প্ৰৱেশত বাধা দিয়ে । ইয়াৰ কাৰণ শ্ৰীকৃষ্ণই লক্ষ্মীগৃহ এৰি ঘুনুচা গৃহলৈ যোৱাত অভিমানী লক্ষ্মী শ্ৰীকৃষ্ণৰ ওপৰত বিতুষ্ট হৈছিল । ভলুকা বাঁহৰ হেঙাৰ আঁতৰাবলৈ কৃষ্ণপক্ষ আৰু লক্ষ্মীপক্ষৰ মাজত হোৱা টনা-আঁজোৰাত বাঁহ ভাঙি গোঁসাইক সত্ৰত প্ৰৱেশ কৰায় । চাৰিডাল ভলুকা বাঁহৰ এডাল বাঁহ দক্ষিণহাটী, এডাল বাঁহ নহাটী আৰু দুডাল বাঁহ উত্তৰহাটীৰ ভকতবৃন্দই ভাঙে । ভক্তিৰস জড়িত থকা বাবেই বাঁহ চাৰিডাল হাতেৰেহে ভঙা হয়; কোনো লোকে ভৰিৰে স্পৰ্শ নকৰে । এই চালত ৰাখিলে চ’তৰ বৰদৈচিলাই ঘৰৰ একো হানি-বিঘিনি ঘটাব নোৱাৰে বুলি এক প্ৰচলিত জনবিশ্বাস আছে । সেই জনবিশ্বাসৰ বাবেই বাঁহৰ টুকুৰা ৰাইজে নিজৰ ঘৰলৈ পবিত্ৰ জ্ঞান কৰি লৈ যায় । ইয়াৰ পাছত গোসাঁইদ্বয়ক কীৰ্তন ঘৰৰ চাৰিওফালে সাতপাক প্ৰদক্ষিণ কৰোৱা হয় আৰু উত্তৰ দুৱাৰেদি নি মণিকূটত প্ৰতিষ্ঠা কৰা হয় । গোসাঁই মণিকূটত প্ৰতিষ্ঠা কৰাৰ পিচত ১০৮ বাৰ দবা কোবোৱা হয় আৰু এনেদৰেই দৌল উৎসৱৰ সামৰণি পৰে । বৰদোৱা আৰু বৰপেটাৰ উপৰিও উত্তৰ গুৱাহাটীৰ দৌলগোবিন্দ মন্দিৰ, মাজুলী, হয়গ্ৰীৱ মাধৱ মন্দিৰ, বিভিন্ন মন্দিৰ, নামঘৰ আদিত ভক্তিসহকাৰে ফাকুৱা উৎসৱ পালন কৰা হয় । মুঠতে এই উৎসৱ বিভিন্ন জাতিৰ মাজত সমন্বয়ৰ সেতু ।
ফাকুৱা উৎসৱৰ হোলীগীতসমূহ মুলত: চিত্ৰধৰ্মী, উপমা, ৰূপক আদিৰে সৌন্দৰ্যময় । দৰাচলতে হোলীগীতৰ সৃষ্টিৰ উৎসস্বৰূপে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা একাংশ গীতকে ধৰিব পাৰি । যিবোৰ গীতত দৌল বা ফাকুৱা উৎসৱৰ আধ্যাত্মিক দিশটোৰ উপৰি চিৰসুন্দৰ সাহিত্য-সংস্কৃতিৰ মনোৰম চিত্ৰও প্ৰতিফলিত হৈছে । এই গীতবোৰত শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন আৰু বৃন্দাবনত শ্ৰীকৃষ্ণই তেওঁৰ প্ৰেয়সী ৰাধা আৰু আন গোপিনীসকলৰ সৈতে কৰা ৰাসলীলাৰ কথা সুন্দৰভাৱে প্ৰকাশ কৰা হৈছে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে হোলীৰ কথাৰে কীৰ্তন ঘোষাত লিখি থৈ গৈছিল – ‘ ৰংগে ফাগু খেলে চৈতন্য বনমালী ।
দুই হাতে ফাগুৰ গুণ্ডা সিঞ্চন্ত মুৰাৰি ।।‘-
ফাকুৱাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হৈছে ফাকুগুড়ি, গুলাল আৰু ফিচকাৰি । অতীজতে ফাকুৱাত ব্যৱহৃত ৰং আছিল প্ৰকৃতিৰপৰা আহৰণ কৰা ঔষধি গুণসম্পন্ন । পলাশ ফুল, জেতুকা, হালধি, কুমকুম আদিৰপৰা ৰং আহৰণ কৰি তাৰ লগত চূণজাতীয় খাৰ মিহলাই ৰং প্ৰস্তুত কৰা হৈছিল । সাম্প্ৰতিক সময়ত কেঁচা মালৰ নাটনিৰ বাবে প্ৰাকৃতিক ৰঙৰ সলনি ফাকুগুড়ি ৰাসায়নিক দ্ৰব্যৰ দ্বাৰা তৈয়াৰ কৰা হয় । যাৰ ফলত সাধাৰণতে শৰীৰৰ অনিষ্ট সাধন হয় । চকু, কাণ, নাক আদিত ফাকুৱাৰ ৰং লাগি এলাৰ্জিৰ সৃষ্টি হয় । ফাকুৱাৰ ৰঙে চুলিৰ স্বাভাৱিক ৰং বিনষ্ট কৰে যাৰ ফলত চুলি সৰে ।
ফাকুৱা খেলিবলৈ যোৱাৰ আগতে কিছু সাৱধানতা অৱলম্বন কৰিব লাগে । ফাকুৱা খেলিবলৈ যোৱাৰ আগতে শৰীৰত ক্ৰীম বা নাৰিকল তেল ঘঁহিব লাগে । তাৰ ওপৰত ছানস্ক্ৰীণ লগাব লাগে । এনে কৰিলে ছালৰ কোষসমূহৰ মাজেৰে ফাকুৱাৰ ৰং সোমাব নোৱাৰে । চকুৰ ভিতৰত যাতে ফাকুৱাৰ ৰং নালাগে তাৰ বাবে ছানগ্লাছ পিন্ধিব লাগে । চুলিখনিত টুপী পৰিধান কৰাটো খুবেই প্ৰয়োজনীয় । শৰীৰত কটা-ছিঙা বা ঘাঁ হৈ থাকিলে পৰাপক্ষত ফাকুৱাৰ ৰং ব্যৱহাৰ কৰিব নালাগে । ফাকুৱা খেলাৰ পাছত বোঁৱতী পানীত লাহে লাহে গা ধুব লাগে । নখ, আঙুলিৰ ফাঁক, কাণৰ কাষ, চকুৰ পতা আদি ভালদৰে ধুব লাগে । তাৰ পাছত টেঙাজাতীয় দ্ৰব্যৰে ঘঁহিব লাগে । আমি সকলোৱে বজাৰত উপলব্ধ ৰাসায়নিক দ্ৰব্য সংমিশ্ৰিত ফাকুগুড়িতকৈ প্ৰাকৃতিকভাৱে উৎপাদিত ফাকুগুড়িৰে নিৰাপদভাৱে ফাকুৱা উৎসৱ উদ্যাপনৰ ক্ষেত্ৰত মনোনিৱেশ কৰাটো খুবেই জৰুৰী ।
বৰ্তমান সময়ত ফাকুৱা উৎসৱ কেৱল বসন্তৰ ৰং-আনন্দ তথা ধৰ্মীয় উৎসৱেই হৈ থকা নাই, ফাকুৱা উৎসৱ প্ৰেম, শান্তি-সম্প্ৰীতি, একতা, সমৃদ্ধি আৰু মহামিলনৰো উৎসৱ হৈ পৰিছে । এই উৎসৱৰ মাজেদি বিভিন্ন ধৰ্মাৱলম্বী লোকসকলৰ মাজত সহনশীলতাৰ এক চৰিত্ৰ প্ৰৱাহমান হৈ আহিছে । পবিত্ৰতা আৰু আধ্যাত্মিকতাৰে ভৰা ফাকুৱা উৎসৱ পালনৰ জৰিয়তে আমি সামাজিক শক্তিক মিলন আৰু সহৃদয়তাৰ মাজেৰে আগুৱাই নিয়াৰ বাবে প্ৰয়াস কৰিব লাগিব ।
_____________________________
উৎসসমূহ: (১) সংবাদ পত্ৰ : অসমীয়া প্ৰতিদিন ।
(২) আলোচনী : মৌচাক আৰু অঙ্গন ।
(৩)ভাৰতৰ লোক উৎসৱ : ড: প্ৰমোদ ভট্টাচাৰ্য । ।
শ্ৰীভাস্কৰজ্যোতি তালুকদাৰ
কাৰ্যালয় সহায়ক
বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়
কামৰূপ জিলা সংমণ্ডল ,আমিনগাঁও
0 Comments