অপ্ৰাপ্তিৰ পৰা প্ৰাপ্তিলৈঃ
এটা অস্থায়ী পৰাজয়তে মানুহে প্ৰয়াস কৰিবলৈ এৰি দিয়ে , এইটোৱে হ’ল অসফলতাৰ আটাইতকৈ ডাঙৰ কাৰণ । প্ৰতিজন ব্যক্তিয়ে জীৱনত কেতিয়াবা নহয় কেতিয়াবা ইয়াক অনুভৱ কৰেই ৷ আহক কথাখিনি এজন সফল ব্যক্তিৰ জীৱন দাপোনৰ জৰিয়তে বুজিবলৈ যত্ন কৰোঁ ।
যেতিয়া চাৰিওফালে সোণৰ সন্ধান আৰম্ভ হৈছিল তেতিয়া আৰ ইউ ডাৰ্বিৰ মনতো সোণৰ লোভ জাগ্ৰত হৈছিল । সোণৰ সন্ধান কৰিবলৈ তেওঁ পশ্চিমৰফালে ঢাপলি মেলিছিল ৷ তেওঁ নাজানিছিল যে পৃথিৱীতকৈ বহু গুণে বেছি সোণ মানুহৰ মস্তিষ্কক খনন কৰি পোৱা সম্ভৱ । তেওঁ কোৰ লৈ নিজৰ ভাগ্য পৰীক্ষা কৰিবলৈ যাত্ৰা আৰম্ভ কৰে ৷ প্ৰচুৰ পৰিশ্ৰম কৰিবলগীয়া হৈছিল কিন্তু সোণৰ প্ৰতি থকা তেওঁৰ প্ৰেম আছিল অপৰিসীম ৷ এসপ্তাহ ধৰি কৰা পৰিশ্ৰমৰ পিছত তেওঁ সামান্যতম উজ্বল আকৰ এটাৰ সন্ধান পালে ৷ সেইবোৰক বাহিৰত উলিয়াই আনিবৰ বাবে তেওঁক এটা মেচিনৰ প্ৰয়োজন হ’ল । তেওঁ নিজৰ খনন কাৰ্য এৰি দি নিজৰ ঘৰ উইলিয়াম বৰ্গ মেৰীলেণ্ডত গুচি যায় আৰু তাত গৈ নিজৰ সকলো আত্মীয়-স্বজনক জনায় যে তেওঁ সোণৰ খনি পাই গৈছে আৰু তাক উলিয়াবলৈ এতিয়া মেচিনৰ প্ৰয়োজন ৷ তেতিয়া মেচিনটো কিনাৰ বাবে সকলোৱে মিলি ধন একত্ৰিত কৰে। তাৰ পিছত মেচিনটো লৈ ডাৰ্বি আৰু তেওঁৰ খুৰাই পুনৰ খনিলৈ উভতি অহে ।
তাৰ পিছত আহৰণ কৰা আকৰটোক গৱেষণাৰ বাবে পঠিওৱা হৈছিল ৷ গৱেষণাৰ ৰিপোৰ্টে প্ৰমাণ কৰিলে যে এই খনিটো হ’ল কোলাৰ্ডোৰ (Colorado) আটাইতকৈ সমৃদ্ধ খনি ৷ এনেকুৱা দুই এটা এনে খনি পোৱা গ’লে মেচিনৰ সমস্ত ঋণ পৰিশোধ হৈ যাব আৰু তাৰ পিছত খনন কৰিলে লাভ আহিবলৈ আৰম্ভ হ’ব ।
ড্ৰিল মেচিন যিমান তললৈ যাবলৈ ধৰিলে সিমানে ডাৰ্বি আৰু তেওঁৰ খুৰাকৰ আশা বৃদ্ধি পাবলৈ ধৰে । হঠাৎ মাটিৰ তলৰ পৰা সোণৰ আকৰ অহা বন্ধ হৈ গ’ল । তেওঁলোকৰ সপোন ভাঙি যায় । তেওঁলোকে বহু পৰিশ্ৰম কৰাৰ পিছতো কোনো ধৰণৰ সোণৰ সন্ধান নাপালে ৷ শেষত তেওঁলোকে ঠিক কৰিলে যে বহু হৈছে আৰু নালাগে , এইবাৰ ঘৰলৈ উভতি যোৱাই শ্ৰেষ্ঠ হ’ব । কেইবা শ ডলাৰত মেচিনটো ভঙা-চিঙা বস্তু কিনা সাধাৰণ মানুহ এজনৰ হাতত বিক্ৰী কৰি তেওঁলোকে ট্ৰেইনেৰে ঘৰলৈ উভতি আহিল । সাধাৰণতে ভঙা-চিঙা বস্তু কিনা লোকসকল মূৰ্খই হয় , কিন্তু সেই সাধাৰণ মানুহজন মূৰ্খ নাছিল । তেওঁ মাইনিং ইঞ্জিনিয়াৰ মাতি আনি খননবোৰ দেখুৱালে ৷ ইঞ্জিনিয়াৰজনে পৰীক্ষা কৰি কয় , ‘’ আগৰ ব্যক্তিসকলে অৰ্থাৎ ডাৰ্বি আৰু তেওঁৰ খুৰাকে অসফল হৈছিল কাৰণ তেওঁলোকৰ খনন কাৰ্য সম্পৰ্কে জ্ঞান নাছিল ৷ তেওঁলোকে যদি আৰু তিনিফুট তললৈ খনন কৰিলেহেঁতেন তেন্তে প্ৰচুৰ সোণৰ অধিকাৰী হ’ব পাৰিলেহেঁতেন । সঁচাকৈয়ে তাকে হ’ল আৰু সাধাৰণ ব্যক্তিজনে প্ৰচুৰ পৰিমাণে সোণৰ সন্ধান পালে । যি সোণ তেওঁ প্ৰায় লাখ লাখ ডলাৰত বিক্ৰী কৰে । এয়া এই কাৰণেই সম্ভৱ হৈছিল কাৰণ সাধাৰণ ব্যক্তিজনে বিশেষজ্ঞৰ পৰামৰ্শ লৈছিল । মেচিন কিনাৰ বেছিভাগ ধন দিছিল ডাৰ্বিয়ে , তেতিয়া তেওঁ আছিল এজন ডেকা । বাকী টকাখিনি দিছিল তেওঁৰ বন্ধু আৰু আত্মীয়ই, কাৰণ তেওঁলোকে ডাৰ্বিক বিশ্বাস কৰিছিল । ডাৰ্বিয়ে বহু বছৰ কষ্ট কৰি সকলো ধন পৰিশোধ কৰে । বহু দিন পিছত ডাৰ্বিয়েও নিজৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰে বহু ধন উপাৰ্জন কৰিছিল , যেতিয়া তেওঁ বুজিছিল কেনেকৈ দৃঢ় ইচ্ছাৰ দ্বাৰা সোণ পোৱা সম্ভৱ , জীৱন-বীমাৰ ব্যৱসায়ত ভৰি দিয়াৰ পিছতহে তেওঁ সেই কথা উপলব্ধি কৰিছিল ।
এক বিশাল সোণৰ খনিৰ প্ৰাপ্তিৰ পৰা মাত্ৰ তিনি ফুট দূৰত্বত আছিল , সেই ঘটনাক তেওঁ পাহৰা নাছিল । এই অভিজ্ঞতাই তেওঁক প্ৰকৃত শিক্ষা দিছিল । তেওঁ বুজিছিল যে কাৰোবাৰ ‘না’ কোৱাৰ অৰ্থ সদায় ‘না’ নহয়। তেওঁ যিকোনো কামক আধাতে এৰি দিয়া স্বভাৱক চিৰদিনৰ বাবে এৰি দিছিল । তেওঁ তেওঁৰ ভুলৰ পৰা শিক্ষা গ্ৰহণ কৰি আগবাঢ়ি গৈছিল ৷ যিকোনো ডাঙৰ সফলতাৰ আগতে এই ধৰণৰ অস্থায়ী অসফলতা সকলোৰে জীৱনত আহে । যেতিয়া মানুহৰ জীৱনত এই ধৰণৰ পৰাজয় আহে বেছিভাগ লোকেই যুদ্ধক্ষেত্ৰ এৰি পলায়ন কৰে ৷
আমেৰিকাৰ প্ৰায় ৫০০ জন সফল ব্যক্তিয়ে অকপটে স্বীকাৰ কৰিছে যে অসফলতাৰ পিছতে সফলতাৰ বাট মুকলি হয় । অসফলতা হ’ল একধৰণৰ ছলনা , যিটোৱে সফল ব্যক্তিসকলক অসফলতাৰ ভয় দেখুৱাই শান্তি পায় ।
হাৰ্ড নকছ (Hard Knocks) বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী গ্ৰহণৰ কিছুদিন পিছত মিষ্টাৰ ডাৰ্বিয়ে এজন এজেণ্ট হিচাপে নিজৰ কাম আৰম্ভ কৰি দিয়ে । কাৰণ সোণৰ খনিৰ অভিজ্ঞতাৰ পৰা তেওঁ বুজিছিল যে ‘না’ৰ অৰ্থ সদায় ‘না’ নহয় আৰু সফলতাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ হ’ল কোনো এটা কামত লাগি থকাৰ ধৈৰ্য ।
এদিনাখন সন্ধিয়া তেওঁ তেওঁৰ খুৰাকৰ পুৰণা মিলত গম গুড়ি কৰাত খুৰাকক সাহায্য কৰি আছিল । তেওঁৰ খুৰাকৰ বহু খেতি মাটি আছিল । যাৰ আশে-পাশে তেওঁৰ খেতিত কাম কৰা ক’লা বৰ্ণৰ শ্ৰমিকসকল বসবাস কৰিছিল । ডাৰ্বিয়ে কাম কৰি উঠি বহি থকা কিছু সময় হৈছিলহে মাত্ৰ এনেতে শ্ৰমিকসকলৰ এজনী সৰু ক’লা ছোৱালীয়ে দৰ্জাখন খুলি মনে মনে ভিতৰলৈ সোমাই আহে আৰু দৰ্জাখনৰ কাষতে বহি পৰে ।
খুৰাকে ছোৱালীজনীক দেখে আৰু ৰুক্ষভাৱে কয় , “ কি লাগে তোক ?”
ছোৱালীজনীয়ে লাহেকৈ উত্তৰ দিলে , “মোৰ মায়ে মোক পঞ্চাছ চেন্ট দিব কৈছে ৷’’
খুৰাকে খঙেৰে চিঞৰি ক’লে , “মই নিদিওঁ ৷ ঘৰলৈ যা ৷’’
ছোৱালীজনীয়ে উত্তৰ দিলে , “ ঠিক আছে ৷ ” কিন্তু তাই নিজৰ ঠাইতে বহি থাকিল ।
কথাখিনি কৈ খুৰাকে নিজৰ কামত ব্যস্ত হৈ পৰে , ছোৱালীজনীয়ে যে তেতিয়াও নিজৰ ঠাইৰ পৰা লৰচৰ কৰা নাই তেওঁ লক্ষ্যই কৰা নাই । হঠাৎ চকুত পৰাত তেওঁ চিঞৰি ক’লে , “ তই এতিয়াও যোৱা নাই ? মই একো নিদিওঁ । এতিয়া যদি নোযোৱা মই তোক ধৰি কোবাম ৷’’
তেতিয়াও ছোৱালীজনীয়ে উত্তৰ দিলে , “ ঠিক আছে ৷’’ কিন্তু তাই নিজৰ ঠাইৰ পৰা অলপো নলৰিলে । তেতিয়া ডাৰ্বিৰ খুৰাকে যি বস্তাত আটা ভৰাই আছিল তাক আঁতৰাই থৈ লোৰ ৰড এডাল লৈ ছোৱালীজনীৰ পিনে এনেকৈ আগবাঢ়ি আহিল যেনিবা তাইক আজি মাৰিয়ে পেলাব ।
ভয়তে ডাৰ্বিৰ উশাহ বন্ধ হোৱাৰ উপক্ৰম হ’ল । তাৰ অনুভৱ হ’ল যেনিবা আজি তাৰ সমুখত এটা হত্যাকাণ্ড সংঘটিত হ’ব । সি জানিছিল যে তাৰ খুৰাক এজন বৰ খঙাল লোক । সি এইটোও জানিছিল যে এই অঞ্চলত ক’লা লোকসকলে বগা লোকক অপমান কৰিব নোৱাৰিছিল । যেতিয়া খুৰাকে ছোৱালীজনীৰ ওচৰ চাপি যায় তেতিয়া ছোৱালীজনীয়েও দৃঢ়তাৰে তেওঁৰ পিনে আগবাঢ়ি আহে আৰু চকুত চকু ৰাখি নিৰ্ভয়ে কয় ,“ মোক মোৰ আইৰ পঞ্চাছ চেন্ট লাগে ৷’’
খুৰাকে হঠাৎ থিয় হৈ পৰে আৰু লোৰ ৰ’ডডাল মাটিত পেলাই দি পকেটত হাত ভৰাই আধা ডলাৰ উলিয়াই ছোৱালীজনীক দি দিয়ে ।
ছোৱালীজনীয়ে টকাখিনি লৈ দৰ্জা অভিমুখে আগবাঢ়ি গ’লেও তাইৰ চকু আছিল খুড়াকৰ অভিমুখে , যাক তাই এই মাত্ৰ পৰাজিত কৰিবলৈ সক্ষম হৈছে । তাই গুচি যোৱাৰ পিছতো খুৰাকে দহ মিনিট সময়লৈকে খিৰিকীৰ পিনে চাই আছিল , তেওঁ এই ঘটনা সম্পৰ্কে বিচাৰ কৰি আছিল । ডাৰ্বিয়ে এই ঘটনাটোক লৈ চিন্তা কৰিছিল । সম্ভৱতঃ এয়াই প্ৰথম ঘটনা য’ত এজনী ক’লা ছোৱালীয়ে বগা বয়স্ক ব্যক্তি এজনক এইদৰে পৰাজিত কৰিবলৈ সক্ষম হৈছিল । এই ছোৱালীজনীয়ে কেনেকৈ এই কামটো কৰিলে ? খুৰাৰ এনে কি হৈছিল যে তেওঁ নিজৰ খঙক স্তিমিত কৰি ছোৱালীজনীক টকাখিনি দিবলৈ বাধ্য হ’ল ? এই ছোৱালীজনীৰ মাজত এনে কি শক্তি আছিল যাৰ দ্বাৰা তাই তাৰ মালিকক পৰাজিত কৰিলে ? এনে বহু প্ৰশ্নই ডাৰ্বিৰ মনটোক উদ্বিগ্ন কৰি তুলিছিল । ডাৰ্বিৰ এই উদ্বিগ্নতাৰ উত্তৰটো লুকাই আছিল দৃঢ় প্ৰতিজ্ঞাৰ মাজত । যি দৃঢ় প্ৰতিজ্ঞাক ব্যৱহাৰ কৰি ডাৰ্বিয়ে পৰৱৰ্তী পৰ্যায়ত জীৱন-বীমাৰ বিক্ৰীৰ ক্ষেত্ৰত অভিলেখ গঢ়ে আৰু এজন সফল ধনী ব্যক্তি হিচাপে সমাজত নিজৰ নাম প্ৰতিষ্ঠিত কৰে ।
এবাৰ ডাৰ্বিয়ে কৈছিল , “এতিয়াও যেতিয়া কোনো সাম্ভাব্য গ্ৰাহকে পলিচি নকৰাকৈ মোক উভতাই পঠিয়াই দিয়ে তেতিয়া মই এই পুৰণি মিলৰ কাষত আহি থিয় হৈ এই ছোৱালীজনীৰ মুখ দেখিবলৈ পাওঁ । অনুভৱ হয় তাইৰ ডাঙৰ ডাঙৰ চকুযুৰিত প্ৰতিফলিত হৈছে অৱজ্ঞা আৰু তেতিয়াই নিজকে কওঁ , “এইটো মই বিক্ৰী কৰিবই লাগিব । সঁচা কথা ক’বলৈ গ’লে যিসকল লোকে প্ৰথমে মোক না কয় , পিছলৈ তেওঁলোকেই মোৰ বীমা কিনে ৷’’
সোণৰ খনিত মাত্ৰ তিনি ফুটৰ বাবে ডাৰ্বিয়ে যি অসফলতা লাভ কৰিলে তাৰ কথাও উত্থাপন কৰে আৰু কয় , “এই অসফলতাৰ মাজতে লুকাই আছিল মোৰ বাবে এক আশীৰ্বাদ । সেই ঘটনাৰ পৰাই মই শিকিছিলো যে জীৱনত যিমানে বাধা নাহক কিয় দৃঢ়তা বজাই ৰাখিবই লাগিব ৷ এইটো এনে এটা শিক্ষা যিটো যিকোনো সফলতাৰ বাবে শিকাটো প্ৰয়োজনীয় আছিল ৷’’ ডাৰ্বিয়ে জীৱনত এই দুটা অভিজ্ঞতা লাভ কৰিব পাৰিছিল বাবেই তেওঁ বছৰত দহ মিলিয়ন ডলাৰতকৈ অধিক টকাৰ বীমা বিক্ৰী কৰিবলৈ সক্ষম হৈছিল।
জীৱন কেতিয়াবা বিচিত্ৰ আকৌ কেতিয়াবা সম্পূৰ্ণ সহজ হৈ পৰে। আচলতে সফলতা বা অসফলতাৰ ঘাই শিপাডাল আমাৰ সাধাৰণ অভিজ্ঞতাৰ মাজতে নিহিত হৈ থাকে। ডাৰ্বিৰ জীৱনৰ অভিজ্ঞতা সাধাৰণ আৰু সহজ-সৰল হোৱা সত্বেও সেইবোৰক তেওঁ নিয়মিত বুলি ভাবিয়ে জীৱন পথত অগ্ৰসৰ হৈছিল । সেয়ে এই অভিজ্ঞতাবোৰ তেওঁৰ বাবে জীৱনৰ দৰেই গুৰুত্বপূৰ্ণ আছিল ৷ এই দুই বাস্তৱ অভিজ্ঞতাৰ পৰা তেওঁ এই কাৰণেই লাভৱান হ’ব পাৰিছিল কাৰণ তেওঁ তাৰ গভীৰ বিশ্লেষণ কৰিছিল আৰু তাৰ পৰা প্ৰয়োজনীয় শিক্ষাও গ্ৰহণ কৰিছিল । যাৰ জীৱনত এনে অভিজ্ঞতা নাইবা অসফলতাৰ বিশ্লেষণ কৰি তাৰ পৰা সফলতাৰ সূত্ৰ বিচাৰি উলিওৱাৰ বাবে সময় নাই সেই ব্যক্তিজন কি কৰিব ? তেওঁ কেনেকৈ অসফলতাক সফলতাৰ চিৰি হিচাপে গঢ়ি তুলিব ?
মুঠতে ডাৰ্বিৰ এই সফলতাৰ যাত্ৰা আছিল অপ্ৰাপ্তিৰ পৰা প্ৰাপ্তিলৈ ৷
------------++++-------------
মানিক পাল
গাঁও: শিমলীতোলা
ডাকঘৰ: শিমলীতোলা
জিলা: গোৱালপাৰা
ফোন: ৯৮৬৪২৬৯৬৪০
0 Comments