header ads

বিশেষ বিহু কুইজ, ৰিয়া বৰা , সঞ্জীৱ মালী, ৪ৰ্থ বছৰ ৩য় সংখ্যা

 বিশেষ বিহু কুইজ










(১) অসমীয়া বিহু নাচক কোনে প্ৰথমে মঞ্চত অৱতীৰ্ণ কৰাইছিল ?

উঃ ৰাধাগোবিন্দ বৰুৱাই 

(২) ঢোলৰ খোলাটো কি গছৰ পৰা তৈয়াৰ কৰা হয় ?

উঃ কঠাল গছ

(৩) গগনাত এবিধ সূতা ব্যৱহাৰ কৰা হয় ৷ এই সূতাবিধৰ নাম কি ?

উঃ মুগা সূতা

(৪) ঢোলৰ কোনটো চেও বিহুত নবজায় ?

উঃ গোঁসানী চেও

(৫) ৰঙালী বিহুৰ তৃতীয় দিনটোক কি বিহু বুলি কোৱা হয় ?

উঃ গোসাঁই বিহু

(৬) ঢোলৰ মাৰিডালৰ আন এটা নাম কি ? 

উঃ মাহিতা

(৭) ঢোলৰ মাৰিডালৰ বেকা অংশটোক কি বোলে ?

উঃ নাকটি

(৮) মুখেৰে বজোৱা বাদ্যবোৰ কোন শ্ৰেণীৰ বাদ্যৰ অন্তৰ্গত ?

উঃ সুষিৰ শ্ৰেণীৰ 

সংগ্ৰহঃ

ৰিয়া বৰা , সঞ্জীৱ মালী
অষ্টম শ্ৰেণী
কমলপুৰ চৰকাৰী মজলীয়া বিদ্যালয়

Post a Comment

0 Comments