পোহৰৰ পোহাৰ
গুৱাহাটীৰ চানমাৰিত থকা পেন্সনাৰ্ছ ভৱনত অনুষ্ঠিত হোৱা ধন ডেকা সোঁৱৰণী দ্বিতীয় বাৰ্ষিক স্কুল কুইজ প্ৰতিযোগিতাত দুখন কুইজ হৈছিল । এখন দলীয় ভিত্তিক (দুজনীয়া)। বিষয়--‘অসমৰ ভূচিত্ৰাৱলী’ আৰু আনখন এককভাৱে মুকলি কুইজ (যিকোনো বিষয়)। দুয়োখন কুইজতে প্ৰিন্স উজীৰ নামৰ ছাত্ৰজন প্ৰতিযোগী আছিল । উজীৰ শংকৰদেৱ শিশু নিকেতন , হাঠিনাপুৰৰ দশম শ্ৰেণীৰ ছাত্ৰ ৷ ছাত্ৰজনৰ বিষয়ে সেইদিনা ৰাতি বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ৰবেন্দ্ৰ কুমাৰ দাস ছাৰে মোলৈ বাৰ্তা এটা পঠাইছে য'ত তেওঁ লিখিছে ,-- 'ঘাইকৈ নলবাৰী , পাঠশালা , টিহু--এনেকুৱা ঠাইবিলাকৰ আৰু কেতিয়াবা গুৱাহাটীতো , স্কুল কুইজবিলাকত দীঘলকৈ এই ল'ৰাটো প্ৰিন্স উজীৰক দেখা পাওঁ । লগত থাকে তাতকৈ অলপ সৰু হিমাংশু ডেকা নামৰ ল'ৰা এটা । দুয়ো সদায় যুটি বান্ধে । আৰু মোৰ যিমান মনত আছে , ইহঁতৰ যুটিটোৱে বহুতবাৰ পুৰস্কাৰ পাইছে । আজি কুইজ শেষ হোৱাৰ পাছত প্ৰিন্স উজীৰৰ মাকক লগ পাওঁতে সুধিলোঁ তেওঁলোক যাব কেনেকৈ ঘৰলৈ । ক'লে--গধূলি ট্ৰেইন আছে । নামিবগৈ সৰুপেটা ৰেল ষ্টেছনত । ৰাতি ৮ বাজি যোৱাৰ পাছত । তাৰ পৰা আকৌ হাঠিনাপুৰৰ গাঁও পাবলৈ ই-ৰিক্সাত যাব ৷ কিমান বজাত ঘৰ পাবগৈ নুসুধিলোঁ আৰু ।
তেওঁলোকৰ জিলাখন বজালী !'
বজালীৰ পৰা গুৱাহাটীলৈ কুইজ কৰিবলৈ গৰমৰ দিন এটাত প্ৰিন্স আহিছে , ৰেলৰ ঠেলাহেচাৰ মাজত , লগত প্ৰিন্সৰ মা ৷ ছাৰে বাৰ্তাটোত আৰু লিখিছে -- 'ৰাতি মই ঘৰলৈ আহি নতুন অসমীয়া ভূচিত্ৰাৱলীৰ পৰা অবিভক্ত বৰপেটা জিলাৰ মেপখন চালোঁ । সৰুপেটা ৰেল ষ্টেছনৰ পৰা নিলগত ‘হস্তিনাপুৰ’ নামৰ ঠাই এখন দেখুওৱা আছে ! কাষেদি নীলা ৰেখাৰ এখন নদী ‘পহুমৰা’ ৷
এইখিনিতেই ক'ৰবাত প্ৰিন্স উজীৰ থাকে । ৰাতি ই-ৰিক্সাত উঠি আন্ধাৰৰ মাজে মাজে প্ৰিন্স উজীৰ ঘৰলৈ বুলি গৈ থাকিব । মাকৰ লগত ! হাঠিনাপুৰলৈ । গুগল মেলিলোঁ । প্ৰিন্স উজীৰ মাকৰ লগত কোনখন ৰে'লত সৰুপেটালৈ বুলি গৈ আছে ? চিফুং এক্সপ্ৰেছ চাগে ! ৮ বাজি যোৱাৰ পাছত সৰুপেটা ষ্টেছন পাবগৈ । এই তৰুণ বয়সতে এই যাত্ৰা আৰম্ভ কৰিছে ! প্ৰিন্স উজীৰে । হিমাংশু ডেকাই । আৰু সিহঁতৰ বয়সৰ বহুতে । সিহঁতৰ এই যাত্ৰাত মাকবিলাক মাক হৈ নাথাকে । নিজেই সহযাত্ৰী হৈ যায় সন্তানৰ । সন্তানক পৃথিৱীৰ বাট পোনায় ।' ছাৰৰ কথাখিনি পঢ়ি বহুসময় মই নিৰৱে টেবুলত বহি ৰ’লোঁ ৷ বাট পোনোৱাটো যে কিমান গুৰুত্বপূৰ্ণ আৰু একে সময়তে কিমান কঠিন কাম তাকে ভাবি থাকিলোঁ । উজীৰৰ মা কিমানলৈ পঢ়িছে নাজানো , উজীৰৰ মাৰ বিশ্ববিদ্যালয়ৰ ডিগ্ৰী হয়তো নাই , কিন্তু তেওঁ এক আৰ্হি হৈ থিয় দিছে , তেওঁ কেৱল প্ৰিন্সৰ মা নহয় , হাজাৰজনী মাৰ বাবে প্ৰেৰণা লাভ কৰিব পৰা আৰ্হি হৈ থিয় দিছে ।
আৰ্হি হোৱাটোও এক সাধনা , সমাজখনত ক'ৰবাত কিবা এটা ভাল কাম আৰম্ভ হ’ব লাগিব , কোনোবাই হ’লেও এটা ভাল কাম আৰম্ভ কৰিব লাগিব , এটা উদাহৰণে বহুকেইটা উদাহৰণৰ বাট দেখুৱাব পাৰে , এই সম্ভাৱনীয়তা কঢ়িয়াই লৈ সন্তানৰ বাট পোনোৱা প্ৰিন্সৰ মা এই উদাহৰণবোৰৰ সমদলত প্ৰথম শাৰীতে যোগদান কৰিছে ।
সফল অভিভাৱক আৰু আৰ্হি অভিভাৱকৰ মাজতো এটা তফাৎ নথকা নহয় , সফলতা শব্দটোও গণ্ডগোলীয়া , দৃষ্টি সাপেক্ষ । সেইহেতু সফল হোৱাতকৈও সম্পদ হোৱাটো বেছি প্ৰয়োজন আৰু সম্পদ হবলৈ আৰ্হি অভিভাৱকত্বৰ প্ৰভাৱ লাগে ।
মোৰ প্ৰিয় দুখন কিতাপ টেবুলতে ৰাখোঁ । এখন 'মোৰ শৈশৱ মোৰ কৈশোৰ' আৰু আনখন 'ৰূপান্তৰত মই'। দুজন খ্যাত ব্যক্তিত্বৰ পঢ়াশলীয়া জীৱনটোৰ বৰ্ণনা থকা আত্মকথা । ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ 'মোৰ শৈশৱ মোৰ কৈশোৰ'ত তেওঁৰ মা-দেউতাৰ বিষয়ে বহুবোৰ কথা আছে , তেওঁৰ জীৱনটোক বাট দেখুওৱাত থকা প্ৰভাৱৰ কথা আছে । দাৰিদ্ৰপিড়ীত দেউতাকে এদিন শিশু ভবেনক কৈছিল , ‘তঁহতে পঢ় , মোক শিক্ষা লাগে , শিক্ষাৰ বাবে প্ৰয়োজন হ’লে মই ভিক্ষা খুজিম ।' এইখন পৃথিৱীৰ চূকে কোণে কত পিতৃ-মাতৃ আছে , কতজনে এইদৰে কৈছে । এইদৰে কোৱাটোৱেই বহু কথা বুজায় । তেতিয়া তেওঁলোক ৰবেন্দ্ৰ কুমাৰ দাস ছাৰে কোৱাৰ দৰে কেৱল পিতৃ-মাতৃ হৈ নাথাকে । তেওঁলোক নিজেই সন্তানৰ সহযাত্ৰী হৈ পৰে । সহযাত্ৰী হোৱাটো আৰ্হি । এনে আৰ্হি হ’ব পৰাটোত কষ্ট , পৰিশ্ৰম থাকিলেও প্ৰশান্তি আছে । শিশু অমৰজ্যোতিয়ে এদিন মাকক সুধিলে , ‘মানুহে যে সোধে , খেলিবি নে নাটক কৰিবি নে পঢ়িবি , তিনিওটা কৰিব নোৱাৰি নেকি ? হাঁহি হাঁহি মাকে উত্তৰ দিলে , - ‘কিয় নোৱাৰিবি , কিন্তু পঢ়া-শুনাও কৰিব লাগিব তাৰ লগতে । মাকে এইদৰে শিশু অমৰক পঢ়া-শুনাৰ বাট দেখুৱালে , আবেলি উজানবজাৰ ঘাটলৈ গৈ নদীখন দেখুৱালে , নদীৰ দৰে সহনশীল , অবিৰাম গতিশীল হ’বলৈ উপদেশ দিলে , ঘৰতে মাকে আবৃত্তি কৰিবলৈ শিকালে , অভিনয়ৰ অনুশীলন কৰোৱালে , জন্মদিনত দেউতাক লক্ষ্যধৰ চৌধুৰীয়ে পুতেকক এটা কবিতা লিখি উপহাৰ দিলে , পিছৰ বছৰত এখন নাটক , মাহেকে পষেকে চুবুৰীত থকা নাট্য মঞ্চত নাটক কৰিবলৈ দিলে , চিনেমাত অভিনয় কৰিবলৈ কলকাতালৈ পঠিয়ালে ৷ এইবোৰেই পোহৰ , পিতৃ মাতৃয়ে সন্তানক দিব পৰা পোহৰ , অমৰজ্যোতি চৌধুৰী ছাৰৰ ভাষাত কেউফালে যেন পোহৰৰ পোহাৰ , পোহৰেই পোহৰ । চৌধুৰী ছাৰৰ আত্মকথা 'ৰূপান্তৰত মই'ৰ এঠাইত আছে- ‘পঢ়া-শুনাৰ লগতে মায়ে মোক চিনাকি কৰি দিছিল পখিলা , কুমজেলেকুৱাৰ সৈতে , শিকাইছিল আমাৰ জীৱনত এইবোৰ জীৱৰ গুৰুত্বৰ কথা , গোঁজৰ পৰা গছ হোৱাৰ ৰহস্যৰ কথা । ‘ক’ মানত পঢ়া কণমানি অমৰৰ পৰীক্ষাৰ ফলাফল বেয়া হ'ল , সেইদিনা মাকে হঠাতে অমৰক ক’লে , “ব'ল , নৈৰ পাৰৰ পৰা আহোগৈ ।’ পিছত অমৰজ্যোতি চৌধুৰীয়ে কিতাপখনত লিখিছে- ‘মা , মই , মাইনু আৰু অঞ্জন গৈ নৈৰ পাৰ পালোগৈ । নৈৰ পাৰত আমি বহি থাকোঁতে মায়ে মোক ক'লে - নৈৰ কাম কি ? বৈ থকা হয়নে নহয় ? নৈয়েতো অনবৰত বৈয়েই থাকে । নৈ যদি ভাল পাৱ তয়োতো নৈৰ নিচিনা হ’ব লাগিব । তোৰ কাম যেতিয়া পঢ়া , তয়ো পঢ়িয়েই থাকিব লাগিব । হয় নে নহয় ?
এই এষাৰ বাক্যই শিশুটিক সলনি কৰি দিলে আৰু কিছু বছৰ পিছত সেই শিশুটিয়েই মেট্ৰিক পৰীক্ষাত ৰাজ্যখনৰ ভিতৰতে প্ৰথম স্থান লৈ উৰ্ত্তীণ হ’বলৈ সক্ষম হ'ল , পৰৱৰ্তী সময়ত তেওঁ বিদেশলৈ গৱেষণা কৰিবলৈ গ'ল , বিশ্ববিদ্যালয়ৰ অধ্যাপক হ'ল , উপাচাৰ্য হ'ল । এই কাহিনীৰ আৰম্ভণি সেইদিনা নৈৰ পাৰতে হৈছিল , ‘ক’ মান শ্ৰেণীত পঢ়ি থাকোতেই ৷ আৰম্ভণি কৰিছিল শিশুটিয়েই , তৰুণ বয়সতে , কাষত আছিল মাক , দেউতাক । জীৱনৰ আগডোখৰতে এই বাট চিনাই দিব লাগিব , চিনাই দিব মাকে , দেউতাকে আৰু সমাজখনে ।
গাঁওখনত চুবুৰীটোত যে মইনামেল হয় , শিশুৱে গীত গোৱাৰ অনুশীলন কৰে , বুঢ়া আৰু শিয়ালৰ ভাও দিয়ে , হাতেলিখা আলোচনী উলিয়ায় , সভা পাতে , বক্তৃতা দিয়ে -- এইবোৰো পোহৰৰ মেলা । এইবোৰ অনুষ্ঠিত কৰাটো গাঁওখনৰ জ্যেষ্ঠ মানুহখিনিৰ কৰ্তব্য । এইবোৰে শিশুহঁতক বাট দেখুৱায় , প্ৰতিভা বিকাশৰ সুযোগ দিয়ে , এইবোৰৰ মাজেৰেই গাওঁখন , চুবুৰীটো শিশুজাকৰ যাত্ৰাত সহযাত্ৰী হয় । এই সহযাত্ৰী হোৱা কথাটো এটা আৰ্হি । এনে আৰ্হি গাঁৱৰ সংখ্যা বাঢ়িবনে ? মই মোৰ গাঁওখনৰ কথা মনত পেলালোঁ , মনত পেলালোঁ গাঁওখনৰ নাট্য গোষ্ঠীটোৰ কথা , প্ৰতিভা সন্ধানী পৰীক্ষাত বহাৰ কথা , প্ৰাচীৰ পত্ৰিকা উলিওৱাৰ কথা , কুইজ কৰিবলৈ বহুদুৰলৈ চাইকেলত ইজন সিজনৰ সৈতে উঠি যোৱা , তৰ্কত ভাগ লোৱাৰ কথা । মনত পৰিল মাই প্ৰথম মোক কবিতা লিখিবলৈ কোৱা কথা আৰু মাৰ কথামতে পঞ্চম শ্ৰেণীত লিখা কবিতাটো- ‘তৰা’ৰ কথা । যেন মই পলকতে প্ৰিন্স হৈ গ’লোঁ , মোৰ মা হৈ পৰিল প্ৰিন্সৰ মা , ৰেলৰ ঠেলাহেচাৰ মাজত সৰুপেটালৈ গৈ আছোঁ , বুকুত সাৱটি লৈ গৈ আছোঁ কুইজৰ প্ৰমাণ পত্ৰখন , দিনটোৰ ভাগৰত মা ক্লান্ত , মই মালৈ চালোঁ - মা ভাগৰা নাই । ভাগৰিলে জীৱন হেৰায় , পোহৰ পলায় ।
বহু পলমকৈ মই ৰবেন্দ্ৰ কুমাৰ দাস ছাৰলৈ এটা মেছেজ লিখিলোঁ - 'আমাৰ তাতে এজন দুখীয়া ছাত্ৰী , যোৱাবাৰ এ পি এছ পালে , এদিন দেউতাকে মোক কলে 'মই অটোৰিক্সা চলোৱা মানুহ , বিশেষ একো নাজানো , সহায়নো কি কৰিম, কিন্তু তাই য’লৈ গৈছে, মই লগত গৈছোঁ , ৰাতিলৈ পঢ়ি আছে, মই কাষত বহি আছো , তাই মোক ছাত্ৰ বুলি ভাবি লৈ মোকে বুজাই আছে , মই বাধ্য ছাত্ৰৰ দৰে ছোৱালীৰ পাঠৰ অনুশীলনত সহযোগ কৰিছোঁ । এইখিনিয়েই আমি কৰিব পৰা বিধৰ ।' ছাৰ এইবোৰেই আৰ্হি , এইবোৰেই পোহৰ ।
ড০ দুলাল হাজৰিকা
সহকাৰী অধ্যাপক, শিক্ষা বিভাগ, বিদ্যাভাৰতী মহাবিদ্যালয়
ফোনঃঃ ৯৩৬৫০৩৯১৫১
সহকাৰী অধ্যাপক, শিক্ষা বিভাগ, বিদ্যাভাৰতী মহাবিদ্যালয়
ফোনঃঃ ৯৩৬৫০৩৯১৫১
0 Comments