header ads

সাক্ষাৎকাৰ, তীৰ্থমণি ডেকা , ৪ৰ্থ বছৰ ৪ৰ্থ সংখ্যা,

 সাক্ষাৎকাৰঃ










      ই-আলোচনী ‘জ্ঞানম’ৰ চতুৰ্থ বছৰ , চতুৰ্থ সংখ্যাৰ সাক্ষাৎকাৰ শিতানৰ বাবে আমি যোগাযোগ কৰিছিলোঁ লেখক তথা প্ৰশাসনিক বিষয়া আৰণ্যক শইকীয়াদেৱক ৷ ২০২০ বেটছৰ আই এ এছ বিষয়া শইকীয়াদেৱে বৰ্তমান কোকৰাঝাৰৰ অতিৰিক্ত জিলা আয়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি হিচাপে কৰ্মৰত ৷ সুদক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ উপৰিও তেখেত এগৰাকী প্ৰতিভাৱান নিবন্ধকাৰ তথা গল্পলেখক ৷ অসমৰ বিভিন্ন কাকত , আলোচনীত তেখেতৰ গল্প আৰু প্ৰবন্ধ প্ৰকাশ পাই আহিছে ৷ উল্লেখযোগ্য যে তেখেতৰ মাতৃ লীনা শৰ্মা আৰু পিতৃ কুলধৰ শইকীয়া -- দুয়োগৰাকী শ্ৰদ্ধেয় ব্যক্তিয়েই দক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ উপৰিও অসমৰ সাহিত্য জগতৰ স্বনামধন্য ব্যক্তি ৷ আমি , জ্ঞানমৰ ফালৰ পৰা তেখেতৰ সৈতে যোগাযোগ কৰাত অতি ব্যস্ততাৰ মাজতো তেখেতে আগ্ৰহেৰে সন্মতি প্ৰদান কৰিছিল ৷ তেখেতৰ এই বদান্যতাৰ বাবে জ্ঞানম শৈক্ষিক গোটৰ তৰফৰ পৰা তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ৷ তেখেতৰ সৈতে হোৱা কথোপকথনৰ সম্পাদিত ৰূপ জ্ঞানমৰ পাঠকসকললৈ আগবঢ়ালোঁ ৷

        ছাৰ , শৈক্ষিক গোট জ্ঞানমৰ তৰফৰ পৰা আপোনাক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ । আপোনাৰ দৰে সফল ব্যক্তি এগৰাকীৰ সাক্ষাৎকাৰ গ্ৰহণ কৰাৰ সুবিধা পাই আমি ধন্য হৈছোঁ । আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে ২০২০ চনৰ ক’ভিডকালীন সময়ছোৱাত , ১৬ আগষ্ট তাৰিখে আমি কামৰূপ জিলাৰ চৰকাৰী বিদ্যালয়ৰ কেইগৰাকীমান শিক্ষকে জিলা আঁচনি বিষয়া ফুলপাহি নাথ বাইদেউৰ  তত্বাৱধানত আলোচনা কৰি ই-আলোচনী প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ । ২০২০ চনৰ ২ ছেপ্টেম্বৰত জন্ম হোৱা শৈক্ষিক গোট জ্ঞানম কামৰূপৰ উদ্যোগত আৰু কামৰূপ জিলা শিক্ষা বিভাগৰ সহযোগত প্ৰকাশ হোৱা ই-আলোচনী জ্ঞানমৰ এতিয়ালৈকে চাৰিটা বছৰত ১৭ টা সংখ্যা উন্মোচন হৈছে ৷ এইটো অষ্টাদশ সংখ্যা । বিভিন্ন শৈক্ষিক কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে আমি ‘কামৰূপৰ ঐতিহ্য’ নামৰ কিতাপখন প্ৰকাশ কৰিছোঁ ২০২৩ বৰ্ষত ৷ আগলৈকে আমি আমাৰ শৈক্ষিক গোট জ্ঞানম , কামৰূপৰ বিষয়ে অধিক অৱগত কৰিম ।
ছাৰ , সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ প্ৰশ্ন আৰম্ভ কৰোঁ ।

আৰণ্যক শইকীয়াঃ ধন্যবাদ জ্ঞাপন কৰিলোঁ শৈক্ষিক গোট জ্ঞানম , কামৰূপক ।

(১) জ্ঞানমঃ  আপোনাৰ শৈশৱৰ বিষয়ে কওকচোন ৷ পিতৃ-মাতৃ দুয়োগৰাকীয়েই দায়িত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰিছিল ৷ আপোনাৰ জীৱনত তেখেতসকলৰ প্ৰভাৱৰ বিষয়ে জানিব পাৰিলে ভাল পাম ৷ 

আৰণ্যক শইকীয়াঃ  মোৰ জন্ম গুৱাহাটীত হৈছিল । মোৰ শিক্ষা প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে গুৱাহাটীৰ ডনবস্ক বিদ্যালয়ত হৈছিল । প্ৰশিক্ষণৰ কাৰণে দেউতা এবছৰৰ কাৰণে আমেৰিকাত থাকোঁতে মই আমেৰিকাৰ ইষ্টাৰ্লি পাৰ্ক বিদ্যালয়ত এবছৰ পঢ়িছিলোঁ । দ্বাদশ শ্ৰেণীৰ পিছত দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজত স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰিছিলোঁ ৷ দিল্লী স্কুল অফ ইকনমিক্সৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰাৰ উপৰিও এম. ফিল ডিগ্ৰী লৈছিলোঁ । মা-দেউতাৰ পদবীৰ প্ৰভাৱ শৈশৱত কোনো দিনে অনুভৱ কৰা নাই । নিজৰ কৰ্তব্য পালন কৰাৰ সমানে মোৰ পঢ়া-শুনাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল দেউতাই । সৰুৰে পৰা মায়ে মোক বিদ্যালয়লৈ লৈ গৈছিল । বিদ্যালয়ৰ বিভিন্ন অনুষ্ঠানত মায়ে অভিভাৱকৰ দায়িত্ব পালন কৰিছিল । পঢ়া-শুনা কৰাত গুৰুত্ব দিয়াৰ উপৰিও দেউতাই ফুটবল , টেনিছ , বেডমিন্টন আদি খেলৰ প্ৰতি উৎসাহিত কৰিছিল । সেয়েহে সৰুৰে পৰা খেলৰ প্ৰতি মোৰ বিশেষ ৰুচি গঢ়ি উঠিছিল । এতিয়াও সময় পালে খেলত মগ্ন হৈ পৰোঁ । মা-দেউতাই সৰুৰে পৰাই বিভিন্ন বিষয়ৰ কিতাপ আনি দিছিল পঢ়িবলৈ । মা-দেউতাৰ পঢ়াৰ প্ৰতি ধাউতি দেখি সৰুৰে পৰা মোৰো আজৰি সময়ত পঢ়াৰ প্ৰতি আগ্ৰহ বাঢ়িছিল । এইদৰে পঢ়াৰ প্ৰতি সৃষ্টি হোৱা আগ্ৰহে পিছলৈ লিখা-মেলা কৰাত সহায় কৰিছিল ।

(২) জ্ঞানমঃ  আপুনি অসামৰিক সেৱাৰ প্ৰতি আকৰ্ষিত হোৱাৰ কিবা কাৰণ আছে নেকি ? অসামৰিক সেৱা পৰীক্ষাৰ বাবে আপুনি কিদৰে প্ৰস্তুতি চলাইছিল সেই সম্পৰ্কে দুআষাৰ ক’লে আমাৰ ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ’ব ৷ 

 আৰণ্যক শইকীয়াঃ  অসামৰিক সেৱাৰ প্ৰতি আকৰ্ষিত হোৱাৰ কোনো ধৰণৰ কাৰণ নাই । সৰুৰে পৰা এই বিষয়ত কোনো ধৰণৰ ইচ্ছা নাছিল । যেতিয়া দিল্লীত স্নাতকোত্তৰ পাঠ্যক্ৰম পঢ়ি আছিলো তেতিয়া মনত দুটা প্ৰশ্ন উত্থাপিত হৈছিল - ভৱিষ্যতে শৈক্ষিক দিশত মোৰ কৰ্মৰাজি ভাল হ'ব নে অসামৰিক সেৱা ভাল হ'ব ? সেই সময়ত মোৰ সহপাঠীৰ প্ৰায় সৰহসংখ্যকেই কৰ্পোৰেট ক্ষেত্ৰত মকৰল হৈছিল । কৰ্পোৰেট ক্ষেত্ৰত আৰ্থিক অৱস্থা স্বচ্ছল । কৰ্পৰেট ক্ষেত্ৰত মকৰল হোৱাৰ মোৰ ইচ্ছা নাছিল ৷ এম. ফিল পাঠ্যক্ৰম গ্ৰহণ কৰি থাকোঁতে ইউ.পি. এছ. চি পৰীক্ষাৰ প্ৰতি আগ্ৰহ বাঢ়িছিল আৰু মনতো ঠিৰাং কৰি লৈছিলোঁ -- কৃতকাৰ্যতা লাভ নকৰালৈকে অন্ততঃ তিনিবাৰ পৰীক্ষা দিম । কৃতকাৰ্যতা লাভ নকৰিলে এম. ফিলৰ পিছত পি. এইচ. ডি. কৰি শৈক্ষিক ক্ষেত্ৰখনত চাকৰি কৰিম ।
     ইউ পি এছ চি পৰীক্ষাৰ প্ৰস্তুতিৰ কাৰণে আগৰ কেইটামান বছৰৰ প্ৰশ্নসমূহ উলিয়াই লৈছিলোঁ । সেই সময়ত ইউ টিউবত পৰীক্ষা সম্পৰ্কে বহুতো ভিডিঅ' চাইছিলোঁঁ । এন চি ই আৰ টি কিতাপ , গাইড বুক , মডেল প্ৰশ্ন উত্তৰ কিতাপ , মক টেষ্ট আদি পুংখানুপুংখভাৱে কৰিছিলোঁ ৷ এই একাগ্ৰতা তথা অধ্যৱসায়ৰ কাৰণে মই ইউ পি এছ চি পৰীক্ষাত সফলতা লাভ কৰিছিলোঁঁ ।
 
(৩) জ্ঞানমঃ  আপোনাৰ দেউতা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হোৱাৰ উপৰিও এগৰাকী সু-সাহিত্যিক ৷ তেখেতে অসম সাহিত্য সভাৰ সভাপতিৰ আসনো অলংকৃত কৰিছে ৷ তেখেতৰ পদবীৰ কাৰণে পুত্ৰ হিচাপে আপোনাৰ ওপৰত চাপ থাকে নে ?

আৰণ্যক শইকীয়াঃ  দেউতাৰ চৰকাৰী পদবী আৰু সাহিত্য ক্ষেত্ৰৰ সুনাম আদি কথাই পুত্ৰ হিচাপে মোৰ ওপৰত কোনো ধৰণৰ চাপ পেলোৱা নাছিল । স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম গ্ৰহণ কৰি থকালৈকে এই বিষয়ত কোনো কথা ভবাই নাছিলোঁ । অইনৰ দৰে মোৰ দেউতায়ো এটা চাকৰি কৰে তাৰ বাদে পদবী বা পদমৰ্যাদাৰ কথা সৰুৰে পৰা মা-দেউতাই অনুভৱ কৰিব দিয়া নাছিল ৷ মই নিজে পুলিচৰ চাকৰিত সোমোৱাৰ পিছত লগৰবোৰে কোৱাতহে দেউতা অসম আৰক্ষী সঞ্চালক প্ৰধান সেই ভাৱতো আহিছিল প্ৰথম । বহু সময়ত দেউতা অসম আৰক্ষী বেলেগ বেলেগ পদবীত কৰ্মৰত হৈ থাকোঁতে ইউনিফৰ্ম পিন্ধা নাছিল । চি আই ডি, সীমান্ত আৰক্ষীত থাকোঁতে দেউতা আৰক্ষীত কৰ্মৰত আছিল বুলি ভৱাই নাছিলোঁ ৷

(৪) জ্ঞানমঃ  অসমীয়া সকলে অসমীয়া প্ৰশাসনিক সেৱাৰ বিষয়া সকলৰ পৰা যথেষ্ট আশা কৰে অসমৰ উন্নতিৰ ক্ষেত্ৰত ৷ এই প্ৰত্যাশাৰ প্ৰতি লক্ষ্য ৰাখি আপোনাৰ নিজা কিবা কৰ্মআঁচনি আছে নেকি ?

আৰণ্যক শইকীয়াঃ  সৰু থাকোঁতে ময়ো প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ সকলৰ কাৰণে গৌৰৱ অনুভৱ কৰিছিলোঁ । মনটো বহুত ভাল লাগে ৷ সৰুৰে পৰা অনুভৱ কৰিছোঁঁ যে মানুহে অসমীয়া প্ৰশাসনিক সেৱাৰ বিষয়া সকলৰ পৰা যথেষ্ট আশা কৰে । 
     কৰ্ম আঁচনি প্ৰস্তুত কৰা আছে । কিছুমান কাম সৰুকৈ হ'লেও আৰম্ভ কৰিছোঁ আৰু কিছুমান কাম পিছলৈ কৰাৰ পৰিকল্পনা আছে ।   এইখিনিতে কেইটামান কামৰ কথা কবলৈ ওলাইছোঁ -----

(ক) নামনি অসমৰ মোৰ লগত সম্পৰ্কত থকা বিভিন্ন ল'ৰা ছোৱালীক প্ৰশাসনিক সেৱাৰ পৰীক্ষা সংক্ৰান্তত গাইড কৰি আছোঁ ।

‌(খ) মোৰ নিজৰ ব্লগত মোৰ প্ৰস্তুতি আৰু পঠনৰ উৎসবোৰ বিতংকৈ লিখিছিলোঁ । ইউ টিউবত বিভিন্ন ধৰণৰ ভিডিঅ' আপলোড কৰিছোঁ যাতে অন্য সকলৰ সুবিধা হয় ।

‌(গ) প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত যিসকলে ফোনৰ জৰিয়তে যোগাযোগ কৰে বা কথা পাতে , তেওঁলোকক মই সম্পূৰ্ণ সহায় কৰোঁ আৰু সময় দিওঁ ৷

‌(ঘ) গোঁসাই গাঁওৰ মহকুমা পুথিভঁৰালত প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে এটা শাখা বনাইছোঁঁ । বিভিন্ন বিষয়ৰ কিতাপ ৰাখিছোঁ । কিছু নিয়মৰ মাজেৰে কিতাপবোৰ ১৪ দিনলৈ পঢ়িবলৈ নিব পাৰে ।

‌(ঙ) বিভিন্ন ঠাইত মই নিজাববীয়াকৈ গ্ৰাম্য পুথিভঁৰালৰ উন্নতিত গুৰুত্ব আৰোপ কৰিছোঁ ।

‌(চ) এইবাৰ অসম চৰকাৰে চৰকাৰী বিদ্যালয় সমূহত অনুষ্ঠিত কৰিব দিয়া গ্ৰীষ্মকালীন শিবিৰত বহু কেইখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলক প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ লগতে অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিষয়ত অৱগত কৰাৰ উপৰিও সেইবোৰ পৰীক্ষাত কেনেদৰে প্ৰস্তুতি চলাব লাগে সেইবিষয়ে যথাসম্ভৱ তথ্য প্ৰদান কৰোঁ ৷ ইয়াৰ উপৰিও আমি গোঁসাইগাঁওত দুই তিনিবাৰ শীতকালীন কৰ্মশালা অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰী সকলৰ মাজত থলুৱা নৃত্য , গীত , সংস্কৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ । সঙ্গীত , ৰাজহুৱা ভাষণ , চিত্ৰাংকন , প্ৰতিভা সন্ধানী পৰীক্ষা ব্যক্তিগত প্ৰচেষ্টাত অনুষ্ঠিত কৰিছোঁ ৷ 
‌      এইখিনিতে মই এটা কথা উল্লেখ কৰিম যে আমি অসমীয়া প্ৰশাসনিক সেৱাৰ বিষয়া সকলে তথা চৰকাৰী কৰ্মচাৰী সকলে নিজৰ দায়িত্ব  সুচাৰুৰূপে পালন কৰিলে অসমখন উন্নতিৰ পথত আগুৱাই যোৱাত বহু সহায়ক হ'ব । আমি নিজৰ কৰ্ম সৰলভাবে আৰু নিষ্ঠাৰে কৰিলে সাধাৰণ মানুহৰ উপকাৰ হ'ব আৰু সেই মানুহৰ মাজত চৰকাৰী ব্যৱস্থাৰ প্ৰতি আস্থা বাঢ়িব ।  মোৰ ইচ্ছা গৃহ জিলা কামৰূপত শৈক্ষিক গোট জ্ঞানমৰ উদ্যোগত অনুষ্ঠিত কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী সকলৰ লগত মনৰ ভাব আদান প্ৰদান কৰিব পাৰিম অতি সোনকালে ।

(৫) জ্ঞানমঃ  ৰাজ্য ও ৰাষ্ট্ৰৰ প্ৰশাসনিক সেৱাৰ প্ৰতি আমাৰ শিক্ষাৰ্থীসকলক উদ্ধুদ্ধ কৰাটো , দিকদৰ্শন কৰাটো অতি জৰুৰী বুলি সকলোৱে ক'ব খোজে । কিন্তু , বহু সময়ত দেখা যায় যে এই প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে লাগি বহুতে নিজৰ যথেষ্ট সময় তথা অন্যান্য সুযোগো হেৰুৱাব লগাত পৰে ; বিশেষকৈ যিহেতু সাম্প্ৰতিক সময়ত চাকৰিমুখী হোৱাতকৈ শিক্ষাৰ্থীক স্ব-উদ্যমিতামুখী কৰি তোলাৰ ওপৰতো প্ৰচুৰ গুৰুত্ব প্ৰদান কৰা হৈছে... এই ক্ষেত্ৰত আপুনি কি মত পোষণ কৰে ?

আৰণ্যক শইকীয়াঃ  ছাত্ৰ-ছাত্ৰী সকলে কিহত সবল , কিহত দুৰ্বল সেইটো বাছনি বা চিনাক্ত কৰি ল'ব লাগে ৷ এই ক্ষেত্ৰত শিক্ষক আৰু অভিভাৱকৰ দায়িত্ব অপৰিসীম । এজন ল’ৰা বা ছোৱালী পঢ়াত ভাল নহ'লেও ব্যৱসায়িক ক্ষেত্ৰখনত ভাল হ'ব পাৰে । কিছুমানে আকৌ প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল । তেওঁলোকে প্ৰতিযোগিতামূলক পৰীক্ষাত আগবঢ়া উচিত । চাকৰি কৰিম বা চাকৰি পামেই এই চিন্তাৰ দ্বাৰা প্ৰভাৱিত নহৈ যিকোনো ধৰণৰ ষ্টাৰ্ট আপ আৰম্ভ কৰিব লাগে বা উদ্যমিতামুখী হ'ব লাগে ।

(৬) জ্ঞানমঃ  এটা অতি গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰাৰ পিছতো আপুনি ছিৰিয়াছ লেখা মেলাও কৰি আছে ৷ লেখা-মেলাৰ বাবে আপুনি কিদৰে সময় উলিয়ায় ?

আৰণ্যক শইকীয়াঃঃ মোৰ লিখা-মেলাৰ নিৰ্দিষ্ট সময় নাই । বিভাগীয় দায়িত্বৰ পৰা আজৰি হৈ অলপ বেছি সময় পালে ৪-৫ পৃষ্ঠা লিখোঁঁ । কৰ্মক্ষেত্ৰৰ পৰা আহোঁতে যি দেখো বা দৈনন্দিন জীৱনত যি অভিজ্ঞতা আহৰণ কৰোঁ সেয়ে লিখোঁঁ । 

(৭) জ্ঞানমঃ  আপোনাৰ শৈশৱৰ যিকোনো এটা নষ্টালজিয়াৰ বিষয়ে কওকচোন ৷

আৰণ্যক শইকীয়াঃ  শৈশৱৰ নষ্টালজিয়াৰ বিষয়ে হঠাতে কোৱা কঠিন। মই পঢ়া গুৱাহাটীৰ ডনবস্ক’ বিদ্যালয়ত প্ৰতি বছৰে ‘বছৰৰ শ্ৰেষ্ঠ ষ্টুডেণ্ট’ বাছনি কৰে । পুৰস্কাৰ প্ৰদান কৰা হয় বছৰেকীয়া অনুষ্ঠানত ৷ দশম শ্ৰেণীত পঢ়ি থকা বছৰ মোৰ পৰীক্ষাৰ প্ৰস্তুতি ভাল হোৱা নাছিল । শ্ৰেষ্ঠ ষ্টুডেণ্ট বিভিন্ন ধৰণৰ পৰীক্ষা তথা পৰ্যবেক্ষণ কৰি বাছনি কৰে । গতিকে মই বাছনি হোৱা নাছিলোঁ ৷ দুই তিনিদিনলৈ মোৰ মন বেয়া লাগি আছিল । দেউতাই মন বেয়া কৰাৰ কাৰণ গম পাই কৈছিল , ‘এটা পৰীক্ষাত উত্তীৰ্ণ হোৱা নাই মন বেয়া নকৰিবা । এই পুৰস্কাৰ লাভ কৰিলেও ই তোমাৰ জীৱনত একো বিশেষ সহায়ক নহয় । কিন্তু তুমি যদি পঢ়া-শুনাত ভাল হৈয়ো শৈক্ষিক তথা প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰা সেইটোহে তোমাৰ জীৱনত ক্ষতিকাৰক হ'ব ৷ সৰু সৰু পৰীক্ষাত সময় খৰচ কৰা , মন বেয়া কৰাতকৈ ডাঙৰ পৰীক্ষাৰ কাৰণে মন সবল কৰাটো জৰুৰী । লং টাৰ্ম গ'ল (Goal) অথবা ডাঙৰ সপোন সদায় জৰুৰী । আমি সৰু সৰু লক্ষ্যত লাগি থাকি ডাঙৰ লক্ষ্যৰ কথা পাহৰি থাকোঁঁ ৷ সেয়েহে সকলোৰে মাক-দেউতাকে ল'ৰা ছোৱালীক কাউন্সিল কৰিলে বা ধনাত্মক চিন্তা দিব পাৰিলে ভাল হয় । বহুতো ক্ষেত্ৰত লগ সমনীয়া যিদৰে আগবাঢ়ি যোৱাত সহায়ক একেদৰে বহুতো ক্ষেত্ৰত আকৌ বাধা স্বৰূপোো হয় ।
 
(৮) জ্ঞানমঃ  আমাৰ দৃষ্টিত আপুনি এগৰাকী সফল ব্যক্তি ৷ আপুনি নিজৰ বিষয়ে কি ভাবে ?

আৰণ্যক শইকীয়াঃ  যদি মই নিজকে সফল বুলি ভাবোঁ তেন্তে মোৰ সকলো শেষ হৈ যাব । সফলতা এটা ৰিলেটিফ টাৰ্ম । সফলতা নিজৰ দৃষ্টিত আৰু আনৰ দৃষ্টিকোণেৰে ভিন্ন । ইয়াক একাকাৰ কৰিব নোৱাৰি ।‌ নিজকে সফল বুলি ভবা মানে মোৰ অহংকাৰ ভাব আহি যাব । এনে ক্ষেত্ৰত সকলোৰে অসফলতা হে আহিব । সফলতা এটা স্তৰ নহয় । সফলতা এক অবিৰত যাত্ৰা । আমি সদায় নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰাত গুৰুত্ব আৰোপ কৰিব লাগে , তাৰ পিছত অন্য কথাত গুৰুত্ব দিব লাগে । বহুতো ক্ষেত্ৰত আমি নিজৰ কৰ্মতকৈয়ো অন্য কথাত গুৰুত্ব আৰোপ কৰোঁঁ । ই সফলতাৰ ক্ষেত্ৰত প্ৰধান হেঙাৰ ।
 
জ্ঞানমঃ  ধন্যবাদ জ্ঞাপন কৰিলোঁ ছাৰ । আপুনি আপোনাৰ ব্যস্ততাৰ মাজতো আমাক এইখিনি সময় দি ছাত্ৰ-ছাত্ৰী সকল উপকৃৃৃত হোৱাকৈ কিছুমান বিষয়ৰ ওপৰত বহলাই আলোকপাত কৰিলে । আমি আশা কৰিম , অদূৰ ভৱিষ্যতে আমাৰ শৈক্ষিক গোট জ্ঞানমৰ কোনো কৰ্মশালাত আপোনাক সমল ব্যক্তি হিচাবে পাম নিশ্চয় ।

আৰণ্যক শইকীয়াঃ  ধন্যবাদ । মই সম্পূৰ্ণ চেষ্টা কৰিম । লগতে আপোনালোকৰ শৈক্ষিক গোট জ্ঞানমৰ দ্বাৰা প্ৰকাশিত ‘কামৰূপৰ ঐতিহ্য’ কিতাপখন পাম বুলি আশা কৰিলোঁ ৷




জ্ঞানমৰ হৈ সাক্ষাৎ গ্ৰহণ কৰিলে -----
তীৰ্থমণি ডেকা 
সভাপতি , জ্ঞানম শৈক্ষিক গোট , কামৰূপ

Post a Comment

0 Comments