header ads

অসমীয়া কবিতা, জুই, বিজয় বেজবৰুৱা, ৪ৰ্থ বছৰ ৪ৰ্থ সংখ্যা

 জুই





তেওঁলোকে জুইকুৰা
জ্বলাই দিলে

আৰু
আমি ঘিউ ঢালিলোঁ তাত....

এতিয়া চোৱা---
কেনেকৈ ধোঁৱা হৈ গৈছে গাঁওবোৰ
কেনেকৈ উৰি গৈছে পাখি পোৰা চৰাইবোৰ
কেনেকৈ গোন্ধাই আছে কলিজাবোৰ---

দিনবোৰ ৰাতি হোৱাৰ আগতেই
আমি বাৰু কিয় থাকিব নোৱাৰোঁ
ইজনৰ কাষত সিজন

সুখ-দুখৰ
সমভাগী হৈ....




বিজয় বেজবৰুৱা
মহকুমা তথ্য আৰু জনসংযোগ বিষয়া , তামোলপুৰ

Post a Comment

0 Comments