header ads

বিশেষ লেখা, ক্ষুদ্ৰ সঞ্চয়ৰ ভূমিকাঃ কিমান পৰিমাণৰ সঞ্চয় কৰা উচিত ? ড° দিলোৱাৰ হক, ৪ৰ্থ বছৰ ৪ৰ্থ সংখ্যা

 ক্ষুদ্ৰ সঞ্চয়ৰ ভূমিকাঃ কিমান পৰিমাণৰ সঞ্চয় কৰা উচিত ?





     সঞ্চয় বুলিলে সাধাৰণতে আমাৰ উপাৰ্জিত আয়ৰ পৰা বিভিন্ন দ্ৰব্য আৰু সেৱাৰ উপভোগৰ বাবদ খৰচ কৰাৰ পিছত যিটো ৰাহি বা উদ্বৃত্ত সৃষ্টি হয় তাকেই বুজায় । অৰ্থাৎ আমাৰ উপাৰ্জিত আয়ৰ যিটো অংশ উপভোগৰ বাবদ খৰচ কৰা নহয় সেই অংশটোকেই সঞ্চয় বুলি কোৱা হয় । সঞ্চয় সোনকালে বা পলমকৈ , যেতিয়াই কৰিব তেতিয়াই ইয়াৰ সুবিধাসমূহ লাভ কৰিব পাৰিব । কিন্তু কোৱা হয় , যিমান সোনকালে সঞ্চয় কৰিবলৈ আৰম্ভ কৰিব , সিমানেই বেছি সঞ্চয়ৰ সুবিধাসমূহ লাভ কৰিব পাৰিব ।

   প্ৰশ্ন হয় , কোনো এজন ব্যক্তিয়ে কিমান পৰিমাণৰ সঞ্চয় কৰা উচিত ? এই প্ৰশ্নটোৰ উত্তৰ ব্যক্তিজনৰ বিত্তীয় লক্ষ্যৰ ওপৰত নিৰ্ভৰশীল । কিন্তু মনত ৰাখিবলগীয়া কথাটো হ'ল যে সঞ্চয়ৰ আৰম্ভণি কৰিবলৈ কেতিয়াও পলম নহয় । পলম হ'ব , যদিহে সঞ্চয় কৰা আৰম্ভণি নহয় । আমি বহুতো কাৰণ তথা উদ্দেশ্য আগত ৰাখি সেই সমূহ উদ্দেশ্য পূৰণৰ বাবে সঞ্চয় কৰোঁ ৷ উদাহৰণ স্বৰূপে , পছন্দৰ এখন গাড়ী কিনিবলৈ , এখন সপোনৰ ঘৰ কিনিবলৈ বা সজাবলৈ , কোনোবা পছন্দৰ ঠাইত ছুটী মনাবলৈ যোৱা , কোনোবা পছন্দৰ ঠাইত বা দেশত ভ্ৰমণ কৰিবলৈ যোৱা , ল'ৰা-ছোৱালীৰ পঢ়া-শুনা বিশেষকৈ উচ্চ শিক্ষাৰ খৰচ যোগাৰ কৰিবলৈ বা অৱসৰকালীন সময়ৰ বা দিনবোৰৰ বিভিন্ন প্ৰয়োজন পূৰণ কৰিবলৈ ইত্যাদি বিভিন্ন কাৰণত আমি সঞ্চয় কৰোঁ ৷ তাৰোপৰি আমাৰ উপাৰ্জিত আয়ৰ পৰা টকা সঞ্চয় কৰি আমাৰ পৰিয়ালৰ ভৱিষ্যত সুৰক্ষিত কৰাটো আমাৰ বিত্তীয় পৰিকল্পনাৰ এটা গুৰুত্বপূৰ্ণ উদ্দেশ্য আৰু এটা এৰাব নোৱাৰা অংশ ৷ কেতিয়াবা কোনো এটা মাহত আমাৰ আয়তকৈ খৰচৰ পৰিমাণ অধিক হোৱা বাবেই আমাৰ বহুতৰ কাৰণে প্ৰতি মাহতে সঞ্চয় কৰাটো এটা প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিব পাৰে । সেয়ে আমি সকলোৱে এখন সুস্থ বিত্তীয় পৰিকল্পনা প্ৰস্তুত কৰিব লাগে ৷ লগতে আয় অনুসৰিহে ব্যয়ৰ মাত্ৰা ধাৰ্য কৰিব পাৰিলে ভাল ৷ লগতে সঞ্চয়ৰ অভ্যাস গঢ়ি তুলিব লাগে ৷ কাৰণ সঞ্চয়ে আমাৰ উপাৰ্জিত টকা দক্ষতাপূৰ্ণ ভাৱে পৰিচালনা কৰাত সহায় কৰে । ইয়াৰ পৰা এইটো নিশ্চিত হ'ল যে আমি কৰা সঞ্চয়ৰ পৰিমাণ বহুতো কাৰক যেনে চলিত আয়ৰ স্তৰ , খৰচৰ মাত্ৰা , ভৱিষ্যতৰ প্ৰয়োজন আৰু লক্ষ্য , নিদিৰ্ষ্ট লক্ষ্যত উপনীত হোৱাৰ বাবে হাতত থকা সময় ইত্যাদি বহুতো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ৷

   এজন ব্যক্তিৰ আয়ৰ কিমান পৰিমাণ সঞ্চয় কৰিব লাগে ? সঞ্চয়ৰ পৰিমাণৰ ক্ষেত্ৰত এটা বৰ জনপ্ৰিয় নীতি হ'ল -- সঞ্চয়ৰ আঙুলিৰ ছাপ নীতি (Thumb Rule of Savings)। এই নীতিৰ অধীনত আমাৰ মাহিলী উপাৰ্জিত আয় 50/30/20 হাৰত বিভাজন কৰা হৈছে। এই নীতি মতে মাহিলী আয়ৰ সৰ্বোচ্চ 50 শতাংশ নিত্য প্ৰয়োজনীয় তথা অত্যাৱশ্যকীয় সামগ্ৰী আৰু সেৱাসমূহৰ অভাৱ পূৰণত ব্যয় কৰাৰ নিৰ্দ্ধাৰণ কৰা হৈছে । অত্যাৱশ্যকীয় প্ৰয়োজনসমূহ পূৰণৰ বাবদ আমাৰ মাহিলী আয়ৰ 50 শতাংশ খৰচ নিৰ্দ্ধাৰণ কৰাৰ উপৰিও আমাৰ আয়ৰ 30 শতাংশ আনুষংগিক অভাৱ পূৰণৰ বাবেও ধাৰ্য্য কৰিছে । এইদৰে মাহিলী আয়ৰ 80 শতাংশ অত্যাৱশ্যকীয় আৰু আনুষংগিক কাৰণ তথা অভাৱ পূৰণৰ বাবদ খৰচ কৰাৰ পিছত ৰৈ যোৱা মাহিলী আয়ৰ 20 শতাংশ সঞ্চয়ৰ বাবে ধাৰ্য্য কৰা হৈছে । এই নীতিয়ে কম সময়ত আৰু সহজতে উপাৰ্জিত আয়ৰ বিভিন্ন কাৰণত খৰচ আৰু লগতে সঞ্চয়ৰ বাবে বাজেট প্ৰস্তুত কৰাত সহায় কৰে ।
অধিকাংশ বিত্তীয় বিশেষজ্ঞৰ মতে কোনো এজন ব্যক্তিৰ ছয় মাহৰ খৰচৰ পৰিমাণৰ সমান টকা নগদ সঞ্চয় হিচাপে ৰাখিব লাগে । ধৰা হ'ল , কোনো এজন ব্যক্তিয়ে প্ৰতি মাহত বিভিন্ন সা-সামগ্ৰীৰ বাবদ 20,000 টকা খৰচ কৰিবলগীয়া হয় । গতিকে এইসকল বিশেষজ্ঞৰ মতে তেওঁ 6×20,000 = 120,000 টকা নগদ সঞ্চয় কৰিব লাগিব । এই বিশেষজ্ঞসকলৰ মতে এজন ব্যক্তিয়ে সংস্থাপিত বৰ্তমানৰ কৰ্মৰ পৰা আন এটা নতুন কৰ্মত সংস্থাপন পাবলৈ কিছু সময় লাগে আৰু এনে ক্ষেত্ৰত ছয় মাহ চলিব পৰাকৈ হাতত সঞ্চিত টকা জমা থাকিলে নতুন সংস্থাপন পোৱালৈ ব্যক্তিজনে ভালেখিনি মানসিক চাপৰ পৰা পৰিত্ৰাণ পাব পাৰে । আমেৰিকাৰ প্ৰতিষ্ঠিত ব্যক্তিগত বিত্তীয় গুৰু তথা পৰামৰ্শদাতা , লেখিকা আৰু টিভিৰ অনুষ্ঠানৰ জনপ্ৰিয় ব্যক্তিত্ব Suze Orman ৰ মতে গড় হিচাপত এজন ব্যক্তিয়ে এটা চাকৰিৰ পৰা আন এটা চাকৰি পাবলৈ কমেও আঠ মাহ সময়ৰ প্ৰয়োজন হয় আৰু সেয়ে তেখেতে আঠ মাহৰ জৰুৰীকালীন পুঁঁজি হাতত জমা ৰখাৰ পৰামৰ্শ আগবঢ়াইছে । কিমান পৰিমাণৰ সঞ্চিত নগদ টকা আমি হাতত জমা ৰখাটো উচিত সেই সম্পৰ্কে যদিও বিভিন্নজনে বিভিন্ন মতামত আৰু যুক্তি আগবঢ়াইছে , কিন্তু সঞ্চয়ৰ ভূমিকা তথা গুৰুত্ব সকলোৱে একেমুখে স্বীকাৰ কৰিছে ৷
আমি টকা কিয় সঞ্চয় কৰা উচিত ? এই প্ৰশ্নটোৰ উত্তৰত টকা সঞ্চয়ৰ গুৰুত্ব আৰু লাভালাভৰ দিশসমূহ ফঁহিয়াই চাব লাগিব । আমি যদি আমাৰ সামৰ্থ্য অনুযায়ী প্ৰতি মাহে উপাৰ্জিত আয়ৰ পৰা কিছু পৰিমাণৰ টকা সঞ্চয় কৰি গৈ থাকোঁ , তেন্তে ই দীৰ্ঘকালত বহুতো ক্ষেত্ৰত সুবিধাৰ সৃষ্টি কৰাৰ উপৰিও বিত্তীয় নাটনিৰ সময়ত যথেষ্ট সকাহ যে দিব সেয়া নিশ্চিত। সঞ্চয়ে আমাক বিভিন্ন প্ৰকাৰে সহায় কৰে ৷ গতিকে সঞ্চয়ৰ বহুতো সুবিধা আছে । এইসমূহৰ বিষয়ে তলত আলোচনা কৰা হ'লঃ

(১) সঞ্চয়ৰ অভ্যাসে আমাৰ উপাৰ্জিত আয়ৰ অপচয় ৰোধ কৰাৰ উপৰিও মিতব্যয়ী হোৱাত সহায় কৰে । সঞ্চয়ৰ অভ্যাসে বহুত ক্ষেত্ৰত অলাগতিয়াল খৰচ নিয়ন্ত্ৰণ কৰাত আমাক সহায় কৰে ।
(২) কম পৰিমাণৰ হ'লেও ধাৰাবাহিক তথা নিয়মিত ৰূপত কৰা ক্ষুদ্ৰ সঞ্চয়ে আমাৰ বিত্তীয় সুৰক্ষা শক্তিশালী কৰাত সহায় কৰে । নিয়মিত ৰূপত কৰা ক্ষুদ্ৰ সঞ্চয়ে দীৰ্ঘকালত এটা ডাঙৰ পৰিমাণৰ পুঁঁজি সৃষ্টি কৰাত সহায় কৰে ৷ ভাৰতবৰ্ষত এনে কিছুমান উৎস আছে যিবোৰত ক্ষুদ্ৰ সঞ্চয়ৰ দ্বাৰা দীৰ্ঘকালত এটা ডাঙৰ আৰু বহুতো প্ৰয়োজন পূৰাবলৈ সক্ষম হোৱা পুঁজি গঠন কৰিব পাৰি ৷ কিন্তু ইয়াৰ বাবে নিয়মিত ৰূপত সঞ্চয় কৰিব লাগে ।

(৩) নিয়মিতভাৱে কৰা সঞ্চয়ে আমাৰ বিত্তীয় দিশটো সুৰক্ষিত আৰু টনকিয়াল কৰাৰ উপৰিও দৈনন্দিন জীৱন-যাপন সহজ কৰি তুলিব পাৰে । নিয়মিত ৰূপত সঞ্চয় কৰাৰ অভ্যাসে আমাৰ কষ্টোপাৰ্জিত আয়ৰ সঠিকভাৱে ব্যৱহাৰ কৰাত সহায় কৰে ।

(৪) নিয়মিত ৰূপত কৰা ক্ষুদ্ৰ সঞ্চয়ৰ আন এটা সুবিধা হ'ল যে ই আমাক বিত্তীয় চিন্তামুক্ত জীৱন গঢ়াত সহায় কৰে । নিয়মিত ৰূপত কৰা ক্ষুদ্ৰ সঞ্চয়ৰ অভ্যাসে বিত্তীয় চিন্তা-মুক্ত এটি জীৱন গঢ়াৰ পথত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷

(৫) ‘টকাই টকা সৃষ্টি কৰে’ বুলি এটা প্ৰবাদ আছে যিটো কম-বেছি পৰিমাণে সত্যৰ ওপৰত প্ৰতিষ্ঠিত হয় । কাৰণ সঞ্চয়ৰ যোগেদি জমা হোৱা টকা আমি বিভিন্ন উৎসত খটুৱাই বা বিনিয়োগ কৰি আৰু অধিক টকা উপাৰ্জন কৰিব পাৰোঁঁ ৷ গতিকে , যদি সঞ্চিত টকাবোৰ আমি যথোপযুক্ত উৎসত খটুৱাব বা বিনিয়োগ কৰিব পাৰোঁ তেন্তে তাৰ পৰা আমি আমাৰ টকাৰ দ্বাৰা আৰু অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হ'ম ।

(৬) উপৰোক্ত সুবিধাসমূহৰ উপৰিও সঞ্চয়ে ব্যক্তিক বিত্তীয় স্বাধীনতা প্ৰদান কৰে । সঞ্চয়ে ব্যক্তিক স্বনিৰ্ভৰশীল হোৱাত সহায় কৰে ।

(৭) ইয়াৰোপৰি জৰুৰীকালীন অৱস্থাত আৰু আকস্মিকভাৱে সন্মুখীন হোৱা ঘটনা বা বিপদ বা পৰিস্থিতিত প্ৰয়োজনীয় খৰচ পূৰণৰ ক্ষেত্ৰতো সঞ্চয়ৰ অভ্যাসে আমাক যথেষ্ট পৰিমাণে সহায় কৰে ।

(৮) নিয়মিত ৰূপত কৰা সঞ্চয়ে ব্যক্তিৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ উপৰিও অৱসৰকালীন খৰচ আৰু প্ৰয়োজনসমূহ তথা অভাৱবোৰ পূৰণৰ ক্ষেত্ৰতো সহায় কৰে ।

(৯) সুপৰিকল্পিত সঞ্চয়ে এজন ব্যক্তি তথা পৰিয়ালক আৰ্থিকভাৱে সবল হোৱাত সহায় কৰে ।

(১০) অভিভাৱকসকলে সুপৰিকল্পিত আৰু নিয়মিত ৰূপত কৰা ক্ষুদ্ৰ সঞ্চয়ে নিজৰ সন্তানৰ উচ্চশিক্ষাৰ খৰচ যোগাৰ কৰাত সহায় কৰে । বহুতো অভিভাৱকে প্ৰতি মাহতে বহু অপ্ৰয়োজনীয় কাৰণ তথা কামত কষ্টোপাৰ্জিত টকাৰ এটা অংশ খৰচ কৰা দেখিবলৈ পোৱা যায় ৷ সেইসকল অভিভাৱকে যদি সঞ্চয়ৰ অভ্যাস গঢ়ি তুলিব পাৰে তেন্তে ই তেওঁলোকৰ সেই সমূহ খৰচ নিয়ন্ত্ৰণ কৰাৰ উপৰিও উপাৰ্জিত আয়ৰ সঠিক ব্যৱহাৰ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । গতিকে , সঞ্চয়ৰ পৰিমাণ যিমানেই নহওক কিয় এইটো নিঃসন্দেহ যে সঞ্চয়ে আমাক বিভিন্ন স্তৰত বিভিন্ন ধৰণেৰে সহায় কৰে ।



ড° দিলোৱাৰ হক
সহযোগী অধ্যাপক আৰু মূৰব্বী , অৰ্থনীতি বিভাগ
ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়
গুৱাহাটী-৭৮১০৩৫, অসম
ম'বাইল নম্বৰ: ৭০০২৮৪২৮৮৪/৯৯৫৪৩৩৬৮৮৩
ই-মেইল: diluwar@gmail.com

Post a Comment

0 Comments