প্ৰাচীন হৈয়ো সাম্প্ৰতিক যিঃ
যিজন পুৰুষ আমাৰ অসমীয়া সাহিত্য সংস্কৃতি , গীত , নৃত্য , বাদ্য , নাটক , গায়কীৰ সকলো ফালেই নিজেই চহকী হোৱাৰ লগতে সমগ্ৰ জাতিটোকে চহকী কৰি থৈ গ'ল সেইজন হৈছে ভজলুংকাই , মৰ্ত্যৰ দধিচী সদৃশ কৃতবিদ্য দাতা কৰ্ণ স্বৰূপ নানা গুণৰ অধিকাৰী হালোৱা-হজুৱা , কৃষক-বনুৱাৰ বন্ধু , শিল্পী , সৈনিক এহাতে ষ্টেনগান আনখন হাতেৰে কলম লৈ জাতি , মাটি , ভেটি , ভাষা-সংস্কৃতিৰ অনিয়মৰ বিৰুদ্ধে সজোৰে মাত মাতি অহা অসম মাতৃৰ সুযোগ্য সন্তান , যাক প্ৰসৱ কৰি মাতৃ ধন্য হৈছিল , তেখেতক কোনো অসমীয়াই পাহৰিব নোৱাৰে , তেখেত আমাৰ প্ৰাণৰ বিষ্ণু দা , আমাৰ মৰমৰ শ্ৰদ্ধাৰ বিষ্ণু প্ৰসাদ ৰাভা ৷
এই গৰাকী সৰ্বজন প্ৰিয় অসমীয়াৰ জন্ম হৈছিল পিতৃ গোপাল চন্দ্ৰ ৰাভাৰ ঔৰসত আৰু মাতৃ গেঠী ৰাভাৰ গৰ্ভত ১৯০৯ চনৰ ৩১ জানুৱাৰী তাৰিখে ঢাকা চহৰত । তেখেত আছিল কীৰাট পুত্ৰ । বিষ্ণু ৰাভা একেধাৰে শিল্পী , কবি সাহিত্যিক , নাট্যকাৰ , গীতিকাৰ , গায়ক , সংগীতজ্ঞ , নৃত্যবিদ , চিত্ৰকৰ , অভিনেতা , সংগঠক , মুক্তি যুঁজাৰু , জীৱন্ত কিংবদন্তি । অসমৰ সাংস্কৃতিক জগতলৈ তেখেতৰ অৱদান আছিল অপৰিসীম । এক পাহৰিব নোৱাৰা পৰিক্ৰমা । চাবলৈ গ’লে আমাৰ বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম হোৱা নাছিল , গতিশীল সময়ৰ আহ্বানত জাতিৰ সংকট কালত বিষ্ণু ৰাভাক সময়ে সৃষ্টি কৰিছিল । যেতিয়া অসমীয়া জাতিৰ ভাষা , সাহিত্য সংস্কৃতিত ঘূণে ধৰিবলৈ আৰম্ভ কৰিছিল ঠিক তেতিয়াই এই প্ৰখৰ দীপ্তি সম্পন্ন গুণৰ অধিকাৰী বিষ্ণু প্ৰসাদ ৰাভাই অসমীয়া সমাজ জীৱনক উদ্বুদ্ধ কৰিছিল । তেখেতৰ ব্যক্তিত্ব আৰু শিল্পী সত্তাৰ মাজত কোনো প্ৰভেদ নাছিল । কথাতে ক'ব পাৰি বিষ্ণু ৰাভা কেৱল এজন ব্যক্তিয়েই নাছিল , আছিল এক বৃহৎ প্ৰতিষ্ঠান । বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম এক যুগান্তকাৰী অধ্যায় , সৌভাগ্যৰ কথা যে তেখেতৰ দৰে এজন মহানৰ বাংলাদেশৰ ঢাকা চহৰত জন্ম হৈ অসমত আজীৱন জীৱন নিৰ্বাহ কৰিছিল । তাৰ বাবে প্ৰতিজন অসমীয়া গৌৰৱৰ অধিকাৰী যিয়ে বিশাল সম্পত্তিৰ অধিকাৰী হৈয়ো নিজকে হালোৱা হজুৱাৰ শাৰীলৈ অৱনমিত কৰি মহানতাৰ পৰিচয় দিছিল । ৰাজ্যৰ উন্নতিৰ কাৰণে , জাতিৰ উন্নতিৰ কাৰণে ৰাজ্যত থকা কʼলা আৰু বগা পঠা দুটা বলি দিৱলৈ আহ্বান জনাইছিল । ভাবি চালে সেই কথা আজিও সঁচা যেন লাগে । আজিৰ সমাজ ব্যৱস্থাত বিষ্ণু ৰাভাৰ প্ৰাসংগিকতা বিদ্যমান । অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু সদৃশ বিষ্ণু প্ৰসাদ ৰাভাৰ ত্যাগক প্ৰতিগৰাকী অসমীয়াই যুগে যুগে স্মৰণ কৰিব ।
জাতিৰ বাবে , দেশৰ বাবে মাত মাতি চৰকাৰৰ ৰোষৰ বলি হ'ব লগা হৈছিল বিষ্ণুৰাভা , তেখেতৰ মুৰৰ দাম হৈছিল তেতিয়াই দহ হাজাৰ টকা । এই সংস্কৃতিৰ পূজাৰী জনাৰ বিলাই বিপত্তি নোহোৱা হৈছিল । আজি আমাৰ বৌদ্ধিক সমাজখনে নিজৰ অসমীয়াৰ সংজ্ঞা বিচাৰি হাবাথুৰি খাইছোঁ। কিন্তু বিষ্ণু প্ৰসাদ ৰাভাই সেই তাহানিতে আগবঢ়াই থৈ যোৱা অসমীয়াৰ সংজ্ঞাই ব্যাপকভাৱে চৰ্চা লাভ কৰিছিল যদিও আজিও অৱশ্যে সেই সংজ্ঞাক বহল ভাবে চৰ্চা কৰা নাই ।
বিষ্ণু ৰাভাই কৈছিল , ‘ লুইতে ডিবঙে বোৱাই আনে মিচিমি কৃষ্টি , কুণ্ডিলে চুতীয়া কৃষ্টি , দিহিং , নোৱা দিহিং , টেঙা পানীয়ে খামতি , চিংফৌ , ফাকিয়াল , মৰাণ ,সোণোৱাল , কছাৰী কৃষ্টি , দিখৌৱে আনে নগা , তাই-আহোম কৃষ্টি সোৱণশিৰীয়ে মিচিং মিৰি কৃষ্টি , বুঢ়ী বুঢ়ীগাং ভৰলীয়ে দফলা কৃষ্টি , লঙ্কা , কপিলী , যমুনা কলঙে মিকিৰ ডিমাছা কৃষ্টি । এইদৰে ৰাভা , কোচ , গাৰো , নাথ , কৈৱৰ্ত , কলিতা , কায়স্থ , ব্ৰাহ্মণ্য কৃষ্টি উপনৈবোৰে ধুই পখালি আনে । সিফালে নগা কুকি , লুছাই , ত্ৰিপুৰা , মণিপুৰী কৃষ্টি সুৰ মানৈয়ো বুকুত বান্ধি লৈ ভঁহাই উটুৱাই ব্ৰহ্মপুত্ৰত পেলায় ।
ৰাভাদেৱে উপলব্ধি কৰিছিল যে অসমৰ সকলো জাতি উপজাতি সমানে বিকশিত হোৱা নাই ৷ বিপ্লৱী কমিউনিষ্ট দলত যোগদান কৰি বামপন্থী আদৰ্শৰে দীক্ষিত হৈ অসমৰ জনগোষ্ঠী সমূহৰ কাষ চাপি বাস্তৱ অভিজ্ঞতাৰ মাজেদি অসমীয়া জাতিৰ ঘাই শিপাদাল বিচাৰি উলিয়ায়লৈ সক্ষম হৈছিল । তেওঁ সংকীৰ্ণ ভাষিক পৰিচয়েৰে অসমীয়াক বিচাৰ কৰাৰ পৰিৱৰ্তে ভৌগোলিক পৰিচয়েৰে গ্ৰহণ কৰিছিল ।
তেওঁ ভাষিক জাতীয়তাবাদৰ পক্ষপাতিত্বও কৰা নাছিল আৰু সংকীৰ্ণ জাতীয়তাবাদে যে অসমীয়া জাতিৰ ক্ষতি কৰিছে সেই কথা আঙুলিয়াই দি তেখেতে লিখিছিল , ‘বাৰে বাৰে জাতিৰ নামত চুৰি ডকাইতিৰ খেল , বজ্জাতৰ দলে পাতে নিতে জালিয়তী খেল ।’ তেওঁ যে অসমীয়াক ভাষিক পৰিচয়েৰে সংকীৰ্ণ কৰিব বিচৰা নাছিল সেই কথা তেওঁৰ লিখনিৰ জৰিয়তে প্ৰকাশ কৰিছে ।
ৰাভাদেৱৰ এই চিন্তা প্ৰকাশ পাইছে তেওঁৰ ৰচনাৰাজিত । ভৌগোলিক পৰিবেশ আৰু ইতিহাসৰ বোৱতী ধাৰাত এখন ৰাজ্য আৰু এটা জাতি বিশেষ ৰূপে গঢ় লয় আৰু তাৰ কৃষ্টিটো ইয়াৰ বৈশিষ্ট্য দেখা যায় ।
বিষ্ণু ৰাভা পূজ্য আমাৰ
সংস্কৃতিৰ আধাৰ ।
এই কথা থাকিব মনত
চিৰদিন চিৰকাল ।।
বিষ্ণু প্ৰসাদ ৰাভাক বাদ দি অসমীয়া সংস্কৃতিৰ কথা কল্পনা কৰিব নোৱাৰি । তেখেত আছিল অপ্ৰতিদন্দ্বী নায়ক । বিষ্ণু প্ৰসাদ ৰাভা প্ৰাচীন হৈয়ো সাম্প্ৰতিক হৈ সদায় থাকিব । অসম আৰু অসমীয়াৰ সাহিত্য সংস্কৃতিৰ উন্নতিৰ হকে যি কেইজন বৰেণ্য ব্যক্তিয়ে তেওঁলোকৰ কৰ্মৰ জৰিয়তে অমূল্য আৰু অক্ষয় অৱদান দি থৈ গ'ল সেই সকল মহানৰ ভিতৰত বিষ্ণু প্ৰসাদ ৰাভা আছিল অন্যতম । এই কাৰণেই তেওঁ আছিল অসমীয়া সাহিত্য সংস্কৃতিৰ পূজাৰী । বিষ্ণু প্ৰসাদ ৰাভা অসমীয়া কলা-কৃষ্টি সংস্কৃতিৰ উপৰিও ৰাজনৈতিক জগতৰ ধ্ৰুৱতৰা । বিষ্ণু প্ৰসাদ ৰাভাৰ নৃত্য আছিল স্বকীয় বৈশিষ্ট্য , সমাহাৰেৰে সমুজ্বল । তেখেতৰ নৃত্য সমূহ অসমৰ সংস্কৃতিৰ বাবে অমূল্য সম্পদ । তেওঁৰ ব্ৰহ্মত্ব প্ৰাপ্তিৰ মহান সাধনা । বিষ্ণু প্ৰসাদ ৰাভাদেৱে দশাৱতাৰ নৃত্য , সূত্ৰধাৰী নৃত্য , বিভিন্ন প্ৰকাৰৰ সত্ৰীয়া নৃত্যৰ লগতে বিভিন্ন জনগোষ্ঠীয় নৃত্য অতি সুন্দৰ আৰু সাৱলীলভাৱে পৰিবেশন কৰিব পাৰিছিল । বড়ো আৰু কছাৰী নৃত্যৰ আৰ্হিত তেখেতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ বাবে আপুৰুগীয়া জাপি নৃত্যৰ সৃষ্টি কৰিছিল । ৰাভাদেৱ আছিল এগৰাকী সুদক্ষ নাট্য অভিনেতা ৷ মাত্ৰ সাত বছৰ বয়সতে বিষ্ণু ৰাভাই কলিকতাৰ মঞ্চত অভিনয় কৰি ভূয়সী প্ৰশংসা লাভ কৰিছিল ৷ তেওঁৰ শ্ৰেষ্ঠতম অভিনয় হ'ল দিগ্বিজয় নাটকৰ নাদিৰশ্বাহৰ চৰিত্ৰটো । কংসৰ চৰিত্ৰৰ নিষ্ঠুৰতা আৰু দুৰ্দান্ততা অতি সুন্দৰকৈ ফুটাই তুলিছে ।
ৰাভাদেৱে অভিনয় কৰা প্ৰথম সামাজিক নাটকখন হ'ল ফণী শৰ্মা ৰচিত ব্যঙ্গ নাটক গঙ্গাটোপ আৰু তাত তেওঁ গেঠুৰ চৰিত্ৰ অতি সুন্দৰকৈ ফুটাই তুলিছে । ৰাভাদেৱে তেজপুৰৰ বাণ ৰঙ্গমঞ্চত অভিনয় কৰাৰ লগতে যাত্ৰা পাৰ্টীতো অভিনয় কৰিছিল । তাৰোপৰি ভূপেন হাজৰিকাৰ ‘এৰাবাটৰ সুৰ’ বোলছবিত ভজলুংকাৰ চৰিত্ৰত দুৰ্দান্ত অভিনয় কৰিছিল । ইয়াৰ উপৰিও তেখেতে অসমীয়া সাহিত্য জগতলৈ এক বৃহৎ অৱদান আগবঢ়াই থৈ গৈছে । সমকালীন স্বাধীনতা যুঁজাৰু আৰু কমিউনিষ্ট আন্দোলন উভয়তে জড়িত থাকি জনসাধাৰণক জগাই তুলিবলৈ তেওঁৰ অন্তৰত থৌকি বাথৌ লাগিছিল । প্ৰকৃত জাতীয়তাবাদী মনোভাৱৰ বিষ্ণু ৰাভাই প্ৰাণ ভৰি ভাল পাইছিল অসমক , ভাল পাইছিল অসমৰ জনগণক , ভাল পাইছিল অসমৰ কৃষ্টি সংস্কৃতিক । অসমীয়া সঙ্গীত জগতলৈ বিষ্ণু ৰাভাৰ যি অৱদান সেয়া অসমবাসী ৰাইজে কাহানিও নাপাহৰে ।
অসমৰ সমাজ জীৱনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰি জাতিটোক শক্তিশালী কৰা এজন অন্যতম পুৰুধা ব্যক্তি হ'ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা । তেখেতে নিজৰ কৰ্মৰ ফলত নিজকে ন অসমৰ নৱ জাগৰণৰ এজন সৃষ্টিশীল খনিকৰ ৰূপে প্ৰতিষ্ঠা কৰি থৈ গৈছে । অসমীয়া ভাষা , কলা-কৃষ্টি , সাহিত্য-সংস্কৃতি , গীত , নৃত্যাভিনয় আদি সকলোতে ৰাভাদেৱৰ আধিপত্য আছিল । ৰাভাদেৱে জাতিভেদ আৰু উচ্চ-নীচ হীন এখন বৃহত্তৰ অসমীয়া সমাজ গঠনৰ বাবে আজীৱন অক্লান্ত পৰিশ্ৰম কৰিছিল । তেখেতে বিশ্বাস কৰিছিল সাহিত্য সংস্কৃতি হ’ল এটা জাতিৰ মেৰুদণ্ড স্বৰূপ । যাৰ অবিহনে এটা জাতিৰ অৱস্থা বিপদাপন্ন হয় । এগৰাকী প্ৰকৃত শিল্পী , সুন্দৰৰ পূজাৰী জনসেৱক হিচাপে ৰাভা দেৱে সৰ্বসাধাৰণ লোকক কলা সংস্কৃতিৰ প্ৰতিজন নাগৰিককে সংস্কৃতিবান কৰি তুলিব বিছাৰিছিল । তেখেতৰ নিজৰ জীৱনটো সমাজৰ প্ৰতিটো কামতে উচৰ্গা কৰিছিল সাহিত্য সংস্কৃতিৰ মাজেৰে ।
শেষত এটা কথা সকলোৱে স্বীকাৰ কৰিবই লাগিব-- অসমীয়া সমাজলৈ ভাষা , কলা-সংস্কৃতি সাহিত্যত বিষ্ণু ৰাভাৰ অৱদান অনস্বীকাৰ্য ।
এয়ে মোৰ শেষ গান
মোৰ জীৱন নাটৰ
শেষ ৰাগিনী কল্যাণ খৰমান .....৷
১৯৬৯ চনৰ ২০ জুনৰ পুৱতি নিশা আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে উভতি নহাৰ বাটেৰে আঁতৰি গ'ল এইগৰাকী সংস্কৃতিৰ পূজাৰী ৷
হেমেন চন্দ্ৰ হাজৰিকা
সহ শিক্ষক ,
ৰামপুৰ শিক্ষাখণ্ড
0 Comments