তপ্ত আশাৰ বাণ
চৰিত্ৰসমূহ :
(১) বিজয় দাসঃ এজন আদৰ্শবান শিক্ষক ৷
বয়স ৪০ বছৰ।
(২) ৰজত কলিতা --- এজন আদৰ্শৱান যুৱক ৷ গাঁৱৰ পুথিভঁৰালৰ সভাপতি ৷
বয়স ৩৫ বছৰ ৷
(৩) গোপাল দাস --- এজন কাঠকটীয়া মানুহ ।
বয়স ৫০ বছৰ ।
(৪) বিজু বৰা --- এজন আদৰ্শৱান যুৱক ।
বয়স ৩০ বছৰ ।
(৫) যদু বৰা --- ৩০ বছৰীয়া গোপালৰ সহযোগী , কাঠকটীয়া মানুহ ৷
(৬) মধু বড়ো --- ৪০ বছৰীয়া গোপালৰ সহযোগী , কাঠকটীয়া মানুহ ৷
(৭) নিৰ্মালী দাস --- গোপালৰ ঘৈণীয়েক ।
বয়স ৪০ বছৰ
(৮) ৰিজু ডেকা -- ২৫ বছৰীয়া আদৰ্শৱতী
যুৱতী৷
(৯) চাকিল আহমেদ --- ৪০ বছৰীয়া এজন কাঠৰ চোৰাং বেপাৰী ৷
(চাকিল আহমেদ এজন কাঠৰ চোৰাং ব্যৱসায়ী । তেওঁ গোপালহঁতক হাবিৰ কাষৰ এটুকুৰা নিৰ্জ্জ্বন ঠাইত লগ ধৰাৰ উদ্দেশ্যে উপস্থিত হ'ল । চাকিলৰ হঠাৎ ফোনটো ৰিং কৰি উঠিল । )
চাকিলঃ হেল্লো , অ' ছাৰ, নমস্কাৰ , নমস্কাৰ । অ’ ছাৰ তিনিখন ট্ৰাকত ভৰ্তি কৰি শাল , গমাৰী , চেগুণ পঠিয়াই দিছোঁ।
নাই নাই বাটত কোনো অসুবিধা নাপাব । মই সকলো মেনেজ কৰিছোঁ । আপোনাৰ জেগাত মাল পৰিব । No tension Sir...এতিয়া এৰিলোঁ । অকে অকে চাৰ ।
(এনেতে গোপালহঁত মতা গন্তব্যস্থলীত
উপস্থিত হয় । সিহঁতৰ লগত গছ কটা মেচিন , দা , কুঠাৰ , ডাঙৰ ৰচী আদি থাকিব ৷)
চাকিলঃ অ' তঁহতক কেতিয়া মাতিছিলো ? এতিয়া দহ বাজি গ'ল । এঘাৰ বাজো বাজো । সময়ৰ মূল্য বুজি নাপাঅ’ ।
মধুঃ আমি গাঁৱৰ মানুহ । বহুত ঘৰুৱা জঞ্জাল থাকে । সেইবোৰ মাৰি আহোতে অকণমান দেৰি হ'ল । বেয়া নাপাব ।
চাকিলঃঃ চুপ থাক ! ঘৰৰ সমস্যা কাৰ নাই । মই ইমান দূৰৰ পৰা কেনেকৈ সময়ত আহি পালোঁ ?
গোপালঃঃ হয় চাৰ ৷ ই অলপ অকঁৰা আৰু লেজি । ঐ দেখা নাই , চাৰহঁত সময়ৰ প্ৰতি কিমান সচেতন ?
যদুঃ সেইবাবেই চাৰহঁতে ধনী মানুহ হ'ব পাৰিছে । জীৱনত ধন ঘটিব পাৰিছে । আমি নোৱাৰোঁ ।
চাকিলঃ অ' আকৌ । আমি সময়তকৈ আগতে উপস্থিত হওঁ । কথাতে কয় দেখোন সময়ৰ বাণ সময় মতে মাৰিব নোৱাৰিলে শহাপহুৰ মাংস খাব নোৱাৰে ।
মধুঃ হয় চাৰ ।
চাকিলঃ কি হয় ? সময়ৰ মূল্য নুবুজা কিছুমান অপদাৰ্থৰ লগত বাৰ্তালাপ কৰি আছোঁ ।
গোপাল কাইটি , ইহঁত দুটাই ঠিকমতে চাৰ্ভিছ দি আছে নে ?
গোপালঃ বৰ্তমান ঠিকেই আছে । পিছত কি কৰে নাজানো ?
যদুঃ মই আজিৰ পৰা এই কাম নকৰোঁ । মোৰ ঘৰৰ পৰা বাধা আহিছে।
মধু: মোৰো ঘৰুৱা সমস্যা । ল'ৰাটোৰ বেমাৰ । তাক ভালদৰে চিকিৎসা কৰাব লাগে ।
চাকিলঃ কি ?... কাম নকৰ ?
যদুঃ বহুত ৰিক্স আছে । ভয় লাগে । নাহিলে আপুনি বেয়া পাব ?
চাকিলঃ মই জানো তঁহতৰ পেটৰ কামোৰণি । এতিয়াৰ পৰা তহঁতৰ সাত শ হ'ব প্ৰতিদিনে ; হ'ব নে ?
গোপালঃ হ'ব চাৰ । তঁহতৰ কিবা আপত্তি আছে নেকি ?
যদুঃ আমাৰ নিজৰ সমস্যাৰ কথা কৈছোঁ ৷
চাকিলঃ সমস্যা কাৰ নাই ? সকলোৰে সমস্যা থাকে । সমস্যাৰ সমাধান সূত্ৰ উলিয়াব নোৱাৰা বোৰে জীৱনত হাৰি যায় । তঁহত যিটো পথত আছ , সেই পথটোৰ পৰা সহজতে আঁতৰি যাব নোৱাৰ ।
মধুঃ কিয় নোৱাৰোঁ ?
যদুঃ কিহত বাধা আছে ?
চাকিলঃ আমাৰ চোৰাং চিকাৰৰ নেটৱৰ্কখন তঁহতে সকলো জান ৷ এতিয়া যদি গুচি যা , পুলিচ নতুবা আনক তঁহতে কৈ নিদিবি বুলি কি গেৰান্টি আছে ?
গোপালঃ ইহঁত ইমান চালু নহয় চাৰ ।
চাকিলঃ আজিকালি নিজৰ মানুহেই গাদ্দাৰী কৰে । ইহঁতনো কোন কুটা ? মই কাকো বিশ্বাস নকৰোঁ ৷
মধুুঃ আমাৰ প্ৰতি অকণো বিশ্বাস নাই নে ?
যদুঃ আমি বিশ্বাসঘাটক নহয় চাৰ ।
চাকিলঃ তেনেহ'লে তঁহতে আজিৰ পৰা কাম নকৰোঁ বুলি কিয় কৈছ ? তঁহত নাথাকিলে মোৰ বেপাৰ কি হ'ব ? ( অগ্নিশৰ্মা হৈ ) মোৰ ব্যৱসায় নচলিলে মই কাকো সুধাই নেৰোঁঁ । তঁহতে জানাই মই কিমান ভয়ংকৰ ?
গোপালঃ চাৰ, ইহঁতৰ কথাত ধৰি নাথাকিব । অ’ই তঁহতে চাৰৰ মতে কাম কৰি যা । কিবা বিপদ হ'লে চাৰে নিশ্চয় সহায় কৰি দিব ।
চাকিলঃ ব্যৱসায় ভাল হ'লে তঁহতক পুৰস্কাৰ দিয়া হ'ব ৷ কেৱল ভালদৰে কামবোৰ কৰি যা ।
মধুঃ হ'ব দে , আমি কাম কৰিম । বিপদত পৰিলে আমাক চাব চাৰ ।
গোপালঃ যদু , তয়ো আপত্তি কৰিব নালাগে দে ।
যদুঃ হ'ব দে । আমাৰ সমস্যাৰ কথাহে কৈছিলোঁঁ ৷
চাকিলঃ তহঁতে হাবিত গৈ মূল্যৱান গছবোৰ কাটিবি । সময়ত তঁহতৰ ওচৰলৈ গাড়ী যাব । সহায় কৰিলে হ'ল ।
গোপালঃ ( কওঁ-নকওঁকৈ) আমাৰ গাঁৱৰ সংঘৰ ল'ৰা-ছোৱালীবো…[22:36, 8/27/2024] Nirola Deka: আমাৰ ঘৰত আহি এইবোৰ নকৰিবলৈ কৈ গৈছে ।
যদুঃ সিহঁতৰ বাবেই আমাৰ ভয় হৈছে । বিজয় নামৰ এজন মাষ্টাৰৰ নেতৃত্বত বন সংৰক্ষণৰ বাবে অভিযান আৰম্ভ কৰিছে ।
মধুঃ সিহঁতে পৰিৱেশ সজাগতাৰ ওপৰত সভা-সমিতি পাতি জনসাধাৰণক সচেতন কৰিছে ।
চাকিলঃ (হাঁহি) হয় নেকি ? বন সংৰক্ষণ কৰিবলৈ চৰকাৰৰ এটা বিভাগ আছে নহয় । সিহঁতৰ সেইবোৰ কাম নহয় ।
গোপালঃ ইহঁত কেইটাই নলগা জেঙত লাগি ফুৰা । বেলেগ কাম নাই বেটাহঁতৰ ৷
চাকিলঃ ফৰেষ্টৰ মানুহ আৰু পুলিচ থানা আমাৰ লগত থকালৈকে সিহঁতে একো কৰিব নোৱাৰে । সিহঁতে চিনা নাই আমি কোন ? পৰুৱাৰ পাখি গজে কেৱল মৰিবলৈ ।
গোপালঃ হয় চাৰ । আমাৰ সন্মুখত আহিলে কাটি পেলাম বাপ্পেকে ।
চাকিলঃ এইবোৰক লৈ অকণো ভয় কৰিব নালাগে ৷ আমি সকলোতে ব্যৱস্থা কৰিছোঁ ৷
তেনেহ'লে মই আহো । এই ল এহাজাৰ টকা । ৰাতি দেহৰ বিষ মাৰিবি । সময়ত তঁহতৰ প্ৰাপ্য দিয়া হ'ব ৷
( চাকিল গুচি যায় )
গোপালঃ তেনেহ'লে আমি যাও ব'ল ৷
মধুুঃ মোৰ হ'লে মানুহজনক ভাল লগা নাই ৷
যদুঃ কৰ্মচাৰীক কেনে ব্যৱহাৰ কৰিব লাগে সি নাজানে ৷
মধুঃ আজিৰ পৰা মোৰ আৰু এনেকুৱা কাম কৰাৰ ইচ্ছা নাই । বেমাৰৰ অজুহাত দেখুৱাই কামত নগ'লে হ'ল ৷
যদুঃ তোৰ লগত ময়ো একমত ভাই ৷
গোপালঃ তঁহতে কি আবোল-তাবোল বকিছ ? এই মানুহজন কেনেকুৱা তঁহতে নাজান নেকি ?
মধুঃ জানো। সি এটা গুণ্ডা ! আমি নগ'লে সি কি কৰিব ?
গোপালঃ তঁহতৰ ডাঙৰ বিপদ হ'ব । তঁহতৰ বিপদ হোৱাটো মই নিবিচাৰোঁ ।
যদুঃ সেয়া তাৰ ভাবুকি । আমি ইমান কম টকাত বিক্ৰী যোৱাটো উচিত নহয় । আমাৰো আত্মসন্মান আছে ।
মধুঃ আমি কাম কৰিব লাগিলে আমাৰ মজুৰি বঢ়াব লাগিব । এই চৰ্ত আমি দিম ।
গোপালঃ সি দেখোন কৈছে আমাক পুৰস্কাৰ দিম বুলি ৷ সময়ত কি হয় দেখা যাব ? এতিয়া ব'ল ৷
যদুঃ তোৰ কথামতেহে আজি আমি যাম । কাৰণ তোৰ বাবেহে আমি দুয়ো আহিছিলোঁ--এই বেয়া পথটোলৈ ।
( সিহঁতে গছ কটা সঁজুলিবোৰ সামৰি লৈ হাবিলৈ ওলাল ৷ তেতিয়াই ৰজতহঁতে সিহঁতক আগভেটি ধৰিলে )
ৰজতঃ অ’ ৰহ ! তহঁতে হাবিত গৈ গছ কাটিব নোৱাৰা ৷
গোপালঃ তহঁত বাধা দিবলৈ কোন ?
বিজুঃ আমি বনাঞ্চল ধ্বংস হ'বলৈ দিব নোৱাৰোঁ ।
মধুঃ আমি বনাঞ্চল ধ্বংস কৰিছোঁ ! ফাল্টু কথা নকবি দে ।
ৰিজুঃ তহঁতে বনাঞ্চল ধ্বংস কৰিছ । তহঁত অপৰাধী ৷
যদুঃ বনাঞ্চল ধ্বংস হ'লে তহঁতৰ ক্ষতি কি হ'ব ?
ৰিজুঃ বনাঞ্চল ধ্বংস হ'লে পৰিৱেশ বিনষ্ট হ'ব ।
বিজুঃ পৰিৱেশ বিনষ্ট হ'লে আমাৰ ভয়ংকৰ বিপদ হ'ব ।
ৰজতঃ তঁহতে পৰিৱেশ বিনষ্ট কৰিছ । সেইবাবেই তহঁত দেশৰ শত্ৰু ।
মধুঃ যা-তা কথা নকবি দে । আমাক কামত বাধা নিদিবি ৷ কথা বেয়া হ’ব বাপ্পেকে ।
ৰিজুঃ কি কৰিব পাৰিবি তহঁতে ? আমি বাধা দিমেই ৷ তহঁতে গছ কাটিবই নোৱাৰা ।
গোপালঃ তহঁতৰ দৰে ফাল্টু কেইটাই একো কৰিব নোৱাৰ !
ৰজতঃ আমাক ফাল্টু বুলিলি ? তহঁতে চোৰাংকৈ হাবিত গৈ গছ কাটিবি আৰু ওলোটাই আমাকে দাবী-ধমকি দিবি ।
বিজুঃ ইচ্ছা কৰিলে এইমাত্ৰ ফৰেষ্টৰ মানুহক খবৰ কৰি তহঁতক ধৰি বান্ধি নিয়াব পাৰোঁ ।
গোপালঃ ঐ ফৰেষ্টৰ মানুহে ঘটি ডালো কৰিব নোৱাৰে । আমাৰ বছে সিহঁতক মেনেজ কৰি থৈ দিছে ।
মধুঃ গোপাল কাইটি , ঢোৰা সাপৰ ফোচফুচনি মোৰ ভাল নালাগে---একো কৰিব নোৱাৰে---। গতিকে ইহঁতক মাৰি পেলাব লাগে ।
যদুঃ ঢোৰা সাপ মাৰি কি লাভ হ'ব ? চিকা মাৰি হাত গোন্ধোৱাৰ লেখীয়া হ'ব ।
মধুঃ যদু কাইটি ঢোৰা সাপৰ ফোচফুচনি মোৰ একেবাৰে সহ্য নহয় । গতিকে ইহঁতক মাৰি পেলোৱাই ভাল ।
গোপালঃ ঠিকেই কৈছ !
যদুঃ ঐ মধু ফেঁটী সাপ মাৰ । জীৱনত নাম , যশ ইত্যাদি সকলো পাবি ৷
বিজুঃ ঐ ফেঁটী সাপ মাৰা ! তঁহতে কেতিয়াবা ফেঁটী সাপ মাৰি পাইছ ?
ৰজতঃ পাৰ যদি গাত হাত দেচোন । দেখুৱাই দিম ক'ৰ পানী ক’লৈ যায় ?
ৰিজুঃ তহঁত বহুত বাঢ়ি গৈছ । কুকুৰক লাই দিলে গললৈ জঁপিয়ায় ।
বিজুঃ তহঁত আমাৰ গাঁৱৰ কলংক । জীৱনত কেতিয়াবা ভাল কাম কৰি পাইছনে ?
যদুঃ তহঁতে কিমান ভাল কাম কৰি আছ আমাৰ জনা আছে । সংগঠন কৰি নিজৰ জেপবোৰ গৰম কৰি আছ ।
ৰজতঃ সংগঠন কৰা আৰু সমাজৰ দহৰ হকে কাম কৰা মানুহক তহঁতে বেয়া চকুৰে চাৱ । তহঁতে আজিলৈকে সমাজৰ বাবে একো কাম কৰা নাই । গতিকে তঁহতৰ চিন্তা-ভাৱনাবোৰ কিদৰে শুদ্ধ হ'ব ?
ৰিজুঃ দেশ তথা সমাজত ঘটি থকা দুৰ্নীতি , ভ্ৰষ্টাচাৰ অনীতি-অনিয়ম আদিবোৰ আঁতৰাই সুস্থ , নিকা সমাজ গঢ়াৰ বাবেই সংগঠনৰ প্ৰয়োজন আছে ।
বিজুঃ এইবোৰ কথা ইহঁতৰ আগত কৈ কি লাভ হ'ব ? বান্দৰে নাৰিকলৰ মোল কি বুজিব ?
তহঁতক এটা কথা কৈ থওঁ - সংগঠনক ধৰি কথা কেতিয়াও নক’বি ।
ৰিজুঃ আমি মানু্হৰ মাজত কি কি কাম কৰি আছো তহঁতে দেখা নাই ? তহঁতে আমাক টকা খোৱা বুলি কৈছ ?
যদুঃ হাজাৰ বাৰ কম । আজিকালি সংগঠনবোৰৰ টকা-পইচাৰ কিমান কেলেংকাৰী ?
মধুঃ (ঠাট্টা কৰি ) ভুতৰ মুখত ৰাম নাম ।
যা তহঁতে মাইক্ৰ’ফোন লৈ দল-সংগঠনৰ নেতাৰ দৰে চিঞৰি চিঞৰি ক----- পৰম শ্ৰদ্ধাভাজন ৰাইজ ! আমি আপোনালোকৰ বাবে ওলাই আহিছোঁ দেশৰ সেৱা কৰিবলৈ । আপোনালোকৰ সুখত সুখী আৰু দুখত দুখী হ'বলৈ আমি জীৱনটো উৎসৰ্গা কৰিছোঁ------
ৰজতঃ Stop , Stop ! তহঁতৰ উদ্ধতালিৰ চৰম সীমা অতিক্ৰম কৰিছ । এতিয়াই তহঁতৰ ওপৰত বিহিত ব্যৱস্থা ল’ম । (পকেটৰ পৰা ম'বাইল উলিয়ায়)
(এনেতে বিজয় মাষ্টৰ আহে)
বিজয়ঃ ঐ তহঁতৰ হৈছে কি ? তহঁতে কাজিয়া কৰিছ কিয় ?
বিজুঃ আপুনি আহি ভালেই কৰিছে । শিক্ষক হিচাপে আপোনাৰ এই অঞ্চলত এটা ভাল নাম আছে ।
বিজয়ঃ শিক্ষক হিচাপে ছাত্ৰ-ছাত্ৰীৰ উন্নয়নৰ লগতে সমাজৰ প্ৰগতিৰ কথাও মই ভাবিব লাগিব ।
পিছে ৰজত তই দেখোন বৰ খং কৰিছ ?
ৰজতঃ আজি ইহঁতে হাবিত গৈ চোৰাংকৈ গছ কাটিবলৈ যাবলৈ ওলাইছিল আৰু আমি বাধা দিয়াৰ বাবে আমাকে ওলোটাই চোৰ বান্ধিব খোজে ।
ৰিজুঃ ইহঁত কাঠৰ চোৰাং চিকাৰী ! আমি মানা কৰাৰ বাবে ওলোটাই আমাকে ঠাট্টা মস্কৰা কৰে ।
বিজয়ঃ তহঁতে জাননে , তহঁতে এটা বেয়া পথেৰে যাত্ৰা আৰম্ভ কৰিছ । এইটো এটা অপৰাধ । It is crime for the society.
গোপালঃ মাষ্টাৰ বাবু , আমি কেনেকৈ চলিম ? আমি দেখোন লঘোণে মৰিব লাগিব । আমাৰ চলিবলৈ কোনো পথেই নাইকিয়া হৈছে ।
ৰজতঃ জীৱনত চলিবলগীয়া বহু পথ আছে । কেৱল বিচাৰি ল'ব জানিব লাগিব ।
বিজয়ঃ ৰজতে ঠিকেই কৈছে । তহঁতক চলাৰ পথ মই দেখুৱাম । এইবোৰ আজিৰ পৰা বাদ দিম বুলি কথা দে ।
গোপালঃ আমি ব'ছক নোসোধাকৈ একো ক'ব নোৱাৰোঁ ।
যদুঃ তাক কিয় সুধিব লাগে ? আমি তাৰ গোলাম নেকি ?
গোপালঃ তই একো কথাতে চিৰিয়াছ নহয় । অ' মধু তই ব'ছে কোৱা কথাবোৰ কচোন ।
মধুঃ মানুহজন ক্ষুধাতুৰ বাঘৰ দৰে । গছ কটা কাম নকৰিলে আমি বিপদত পৰিম ।
বিজয়ঃ তহঁতে অনাহকত ভয় কৰিছ ৷ আমি থানাত এইবিষয়ে আলোচনা কৰি এখন এজাহাৰ দিম । তাক যিকোনো প্ৰকাৰে ধৰিবই লাগিব । চোৰাং চিকাৰীৰ দুষ্ট চক্ৰটোক আমি উৎখাত কৰিবই লাগিব ।
গোপালঃ পুলিচ থানাবোৰো বোলে মেনেজ হৈ থাকেহেে । আপুনি আমাক নিৰাপত্তা দিব লাগিব ।
বিজয়ঃ সকলোবোৰ থানা নহয় । দেশত নীতি- নিয়ম , আইন-আদালত আছে নহয় । দেখা নাই অলপতে এছ পি , ডি এছ পি কোনো সাৰি যাব পৰা নাই ৷ এইক্ষেত্ৰত চৰকাৰ কঠোৰ হৈছে ।
যদুঃ তথাপিও দেখোন বেয়া কামবোৰ হৈ থাকে ৷ সেইবাবে আমাৰ শংকা হয় ।
ৰজতঃ তহঁতে বেছি ভয় কৰিছ ৷ সিহঁতৰ লগত থাকি কাম কৰি তহঁতৰ জীৱনৰ নিৰাপত্তা আছে বুলি ভাবা নেকি ?
বিজুঃ মই ভাবো কেতিয়াও নাই । বেয়া পথত থকাসকলৰ শেষ পৰিণতি অতি বেয়া ।
বিজয়ঃ আমি জানো অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ সদায় জয় । আমি সকলোৱে ঐক্যবদ্ধ হৈ যুদ্ধ কৰিব লাগিব ।
ৰিজুঃ মহিষাসুৰক নিধন কৰিবলৈ দুৰ্গা গোসাঁনীক দেৱতাসকলে কেনেদৰে অস্ত্ৰ-শস্ত্ৰ দি সহ…
ৰিজুঃ মহিষাসুৰক নিধন কৰিবলৈ দুৰ্গা গোসাঁনীক দেৱতাসকলে কেনেদৰে অস্ত্ৰ-শস্ত্ৰ দি সহায় কৰিছিল নিশ্চয় জানা ? ঠিক তেনেকৈ আমিও যুঁজিব লাগিব অন্যায়ৰ বিৰুদ্ধে ।
মধুঃ হ'ব দে । আমি আজিৰ পৰা এইবিলাক কাম নকৰোঁ । তহঁতৰ কথা মতে কাম কৰি যাম ।
বিজয়ঃ তঁহতে এটা কথা মনত ৰাখিবি । কষ্টৰে অৰ্জা ধন বেছি নহ'লেও কিন্তু অধিক মূল্যবান হয় ৷
বিজুঃ ছাৰ , ইহঁতক বনাঞ্চল ধ্বংসৰ কুফল বোৰ কওকচোন ।
ৰিজুঃ হয় ছাৰ । আমিও ভালদৰে জানি লওঁ ।
বিজয়ঃ তহঁতে জাননে উদ্ভিদে বায়ুমণ্ডলত অক্সিজেন এৰি দিয়ে আৰু জীৱ-জন্তুবোৰে নিশাহত এৰি দিয়া কাৰ্বন ডাই অক্সাইডখিনি গ্ৰহণ কৰি উদ্ভিদে সূৰ্যৰ পোহৰত নিজৰ আহাৰ প্ৰস্তুত কৰে ?
গোপালঃ হয় নেকি ? ইয়াৰ বিষয়ে দেখোন আমি একো নাজানোঁঁ । আৰু কি কি হয় কওঁকচোন ?
বিজয়ঃ আমি এটা ভয়ংকৰ যুগলৈ গৈ আছোঁ ।
যদুঃ ভয়ংকৰ যুগলৈ গৈ আছোঁ ?
বিজয়ঃ এৰা । পৃথিৱীত জনসংখ্যা বৃদ্ধিৰ ফলত মানুহৰ দ্বাৰা সৃষ্ট বস্তুবোৰ , কল-কাৰখানা , মটৰগাড়ী ইত্যাদিবোৰৰ পৰা ওলোৱা ধোঁৱা , ধূলিকণা , আৱৰ্জনাৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড , ছালফাৰ-ডাই-অক্সাইড , নাইট্ৰিক অক্সাইড , কাৰ্বন-মন-অক্সাইড আদি গেছবোৰ উদ্ভৱ হোৱাৰ ফলত ষ্ট্ৰেট'স্ফিয়াৰত থকা অ'জ'ন স্তৰত ফুটা হৈছে ।
মধুঃ ফুটা হৈছে ? সেই ফুটাৰে কি আহে ছাৰ ?
বিজয়ঃ সেই ফুটাৰে সূৰ্যৰ পৰা নিৰ্গত অতি বেঙুনীয়া ৰশ্মি পাৰ হয় ।
যদুঃ অতি বেঙুনীয়া ৰশ্মি আহিলে কি হয় ?
বিজয়ঃ জীৱ-জন্তুৰ ছালৰ বেমাৰ হ'ব পাৰে । বিশ্ব স্বাস্থ্য সংস্থাৰ সমীক্ষা মতে অতি বেঙুনীয়া ৰশ্মি জীৱ-জন্তুৰ ছালত পৰিলে ছালৰ কেন্সাৰো হ'ব পাৰে ।
গোপালঃ কেন্সাৰ বেমাৰ ----। আমি দেখোন নিগমে মৰিব লাগিব !
বিজয়ঃ আৰু শুন । এতিয়া পৃথিৱীৰ গোলকীয় উষ্ণতা দিনক দিনে বৃদ্ধি পাই আছে । এদিন মেৰু অঞ্চল আৰু হিমালয়ৰ দৰে পৰ্বতবোৰৰ বৰফবোৰ গলি সাগৰ-মহাসাগৰৰ জলপৃষ্ঠ বৃদ্ধি হৈ পৃথিৱীত মহাপ্লাৱনৰ সৃষ্টি হ'ব ।
মধুঃ মহাপ্লাৱনৰ সৃষ্টি হ'ব ! আমি সকলোৱে নিগমে মৰিব লাগিব ৷ ঐ যদু মোৰ তিৰি- চলিকেইটা তই চাবি দে ।
যদুঃ দুৰ্যোগ হ'লে আমি সকলোৱে সিপূৰীলৈ যাব লাগিব ।
গোপালঃ মোৰ হ'লে মৰিবলৈ অকণো ভয় নাই ।
মধুঃ কেইদিনমান আগতে তই দেখোন এডাল ঢোৰাসাপ দেখোতে আটাহ পাৰি উঠিছিলি ।
গোপালঃ যমলৈ সকলোৰে ভয় লাগে দেচোন ।
যদুঃ হ'ব হ'ব আমি সকলোৱে বুজিছোঁ -- তোৰ মৰণলৈ অকণো ভয় নাই ।
গোপালঃ হ'ব দে ঠাট্টা কৰিব নালাগে ।
মাষ্টাৰ বাবু ; আপোনাৰ পৰা বহুত নজনা কথা জানিলোঁ ৷ গছ-গছনিৰ সৈতে ইয়াৰ সম্পৰ্ক কি ?
ৰজতঃ বিজয়ে দেখোন কৈছিল উদ্ভিদে আহাৰ প্ৰস্তুত কৰিবলৈ কাৰ্বন-ডাই-অক্সাইড ব্যৱহাৰ কৰে আৰু লগতে বায়ুমণ্ডল পৰিশোধিত কৰে ।
গোপালঃ বায়ুমণ্ডল পৰিশোধিত কৰে । আমি আজি বহুতো নজনা কথা জানিলোঁঁ ।
ৰজতঃ আমাৰ দেশৰ ৰাজধানীত আটাইতকৈ বেছি প্ৰদূষণ হয় । ইয়াৰ কাৰণ কি জানানে ?
যদুঃ আমি একেবাৰে নাজানো ? ক'চোন কাৰণটো?
ৰজতঃ বৰ্দ্ধিত জনসংখ্যা , বিলুপ্ত উদ্ভিদ , অত্যাধিক কল-কাৰখানা , যান-বাহনৰ বাবেই মহানগৰীখনত বেছি প্ৰদূষণ হয় । আনকি মাজে মাজে এছিড বৰষুণো হয় ।
মধুঃ এছিড বৰষুণ হ'লে কি হ'ব পাৰে ?
ৰজতঃ এছিড বৰষুণ হ'লে মানুহৰ বহুত ক্ষতি হ'ব পাৰে । এই বৰষুণ যদি ইতিহাস প্ৰসিদ্ধ ঠাইবোৰৰ কীৰ্তি চিহ্ন , মঠ-মন্দিৰ , মছজিদ ইত্যাদিত পৰে তেনেহ'লে বিস্তৰ ক্ষতি হ'ব ।
বিজুঃ তাৰমানে আমাৰ ৰাজধানীখন অস্বাস্থ্যকৰ ঠাই ।
ৰজতঃ অ' । তাত গৰমৰ দিনত বৰ গৰম আৰু ঠাণ্ডাৰ দিনত অতিপাত ঠাণ্ডা । এতিয়া আমাৰ গুৱাহাটী খনো সেই পৰ্যায়লৈ আগবাঢ়ি গৈ আছে ।
ৰিজুঃ এয়া হৈছে মানুহে সৃষ্টি কৰা নৰমেধ যজ্ঞ ৷
বিজয়ঃ এতিয়া আমি যদি বনাঞ্চল ধ্বংস কৰি থাকো তেনেহ'লে ৰজতে কোৱাৰ দৰে বায়ুমণ্ডল পৰিশোধিত হ'ব কেনেকৈ ? গোলকীয় উষ্ণতা দিনক দিনে বৃদ্ধি হ'ব । তাৰফলত পৃথিৱীৰ মানুহৰ বিপদ ঘন্টা বাজি উঠিব ।
গোপালঃ তাৰ উপায় কি ?
বিজয়ঃ আমি কল-কাৰখানা , যান-বাহন আদিবোৰ প্ৰদূষণ মুক্ত কৰিব লাগিব ।
বিজুঃ যধে মধে গছ-গছনি নাকাটি সকলোৱে বৃক্ষৰোপণ কৰি ধৰিত্ৰী আইক উদ্ধাৰ কৰিব লাগিব ।
ৰিজুঃ উদ্ভিদ অবিহনে আমাৰ জীৱন অসাৰ । দৈনন্দিন জীৱনৰ সকলোখিনি পোৱাৰ উপৰিও উদ্ভিদে গৰাখহনীয়া ৰোধ কৰে , পৰিৱেশ শীতল কৰে ।
বিজুঃ উদ্ভিদৰ পাতে বায়ুমণ্ডলৰ ধূলিকণা ধৰি ৰাখিব পাৰে । উদ্ভিদ আমাৰ প্ৰাণৰো প্ৰাণৰ ।
ৰজতঃ উদ্ভিদৰ উপকাৰিতাৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি ।
( এনেতে নিৰ্মলা বৌৰ প্ৰৱেশ)
বিজয়: সৌ দেখোন , বৌ আহিব ধৰিছে ৷
নিৰ্মলাঃ তোমালোক ইয়াতেই আছা । তোমালোকক লগ কৰিবলৈ মই ইয়ালৈ দৌৰি আহিছোঁ ৷
বিজুঃ আমাক লগ কৰিবলৈ আহিছা ?
ৰিজুঃ (ধেমালি কৰি) আমি কিবা জগৰ লগালোঁ নেকি বৌ ?
নিৰ্মলাঃ তোমালোকে একো জগৰ লগোৱা নাই । তোমালোক সমাজৰ অবিচ্ছেদ্য অংগ । সমাজ সংস্কাৰক ।
ৰজতঃ মই কিন্তু একো ধৰিব পৰা নাই ।
বিজয়ঃ বৌ কি কাৰণে ইয়ালৈ আহিছে , মই অনুমান কৰিব পাৰিছো ? কোৱাচোন বৌ, সকলো বিৱৰি কোৱা ।
নিৰ্মলাঃ মোৰ মানুহটোৱে এই দুজনৰ লগত লগ লাগি কাঠৰ চোৰাং কাৰবাৰত লাগিছে । কিমান কলো এইবোৰ এৰিবলৈ ? তিৰোতাৰ কথাত কোনে গুৰুত্ব দিয়ে ?
গোপালঃ হ'ব দে , ইমান লাজ দিব নালাগে । আমি সকলোবোৰ এৰি পেলাইছোঁঁ ।
ৰজতঃ নাৰীৰ সন্দৰ্ভত এজন মহান দাৰ্শনিকে কৈছিল- তোমালোকে মোক এগৰাকী নাৰী দিয়া । মই তোমালোকক এটা জাতি উপহাৰ দিম ।
বিজুঃ সঁচাকৈয়ে নাৰী অনন্য । নাৰীয়ে সৃষ্টিও কৰিব পাৰে আৰু ধ্বংসও কৰিব পাৰে ।
ৰজতঃ যি পুৰুষে নাৰীক মৰম , স্নেহ , শ্ৰদ্ধা , ভক্তি কৰিব নোৱাৰে সেই পুৰুষ অহংকাৰী , মদগৰ্বী আৰু অসৎ প্ৰকৃতিৰ হয় ।
নিৰ্মলাঃ মই মানুহজনক কিমান ক'লো বেয়া পথেৰে কাম নকৰিবলৈ । সৎ পথেৰে কাম কৰিলে মানসিক শান্তি পোৱা যায় । আমি লাগিলে এসাঁজ খাই এসাঁজ লঘোণে থাকিম তথাপিও বেয়া পথেৰে ধন ঘটাটো মই মুঠেও পছন্দ নকৰোঁ ।
বিজয়ঃ গোপাল কাইটি , বৌৰ নিচিনা সাদৰী তিৰোতা পাবলৈ কিমানজন মানুহৰ ভাগ্যত মিলে ?
নিৰ্মলাঃ মই সাদৰী তিৰোতা নহয় কাৰণেটো তেখেতে এই পথেৰে যাত্ৰা কৰিছে । মই কিমান দিন কৈছিলো- আমাৰ ল'ৰা-ছোৱালী দুটাক মানুহ কৰাৰ স্বাৰ্থত এনেবোৰ কামৰ পৰা বিৰত থাকিব লাগে ৷
গোপালঃ আমি আজি অনুতপ্ত । বিজয়ে কোৱাৰ দৰে আমি সকলোবোৰ কৰিম ৷ তোক বৰ দুখ দিলোঁ । মোক ক্ষমা কৰি দে ।
মধুঃ অ বৌ । আমাক আৰু লাজ নিদিব । ইমান দিনে কৰা ভুলৰ প্ৰায়চিত কৰিম ।
যদুঃ আমি লোভত বন্দী হৈছিলোঁঁ । ইহঁতে আমাক উদ্ধাৰ কৰিলে । আমি পুলিচক সকলোবোৰ ক'ম।
নিৰ্মলাঃ সঁচাকৈয়ে নে ? তোমালোকক কি বুলি ধন্যবাদ দিম- মোৰ ভাষা নাই ।
ৰিজুঃ ধন্যবাদ দি সাৰি গ'লে নহ'ব বৌ ।
বিজুঃ তাৰ প্ৰতিকাৰ কৰিব লাগিব বৌ ।
নিৰ্মলাঃ তাৰমানে কি ? মই একো ধৰিব পৰা নাই ৷
ৰজতঃ আপোনাৰ ঘৰত কেৰেচীয়া হাঁহ আছে নহয় ?
নিৰ্মলাঃ বহু কেইটা আছে ৷
ৰজতঃ তাৰে এটা মাৰি তোমাৰ হাতেৰে সকলোৱে এসাঁজ খোৱাৰ ধান্দা কৰিছে ।
নিৰ্মলাঃ (হাঁহি) বৰ ভাল লাগিল । তোমালোকক এসাঁজ খুৱাব পাৰিলে আমি সৌভাগ্যৱান হ'ম ৷
গোপালঃ বৰ ভাল প্ৰস্তাৱ দিলা । যদু আৰু মধুও থাকিব ।
নিৰ্মলাঃ কোনে কৈছে সিহঁতক এৰিবলৈ ? সকলোৱে লগে ভাগে এসাঁজ খাম আকৌ ।
মধুঃ বৌৱে বৰ সুন্দৰ খানা বনায় । আমাৰ প্ৰায়ে খোৱাৰ সৌভাগ্য হয় ।
নিৰ্মলাঃ হ'ব দে , বৌৱাৰাক ইমান প্ৰশংসা কৰিব নালাগে ৷ ভাল লাগিল , তহঁতে যে শুদ্ধ পথটো পলমকৈ হ'লেও চিনি পালি ।
গোপালঃ আজি এটা আমাৰ কাৰণে ভাল দিন । মোৰ ঘৰত ৰাতিৰ সাঁজৰ বাবে সকলোকে নিমন্ত্ৰণ জনালোঁ ৷
বিজুঃ (ৰগৰ কৰি) কাইটি , কেৰেচীয়া হাঁহ হ'ব নে ?
গোপালঃ আৰে কিয় নহ'ব ! ঈশ্বৰে দিয়া পুখুৰীত মাছো আছে ৷ লোকেল মাছ খুৱাম ।
বিজয়ঃ ঐ তহঁতে খোৱা-লোৱাতহে গুৰুত্ব দিছ । আমি নিৰামিখ খাদ্যৰেও এসাঁজ খাই আনন্দ লভিব পাৰোঁ ।
ৰজতঃ অৱশ্যে হয় । ইহঁতে ধেমালিহে কৰিছে ।
নিৰ্মলাঃ ভগৱানে দিয়া সকলো আছে । পিছে তোমালোকে গোটেই কেইটা আহিব লাগিব । কোনোবাই নাহিলে আমি খুব বেয়া পাম ।
ৰজতঃ তহঁতৰ আজি কিবা অসুবিধা আছে নেকি ?
বিজুঃ মোৰ এঠাইলৈ যাবলগীয়া আছিল ৷ যিহেতু খানা বৰ মজবুত গতিকে যোৱা cancel ৷ .
ৰজতঃ লোকেল মাছ আৰু কেৰেচীয়া হাঁহৰ কিন্তু power আছে দে ।
(সকলোৱে হাঁহিব)
গোপালঃ তেনেহ'লে সকলোৱে আমাৰ ঘৰলৈ গধূলি আহিবি ।
ৰিজুঃ নিশ্চয় যাম । আজি আমাৰ বাবে এটা স্মৰণীয় দিন হৈ ৰ'ব ৷
বিজুঃ পিছে আগন্তুক বিশ্ব পৰিৱেশ দিৱসৰ কাৰণে আমি কি কৰিম ?
ৰজতঃ আমি সকলোৱে বৃক্ষৰোপণ কৰি অনাগত দিনত আহিবলগীয়া বিপদৰ পৰা ৰক্ষা পাবলৈ চেষ্টা কৰা উচিত ।
বিজয়ঃ ধৰিত্ৰীৰ আজি অসুখ । ধৰিত্ৰীৰ অসুখ নিৰ্মূল কৰিবলৈ আমি মানুহক সজাগ কৰিব লাগিব । আগন্তুক বিশ্ব পৰিৱেশ দিৱসৰ বাবে আমি সকলোৱে সংকল্পবদ্ধ হওঁ আহক ৷ পৰিৱেশ অনিষ্ট কৰা সকলো বৰ্জন কৰি আমি বৃক্ষৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰোঁ ।
ৰজতঃ আমি সমস্বৰে গাওঁ------( কোৰাছ )
গছ থাকিলে মানুহ থাকিব ৷
এক বৃক্ষ দশ পুত্ৰ সম ।
বনাঞ্চল ধ্বংস ৰোধ কৰক ।
সকলোৱে বৃক্ষ ৰোপণ কৰক ।
(দূৰণিৰ পৰা জ্যেতি সংগীত ভাঁহি আহিব)
গছে গছে পাতি দিলে
ফুলৰে শৰাইৰাম ৰাম-----।
ৰচনা : প্ৰদীপ কলিতা
শৈক্ষিক তত্বাৱধায়ক ,
হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয় , হাজো ৷
0 Comments