header ads

কুইজঃ, আখটাৰ হক , ৪ৰ্থ বছৰ ৪ৰ্থ সংখ্যা,

 কুইজঃ



(১) অসমৰ পুৰণি নাম কি ?
উত্তৰঃ কামৰূপ ।

(২) 'বাঁহী'ৰ প্ৰথম সম্পাদক কোন আছিল ?
উত্তৰঃ লক্ষ্মীনাথ বেজৱৰুৱা ।

(৩) বিহগী কবি বুলিলে কোনজন অসমীয়া কবিক বুজায় ?
উত্তৰঃ ৰঘুনাথ চৌধাৰীক ।

(৪) অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি ?
উত্তৰঃ হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত’।

(৫) ইংৰাজৰ পৰা ‘ছাৰ’ উপাধি লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন ?
উত্তৰঃ ছাৰ চৈয়দ ছাদুল্লাহ ৷

(৬) সাহিত্য অকাডমী বঁটা লাভ কৰা ‘ককাদেউতাৰ হাঁড়’ পুথিখনৰ লেখক কোন ?
উত্তৰঃ নৱকান্ত বৰুৱা । 

(৭) সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত হোৱা প্ৰথম নাটকখন কি আছিল ?
উত্তৰঃ শকুন্তলা (লম্বোদৰ বৰা)। 

(৮) অসমৰ প্ৰথম চনেট কবি কোন আছিল ?
উত্তৰঃ হেমচন্দ্ৰ গোস্বামী ৷

(৯)প্ৰাক-বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল ?
উত্তৰঃ মাধৱ কন্দলি আৰু হেম সৰস্বতী ।

(১০) শংকৰদেৱৰ প্ৰিয় শিষ্য কোন  আছিল ?
উত্তৰঃ মাধৱদেৱ ।

(১১) অসমত প্ৰথম বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হয় ?
উত্তৰঃ 1948 চনত (গুৱাহাটী বিশ্ববিদ্যালয়) ।

(১২) প্ৰথম অসমীয়া অনাতাঁৰ নাট ?  
উত্তৰঃ বীন বৰাগী । 



সংগ্ৰাহকঃ
আখটাৰ হক 
অষ্টম শ্ৰেণী , বকো মজলীয়া বিদ্যালয়

Post a Comment

0 Comments