দক্ষিণ কামৰূপৰ লোক উৎসৱ ‘ভেল দিয়া উৎসৱ’
কামৰূপ জিলাৰ দক্ষিণ কামৰূপৰ আন বিভিন্ন লোক কৃষ্টি–সংস্কৃতিসমূহৰ ভিতৰত বৰ্ষাকালীন উৎসৱ ‘ভেল দিয়া উৎসৱ’এ এক সুকীয়া ঐতিহ্য বহন কৰি আহিছে । ভেল দিয়া উৎসৱ নৈপৰীয়া আৰু বিলপৰীয়া জনজীৱনৰ এক নিবিড় সম্পৰ্ক থকা উৎসৱ বুলি ক’ব পাৰি । যিসকল লোকৰ নদী , বিল , জান আদিৰ লগত জীৱন জীৱিকাৰ কথা জড়িত হৈ থাকে , সেইসকল লোকে প্ৰধানতঃ এই উৎসৱ নিজস্ব আৰু পৰম্পৰাগত ৰীতি-নীতিৰে পালন কৰে । বিশ্বাস আছে যে , পানীৰ লগত সম্পৰ্ক থকা এই উৎসৱ জলৰ অধিষ্ঠিত দেৱতা জলদেৱতাক সন্তুষ্ট কৰাৰ মানসেৰে পালন কৰা হয় । বানপানীৰ সংহাৰী ৰূপে যাতে নৈপৰীয়া চহা জীৱনত প্ৰভাৱ পেলাব নোৱাৰে , মাছমৰীয়া লোকসকলে যাতে পৰ্যাপ্ত পৰিমাণে মাছ পাব পাৰে , সমাজত অপায় অমংগল দূৰ হোৱাৰ লগতে অপদেৱতাই অনিষ্ট সাধন নকৰে তাৰ বাবে অঞ্চলবাসীয়ে সমূহীয়াকৈ জলদেৱতাৰ ওচৰত প্ৰাৰ্থনা জনায় ।
এইখিনিতে উনুকিয়াব বিচাৰিছোঁ যে,‘ভেল’ বুলি ক’লে সাধাৰণতে আমাৰ সকলোৰে বেউলা-লক্ষীন্দাৰৰ কথাই মনলৈ আহে । ছয়গাঁৱৰ চম্পকনগৰৰ চান্দ সদাগৰৰ পুত্ৰ লখিন্দাৰক মেৰঘৰত কালীনাগে দংশন কৰি মৃত্যু ঘটাইছিল । কান্দি-কাটি বাউলি হৈ পৰা লক্ষীন্দাৰৰ পত্নী সতী বেউলাই মৃত স্বামীক এখন কলগছৰ ভেলত উঠাই লৈ দেৱপুৰীলৈ নি জীৱনদান লাভ কৰা ঘটনা পদ্মপুৰাণত উল্লেখ আছে ।লোক বিশ্বাসত গঢ়লৈ উঠা ভেল দিয়া উৎসৱত তিনিৰ পৰা সাতডালমান কলগছ শাৰী শাৰীকৈ একেলগ কৰি বিজুলি বাঁহেৰে ফুটাই লগলগাই ভেল সাজে । ভেল দিয়া উৎসৱৰ বাবে ভেল সজাবলৈ নামঘৰৰ চোতালত সকলোৱে ৰাজহুৱাভাৱে লগ হয় আৰু বিশ্বাস আছে যে , যিসকল লোকে ভেল সাজিব তেখেতসকলে আগদিনা ৰাতিৰ পৰা উপবাসে থাকি পৰম্পৰাগত ৰীতি-নীতিৰে ভেল সজোৱা কাম সম্পন্ন কৰে । ভেলখনৰ ওপৰত লগাবৰ বাবে দীঘল দীঘল কলৰ দোনা চটিয়া ঢাৰিৰ দৰে সজাই বাঁহৰ খিলামাৰী দিয়ে । তাৰ পিছত সুন্দৰকৈ কাটি ওপৰত চৈ দি নৌকা সদৃশ আকৃতিৰ কৰি লয় । ভেলখনত এখন সৰুকৈ দুৱাৰ ৰখা হয় । দুৱাৰখনেৰে ভিতৰত পৰম্পৰাগত ৰীতি-নীতিৰে ৰাজহুৱাভাৱে নৈবেদ্য ,ধূপ-ধূনা , মিঠাতেলৰ চাকি , মালভোগ কল , হাঁহৰ কণী , তেল-সেন্দুৰ লগোৱা পাৰ চৰাই এযোৰ,আদি জলদেৱতাৰ নামত আগবঢ়োৱা হয় । পুৰোহিতে শান্তি পানী ছটিয়াই ভেলখন শুচি কৰি লোৱাৰ পিছত সকলোৱে হৰিধ্বনিৰে মন্ত্ৰ পাঠ কৰি স-ভক্তিৰে প্ৰণাম জনোৱা নিয়ম আছে । প্ৰণাম জনোৱাৰ পিছত কেইগৰাকীমান স্থানীয় ডেকাই ভেলখন কান্ধত তুলি লৈ বিল/জান/নদীৰ কাষেৰে গীত গাই গাই আগুৱাই যায়---
ভেলৰ মূৰত মালা
ৰ’দ পাই লেটেৰা
চেঙা পাই মেলিলা পাহি ।
ভেলখন লৈ যোৱাৰ সময়ত আয়তী সকলে নামৰ গীত-গাই যায় , বেণ্ড-পাৰ্টি , ঢুলীয়া, , কালিয়া , চৈতেলী আদিৰে ৰং-তামাচাৰে আনন্দ কৰি গাঁওখন ঘূৰায় । নৈ অথবা বিলৰ পাৰত পুৰোহিতে পূজা আৰু মন্ত্ৰপাঠ কৰি ভেলখন ঠেলা মাৰি দি নৈ বা বিলৰ পানী উটুৱাই দিয়ে । সুবিধা থাকিলে নাৱেৰে অলপ আগুৱাই গৈ ভেলখন ঠেলা মাৰি উটুৱাই দিয়ে । পানীত ভেল উটুৱাই দিয়াৰ সময়ত আয়তীসকলে গীত পৰিৱেশন কৰে-
এ’ ভেল ভাগিলৰে
বেউলা সুন্দৰী ।
গোঁসাইক জীয়াবা যায় ।
যমৰে পুৰী
ভেল ভাসিলৰে ।
পিছত যেতিয়া ভেলখন উটি গৈ থাকে তেতিয়া এনেদৰে গায়-
এ’ ভেল ৰৈ যাৰে
ৰাইজৰ দুখৰ কথা
শুনি যাৰে ।
ৰাইজে ভেলখন উটুৱাই দি উভতি আহি নামঘৰৰ চোতালত প্ৰসংগ কৰি মাহ-প্ৰসাদ খায় । ঠাই বিশেষে বৈদিক হোম যজ্ঞ কৰি ভেল দিয়া উৎসৱৰ সামৰণি মাৰে ।
কামৰূপৰ দক্ষিণ কামৰূপ অঞ্চলৰ আজাৰা , কেওটপাৰা , হাটুৱাপৰা , ভট্টাপাৰা , মাজিৰগাওঁ , কেন্দুকুছি , পলাশবাৰী , হুদুমপুৰ , বৰকুছি , কুকুৰীয়া , দখলা , ভোলাপাৰা , সত্ৰপাৰা , ৰামপুৰ সনাতন নামঘৰ প্ৰাঙ্গণ , খিদিৰপুখুৰী কৈৰ্ৱতপাৰা , তেজপুৰ , কুকুৰমাৰা , ছয়গাওঁ চম্পকনগৰ , গোসাঁইপাৰা , বুঢ়াপাৰা , বৰখেলীয়া , সৰুখেলীয়া , নোৱাপাৰা , আমোদপুৰ , দখলা , আমতল , কন্দলপাৰা আদি ৰাইজ গয়ৰহ/সমাজত পৰস্পৰাগতভাৱেই এই ভেলদিয়া উৎসৱ অনাদি কালৰ পৰাই পালন কৰি আহিছে ।
কামৰূপ জিলাৰ দক্ষিণ কামৰূপৰ নৈপৰীয়া অঞ্চলত উদ্যাপিত ভেল দিয়া উৎসৱে কামৰূপৰ জনজীৱনৰ থলুৱা কৃষ্টি-সংস্কৃতি ঐতিহ্য জীয়াই ৰখাৰ লগতে সমাজত ঐক্য-সংহতিৰ এনাজৰীডাল অধিক শক্তিশালী কৰি তোলা আৰু একতাৰ দোলেৰে বান্ধি ৰখাত যথেষ্ট অৰিহণা যোগাই যাব বুলি আমি আশাবাদী ।
ফুলপাহি নাথ ,
জিলা আঁচনি বিষয়া ,
সমগ্ৰ শিক্ষা,কামৰূপ
0 Comments