header ads

সম্পাদকীয়, অসমৰ খেলুৱৈৰ সাফল্য , আমাৰ আবেগ আৰু কৰণীয় , নিৰলা ডেকা ,৪ৰ্থ বছৰ ৪ৰ্থ সংখ্যা,

 অসমৰ খেলুৱৈৰ সাফল্য , আমাৰ আবেগ আৰু কৰণীয় ------




         আমি অসমীয়া জাতিটো বৰ আবেগপ্ৰৱণ ৷ যিকোনো ৰাজনৈতিক , সামাজিক , সাংস্কৃতিক, অৰ্থনৈতিক পৰিস্থিতি বিষয়ক সু-সময়ত আমি যেনেদৰে সাময়িক আবেগত উটি-ভাঁহি আনন্দোচ্ছাস বা হৰ্ষোল্লাস প্ৰকাশ কৰোঁ , তেনেদৰেই দুঃসময়তো সামাজিকভাৱে দুখ প্ৰকাশ কৰি ম্ৰিয়মাণ হওঁ আৰু সময়ত আকৌ সকলোবোৰ পাহৰিও যাওঁ ৷ আবেগৰ বশবৰ্ত্তী হৈ আজি আমি যিজন ব্যক্তিৰ সফলতাত প্ৰশংসাৰে ওপচাই পেলাইছোঁ , কাইলৈ সেইজন ব্যক্তিৰেই সাধাৰণ এটা বিফলতাত ক্ষুৰধাৰ সমালোচনা কৰি ডাষ্টবিনলৈ নিক্ষেপ কৰিবলৈও কুণ্ঠাবোধ নকৰোঁ ৷ এয়াই আমাৰ চৰিত্ৰ ৷

 শেহতীয়াভাৱে হিমা দাস , লাভলীনা বৰগোহাঁই , ৰিয়ান পৰাগ , উমা চেত্ৰী , নয়নমণি শইকীয়া আদিকে ধৰি বহুকেইগৰাকী অসমীয়া খেলুৱৈ উজ্জ্বলি উঠিছে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰখনত ৷ যোৱা ২০২০ চনৰ ট’কিঅ’ অলিম্পিকত লাভলীনা বৰগোহাঁয়ে ব্ৰঞ্জৰ পদক জয়েৰে অসমবাসীলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে প্ৰথমগৰাকী অলিম্পিক পদকজয়ী হোৱাৰো কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ ইং ২০২৪ ৰ পেৰিছ অলিম্পিকতো তেওঁ অংশগ্ৰহণ কৰে যদিও এই প্ৰতিযোগিতাত তেওঁ বিশেষ সাফল্য অৰ্জন কৰিবলৈ সক্ষম নহ’ল ৷ উল্লেখ্য যে ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলৰ এনে ধৰণৰ সফলতাত আমি ৰাজ্যবাসীয়ে গৌৰৱান্বিত হোৱাৰ লগতে হৰ্ষোল্লাস প্ৰকাশ কৰি আহিছোঁ ৷ বহুসময়ত অত্যধিক উচ্ছাস প্ৰকাশ কৰিবলৈ গৈ তেওঁলোকক প্ৰশংসাৰে ওপচাই পেলাই ভিন্ন উপনাম , উপাধি আদিৰেও বিভূষিত কৰিছোঁ ৷ ৰাজ্যৰ চৰকাৰখনেও বিভিন্ন পুৰস্কাৰ , চৰকাৰী চাকৰি আদি প্ৰদান কৰি উৎসাহ যোগাব বিচাৰিছে ৷ এইটো খুবেই ভাল কথা ৷ দেশ তথা জাতিলৈ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈসকলক তেওঁলোকৰ প্ৰাপ্য স্বীকৃতি প্ৰদান আৰু সন্মান প্ৰদৰ্শনৰ জৰিয়তে আমি তেওঁলোকক ভৱিষ্যতে আৰু অধিক উন্নত প্ৰদৰ্শনৰ বাবে উৎসাহিত কৰা উচিত ৷ কিন্তু একে সময়তে আমি এই কথাটোও সমানে মনত ৰখা উচিত যে আমাক মাত্ৰ এগৰাকী লাভলীনা , হিমা বা ৰিয়ান পৰাগ হ’লেই নহ’ব ৷ তাৰোপৰি বহু সময়ত দেখা যায় সম্বৰ্দ্ধনা জনোৱা ব্যক্তি আৰু অনুষ্ঠানৰ হৈ চৈ তথা ব্যৱসায়িক প্ৰতিষ্ঠানৰ টনা আজোৰাৰ ফলত খেলুৱৈৰ মনঃসংযোগ বিঘ্নিত হৈ পৰবৰ্তী পৰ্যায়ত উন্নত প্ৰদৰ্শন অব্যাহত ৰখাত ব্যৰ্থ হয় ৷

      এই কথা অপ্ৰিয় হ’লেও সত্য যে লাভলীনা , হিমা দাস , উমা চেত্ৰী , নয়নমণি শইকীয়া আদিকে ধৰি প্ৰতিভাৱান বেছিভাগ খেলুৱৈয়ে গাওঁ অঞ্চলৰ পৰা অহা ৷ তেওঁলোকৰ দৰেই অসমৰ গাওঁ আৰু চহৰ অঞ্চলৰ চুকে-কোণে ভিন্ন ক্ষেত্ৰৰ আন অসংখ্য প্ৰতিভা লুকাই আছে ৷ উপযুক্ত সুবিধা আৰু আন্তঃগাঁথনিৰ অভাৱত এই প্ৰতিভাবোৰে পৰ্যাপ্ত বিকাশৰ সুবিধা পোৱা নাই ৷ সন্দেহ নাই , খেলা-ধূলাৰ বাবে পৰ্যাপ্ত আন্তঃগাঁথনিৰ সুবিধা দিব পাৰিলে অসমৰ চুকে কোণে এনে বহুতো লাভলীনা বা হিমা দাসৰ দৰে খেলুৱৈৰ সৃষ্টি হ’ব ৷ গতিকেই আমি ভাবোঁ খেলুৱৈসকলৰ কৃতিত্বত চৰকাৰ বা জনগণে আনন্দোচ্ছাস প্ৰকাশৰ নামত অযথা হৈ চৈ কৰাতকৈ খেলৰ আন্তঃগাঁথনি সৃষ্টি তথা উন্নয়নৰ জৰিয়তে প্ৰতিভা বিকাশৰ এক নিৰৱ আন্দোলন গঢ়ি তুলিলেহে ভৱিষ্যতে আমি এগৰাকী লাভলীনা বা হিমা দাসৰ পৰিবৰ্তে শ শ গৰাকী লাভলীনা বা হিমা দাস সৃষ্টি কৰিব পাৰিম যাৰ মাজৰ পৰাই হয়তো বহুজনে আজুৰি আনিবলৈ সক্ষম হ’ব অলিম্পিক বা আন যিকোনো বিশ্বমানৰ খেলৰ সোণ , ৰূপৰ পদক ৷ 

         প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাৱ তথা তেনেই সীমিত সা-সুবিধাৰ মাজতো লাভলীনা ,  , হিমা দাস বা ৰিয়ান পৰাগৰ দৰে খেলুৱৈসকলে ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ত যি কৃতিত্ব প্ৰদৰ্শন কৰিছে সি সঁচাকৈয়ে প্ৰশংসনীয় তথা উঠি অহা প্ৰজন্মৰ বাবে অনুকৰণীয় আৰু প্ৰেৰণাদায়ক ৷ তেওঁলোকক আদৰ্শ হিচাপে লৈয়েই হয়তো আগন্তুক দিনবোৰত এচাম উদ্যমী কিশোৰ কিশোৰী আগবাঢ়ি আহিব ক্ৰীড়াৰ ক্ষেত্ৰখনলৈ ৷ গতিকেই এই ক্ষেত্ৰত চৰকাৰৰ কৰণীয় হ’ব আন্তঃগাঁথনি উন্নয়নৰ জৰিয়তে অধিক উন্নত সা-সুবিধা আৰু বিজ্ঞানসন্মত প্ৰশিক্ষণেৰে সুপৰিকল্পিতভাৱে এইচাম কিশোৰ কিশোৰীক আগবঢ়াই লৈ যোৱা ৷

         এইখিনিতে আন এটা কথাও মনলৈ আহিছে ৷ এইবাৰৰ পেৰিছ অলিম্পিকত ৪০ টা সোণৰ পদকেৰে পদক তালিকাৰ দ্বিতীয় স্থান দখল কৰা আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ চীনদেশত হেনো পাঁচ বছৰ বয়সৰ পৰাই শিশুসকলৰ মাজত খেলুৱৈ প্ৰতিভা চিনাক্তকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু সেইমতে প্ৰতিভাবান শিশুসকলক ( কেতিয়াবা বাধ্যতামূলকভাৱেও ) প্ৰশিক্ষণ কেন্দ্ৰলৈ লৈ গৈ প্ৰশিক্ষণ দিয়ায় ৷ ইয়াৰ বিপৰীতে আমাৰ ইয়াত আকৌ বিশেষভাৱে পাৰদৰ্শী বা প্ৰতিভাৱান সকলকো উৎসাহ যোগাবলৈ আগবাঢ়ি অহা ব্যক্তি বা উদ্যোক্তাৰ অভাৱ ৷ চৰকাৰৰ ফালৰ পৰা প্ৰচলন কৰা ক্ৰীড়া উন্নয়নৰ আঁচনিবোৰেও অসমৰ গাঁৱে-ভূঞে থকা প্ৰতিভাৱান খেলুৱৈসকলক বহুসময়ত ঢুকিয়ে নাপায়গৈ ৷ 

       সেয়েহে আমি আশা কৰিম আন্তঃগাঁথনি উন্নয়নৰ এই প্ৰচেষ্টা আৰম্ভ হওক তৃণমূল পৰ্যায়ৰ পৰাই ৷ অসমৰ গাঁৱে-ভূঞে থকা প্ৰাথমিক , মাধ্যমিক বিদ্যালয়সমূহ অথবা অন্যান্য বেচৰকাৰী অনুষ্ঠানৰ সহযোগত শিশু অৱস্থাৰ পৰাই খেল প্ৰতিভা চিনাক্তকৰণ আৰু উপযুক্ত প্ৰশিক্ষণৰ জৰিয়তে খেলুৱৈসকলক আগবঢ়াই নিয়াৰ প্ৰচেষ্টাৰ শুভাৰম্ভ হওক ৷ ষ্টেডিয়াম , প্ৰশিক্ষণ কেন্দ্ৰ , চুইমিং পুল আদিৰ লগতে আন আন আনুষংগিক সা-সুবিধাবোৰ পৰ্যাপ্ত পৰিমাণে স্থাপন বা যোগানৰ ব্যৱস্থা কৰা হওক ৷ প্ৰশিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো স্বজন তোষণৰ পৰিবৰ্তে যোগ্যতা আৰু সমৰ্পিত মনোভাৱাপন্ন ব্যক্তিকহে অধিক গুৰুত্ব দিয়া হওক । তেতিয়াহে আমি যিকোনো বিশ্বমানৰ প্ৰতিযোগিতাত উন্নত প্ৰদৰ্শন অথবা শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব পৰা খেলুৱৈ সৃষ্টি কৰিব পাৰিম ৷

       পৰিশেষতঃ

        শৈক্ষিক গোট জ্ঞানমৰ উদ্যোগত সকলো বিদ্যানুৰাগী ব্যক্তিৰ বাবে শৈক্ষিক আৰু মানসিক উৎকৰ্ষ সাধনৰ মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰা ‘জ্ঞানম’ আংকিক আলোচনীখনে সফলতাৰ চতুৰ্থটো বৰ্ষ অতিক্ৰমি পঞ্চম বৰ্ষত ভৰি থৈছেহি ৷ ‘জ্ঞানম’ৰ চতুৰ্থ বৰ্ষটোৰ বাবে সম্পাদনাৰ দৰে গুৰুদায়িত্বৰ বাবে আমাৰ দৰে তেনেই সীমিত জ্ঞান-বুদ্ধিৰ ব্যক্তি এগৰাকীক উপযুক্ত বিবেচনা কৰা বাবে গৌৰৱবোধ কৰিছোঁ ৷ সম্পাদক হিচাপে মোৰ কাৰ্যকালৰ চতুৰ্থ বৰ্ষৰ চতুৰ্থ তথা শেষৰটো সংখ্যাত নিজৰ সীমিত জ্ঞান আৰু অভিজ্ঞতাৰে যথাসম্ভৱ মননশীল লেখা প্ৰকাশৰ ওপৰত গুৰুত্ব দি আলোচনীখন সৰ্বাংগসুন্দৰ কৰি তোলাৰ প্ৰয়াস কৰা হৈছে ৷ আমাৰ এই প্ৰয়াসত কিমানদূৰ সফল হ’ব পাৰিছোঁ তাৰ বিচাৰৰ ভাৰ শ্ৰদ্ধাৰ পাঠক সমাজৰ হাতত অৰ্পণ কৰিলোঁ ৷ 

     শেষত ‘জ্ঞানম’ৰ এই সংখ্যাটোত ভিন্ন বিষয়ৰ লেখা প্ৰদান কৰি আলোচনীখনৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ ক্ষেত্ৰত বিশেষ বৰঙনি আগবঢ়োৱা সন্মানীয় লেখক-লেখিকাসকল আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক আমাৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ ৷ সেইদৰে আলোচনীখন প্ৰকাশৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ দিহা-পৰামৰ্শৰে সকলো সময়তে উৎসাহিত কৰা ‘জ্ঞানম’ৰ মুখ্য উপদেষ্টা অপূৰ্ব ঠাকুৰীয়া ছাৰ , তত্বাৱধায়ক ফুলপাহি নাথ বাইদেউ , উপদেষ্টাদ্বয় ড°গণেশ্বৰ চহৰীয়া ছাৰ আৰু ৰজত চন্দ্ৰ ভৰালী ছাৰকো অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ ৷ আনহাতে , আলোচনীখনত প্ৰকাশিত লেখাবোৰৰ সম্পাদনা , অলংকৰণকে ধৰি প্ৰয়োজনীয় তথ্যৰ যোগান ধৰা আৰু বিভিন্ন ধৰণৰ দিহা-পৰামৰ্শ দি সকলো সময়তে সহযোগ কৰি অহা জ্ঞানম শৈক্ষিক গোটৰ সকলো সন্মানীয় সদস্য তথা গোটটোৰ লগত বিভিন্ন প্ৰকাৰে জড়িত সকলো সন্মানীয় ব্যক্তিকে আমাৰ সম্পাদনা সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ ৷

        সদৌ শেষত আলোচনীখন প্ৰকাশৰ ক্ষেত্ৰত ৰৈ যোৱা ভুল-ত্ৰুটিবোৰৰ বাবে মাৰ্জনা বিচাৰিছোঁ ৷ অনাগত দিনবোৰত ‘জ্ঞানম’ হৈ উঠক সকলো অসমীয়াৰ বাবে প্ৰজ্ঞাৰ সাধনাৰ মঞ্চ ৷ ইয়াকেই কামনা কৰিলোঁ জ্ঞানমৰ চতুৰ্থ বছৰ , চতুৰ্থ সংখ্যাটি উন্মোচনৰ এই শুভ মুহূৰ্তত ৷




            শ্ৰদ্ধাৰে --------

            নিৰলা ডেকা 
            সম্পাদক , জ্ঞানম ই-আলোচনী

Post a Comment

0 Comments