অনলাইন শিক্ষা আৰু মণ্টেছৰী ফ্ল’ৱেলৰ শিক্ষানীতি
সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা ক’ৰণা অতিমাৰীয়ে শিক্ষা ব্যৱস্থালৈ বিপুল পৰিৱৰ্তন আনিলে ৷ শ্ৰেণীকোঠাৰ পৰিৱৰ্তে শোৱনি কোঠাতে পাঠদান আৰম্ভ হ’ল ৷ চ’ক পেঞ্চিল , ব্লেক ব’ৰ্ডৰ পৰিৱৰ্তে কম্পিউটাৰ , মোবাইলৰ কি ব’ৰ্ডত শিক্ষাদান চলিল ৷ মোবাইল চুবলৈ বাধা প্ৰদান কৰা অভিভাৱকে একোটা মোবাইল হাতত তুলি দিবলৈ বাধ্য হ’ল ৷ শুই উঠিয়ে আঢ়ৈ তিনিঘণ্টাৰ কাৰণে মোবাইলৰ বুটাম টিপি , বাক ধ্বনি প্ৰেৰণ কৰি ছাত্ৰ-ছাত্ৰীসকলে যি শিক্ষা গ্ৰহণ কৰি আছে সেয়া কিমান গ্ৰহণযোগ্য সময়েহে ক’ব ৷ চকুৰ পতা ৰঙা পৰি যোৱা কণমানিহঁতৰ অৱস্থাটো মাক দেউতাকেহে উপলব্ধি কৰিব ৷ কোনোবাটো ক্লাছত অনলাইন নাথাকিলে গ্ৰুপলৈ অনুপস্থিত বুলি মেছেজ অহাৰ তাড়নাত হয়তো বহুতো অভিভাৱকে নিজেই উপস্থিতিৰ প্ৰমাণ বহন কৰিবলগীয়া হৈছে ৷ ভূতৰ ওপৰত দানৱ ৷ শ্ৰেণীটোৰ পাঠদান সমাপ্তিৰ লগে লগে আহিল ৱৰ্কচিট ৷ প্ৰতিটো বিষয়ৰ ৱৰ্কচিটৰ প্ৰশ্নোত্তৰ লিখি অঁতাই মানে দিনটো পাৰ হয় ৷ আকৌ দ্বিতীয় দিনৰ বাবে সাজু ৷ কণমানিহঁতে নিজেই প্ৰশ্নোত্তৰ কৰিব নোৱাৰা বাবে অভিভাৱকো ব্যস্ত হৈ থাকিব লগীয়া হৈছে গোটেই দিনটো ৷ তেনেকৈয়ে আহিল ষান্মাষিকৰ পৰীক্ষা ৷ বিশটা প্ৰশ্নৰ এম. চি. কিউ টেষ্ট মোবাইলৰ বুটাম টিপি দিব লাগিব ৷ কিমান ছাত্ৰ-ছাত্ৰীয়ে নিজে জানি বুজি বুটাম টিপি উত্তৰ দিছে সেয়া সন্দেহৰ আৱৰ্তত ৷ দৰাচলতে পৰীক্ষাসমূহ যেন অভিভাৱকবোৰৰ মাজতহে হৈছে এনে অনুভৱ হৈছে ৷ তাৰ পাছত আহিল ফাইনেল পৰীক্ষা ৷ উত্তৰবোৰ বহীত কৰি ফটো মাৰি নিৰ্দিষ্ট সময়ত পিডিএফ কৰি পঠোৱা , প্ৰশ্নকাকত ডাউনল’ড্ কৰা কামবোৰ ৬-৭ বছীয়া শিশুহঁতে পঠোৱা আদি কাম নিশ্চয় নিৰ্ভুলভাৱে কৰিব নোৱাৰে ৷ গতিকে অভিভাৱক ছাঁৰ দৰে ব্যস্ত হৈ থাকিব লাগে ৷ যিসকল ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক বৃত্তিমুখী তেওঁলোকে নিশ্চয় ল’ৰা-ছোৱালীক উপৰ্যুপৰি সময় দিব পৰা নাই ফলত সেইচাম ছাত্ৰ-ছাত্ৰী এনে শিক্ষা ব্যৱস্থাৰ ফলত বাৰুকৈয়ে পিছপৰি থকাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ৷ তেনেকৈয়ে বিগত বছৰৰ পাঠদান প্ৰক্ৰিয়া সমাপ্ত হ'ল ৷ ছাত্ৰ-ছাত্ৰীসকলে এটা ক্লাছ প্ৰমোচন পালে ৷ স্কুলত ভৰি নিদিয়াকৈয়ে ইউনিফৰ্মযোৰ গাত নোসোমোৱাকৈয়ে এটা শ্ৰেণী উৰ্ত্তীণ হৈ অইন এটা শ্ৰেণীত পাঠদান আৰম্ভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক অৱস্থা তেওঁলোকেহে বুজিব ৷ শিক্ষাগুৰুৰ মুখ নেদেখাকৈ আই কনণ্টেক নকৰাকৈ কেবল মাতষাৰকে সাৰথি কৰি সমবয়সীয়াহঁতৰ সংস্পৰ্শলৈ নহাকৈ কেবল বন্ধ কোঠাত আৱদ্ধ শিক্ষা কিমান গ্ৰহণযোগ্য সময়েহে ক’ব ৷ পৰিস্থিতিৰ দাস বুলি সকলো গ্ৰহণ কৰিছোঁ যদিও সেইসকল ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা ভাবিহে চিন্তাম্বিত ৷
বাল্যকাল ব্যক্তি বিকাশৰ দ্বিতীয় স্তৰ ৷
সাধাৰণতে ৬ বছৰ বয়সৰ পৰা ১২ বছৰ বয়সৰ সময়ছোৱাক বাল্যকাল বুলি কোৱা হয় ৷ ৬-৮ বছৰ সময়ছোৱা বাল্যকালৰ আৰম্ভণি ৷ এই সময়ছোৱা শিক্ষা আহৰণৰ সময় ৷ এই সময়ত ল’ৰা-ছোৱালীৰ বৌদ্ধিক বিকাশ হয় ৷ এই সময়ত শিশুয়ে লিখা-পঢ়া আৰু গণনা কৰিবলৈ সক্ষম হয় ৷ বিদ্যালয়ৰ আন শিশুৰ লগত মিলামিছা কৰি মনৰ সুখ-দুখ প্ৰকাশ কৰিব পৰা হয় ৷ এই সময়ছোৱাত বাহিৰত খেলা-ধূলা , ফুৰাচকা কৰিহে শিশুয়ে ভাল পায় ৷ ঘৰৰ পৰিবেশত সংকীৰ্ণ বোধ কৰে ৷ এই সময়ছোৱাত অনলাইন পাঠ্যক্ৰমে কিমানদূৰ উপকৃত কৰিব পাৰিব সন্দেহৰ আৱৰ্তত ৷
স্কুল হৈছে আধুনিক শিক্ষাৰ প্ৰধান উপাদান ৷ স্কুলীয়া শিক্ষাৰ জৰিয়তে বিভিন্ন বিষয়ৰ জ্ঞান প্ৰদান কৰা হয় ৷ তাৰোপৰি পুথিগত জ্ঞানৰ লগতে শিক্ষাৰ জৰিয়তে অনুশাসন , নিয়মানুবৰ্তিতা আৰু সৎ চৰিত্ৰ গঠনৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীণ বিকাশত গুৰুত্ব দিয়া হয় ৷ এইখিনিতে বাৰে বাৰে মনলৈ আহিছে দুজন শিক্ষাবিদৰ শিক্ষানীতিৰ কথা ৷ এগৰাকী হ’ল ১৮৭০ চনত ইটালীত জন্মগ্ৰহণ কৰা মাৰিয়া মণ্টেছৰী আৰু আন এজন ফ্ৰেডেৰিক ফ্ল’ৱেল (Friedrich Froebel , 1782 - 1852)৷ দুয়োজন শিক্ষাবিদৰ নীতি অৱশ্যে ভিন্ন পৰিসৰত ৷ ফ্ল’ৱেলৰ শিক্ষা ব্যৱস্থাত শিক্ষকৰ ভূমিকা সক্ৰিয় ৷ শিশুসকলে ভুল কৰিলে শিক্ষকে সহায় কৰিব পাৰে ৷ আনহাতে মণ্টেছৰী পদ্ধতিত শিক্ষকৰ ভূমিকা মাত্ৰ পৰ্যবেক্ষক হিচাপেহে পৰিগণিত হৈছে ৷ মণ্টেছৰীৰ মতে শিক্ষয়িত্ৰী হ’ল পৰিচালিকা আনহাতে ফ্ল’ৱেলৰ মতে শিক্ষক হ’ল নিৰ্দেশক ৷
মণ্টেছৰীয়ে শিশুসকলৰ স্বাভাৱিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ৷ মণ্টেছৰীৰ মতে Education is the active help given to the normal expassion of life of the child . মণ্টেছৰীয়ে কৈছে যে শিশুসকলৰ বিকাশ হ’বলৈ তেওঁলোকে নিজকে নিজে বিকশিত হ’ব লাগিব ৷ মণ্টেছৰীৰ মতে শিশুৰ বিকাশৰ ক্ষেত্ৰত মনোবৈজ্ঞানিক দৃষ্টিভংগীৰো প্ৰয়োজন ৷ তেওঁ শিশুশিক্ষাৰ বাবে মনোবৈজ্ঞানিক নিৰীক্ষণৰ ওপৰত অধিক জোৰ দিছিল ৷ ইয়াৰ মূলতে আছিল শিশুৱে যেতিয়ালৈকে শিকিব নিবিচাৰে তেতিয়ালৈকে সিহঁতক জোৰকৈ শিকাৰ বাবে বাধ্য কৰাব নালাগে ৷ জোৰকৈ প্ৰয়োগ কৰিলে সিহঁতৰ স্বাভাৱিক বিকাশত বাধা আহিব ৷ মণ্টেছৰীয়ে শিক্ষাৰ মাধ্যমেৰে শিশুৰ মনত স্বাৱলম্বনৰ ধাৰণা সোমাই দিয়াৰ কথা কৈছে ৷ শিশুসকলে বিদ্যালয়লৈ আহি পৰিষ্কাৰ পৰিচ্ছন্নতা , হাত ধোৱা , কাপোৰ-কানি ধুবলৈ শিকা , বাচন-বৰ্তন ধোৱা , ডেক্স-বেঞ্চ সজোৱা আদিৰ দৰে দিশবোৰ শিকিবলৈ সক্ষম হয় ৷ এইবোৰ শিকাৰ লগে লগে তেওঁলোকৰ মনত স্বাৱলম্বনৰ ধাৰণা সোমাই পৰিব ৷ ইয়াৰ উপৰিও এই কামৰ অনুশীলন নিজৰ ঘৰতে কৰিব পাৰিব ৷
আধুনিক শিক্ষাৰ ক্ষেত্ৰত মণ্টেছৰীৰ প্ৰভাৱ অপৰিসীম ৷ শিশু শিক্ষাৰ বিভিন্ন দিশত মণ্টেছৰীয়ে বিভিন্ন ধৰণে প্ৰভাৱ পেলাইছে ৷ আজিৰ শিক্ষা ব্যৱস্থাত শিশুৰ প্ৰয়োজন , আগ্ৰহ , অভিপ্ৰায় আৰু মানসিক দিশৰ ওপৰত গুৰুত্ব দিয়া হয় ৷ আনহাতে আধুনিক শিক্ষা ব্যৱস্থাত শিক্ষাৰ সকলো ধাৰণাক বৈজ্ঞানিক দৃষ্টিভংগীৰে ফঁহিয়াই চোৱা হয় ৷ আধুনিক শিক্ষাত ব্যক্তিৰ ওপৰতহে অধিক গুৰুত্ব দিয়া হয় ৷ মণ্টেছৰীৰ মতে পুৰণা দলগত শিক্ষাৰ ঠাইত ব্যক্তিমুখী শিক্ষাৰ ব্যৱস্থা কৰিলেহে শিশুৰ শিক্ষা অধিক ফলপ্ৰসূ হ’ব আৰু শিশুৰ বিকাশ সম্ভৱ হৈ উঠিব ৷ মণ্টেছৰীয়ে শিশুসকলৰ শিক্ষাৰ ক্ষেত্ৰত অধিক স্বাধীনতা দিয়াৰ কথা কৈছে ৷ লগতে শিক্ষানুষ্ঠানৰ শিক্ষা শিশুৰ বাবে ‘স্বৰাজ’ৰ প্ৰয়োজন বুলি কৈছে ৷ অনুশাসন শিশুৰ মনত বাহিৰৰ পৰা জাপি দিব নোৱাৰি ৷ ই ভিতৰৰ পৰা আহিব লাগিব ৷ মণ্টেছৰীয়ে শিশুৰ মনত আত্ম অনুশাসনৰ ধাৰণা সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব দিছিল ৷ আধুনিক শিক্ষাত কৰ্মৰ মাধ্যমেৰে শিক্ষাক প্ৰয়োগ কৰিবলৈ বিচৰা হয় ৷ মণ্টেছৰীয়ে তেওঁৰ শিক্ষা ব্যৱস্থাত শিক্ষকৰ ভূমিকা বিশেষ হ’ব লাগে বুলি কৈছে ৷ শিশুসকলৰ শিক্ষাৰ ক্ষেত্ৰত উপযুক্ত পৰিবেশ সৃষ্টি কৰা দায়িত্ব শিক্ষকৰ ৷ মণ্টেছৰীৰ শিক্ষা নীতি অৱশ্যে সম্পূৰ্ণ আসোঁৱাহমুক্ত নহয় ৷ মণ্টেছৰীৰ পদ্ধতিত শিশুৰ মনত যান্ত্ৰিকতাবাদৰ ধাৰণাহে উদয় হয় লগতে ইন্দ্ৰিয়গ্ৰাহ্য বাস্তৱতাৰ ওপৰত গুৰুত্ব দিছে ৷ সেইবাবে শিশুৰ কল্পনা শক্তিৰ প্ৰভাৱ নোহোৱা হৈ গৈছে বুলি ধাৰণা কৰা হৈছে ৷ সমালোচনা থাকিলেও আধুনিক যুগত মণ্টেছৰী শিক্ষা পদ্ধতিৰ প্ৰচাৰ বহুলভাৱে হৈছে ৷ মণ্টেছৰী আধুনিক শিক্ষা জগতৰ এগৰাকী আগশাৰীৰ অগ্ৰদূত ৷ তেওঁ মণ্টেছৰী পদ্ধতিৰ মাজেৰে শিশুৰ শিক্ষাত পৃথিৱীজুৰি বিপ্লৱ সৃষ্টি কৰিছিল ৷ তেওঁৰ মতে শিশুবোৰক শুশ্ৰূষা কৰাই হ’ল ভগৱানৰ সেৱা কৰা ৷
আনহাতে আনজন শিক্ষাবিদ ফ্ল’ৱেলৰ শিক্ষানীতি মণ্টেছৰী শিক্ষা পদ্ধতিতকৈ সুকীয়া ৷ তেওঁৰ শিক্ষা পদ্ধতিক ‘কিণ্ডাৰ গাৰ্টেন ’ বোলা হৈছে ৷ ফ্ল’ৱেল কেচুৱাকালতে মাতৃহাৰা হৈ মৰম চেনেহৰ পৰা বঞ্চিত হৈছিল আৰু সেয়েহে তেওঁৰ উপলব্ধি হৈছিল যে শিশুৰ বিকাশৰ বাবে মাতৃস্নেহ অতি প্ৰয়োজনীয় ৷ শিশুৰ জীৱনৰ প্ৰকৃত শিক্ষক হ’ল মাতৃ ৷ মাতৃৰ ভূমিকা শিক্ষা জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ ৷ ফ্ল’ৱেলৰ মতে শিশুসকল হ’ল এজোপা কোমল গছপুলিৰ দৰে ৷ গছপুলিৰ গুৰিত প্ৰয়োজনীয় সাৰপানী নিদিলে যেনেকৈ বাঢ়িব নোৱাৰে তেনেকৈ প্ৰয়োজনীয় সা-সুবিধা নাপালে উঠি অহা শিশুৰ বিকাশ হ’ব নোৱাৰে ৷ তেওঁৰ মতে শিশু শব্দৰ অৰ্থ হ’ল ‘শিশু’ আৰু গাৰ্টেন শব্দৰ অৰ্থ হ’ল বাগিছা ৷ অৰ্থাৎ শিশুৰ বাগিছা ৷ স্কুলখনক ফ্ল’ৱেলে বাগিছা হিচাপে পৰিগণিত কৰি শিক্ষক অথবা শিক্ষয়িত্ৰীক মালী হিচাপে অভিহিত কৰিছে ৷ শিক্ষা হ’ল গতিশীল প্ৰক্ৰিয়া , ইয়াৰ অন্ত নাই ৷ এই প্ৰক্ৰিয়া শিশুকালৰ পৰা বৃদ্ধকাললৈ পূৰ্ণোদম্যে চলি থাকে ৷ ফ্ল’ৱেলে মানৱ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰ বুলি শিশুকালকে অভিহিত কৰিছে ৷ এই সময়ছোৱাত চৰিত্ৰ গঠনৰ ভেটি সুদৃঢ় হ’লেহে শিশুৰ জীৱন বিকশিত হ’ব ৷ এই উদ্দেশ্যেৰে ফ্ল’ৱেলে কিণ্ডাৰগাৰ্টেন পদ্ধতিৰ পৰিকল্পনা কৰিছিল ৷ ফ্ল’ৱেলৰ শিক্ষানীতিৰ শিশুৰ আভ্যন্তৰীণ গঠনক গুৰুত্ব দিয়া দেখা যায় ৷ শিশুৰ গাত অন্তৰ্নিহিত হৈ থকা গুণাৱলীসমূহৰ সম্পূৰ্ণভাৱে বিকশিত কৰিব লাগিব শিক্ষাৰ মাধ্যমত ৷ ফ্ল’ৱেলৰ শিক্ষানীতিৰ আন এটা বৈশিষ্ট্য হ’ল খেলৰ মাধ্যমেৰে শিক্ষা ৷ খেলৰ মাধ্যমৰে প্ৰয়োজনীয় কথা শিকালে শিশুৱে সহজে শিকিবলৈ সক্ষম হয় ৷ ফ্ল’ৱেলে তেওঁৰ কিণ্ডাৰগাৰ্টেন পদ্ধতিত খেলৰ ওপৰত অধিক প্ৰাধান্য দিছে ৷ শিশুসকলক তেওলোকৰ কৰ্মৰাজিৰ ক্ষেত্ৰত বিশেষ হকাবাধা কৰিব নালাগে ৷ শিশুসকলৰ মনত সৃষ্টিশীল ধাৰণা থাকে ৷ এই সৃষ্টিশীল ধাৰণাৰ লগত সক্ৰিয়তা গুণ জড়িত হৈ থাকে ৷ আত্ম সক্ৰিয়তাৰ বাস্তৱত প্ৰকাশ কৰাৰ ক্ষেত্ৰত শিক্ষাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ৷
অনামিকা বৰা
সহকাৰী অধ্যাপিকা ,
অসমীয়া বিভাগ ,
উত্তৰ গুৱাহাটী মহাবিদ্যালয়
দূৰভাস : 9707473083
0 Comments