header ads

অসমীয়া প্ৰবন্ধ,নৈতিক শিক্ষা আৰু ইয়াৰ প্ৰয়োজনীয়তাঃ, চৈয়দ জিয়াউৰ ৰহমান ,৫ম বছৰ-১ম সংখ্যা,

নৈতিক শিক্ষা আৰু ইয়াৰ প্ৰয়োজনীয়তাঃ






 নৈতিক শিক্ষাঃ

      নৈতিক শিক্ষা ব্যক্তিৰ জন্মগত গুণ নহয় । এজন শিশু শিশু অৱস্থাত সম্পূৰ্ণ জ্ঞানশূন্য হৈ থাকে । শিশু এজনে তেওঁৰ পিতৃ মাতৃৰ পৰাহে নৈতিক শিক্ষা লাভ কৰে । সেয়েহে শিশুৰ প্ৰাথমিক শিক্ষক হৈছে অভিভাৱক । এজন শিশুৰ জীৱনৰ প্ৰাথমিক ভেটি সুন্দৰভাৱে গঢ় দিয়াত অভিভাৱকৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে । নৈতিক শিক্ষা হ'ল সমাজৰ বাবে এক গুৰুত্বপূৰ্ণ মূল্যবোধৰ শিক্ষা । নৈতিক শিক্ষা বুলি ক’লে ক’ব পাৰি যে কোনো এজন শিশুৱে যদি ভাল সংগত বা ভাল পৰিৱেশত বাস কৰে তেন্তে সি নিশ্চয় ভাল মাত-কথা শিকিব , কিন্তু যদি শিশুজন অসৎ সংগত থাকে বা বেয়া প্ৰকৃতিৰ মানুহৰ সৈতে বাস কৰে তেন্তে সি নিশ্চয় বেয়া কথাবোৰ আয়ত্ব কৰিব । এই যে ভাল পৰিৱেশত বাস কৰাৰ জৰিয়তে যিবোৰ ভাল বা শুৱলা মাত-কথা , আচাৰ-ব্যৱহাৰ শিশুজনে আহৰণ কৰিব সেয়াই হ'ল নৈতিক শিক্ষা । যি শিক্ষাৰ দ্বাৰা মানুহে সততা , ন্যায়পৰায়ণতা , ভাতৃত্ব , প্ৰেম , কৰুণা , আনুগত্যতা , সুহৃদভাৱ আদি মানৱীয় গুণসমূহ আহৰণ কৰিব পাৰে সেই শিক্ষাই হ'ল প্ৰকৃততে নৈতিক শিক্ষা ।  
  
নৈতিক শিক্ষাৰ প্ৰয়োজনীয়তাঃ

       বৰ্তমান সময়ত শিশুৰ নৈতিক শিক্ষাৰ খুবেই প্ৰয়োজন হৈ পৰিছে । এই নৈতিক শিক্ষা আমি ঘৰখন তথা বিদ্যালয়ৰ জৰিয়তে দিব পাৰোঁ । জন্মতে নৱজাত শিশুটিয়ে ভবা-চিন্তা , যুক্তি-তৰ্ক আদি একো কৰিব নোৱাৰে । তাৰ আচৰণ সমূহ আন আন জীৱ-জন্তুৰ দৰেই প্ৰবৃত্তিৰ দ্বাৰা পৰিচালিত । লাহে লাহে শিশুটি ডাঙৰ হয় আৰু এখন সমাজত বসবাস কৰিবলৈ লয় । সমাজত সি বিভিন্ন লোকৰ সংস্পৰ্শ আৰু পৰিস্থিতিৰ সন্মুখীন হোৱাৰ লগে লগে সূখ-দূখ , আবেগ-অনুভূতি আদি অভিজ্ঞতাৰ যোগেদি শিশুটিয়ে নৈতিক জ্ঞান লাভ কৰি উঠে । আজি আমি কেৱল জীৱনৰ ভোগ বিলাস , লালসা , অৰ্থ আদিৰ পিছত দৌৰিব ধৰিছোঁ । দেশে দেশে হত্যা , লুণ্ঠন , অপহৰণ , ধৰ্ষণ আদিৰ দৰে অমানৱীয় কাৰ্যকলাপ সংঘটিত হৈছে । ইয়াৰ মূলতে হ'ল মানুহৰ নৈতিক শিক্ষাৰ অভাৱ । ভাল কথা কোৱাৰ যিদৰে আহৰি নাই সেইদৰে ভাল কথা , ভাল উপদেশ শুনাৰো আমাৰ আজি সময় নাইকিয়া হৈ পৰিছে । আমাৰ সভ্যতা আৰু সংস্কৃতিৰ যি মূল্যবোধ , চিন্তা আৰু ধাৰণা , তাক সজীৱ কৰি ৰাখিবলৈ নৈতিক শিক্ষাৰ প্ৰয়োজনীয়তা আছে । মানুহৰ মনত নৈতিক মনোভাৱ জগাই তোলাত শিক্ষাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । জীৱনৰ অভিজ্ঞতা আৰু জ্ঞানৰ সহায়ত মানুহৰ মনত নৈতিকতাৰ ধাৰণা গঢ় লৈ উঠে । সেয়ে শিশুৰ কুমলীয়া মনত নৈতিক চেতনা গঢ় দিবলৈ হ'লে উপযুক্ত শিক্ষা ব্যৱস্থা যুগুত কৰাটো অত্যন্ত প্ৰয়োজন হৈছে ৷ সৰু অৱস্থাৰ পৰাই শিশুক জীৱন সম্পৰ্কে উচ্চ মূল্যবোধ , নৈতিক আদৰ্শ আৰু আধ্যাত্মিক জ্ঞান প্ৰদান কৰাত আমি অভিভাৱক , শিক্ষক আৰু জ্যেষ্ঠজনে প্ৰয়াস কৰিব লাগিব ৷ 
      নতুন প্ৰজন্মৰ চিন্তা-ধাৰণা সঠিক পথেৰে আগবঢ়াবৰ বাবে শিশু অৱস্থাৰ পৰাই নৈতিক শিক্ষাৰ বীজ ৰোপণ কৰাটো একান্তই প্ৰয়োজন । ভাল বেয়াৰ বিচাৰ কৰিবলৈ সক্ষম নহ'লে  শিশু এজন সঠিকভাৱে আগুৱাব নোৱাৰে । সেয়েহে সৰুকালৰ পৰাই শিশুক কিয় মানুহ সংযমী হোৱা উচিত , কিয় মানুহ ধৈৰ্যশীল হোৱা প্ৰয়োজন , কিয় আমি ভাল কাম কৰা উচিত আদিৰ বিষয়ে জ্ঞান দিয়াৰ প্ৰয়োজন হৈ পৰিছে । সাম্প্ৰতিক সময়ত ভালদৰে লক্ষ্য কৰিলে সমাজৰ নৈতিকতাৰ দিশটোৰ অৱস্থা জলজল পটপটকৈ ওলাই পৰে ৷ এতিয়া আপুনি সমাজত এনে এচাম মানুহো পাব যি জ্যেষ্ঠজনক মুকলিকৈ অসন্মান কৰিবলৈ , জ্যেষ্ঠজনৰ আগতে চিগাৰেট বিড়ি হুপিবলৈ , অবাইচ মাতকথাৰে পৰিৱেশ কলুষিত কৰিবলৈ কুণ্ঠাবোধ নকৰে । এয়া নিশ্চয় নৈতিকতাৰে অৱক্ষয় । গতিকে শিশুৰ এই অনৈতিক গুণসমূহ দুৰ কৰাৰ বাবে সুস্থ সুন্দৰ নৈতিকতাপূৰ্ণ ঘৰুৱা আৰু সামাজিক পৰিবেশ আৰু শৈক্ষিক পৰিবেশৰ খুবেই প্ৰয়োজন । বিদ্যালয়ত প্ৰাথমিক পৰ্যায়ত প্ৰাৰ্থনা , গীত-মাত , ধৰ্মীয় কথা , মহৎ লোকৰ বাণী আৰু খেলা-ধূলা আদিৰ মাজেৰে শিশুক নৈতিক শিক্ষা দিব পাৰি । শিক্ষকসকলে শিশুসকলক ‘সত্যৰ সদায় জয় আৰু অসত্যৰ পৰাজয়’-- এই ধৰণৰ নৈতিক শিক্ষা দিব লাগে । লগতে আনক হিংসা নকৰিবা , সকলোকে সমান‌ জ্ঞান কৰিবা , বেয়া চকুৰে নাচাবা ‌, বেয়া কথা নক’বা আৰু পাপ কামৰ পৰা বিৰত থাকিবা আদি নৈতিক শিক্ষা শিক্ষকসকলে শিশুসকলক বিদ্যালয়ত দিব লাগে । এনেবোৰ শিক্ষাই হৈছে নৈতিক শিক্ষা । এই শিক্ষাৰ অভাৱত বৰ্তমান বহুত শিশু ধ্বংসৰ পথলৈ গতি কৰিছে । যাৰ ফলত দেশত কটা-মৰা , হিংসা আদিৰ সৃষ্টি হৈছে । মানুহে মানুহক‌ মাৰিবলৈ ভয় নকৰা হৈছে । ভবা-চিন্তা কৰাৰ গুণ লাহে লাহে নাইকিয়া হৈ গৈছে । আমি এই অনৈতিক গুণ সমূহ নৈতিক শিক্ষাৰ জৰিয়তে আঁতৰাব লাগিব । গতিকে , বৰ্তমান যুগত আমাৰ নৈতিক শিক্ষাৰ খুবেই প্ৰয়োজন হৈ পৰিছে । এই শিক্ষা শিশুসকলক প্ৰাথমিক স্তৰতে দিলে পিতৃ-মাতৃ তথা জনসাধাৰণ যথেষ্ট পৰিমাণে উপকৃত হ’ব । জনসাধাৰণ বা সমাজেও যিমান পাৰে সিমান শিশুক নৈতিক শিক্ষা দিব লাগে কাৰণ 'আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত' ৷
*********


চৈয়দ জিয়াউৰ ৰহমান 
সহ: শিক্ষক , কানিকুছি নিজ বড়িগোগ হাইস্কুল
শিক্ষাখণ্ড : ৰঙিয়া (কামৰূপ)_

Post a Comment

0 Comments