তত্বাৱধায়িকাৰ একলম,
*অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ সন্মান*
যিকোনো এটা ভাষাৰ ইতিহাস ১৫০০-২০০০ বছৰ পুৰণি আৰু মৌলিকতাৰে পূৰ্ণ লগতে প্ৰাচীন সাহিত্যৰ লিপিবদ্ধ প্ৰমাণ থকাৰ পিছতহে ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাবলৈ সক্ষম হয় ৷ অতি গৌৰৱৰ কথা যে আমাৰ চিৰ চেনেহী অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদাৰ বাবে প্ৰয়োজনীয় চৰ্তসমূহ পূৰণ কৰিব পাৰিছে যাৰবাবে যোৱা ৩ অক্টোবৰ ,২০২৪ ই’ তাৰিখ বৃহস্পতিবাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত অনুমোদন জনালে কেন্দ্ৰীয় কেবিনেটে ৷ অসমীয়া ভাষা-সাহিত্যৰ লগতে জাতিটোৰ বাবেও ঐতিহাসিক দিনৰূপে বৃহস্পতিবাৰৰ দিনটো চিৰকাললৈ চিহ্নিত হৈ ৰ’ব ৷ অসম সাহিত্য সভা , অসমীয়া ভাষা-সাহিত্য চৰ্চা কৰি অহা বিভিন্ন ভাষা প্ৰেমী সুধীজনৰ লগতে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে চলাই অহা একান্ত চেষ্টাৰ ফলতেই আজি আমি অসমীয়া জাতিয়ে এনে এটা গুৰুত্বপূৰ্ণ সন্মান লাভ কৰিবলৈ সক্ষম হ'লোঁ ৷ ইয়াৰ আগতে ভাৰতত 6 টা ভিন্ন ভাষাই ধ্ৰুপদী ভাষাৰ মান্যতা লাভ কৰিছিল ।
এই প্ৰক্ৰিয়াৰ আৰম্ভঃ
অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিব লাগে বুলি অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান তথা প্ৰখ্যাত সাহিত্যিক সন্মানীয় কুলধৰ শইকীয়াদেৱে অসম সাহিত্য সভাৰ সভাপতি হৈ থকা সময়ছোৱাতেই ২০২১ চনত প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰণালয়লৈ 391 পৃষ্ঠাৰ এখন প্ৰতিবেদন প্ৰেৰণ কৰিছিল ।
আৰু সেয়াই আছিল এই যাত্ৰাৰ প্ৰথম খোজ ৷ তেতিয়াৰে পৰা অবিৰতভাৱে চলি আছিল এই প্ৰক্ৰিয়া ৷ আনকি বিগত সময়ছোৱাত অসম সাহিত্য সভাই অসমীয়া ভাষাক কিয় ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিব লাগে তাৰ সপক্ষে বিভিন্ন তথ্য , অসমীয়া ভাষাৰ জন্ম আৰু উৎপত্তি সম্পৰ্কীয় তথ্য , তাম্ৰলিপি , শিলালিপি , অসমীয়া ভাষাৰ বিকাশ , স্থাপত্য আদি বিভিন্ন ঐতিহাসিক সমল কেন্দ্ৰীয় চৰকাৰক যোগান ধৰি আহিছিল ৷ ৰাজ্য চৰকাৰখনেও ইয়াৰ বাবে চেষ্টা অব্যাহত ৰাখিছিল ৷ এইসকল সন্মানীয় ব্যক্তি আৰু অনুষ্ঠানৰ নেৰানেপেৰা চেষ্টাৰ অন্তত অৱশেষত ভাষাটোৱে ধ্ৰুপদী ভাষাৰ মৰ্যদা প্ৰাপ্তিৰে অসমীয়াৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷
কুলধৰ শইকীয়াদেৱৰ অনুভৱঃ
অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীয়ে এই আনন্দৰ মুহূৰ্তত কৈছিল , "অসমবাসীৰ বাবে বৰ ভাল খবৰ ৷ ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়ে অসমীয়া ভাষাৰ প্ৰাচীনতাক স্বীকাৰ কৰিছে ৷ ই অসমীয়া ভাষাৰ যাত্ৰাৰ পথত এক মাইলৰ খুঁটি বুলি চিহ্নিত হ’ব ৷ 2021 চনত 391 পৃষ্ঠাৰ এক প্ৰতিবেদন ভাৰতীয় ধ্ৰুপদী ভাষা সমিতিলৈ প্ৰেৰণ কৰিছিল অসম সাহিত্য সভাই ৷ ই সঁচাকৈয়ে অসমীয়া জাতিৰ বাবে এক ভাল খবৰ ৷"
। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱেও এই গৌৰৱৰ মুহূৰ্তত কৈছে ,"এজন অসমীয়া হিচাপে মই আপ্লুত , গৌৰৱান্বিত আৰু কৃতজ্ঞতাৰ অনুভূতি অনুভৱ কৰোঁ । আজিৰ আগতে ভাৰতৰ মাত্ৰ ছটা ভাষাকহে ধ্ৰুপদী ভাষাৰ টেগ দিয়া হৈছিল । ভাৰতৰ ধ্ৰুপদী ভাষা হিচাপে অসমীয়াৰ সংযোজন সচাকৈয়ে এক অত্যন্ত আনন্দৰ বিষয় আৰু আমাৰ মাতৃভাষাৰ এই স্বীকৃতিৰ দিশত বিপুল অৱদান আগবঢ়োৱা প্ৰতিজন ব্যক্তিক ধন্যবাদ জনাইছোঁ । অসমবাসীৰ হৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৷ ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাবলৈ হ’লে প্ৰাচীন সাহিত্যৰ লিপিবদ্ধ প্ৰমাণ থকা ভাষাৰ ইতিহাস ১৫০০-২০০০ বছৰ পুৰণি হ’ব লাগিব । এইক্ষেত্ৰত অসমীয়া ভাষাই প্ৰয়োজনীয় নীতি-নিয়ম পূৰণ কৰিছে । ধ্ৰুপদী ভাষাৰ প্ৰসাৰ আৰু সুৰক্ষাৰ বাবে চৰকাৰে বিশেষ সহায় আগবঢ়াইছে । ইয়াৰ উপৰিও গৱেষণাৰ বাবে পুঁজি , উৎকৃষ্টতাৰ কেন্দ্ৰ স্থাপন , কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত আনুষংগিক ভাষাৰ বাবে বিশেষ চকী প্ৰৱৰ্তন , সাহিত্যিকসকলৰ বাবে বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান আদিৰ ব্যৱস্থা কৰা হৈছে । অসমীয়াক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াটোৱেও বিভিন্ন ক্ষেত্ৰত কৰ্মসংস্থাপনৰ বাট মুকলি কৰিব ।"
ধ্ৰুপদী ভাষাৰ মৰ্যদা --- এয়া আমাৰ বাবে সঁচাকৈয়ে এক গৌৰৱৰ কথা ৷ কিন্তু ভাষাটোৰ এই স্বীকৃতিৰ বাবে আমি গৌৰৱ কৰাৰ সমান্তৰালভাৱে ভাষাটোৰ প্ৰতি আমাৰ দায়বদ্ধতাও বাঢ়িছে ৷ ভাষাৰ শুদ্ধতা , ব্যাকৰণৰ শুদ্ধ প্ৰয়োগ , ভাষাৰ প্ৰসাৰ আৰু বিস্তাৰ আদি বিষয়ত আমাৰ গুৰুত্ব দিয়াৰ সময় আহি পৰিছে ৷ কাৰণ কেবল মাথো ধ্ৰুপদী ভাষাৰ মৰ্যাদাই ভাষাটোক জীয়াই ৰাখিব নোৱাৰে ৷ ভাষাটোক জীয়াই ৰাখিবলৈ হ’লে আটাইতকৈ বেছি প্ৰয়োজন হ’ব বিশুদ্ধ ৰূপত ভাষাটোৰ চৰ্চা কৰাটোহে ৷ আহক আমি এই চেষ্টাতে ব্ৰতী হওঁ ৷
সদৌশেষত আলোচনীখনলৈ লেখা , ছবি , সাঁথৰ , কুইজ ইত্যাদি প্ৰেৰণ কৰি আলোচনীখনৰ সৌষ্ঠৱ বৃদ্ধি কৰা প্ৰতিগৰাকী শ্ৰদ্ধাৰ লেখক আৰু ছাত্ৰ-ছাত্ৰীলৈ বিশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
আলোচনীখন প্ৰকাশ কৰোঁতে অজানিতে হোৱা ভুল- ত্ৰুটিৰ বাবে মাৰ্জনা বিচৰিছোঁ ।
আপোনালোকৰ গঠনমূলক দিহা-পৰামৰ্শ আমাৰ কাম্য ।
আমাৰ এই যাত্ৰা নতুন দিগন্তলৈ……..
শ্ৰদ্ধাৰে-
ফুলপাহি নাথ ,
তত্বাবধায়ক ,জ্ঞানম-ই-আলোচনী আৰু
জিলা আঁচনি বিষয়া , সমগ্ৰ শিক্ষা , কামৰূপ , আমিনগাঁও ।
0 Comments