header ads

বিদ্যাৰ্থীৰ শিতান,অসমীয়া গল্প, বিপদৰ বন্ধু, ৰাজপ্ৰতীম কলিতা, ৫ম বছৰ-১ম সংখ্যা,

 বিপদৰ বন্ধু




মনপুৰ গাঁওখন অতি মনোমোহা । এই গাঁওখন নানা ধৰণৰ গছ-গছনি , ফল-মূল আৰু ফুলেৰে ভৰা । সেই গাঁৱত ৰংমনহঁতৰ ঘৰৰ কাষত এখন ধুনীয়া খেলপথাৰ আছিল । তাতে ৰংমনৰ বন্ধু ৰতন , নয়ন , সোণ , ৰাকেশ সকলোৱে খেলা-ধূলা কৰিছিল । কিন্তু সিহঁতৰ সমনীয়া দীপু একেবাৰে দুখীয়া পৰিয়ালৰ ল'ৰা আছিল । সেইবাবে ৰংমনহঁতে দীপুক খেলিবলৈ নিদিছিল । “তই ইমান ফটা-চিটা কাপোৰ পিন্ধি আহিছ আমাৰ লগত খেলিব নোৱাৰা যা ৷ " -- এনেদৰে কৈ দীপুক খেদি দিছিল । এই কথা শুনি দীপুৱে মনত বৰ দুখ পাইছিল ৷ সি উচুপি উচুপি কন্দাৰ বাহিৰে আৰু একো ক’ব পৰা নাছিল । দেউতাক সৰুতে ঢুকাইছিল বাবে মাকৰ বাহিৰে তাৰ আৰু কোনো নাছিল । এদিন ৰংমনহঁতৰ ঘৰৰ ওচৰৰ খেল-পথাৰত খেল প্ৰতিযোগিতা হ'ল । দীপুৱে মনত বহু আশা লৈ সেই খেলত অংশগ্ৰহণ কৰিম বুলি গৈছিল । সেই সময়ত দীপুৰ লগৰ ল'ৰা এটা আহি দীপুক ঠেলা মাৰি দিলে আৰু ক'লে ,"তই আমাৰ লগত খেলিব নোৱাৰিবি । আমাৰ স্কুলৰ ল'ৰা-ছোৱালীবিলাকেহে খেলিব পাৰিব ।" এই কথা শুনি দীপুৱে মনত বহু কষ্ট পালে আৰু খেল পথাৰতে বাগৰি কান্দিবলৈ ধৰিলে । ৰংমনহঁতে দীপুৰ তেনে অৱস্থা দেখি হাঁহিবলৈ ধৰিলে । দীপুৱে কান্দি কান্দি ঘৰলৈ বুলি খোজ ল'লে । অলপ দূৰ যোৱাৰ পাছত সি এটা চিঞঁৰ শুনিবলৈ পালে । উভতি চাই দেখিলে যে ৰংমন মাটিত বাগৰি পৰিছে আৰু তাৰ ওপৰেৰে ল'ৰাবিলাকে দৌৰ মাৰি গৈছে । ৰংমনৰ মুখেদি ওলাই অহা তেজ দেখি দীপুৱে নিজে পিন্ধি থকা ফটা কামিজটো খুলিলে আৰু সেইটোৰে তেজবোৰ মচি দিলে । অলপ পিছত দীপুৱে অতি কষ্ট কৰি ৰংমনক ঘৰলৈ আনিলে । ঘৰত ৰংমনৰ মাক-দেউতাকে তাৰ অৱস্থা দেখি আচৰিত হ'ল আৰু ঘটনাৰ বিৱৰণী দীপুক সুধিলে । দীপুৱে সকলো কথা ভাঙি-পাতি ক'লে আৰু ৰংমনৰ দেউতাকে লৰালৰিকৈ ডাক্তৰলৈ ফোন কৰি মাতি পঠিয়ালে । ডাক্তৰ আহি ভালদৰে চোৱা-চিতা কৰি ঔষধ দিলে আৰু দীপুক ধন্যবাদ দি ক'লে যে - “ বিপদৰ বন্ধুহে আচল বন্ধু ।”
এই কথাত ৰংমনে নিজৰ ভুলবিলাক বুজি পালে আৰু দুখমনেৰে ক'লে , “মই তোমাক কৰা ব্যৱহাৰৰ বাবে মোক ক্ষমা কৰিবা ।” সেইদিনাৰ পৰা ৰংমন আৰু দীপু নলে-গলে লগা বন্ধু হৈ পৰিল ৷ 


ৰাজপ্ৰতীম কলিতা
শ্ৰেণী - ষষ্ঠ
পলাশবাৰী বয়জ হাইস্কুল

Post a Comment

0 Comments