সাতানব্বৈ বছৰ বয়সত ন'বেল বঁটা পোৱা বিজ্ঞানীজনঃ
মানৱ জীৱন আৰু মানৱ সভ্যতালৈ অতুলনীয় বৰঙণি যোগোৱা প্ৰতিজন বিজ্ঞানী বিস্ময়কৰ প্ৰতিভাৰ অধিকাৰী । সেই সকলৰ মাজৰ কিছুমানৰ কৰ্ম্মস্পৃহা আৰু কৰ্মদক্ষতাৰ বিষয়ে জনাৰ পিছত বিস্ময়ত অভিভূত নহৈ নোৱাৰি।তেনে এজন বিস্ময়কৰ বিজ্ঞানী আছিল জে.বি. গুডইনাফ । তেওঁৰ যুগান্তকাৰী আৱিষ্কাৰৰ সূত্ৰ ধৰিয়ে তেওঁ উদ্ভাৱন কৰিছিল লিথিয়াম আয়ন বেটাৰী যাৰ ফলত বৰ্তমান যুগৰ ইলেক্ট্ৰ'নিক সামগ্ৰী / সঁজুলি নিৰ্ভৰশীল পৃথিৱীৰ শ শ কোটি মোবাইল , লেপটপ তথা অসংখ্য ভিন ভিন ক্ষেত্ৰত ব্যৱহৃত বিভিন্ন ইলেকট্ৰ'নিক সঁজুলিৰ উপৰিও ক্ৰমাগতভাৱে গোটেই বিশ্বত জনপ্ৰিয় হৈ পৰা ইলেক্ট্ৰিক মটৰ গাড়ীত বাৰে বাৰে চাৰ্জ দিব পৰা বেটাৰীৰ ব্যৱহাৰ সম্ভৱ হৈছে । মূলতঃ লিথিয়াম আয়ন বেটাৰীৰ বিকাশৰ বাবে বাটকটীয়া ৰূপে যোগোৱা অৰিহণাৰ বাবেই গুডইনাফে আন দুগৰাকী বিজ্ঞানী ষ্টেনলী হুইটিংহম আৰু অকিৰা য়োশিনোৰ সৈতে ২০১৯ চনত ৰসায়ন বিজ্ঞানৰ ন'বেল বটা লাভ কৰিছিল । মন কৰিবলগীয়া কথাটো হ'ল ৯৭ বছৰ বয়সত ন'বেল বঁটা লাভ কৰি এতিয়ালৈকে সবাতোকৈ বৰ্ষীয়ান বিজ্ঞানীৰূপে তেওঁ এক সুকীয়া মৰ্যাদা লাভ কৰিছে । গুডইনাফৰ জন্ম হৈছিল ১৯২২ চনৰ ২৫ জুলাই তাৰিখে জাৰ্মেনীৰ য়েনা ( Jena) নগৰত , যিহেতু তেওঁৰ আমেৰিকান পিতৃ-মাতৃ সেই সময়ত তাত আছিল । প্ৰাথমিক বিদ্যালয়ত পঢ়া অৱস্থাত তেওঁ 'ডিচলেক্সিয়া'ৰ বলি হৈছিল , যাৰ ফলত তেওঁ আখৰ আৰু তাৰ ধ্বনিৰ মাজৰ সম্পৰ্ক আয়ত্ব কৰিব পৰা নাছিল । ফলত তেওঁক পঢ়াশুনাত পিছ পৰা ছাত্ৰ বুলি গণ্য কৰা হৈছিল । কিন্তু প্ৰবল মনোবল আৰু আত্মবিশ্বাসেৰে গণিত আৰু ভাষা শিকাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি তেওঁ সেই বাধাৰ প্ৰাচীৰ পাৰ কৰাই নহয় , এজন প্ৰখৰ মেধাসম্পন্ন ছাত্ৰ হিচাপেও স্বীকৃতি লাভ কৰিছিল । শিক্ষালাভ আৰু গৱেষণাৰ ক্ষেত্ৰত গুডইনাফে বিশ্বৰ কেইখনমান সৰ্ব্বশ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ লগত জড়িত হ'বলৈ সুযোগ পাইছিল । দ্বিতীয় মহাযুদ্ধৰ সময়ত আমেৰিকাৰ সেনা বাহিনীত বতৰ বিজ্ঞানী হিচাপে কাম কৰি থকা অৱস্থাতে তেওঁ আমেৰিকাৰ প্ৰখ্যাত য়েল বিশ্ববিদ্যালয়ৰ পৰা ১৯৪৩ চনত গণিত বিষয়ত স্নাতক উপাধি লাভ কৰে । বিশ্বযুদ্ধ অন্ত পৰাৰ পাছত , ১৯৫১ চনত চিকাগো বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত মাষ্টাৰ্জ আৰু ১৯৫৩ চনত ডক্টৰেট ডিগ্ৰী অৰ্জ্জন কৰে । পিছত বিশ্ববিখ্যাত 'মেছাচুছ্যাটচ ইনষ্টিটিউট অৱ টেকন'লোজী'ৰ লিঙ্কন গৱেষণাগাৰত গৱেষক হিচাপে যোগদান কৰে । তাৰেই এক গৱেষণা প্ৰকল্পৰ অংশ হিচাপে গৱেষণা কৰি কম্পিউটাৰ RAM ( Random Access Memory) ৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি যোগায় । কিন্তু পিছলৈ আমেৰিকাৰ চৰকাৰে তেওঁৰ গৱেষণাৰ অনুদান বন্ধ কৰি দিয়া বাবে সত্তৰ দশকৰ শেষৰ ফালে তেওঁ আমেৰিকা ত্যাগ কৰি ইংলেণ্ডৰ বিশ্ববিখ্যাত অ'ক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ অজৈৱ ৰসায়ন বিজ্ঞান বিভাগৰ গৱেষণাগাৰৰ মুৰব্বী হিচাপে যোগদান কৰে । সেই গৱেষণাগাৰত কাৰ্যৰত অৱস্থাতেই বাৰে বাৰে ৰিচাৰ্জ কৰিব পৰা লিথিয়াম আয়ন বেটাৰীৰ লগতে বাণিজ্যিকভাৱে উৎপাদনক্ষম কৰাৰ ক্ষেত্ৰত অপৰিহাৰ্য বুলি বিবেচিত কেবাটাও চমকপ্ৰদ সফলতা অৰ্জন কৰে । ১৯৮৬ চনৰ পৰা তেওঁ আমেৰিকাৰ টেক্সাচ প্ৰদেশৰ অষ্টিন মহানগৰত থকা 'ইউনিভাৰচিটী অৱ টেক্সাচ'ত মেকানিকেল ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক হিচাপে কাম কৰিবলৈ লয় । তেতিয়াৰ পৰা ২০২৩ চনৰ জুন মাহত মৃত্যুবৰণ কৰা সময়লৈ তেওঁ সেই বিশ্ববিদ্যালয়তে অধ্যাপনা কৰি আছিল । মৃত্যুৰ সময়লৈ তেওঁ অবিৰতভাৱে গৱেষণাত মগ্ন আছিল ; বিশেষকৈ বৰ্তমান কালত জীৱাশ্ম ইন্ধন (Fossil fuel) ৰ ওপৰত নিৰ্ভৰৰ্শীলতা কমোৱাৰ উদ্দেশ্যেৰে বৈদ্যুতিক গাড়ীৰ বাবে আৰু বেছি উন্নত বেটাৰী কিদৰে নিৰ্মাণ কৰিব পাৰি , তেনে গৱেষণাত তেওঁ নিজকে ব্যস্ত ৰাখিছিল । এশবছৰ বয়সৰ কাষ চাপিও তেওঁ কিয় গৱেষণা কৰি আছে বুলি কোনোবাই যেতিয়া তেওঁক সুধিছিল , তেওঁ ওলোটাই প্ৰশ্ন কৰিছিল , "তেন্তে মই বহি বহি মৃত্যুৰ বাবে অপেক্ষা কৰি থাকিব লাগে নেকি ?"
এটা সাক্ষাৎকাৰত তেওঁক সোধা হৈছিল " আপোনাৰ কৰ্মজীৱনৰ কিহক লৈ আপুনি গৌৰৱ অনুভৱ কৰে ?" তাৰ উত্তৰত তেওঁ কৈছিল যে তেওঁ যিবোৰ মৌলিক অধ্যয়ন(fundamental studies) কৰিছিল, প্ৰকৃততে সেইবোৰক লৈয়ে তেওঁ গৌৰৱ অনুভৱ কৰে আৰু বিজ্ঞানী সকলেও সেয়া প্ৰশংসা কৰে । কিন্তু তেওঁ (লিথিয়াম-আয়ন ) বেটাৰীৰ বাবেহে স্বীকৃতি পাইছিল , কাৰণ সেই বেটাৰীৰ বাবে বহুলোকে বহু ধন ঘটিব পাৰিছিল আৰু মানুহে ধন ঘটিব পৰা বাবেই তেওঁ গুৰুত্বপূৰ্ণ হৈ পৰিছিল । মৌলিক অধ্যয়নে বিজ্ঞানীৰ প্ৰশংসা বুটলিবলৈ সক্ষম হ'লেও , ই সাধাৰণ মানুহৰ আদৰ নাপায় । বিজ্ঞানৰ গৱেষণা ক্ষেত্ৰত সফল হ'বলৈ তেওঁ চাৰিটা বস্তুৰ প্ৰয়োজন থকা বুলি কয় । প্ৰথমতে , এগৰাকী ভাল সঙ্গী , যাক তেওঁ তেওঁৰ পত্নীৰ মাজত পাইছিল । দ্বিতীয়তে , ভাল সহকৰ্মী যাৰ লগত কামত আগুৱাই যাব পাৰি । তৃতীয়তে বৈজ্ঞানিক এক সমস্যা , যাৰ লগত নিজ প্ৰতিভা খাপ খাই পৰে আৰু চতুৰ্থতে এনে কিছু লোক লাগে যিয়ে কোনো বিজ্ঞানীৰ গৱেষণা কৰ্মৰ ফলৰ ব্যৱসায়িক সম্ভাৱনীয়তা দেখি মানুহৰ প্ৰয়োজন পূৰণ কৰিবলৈ ধন বিনিয়োগ কৰি প্ৰচুৰ ধন ঘটিবলৈ আগবাঢ়ি আহে ; যাৰ জৰিয়তে বিজ্ঞানীজনো বিশ্ববিখ্যাত হৈ পৰে । ভৱিষ্যতে বিজ্ঞানী হ'ব খোজা সকলোলৈ তেওঁৰ উপদেশ হ'ল যে নিজৰ বৈজ্ঞানিক কণ্ঠ চিনাক্ত কৰি লৈ , প্ৰকৃত সত্যৰ সন্ধান কৰি লাগি থাকিব লাগে ; কাৰণ এই সন্ধানে ক'ত নি উপনীত কৰে কোনেও নাজানে ।
যতীন্দ্ৰ চৌধুৰী
অৱসৰী অধ্যাপক , ইংৰাজী বিভাগ
উত্তৰ গুৱাহাটী মহাবিদ্যালয়
0 Comments