সম্পাদকীয়
সময় গতিশীল ৷ বোঁৱতী নৈৰ বাধাহীন সোঁতৰ দৰেই আগবাঢ়ে সময়ৰ প্ৰবহমান সোঁত আৰু এই সোঁতেই কঢ়িয়াই লৈ যায় একোটা জাতিৰ সভ্যতা আৰু সংস্কৃতিৰ ইতিহাস ৷ আনহাতে সময়ৰ এই ইতিহাসবোৰ জীৱন্ত ৰূপে প্ৰস্ফুটিত হয় কাৰোবাৰ কলম নাইবা অনুভৱৰ প্ৰকাশত আৰু কালক্ৰমত ই স্বীকৃত হয় সাহিত্যৰূপে ৷ মানুহৰ চিন্তা , আৱেগ , অনুভূতিৰ বাংময় প্ৰকাশ এই সাহিত্যই এটা সময়ত স্বীকৃত হয় জাতি বা সভ্যতাৰ দাপোণ হিচাপে ৷
চাওতে চাওতে জ্ঞানম শৈক্ষিক গোটটোৱে পঞ্চম বৰ্ষত খোজ পেলালেহি ৷ সমান্তৰালভাৱে এই গোটৰ প্ৰচেষ্টাত শৈক্ষিক আৰু মানসিক উৎকৰ্ষ সাধনৰ মঞ্চ হিচাপে গঢ় লোৱা 'জ্ঞানম'-- আংকিক আলোচনীখনেও সফলতাৰ চাৰিটা বৰ্ষ অতিক্ৰমি পঞ্চম বৰ্ষত ভৰি থৈছেহি ৷ পঞ্চম বৰ্ষত দ্বিতীয়বাৰৰ বাবে ‘জ্ঞানম’ৰ সম্পাদকৰ গুৰুদায়িত্ব লোৱাৰ সময়ত আলোচনীখনক এক নতুন ৰূপত আগবঢ়াই দিয়াৰ ইচ্ছা আছিল যদিও সময় আৰু বিষয়জ্ঞানৰ অভাৱ তথা আন কিছু আনুষংগিক অসুবিধাৰ বাবে প্ৰথমটো সংখ্যাত সেয়া সম্ভৱ হৈ নুঠিল ৷ তথাপি ই-আলোচনীখন সৰ্বাংগসুন্দৰ কৰিবলৈ যথাসম্ভৱ চেষ্টা কৰা হৈছে ৷ আলোচনীখনত অন্তৰ্ভুক্ত লেখাবোৰ প্ৰকাশৰ সময়ত প্ৰধানকৈ ছাত্ৰ-ছাত্ৰীৰ মনোজগত সমৃদ্ধ কৰিব পৰা মননশীল লেখাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে ৷ আমি নাজানো আমাৰ এই প্ৰচেষ্টাত কিমানদূৰ সফল হ’ব পাৰিছোঁ ৷ তাৰ বিচাৰৰ ভাৰ আপোনালোকৰ হাতত ৷
আলোচনীখনৰ এই সংখ্যাটোত ভিন্ন বিষয়ৰ লেখা প্ৰদান কৰি সৌষ্ঠৱ বৃদ্ধি কৰাৰ ক্ষেত্ৰত বিশেষ বৰঙনি আগবঢ়োৱা বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল আৰু সন্মানীয় লেখক-লেখিকাসকলক আমাৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ ৷ আনহাতে আলোচনীখন প্ৰকাশৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ দিহা-পৰামৰ্শৰে সকলো সময়তে উৎসাহিত কৰা 'জ্ঞানম’ৰ মুখ্য উপদেষ্টা অপূৰ্ব ঠাকুৰীয়া ছাৰ , উপদেষ্টাদ্বয় গণেশ্বৰ চহৰীয়া ছাৰ আৰু ৰজত চন্দ্ৰ ভৰালী ছাৰ , তত্বাৱধায়ক ফুলপাহি নাথ বাইদেউকো এই চেগতে ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ ৷ লগতে আলোচনীখনত
প্ৰকাশিত লেখাবোৰৰ সম্পাদনা , প্ৰয়োজনীয় তথ্যৰ যোগান ধৰা , বিভিন্ন দিহা-পৰামৰ্শ আদিকে ধৰি বিভিন্ন দিশত সহযোগ কৰা 'জ্ঞানম’ শৈক্ষিক গোটৰ সকলো সদস্য তথা গোটটোৰ লগত বিভিন্ন প্ৰকাৰে জড়িত সকলো সন্মানীয় ব্যক্তিকে আমাৰ সম্পাদনা কক্ষৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ ৷ সহঃ সম্পাদক হিচাপে সম্পাদনাৰ প্ৰতিটো কামতে দিহা-পৰামৰ্শ আৰু সহযোগ আগবঢ়াই অহা মনবীনী আৰু নৱলৈও থাকিল অশেষ কৃতজ্ঞতা ৷ তেওঁলোকৰ সহায়-সহযোগ অবিহনে হয়তো ‘জ্ঞানম’ৰ সম্পাদনাই মোৰ বাবে সম্ভৱ হৈ নুঠিলহেঁতেন ৷
শেষত আলোচনীখন প্ৰকাশৰ ক্ষেত্ৰত ৰৈ যোৱা ভুল-ত্ৰুটিবোৰৰ বাবে মাৰ্জনা বিচাৰিছোঁ ৷ অনাগত দিনবোৰত 'জ্ঞানম’ৰ মঞ্চখন হৈ উঠক অসম আৰু অসমীয়াৰ বৌদ্ধিক চৰ্চাৰ কেন্দ্ৰস্থল ৷ তাকেই কামনা কৰিলোঁ আলোচনীখনৰ পঞ্চম বছৰ , প্ৰথম সংখ্যাটিৰ উন্মোচনৰ এই শুভ মুহূৰ্তত ৷ জয়তু জ্ঞানম ......৷
নিৰলা ডেকা
সম্পাদক , জ্ঞানম ই -আলোচনী
0 Comments