header ads

অসমীয়া প্ৰবন্ধ, সেইবাবেই চাগৈ শংকৰদেৱ দক্ষিণ ভাৰতলৈ গৈছিলঃ, মামণি কলিতা, ৫ম বছৰ-১ম সংখ্যা,

 সেইবাবেই চাগৈ শংকৰদেৱ দক্ষিণ ভাৰতলৈ গৈছিলঃ



        এয়াৰ ইণ্ডিয়া প্লেনত আৰোহণ কৰি , যোৱা নৱেম্বৰ মাহৰ ৬ তাৰিখ বুধবাৰ , ২০২৪ খ্ৰীষ্টাব্দত আমি কৰ্ণাটক অভিমূখে ৰাওনা হওঁ । নিশা ঠিক ন বজাত ইণ্টাৰনেচনেল হোটেল মাংগালোৰত উপস্থিত হওঁ । সৌহাৰ্দ্যপূৰ্ণভাৱে আমাক হোটেল কৰ্মচাৰী কেইজনেও আমাৰ নিৰ্দিষ্ট কোঠা ৪১৪ (মানে ফোৰ্থ ফ্লৰৰ চৈধ্য নং কোঠা)লৈ যায় । কোঠাটো দেখি ভাল লাগিল । হোটেল উদুপিত যিহেতু খাই লৈ আহিছোঁ , সেয়ে পলম নকৰি ভাগৰুৱা দেহা , অৱস লাগিছিল , সোনকালেই চাফ-চিকুণ হৈ শুই পৰিলোঁ । 
             পিছদিনা পুৱা হোটেল উদুপিত ৰাতিপুৱাৰ আহাৰ গ্ৰহন কৰি আমি প্ৰথমে আমাৰ প্ৰয়োজনীয় কাম-কাজখিনি কৰি বজাৰলৈ যাওঁ । তাত কৰ্ণাটকী মহিলাৰ সাধাৰণ বেশভূষা পৰিধানৰ উদ্দেশ্যে শাৰী ,গাজাৰা আদি লৈ হোটেললৈ আহোঁ । হোটেলত আমি নিশাটো কটাই পিছদিনা মাইনাৰ মেডিকেল কলেজলৈ যাওঁ । লাগেজবোৰ উঠা নমা কৰোঁতে আমাক হোটেলৰ চিকিউৰিটি গাৰ্ডজনে সহায় কৰি দিছিল , ভাল লাগিছিল । পইচা দি হোটেলত ব্যৱসায়িকভাৱে থকা আৰু আপোনত্বৰ মনোভাৱেৰে থকাৰ মাজত পাৰ্থক্য আছে । তাকো দেখি ভাল লাগিল , যেন আমি আলহী বহুদিনৰ মূৰত গৈছো ফুৰিবলৈ , তেনে লাগিছিল ৷ দেউতাক , মাইনাহঁত গোটেই কেইগৰাকীয়ে কৈ থকাত শাৰী , গাজাৰা আদি পৰিধান কৰি কিবা এক বিশেষ সন্তুষ্টি লৈ যেন আমি কান্নাড় মহিলা , তেনেকৈ শাৰী পিন্ধি , চুলিত গাজাৰা পিন্ধিলৈ সাজি কাঁচি যোৱাত সিদিনা চিনাকি-অচিনাকি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিলো , এনে হৈছিল । সকলোৱে নিজৰ ব্যস্ততাৰ মাজতো এবাৰ হ'লেও ঘূৰি চাইছিল উৎসুক মন একোটা লৈ -- কোন হ'ব পাৰে ! ক'ৰ হ'ব পাৰে তেনে এটা উৎসুক মন লৈ ভালকৈ লক্ষ্য কৰিছিল । প্ৰায় সকলোৰে মুখত এটা যেন মিঠা হাঁহি ওলমি আছিল আমাৰ বাবে । আমাৰ বাবেও সময়বোৰ আছিল উপভোগ্য । মন বিলাক আছিল নতুনত্বৰ প্ৰতি অনুসন্ধিৎসু আৰু উৎসাহজনক । আমি মাইনাৰ কলেজ পাওঁতেই প্ৰথম ৰিচেপছনিষ্ট বাইদেউ গৰাকীয়ে ধুনীয়াকৈ তেখেতৰ সোঁহাতখন নিজৰেই বুকুত ৰাখিলে , অকমান আগফালে হাওলি অহাৰ দৰে ক'ব পাৰি ঠিক সন্মান জনাই মূৰ দোওৱাৰ দৰে আমাৰ ফালে চাই হাঁহি এটা মাৰিলে মিঠাকৈ । তাৰ পিছত আমাৰ লগত যাৱতীয় কথা-বতৰা পাতি আমাক সকলো ফালেই সহযোগিতা কৰিলে । মোৰ  সাজ-পোছাকত তেওঁলোকে ধৰ্ম আচৰণৰ প্ৰতি আমাৰ মন আছে বুলি কিবা এটা অনুমান কৰি আমাক নাতি দূৰৈত থকা কাদ্ৰি টেম্পললৈ যাবলৈ ক'লে , লগতে আৰু দুটামান মন্দিৰৰ কথা ক'লে । আমাৰ বৰ ভাল লাগিল । ভাল লাগিল , তেখেতৰ লগত থকা আন আন কান্নাড় মহিলা সকলেও একে আপোন আপোন ভাৱত আমাক বিচৰা ধৰণে কথাবোৰত সহযোগ কৰা বাবে । তেনেতে আমাৰ গাইডগৰাকী আহি পালে , তেখেতৰো বৰ সুন্দৰ ব্যৱহাৰ । হাতেৰে নমস্কাৰ , মুখত এমোকোৰা হাঁহিৰে যি আৰম্ভ হ'ল আমাৰ যাত্ৰা , সেয়াই আমাৰ বাবে অন্য এখন ৰাজ্যত সমস্ত সাহস আৰু সুখৰ কাৰণ আছিল । সকলো ক্ষেত্ৰতে আমি সকলোৰে পৰা সমাদৰ লাভ কৰি মন ভৰি গৈছিল । তাৰ কাৰণ আমি বিচাৰি পাইছিলোঁ মাতৃতান্ত্ৰিক এখন ৰাজ্য হিচাপে কৰ্ণাটকক । তাত সকলোৱে সকলোকে সন্মান কৰে । বিশেষকৈ মহিলাসকলক বহুত বেছি সন্মান আৰু প্ৰাধান্য দিয়া হয় । কি কলেজ , কি দোকান পোহাৰ , বজাৰ সকলোতে মহিলা আগত । নেদেখিলোঁ কাৰো মাজত হাই---কাজিয়া ৷ চকুত নপৰিল মানুহে সাধাৰণতে নতুন মানুহ দেখি ভাষাক লৈ , বেশভূষাক লৈ বা অন্য কাৰণ বিচাৰি ইতিকিং বা ঠাট্টা মস্কৰা কৰা । বজাৰ সমাৰত ফিক্সড ৰেট ৷ আমাৰ ইয়াতকৈ সকলো বস্তুৰে দাম অলপ বেছি যদিও অতি বেছি নহয় । তাত দাম খেলা নিয়ম নাই ৷ মানুহবোৰ সহজ সৰল , ভদ্ৰ , শান্ত-সমাহিত । কথাবোৰ সৰু সৰুকৈ আৰু লাহে লাহেকৈ কয় । মানুহবোৰ কেৱল নিজৰ কামত বা উদ্দেশ্যতে ব্যস্ত । কৰ্মই ধৰ্ম হিচাপে ধুনীয়াকৈ , নিয়াৰিকৈ কৰি যায় । সহায় বিচাৰিলে বা কিবা জানিব বিচাৰিলে এগৰাকীয়ে নোৱাৰিলে আন গৰাকীয়ে নিজেই কৰি দিয়ে । দেখি-শুনি এনে ধাৰণা হৈছে যে , মানুহবোৰ বহল মনৰ ,ভাল চিন্তা ধাৰাৰ । ইয়াৰ কাৰণ আওপকীয়াকৈ আমি আমাৰ গাইড গৰাকীৰ পৰা জানিব পাৰিলোঁ যে -- তাত শিক্ষিতৰ হাৰ বেছি । সেয়ে হয়তো মূল্যবোধ শিক্ষাৰে শিক্ষিত হৈ প্ৰায় প্ৰতি গৰাকী মানুহ গ্ৰেজুৱেট । সেই কাৰণে জীৱনৰ দায়িত্ব আৰু কৰ্তব্যক লৈয়ে যেন মানুহবোৰে জীৱন যাপন গতিত অগ্ৰসৰ , এনে লাগিছিল । জানিব পাৰিলোঁ -- তাত হেনো তেনে কোনো ছ’ছাইটি নাই , য'ত মহিলাই নিজৰ খুচি মতে যি টি কৰি ফুৰিব পাৰে , গপ্ চপ্ কৰিব পাৰে । ঠিক এনেদৰে সাতদিনীয়া এই যাত্ৰা কালত, দুদিনো আবেলি আমি আৰৱ সাগৰৰ পাৰলৈ গলোঁ । এদিন চুলটানবট্টী নদীৰে ফাল্গুণী নাৱেৰে গৈ টান্নীৰ বীচ্ছলৈ আৰু আন এদিন পানমবুৰু বীচ্ছলৈ । তাত উট চৰি আছিল , বালিচৰত,গা ধোঁৱাই ধুই আছিল , ফটো তোলাই ফটো তুলি আছিল , খোৱাই বালিত বহি সাগৰৰ জলৰাশিৰ উত্তাল ঢৌৰ সৌন্দৰ্য উপভোগ কৰি কৰি খাই আছিল ৷ পাৰত নাৰিকলৰ গছ শাৰী শাৰী । প্ৰকৃতিৰ এই অপৰূপ সৌন্দৰ্য্যৰ মাজতে আমিও উপভোগ কৰিছিলোঁ মধুৰ সময়বোৰ ৷ উঠি আহি একেবাৰে পাৰত তাল ফল এটাকৈ খাই যোৱা অটোখনেৰে পুনৰ হোটেললৈ উভতি আহিছিলোঁ । আন এটি লক্ষণীয় কথা -- তাত মিটাৰ হিচাপত গাড়ী ভাৰা লয় । কোনেও ভাৰা বেছিকৈ নলয় । অচিনাকী পালে ভাৰা বেছিকৈ লোৱা নিয়ম তাত নাই । আমি তাত থকা প্ৰতিদিনেই অটো ভাৰা কৰি লৈ গৈছিলো বাবে ধৰিব পাৰিছিলোঁ কথাবোৰ । দুগৰাকীমান অটোচালকে শেষত আমাৰ ফোন নম্বৰেই লৈ পেলালে । জী জী -- বুলি সম্বোধন কৰি , হিন্দী আৰু ইংৰাজী মিহলি, লগত দুই এটা কান্নাড় ভাষাৰ শব্দৰে আমাক কথাবোৰ কৈ গৈছিল আৰু আমিও হিন্দী আৰু ইংৰাজী ভাষাত আমাৰ ভাৱ বিনিময় কৰিছিলোঁ । পিছদিনা আমি হোটেল মাংগালোৰৰ ঠিক পিছফালে থকা চেৰোমহাগণপতি মন্দিৰ নামৰ গণেশ মন্দিৰটোলৈ যাওঁ । তাত গেটৰ মুখতে থকা দোকানখনৰ পৰা নাৰিকল , গেন্ধে ফুল মানে নাৰ্জী ফুল , তেল আদি লৈ যাওঁ মন্দিৰত আগবঢ়াবলৈ । গেন্ধে ফুল তাৰ পূজাৰীয়ে নলয় , ঠিক তেনেকুৱা হালধীয়া ফুল এবিধহে লয় বাবে আমি আকৌ সেই ফুলৰ মালা এধাৰি লৈ যাওঁ । তাত আগবঢ়াই সকলোৱে কৰাৰ দৰে সেৱা কৰি গোটেই মন্দিৰটো প্ৰদক্ষিণ কৰোঁ। শেষত , ফাকুগুৰি আৰু চন্দন মিহলাই ফোট দিয়ে আমাক । সেইটো এটা বিশেষ নিয়ম দেখিলোঁ । কোনেও কথা নকয় , কেৱল সকলো স্তৰৰ মানুহে ভক্তি সহিতে এবাৰ ভগৱানক দৰ্শন কৰি দিনটোৰ বাবে যেন মন প্ৰাণ শুদ্ধ কৰি লয় । একোটা দুবৰি বনত এটা ফুল গাঁঠি এটা থোপা কৰি আগবঢ়ায় । আমাৰ ইয়াত দিয়াৰ দৰে মাহ প্ৰসাদ নিদিয়ে । মন্দিৰত কি খানাত নাৰিকলেই বহু ক্ষেত্ৰত আগস্থান পায় ।
        বাকী হোটেলবোৰত প্ৰায় সকলো খাদ্যতে মছলা থাকিবই ৷ ইডলি , চাম্বাৰ , মাংসৰ গ্ৰেভী , নাৰিকল চুকি বনোৱা বিবিধ বতা , ভাজি আদি বৰ এটা আমাৰ জিভাৰ জুতিৰ নাছিল যদিও , নতুন নতুন খাদ্যসম্ভাৰৰ আমি জুতি লৈছিলোঁ তাত । হোটেল চাই পেলেচত য'ত আমাৰ অসমৰ ডিমা হাছাও জিলাৰ গগণ বুলি ল'ৰা এজন আছে তাত সাগৰীয় মাছেৰে দুসাঁজমান খাইছিলোঁ , দেখিছিলোঁ মাছবোৰ নেভাজে , এনেয়ে মাত্ৰ গৰম কৰি কাৰীৰ সৈতে আৰু কিবাকিবি কৰি মিহলাই দিয়ে । খাইছিলোঁ , কিবা এটা বেলেগ সোৱাদ পাইছিলোঁ । অসমৰ বহু কেইজনক লগ পাই আৰু ভাল লাগি গৈছিল । আমি চিটি চেণ্টাৰ মলত সোমাই খোৱা-লোৱা কৰাৰ উপৰি ভুলভুলেয়া থ্ৰি চিনেমাখন চাইছিলো ,তাত একেলগে থকা চিনেমা হলত । তাতো আমি অসন্তোষ কৰিবলগীয়া দিশ বিচাৰি নেপালোঁ ।
শেষত , সকলো দেখি-শুনি মনত এটা ধাৰণা হৈছিল যে , আমি যেনেকৈ নি:সংকোচে , নিৰ্ভয়ে , আগ্ৰহেৰে পুনৰ মাংগালোৰলৈ যাবলৈ মন যোৱাকৈ এটা ভাল লগা , এটা সন্তোষজনক আপোন-আপোন লগা , ভাল মানুহৰ সান্নিধ্য পাইছিলোঁ , ঠিক তেনেকৈ তাহানিতেই (১৪৪৯ খ্ৰীষ্টাব্দতে) শংকৰদেৱেও চাগৈ এনেধৰণৰ ভাল মনোভাৱৰ মানুহৰ লগতে এটা শান্তিময় পৰিবেশ লাভ কৰিছিল ৷ আধ্যাত্মিক দিশটোৰ উল্লেখযোগ্য লক্ষণীয় কথাবোৰেও চাগৈ আমাৰ দৰে আপ্লুত কৰিছিল শংকৰ গুৰুজনাকো । সেয়ে চাগৈ তাৰ পৰা একেশ্বৰবাদৰ বেছি অংশই সাৰ ,ৰস গ্ৰহণ কৰি আমাৰ দেশ অসমতো তেনেদৰে শান্তি স্থাপনৰ প্ৰয়াস কৰিছিল জগত গুৰুজনাই । 


মামণি কলিতা
আমৰাঙ্গা মিৰ্জা , কামৰূপ , অসম 
দূৰভাষ:৬০০০৭৮৫১৪১
সহকাৰী শিক্ষয়িত্ৰী , বেড়ীগাঁও প্ৰাথমিক বিদ্যালয় , ৰাণী খণ্ড , কামৰূপ ।

Post a Comment

0 Comments