ঋতুৰাণী শৰৎ
আহিনৰ আচলত ধৰি লয়লাস খোজেৰে
ধৰাৰ বুকুলৈ নামিছে ঋতুৰাণী শৰৎ ,
শ্যামলী গছে-বনে সানিছে ৰঙা ৰহণ ।
ডাল ভৰা তগৰ , বকুল , হাচনাহানাৰ
মৃদু সৌৰভৰ মহা পয়োভৰ ,
নিশাৰ ভাগত তলসৰা শেৱালিয়ে শুভ্ৰ দলিছা পাৰি শৰতক জনাইছে স্বাগতম্ ৷
নৈৰ পাৰৰ কঁহুৱা ডৰাই প্ৰাণ ঢালি নাচে ,
ৰিব্ ৰিব্ মলয়াই সেউজী ধাননিৰ বুকুত সুৰৰ মূৰ্চ্ছনা তোলে ৷
ঋতুৰাণীৰ আগমন , চৌদিশ আনন্দত মগন ৷ শাৰদীয় উৎসৱত নাচোনৰ লহৰ
শৰৎকাল অতি বিতোপন ৷
দিনৰ ভাগত নীল গগণত
ৰাংঢালি ৰ’দে নাচে ,
সন্ধিয়া আকাশৰ পূৰ্ণ চন্দ্ৰমাৰ
ৰূপালী বৰষুণ সৰে ৷
টুপ্ টুপ্ নিয়ৰে সেউজী বননিত
মুকুতা মালা গাঁথে ৷
ঋতুৰাণী শৰতে ধৰাৰ বুকুলৈ
আনন্দৰ সমাহৰ আনে ৷
শেৱালী বৈশ্য
প্ৰধান শিক্ষয়িত্ৰী
শুৱালকুছি সনাতন বালিকা প্ৰাথমিক বিদ্যালয়
0 Comments