অধঃপতিত সমাজৰ ভেটিত কিদৰে নিৰ্মাণ হ’ব সমাজৰ সৌধ
কোন দিশে ধাৱমান আমাৰ দেশৰ ভৱিষ্যত নাগৰিক ? প্ৰতি প্ৰত্যুষতে তেওঁলোকে সংকল্প লয় -- ‘আমি দেশৰ ভৱিষ্যত নাগৰিক , আমি দেশৰ সন্মান অটুট ৰাখিবলৈ চেষ্টাৰ পথত অগ্ৰসৰ হ’ম বুলি সংকল্প ললোঁ ৷’ ঈশ্বৰৰ নামত সংকল্প লোৱা এইসকল আমাৰ ভৱিষ্যত বংশধৰে কয় ‘শিক্ষা গুৰুৱে কোৱা প্ৰতিটো কথাই আমি মনোযোগেৰে শুনিম , শিক্ষাগুৰু আৰু জ্যেষ্ঠ সকলক সন্মান জনাম ।’ এনেদৰে সংকল্প লোৱা আমাৰ এই কুমলীয়া ফুলকলিবোৰৰ ভৱিষ্যত কোন দিশে ধাৱমান হৈছে ? কিদৰে নিৰ্মাণ কৰিম আমি আমাৰ ভৱিষ্যত ? আমি দেখিবলৈ পাইছোঁ অধঃপতিত এখন সমাজৰ ছবি । অধঃপতিত সমাজৰ ভেটিত কিদৰে নিৰ্মাণ হ'ব সপোনৰ সৌধ !
আচলতে কেৰোণটো আৰম্ভ হৈছে ক’ৰ পৰা ? অলপতে ঘটি যোৱা ঘটনাক্ৰমে আমাক সকলোকে লজ্জানত কৰা নাইনে ? এতিয়া সিহঁতে সফল সপোন দেখাৰ সময় । ভাৰত ৰত্ন , জনতাৰ ৰাষ্ট্ৰপতি প্ৰয়াত ড°এ পি জে আব্দুল কালামে কৈছিল , ‘এই প্ৰজন্মই এতিয়া সপোন দেখিব লাগে । যি সপোনে লক্ষ্য প্ৰাপ্তি নোহোৱা পৰ্যন্ত সিহঁতক শুবলৈ নিদিয়ে ৷’
তেনেহ’লে তেওঁলোকে নিজৰ সপোন নিজে ধূলিসাৎ কৰাত সাৰ-পানী যোগোৱা নাইনে ? মহা মহা পুৰুষৰ চানেকিৰে জীৱনৰ আমিও কৰিব পাৰোঁ জীৱন গঢ়িব । আমি ভাৰতবাসীয়ে গৌৰৱ কৰিব পৰাকৈ আই মাতৃয়ে বহু মহান সন্তান আমাক উপহাৰ দি গৈছে । তেনে সন্তান উপহাৰ দি এগৰাকী গৌৰৱী মাতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰি ধন্য হোৱাৰ লগতে আনকো ধন্য কৰিছিল । তাৰ ভেটিতে প্ৰতিষ্ঠা হৈ তেওঁলোকে এৰি থৈ যোৱা তেওঁলোকৰ ভৱিষ্যতটোতে আমাৰ বৰ্তমানৰ ভেটি নিৰ্মাণ হৈছে । য’ত আমি গৌৰৱেৰে ঠিয় হৈ আছোঁ । বুকুত হাত থৈ ক’ব পৰা হৈছোঁ ধন্য আমাৰ পূৰ্বপুৰুষ ।
কিন্ত অনাগত সময়তো তেনে গৌৰৱৰ আকৰ হৈ থাকিব পাৰিমনে ? পাৰ হৈ যোৱা ঘটনা প্ৰবাহে কিহৰ ইংগিত বহন কৰিছে বাৰু ? ক’ৰ পৰা কেনেকৈ আমদানি হ’ল নিজক লজ্জানত কৰিব পৰা সংস্কৃতি । এই ফুল কুমলীয়া কিশোৰ সকলে কিহৰ দ্বাৰা প্ৰভাৱিত হ’ল যাৰ বাবে আনৰ আগত প্ৰকাশ কৰিব নোৱাৰাকৈ কোনো দিনে ভাবিব নোৱাৰা , কল্পনা কৰিব নোৱাৰা কাম ছাত্ৰসমাজে কৰিলে । যি ছাত্ৰই নিজ গুৰুক হত্যা পৰ্যন্ত কৰিবলৈ কুণ্ঠাবোধ নকৰিলে , সতীৰ্থ ছাত্ৰক হত্যা কৰিবলৈ বেয়া নাপালে । এয়া বাৰু আমাৰ সমাজৰ বাবে অপমান জনক ঘটনা নহয়নে ?
কোনে বাৰু ভাবিছিল তেওঁলোকে এনে কাম কৰিবলৈ অগ্ৰসৰ হ’ব ।
তাহানিৰ সেই সকল শিষ্য আৰুণি আৰু উপমন্যু যিয়ে গুৰুৰ বাক্য পালন কৰি আকণ গছৰ পাত খাই চকুৰে নেদেখা হৈ পথাৰত পৰি আছিল , বৈ যোৱা পানীৰ সোঁত বন্ধ কৰিব নোৱাৰি নিজেই আলিত শুই পানীৰ সোঁত বন্ধ কৰিছিল । একলব্যৰ দৰে শিষ্যই গুৰুৱে শিক্ষা নিদিও বুলি কোৱাৰ পিছতো তেখেতৰ মূৰ্তিৰ আগত সেৱা লৈ নিজ চেষ্টাৰ ফলত শিক্ষা গ্ৰহণ কৰি সেই গুৰুকেই আঙুলি গুৰুদক্ষিণা হিচাপে দিছিল । সেই দেশৰ ছাত্ৰৰ আজি এনে অৱস্থা । কথাতে কয় পিত়ৃ-মাতৃয়ে সন্তান জন্মহে দিয়ে তেওলোক আদি গুৰু আৰু শিক্ষাগুৰুৱে তেওঁলোকৰ জ্ঞান চকু মুকলি কৰি দি জীৱনৰ সঠিক বাটত বাট বুলিবলৈ ৰাষ্টা দেখুৱাই দিয়ে । গুৰু ব্ৰহ্মা , গুৰু বিষ্ণু গুৰু দেৱা মহেশ্বৰ , গুৰু সাক্ষাত পৰম ব্ৰহ্ম তস্মৈ স্ব গুৰুৱে নমঃ ।
তেনে গুৰুক হত্যা কৰিব পৰা মানসিকতা কেনেকৈ গঢ় ল’লে ? কেনেকৈ কৰিব পৰা হ’ল এনে অপকৰ্ম । শেহতীয়াভাবে আকৌ ছাত্ৰসকলৰ বেগত উদ্ধাৰ হ’বলৈ লৈছে মানুহ মাৰিব পৰা হস্ত নিৰ্মিত অস্ত্ৰ । লগতে নিচা জাতীয় সামগ্ৰী । আমাৰ এই সন্তান সকলে নিচাগ্ৰস্ত হৈ পঢ়া শুনা আয়ত্ত কৰিব নে তেওঁলোকৰ সমাজখন নিজে নিজে পয়ালগা কৰিব । ক’ত ঠিয় হৈ থাকিব তেওঁলোক ?
এতিয়া সেই ভাব নাহিব সময় আগুৱাই যেতিয়া পূৰঠ হ’ব তেতিয়া নিজক সুধি নিজে ধিক্কাৰ দিব -- আমি কি কাম কৰিলোঁ বুলি । কিয় আমি আমাৰ মহান পুৰুষ সকলৰ চানেকিৰে জীৱন গঢ়াৰ প্ৰয়াস নকৰিলোঁ । অবাটে বাট বুলা সেই সকল সন্তানৰ অভিভাৱক সকল ইমান আওকণীয়া কিয় । কিয় সচেতন আৰু সজাগ নহয় ! ক’ত কি কৰিছে , কি খাইছে , ক’লৈ গৈছে , কেতিয়া ঘৰলৈ আহিছে অধ্যয়নৰ প্ৰতি সিহঁত কিমান সচেতন ইত্যাদি ইত্যাদি ।
আমি ক'ব খুজিছোঁ অভিভাৱকসকলৰ কথা । অভিভৱক বুলি কোৱাৰ লগে লগে প্ৰথমে মাকৰ কথা আহিব । মা মানে আই । কবিয়েও কৈছে আইৰ সমান হ’ব কোন ? আইৰ সমান কোনোৱেই হ’ব নোৱাৰে আৰু আয়ে কৰিব নোৱাৰা একো কাম নাই । এটা সন্তানৰ বাবে মাক গৰাকী হৈছে প্ৰথম শিক্ষয়িত্ৰী আৰু ঘৰখন হৈছে প্ৰথম পঢ়াশালি । সেই কাৰণেই শিক্ষাবিদ সকলে কৈছে এটা শিশুৰ বাবে ঘৰখনেই হৈছে শিক্ষাৰ ঘাই কঠিয়াতলী । গতিকে সেই কঠিয়াতলীত কেনেকুৱা বীজ সিচিব সেইটো পিতৃ-মাতৃয়ে নিৰ্ধাৰণ কৰিব আৰু সেইমতে ফল লাভ কৰিব ।
শিশুটো ভূমিষ্ঠ হোৱা মুহূৰ্তৰ পৰাই ঘৰখনত এটা পৰিবেশ লাভ কৰে । কেইগৰাকীমান ব্যক্তি যাৰ ছত্ৰছায়াত বিকশিত হ’ব তাৰ সোণালী ভৱিষ্যত । ঘৰখনত বসবাস কৰা ব্যক্তি সকলৰ কথা-বাৰ্তা , আচাৰ-ব্যৱহাৰ আদি কাৰকবোৰে তাৰ ওপৰত প্ৰভাৱ পেলায় । আমি সকলোৱে জানো শিশুসকল অনুকৰণ প্ৰিয় , গতিকে ঘৰখনৰ জেষ্ঠসকল তাৰ বাবে সজাগ সচেতন আৰু সাৱধান হ’ব লাগিব । কাৰণ শিশুটোৱে প্ৰথম অৱস্থাত কথা ক’ব নোৱাৰে ঠিকেই কিন্তু সি কথা শুনে । সেই শব্দক সি অনুকৰণ কৰে । খঙাল কথাত সি উচপ খাব পাৰে , তেতিয়া সি উচুপে , মৰমীয়াল কথাত সি হাঁহে , হাত ভৰি আচাৰে তেনেকৈয়ে আৰম্ভ হয় তাৰ প্ৰাথমিক শিক্ষা । গতিকে ঘৰখনৰ অগ্ৰজসকল সাৱধান হোৱাটো অত্যন্ত আৱশ্যক । বিশেষকৈ মাত়ৃগৰাকী কাৰণ শিশুটোৱে পাৰ কৰে তাৰ অফুৰন্ত সময় মাকৰ লগত ৷ কিন্তু আজিৰ আধুনিক সমাজ ব্যৱস্থাত এটা নতুন নিয়ম আকোঁৱালি লোৱা দেখা গৈছে , সেয়া হৈছে একক পৰিয়াল গঠন । একক পৰিয়ালত শিশুটোৱে অকলশৰীয়া অনুভৱ কৰে । ককাক আইতাকৰ মৰমৰ পৰা বঞ্চিত হয় । লগতে মাক দেউতাক দুয়োজন চাকৰিয়াল হোৱাৰ স্বাৰ্থত শিশুটোক থৈ দিয়া হয় এটা Day Card নামৰ অনুষ্ঠানত । তাৰ তত্বাবধায়কগৰাকী কোনো কাৰো আপোন নহয় । সেই ঘৰত বিভিন্ন পৰিবেশৰ পৰা বিভিন্ন মানুহ বিভিন্ন শিশুৰ চালচলন , কথা-বাৰ্তাৰ দ্বাৰা শিশুটো প্ৰভাৱান্বিত হয় । তাৰ বাবেও শিশুটো তেনে স্বভাৱৰ হ’ব পাৰে ।
আজিৰ এই প্ৰজন্মটোৱে নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্ত হৈ বিদ্যালয়লৈ তেনে জাতীয় বস্তু লগত লৈ অনা প্ৰবণতা গঢ় লৈ উঠিছে । সঁচায়ে এয়া জাতিৰ বাবে শুভ লক্ষণ নহয় । এই ক্ষেত্ৰত পিতৃ মাতৃ অভিভাৱক সকলে ইয়াৰ প্ৰতি লক্ষ্য ৰখাটো অত্যন্ত জৰুৰী । অন্যথা আমি আশা কৰা ধৰণে আমাৰ সুন্দৰ ভৱিষ্যত এটা আশা কৰিব নোৱাৰিম । নিজৰ সন্তানে কি কৰিছে , ক’লৈ গৈছে , কাৰ লগত গৈছে , কিয় গৈছে , ইত্যাদিৰ পুংখানুপুংখ উত্তৰ আদায় কৰাৰ চেষ্টা কৰিব লাগিব । নহ’লে ইয়াৰ বাবে আনক জগৰীয়া কৰিলে নহ’ব ।
হেমেন চন্দ্ৰ হাজৰিকা
সহঃ শিক্ষক
বিৰোগাঁও মজলীয়া বিদ্যালয়
ৰামপুৰ শিক্ষাখণ্ড ।
0 Comments