header ads

অসমীয়া প্ৰবন্ধ, শিক্ষা ব্যৱস্থা আৰু অভিভাৱক তথা শিক্ষকৰ কৰ্তব্যঃ, শ্ৰী ত্ৰৈলোক্য মোহন শৰ্মা, ৫ম বছৰ-১ম সংখ্যা,

শিক্ষা ব্যৱস্থা আৰু অভিভাৱক তথা শিক্ষকৰ কৰ্তব্যঃ





         সৃষ্টিকৰ্তাই জীৱশ্ৰেষ্ঠ ৰূপে আমাক সৃষ্টি কৰিছে ৷ সেই ধৰণে শ্ৰেষ্ঠতৰ কাম কৰাৰ সামৰ্থ খিনিও দি পঠাইছে ৷ ইয়াত আমাৰ কাম হৈছে আমি সেইখিনি আমাৰ মাজত বিচাৰি উলিয়াই সেইবোৰ উপযুক্ত কামত লগোৱা ৷ ইয়াতে আহি পৰে আমাৰ শিক্ষাৰ কথা ৷ অৰ্থাৎ উপযুক্ত শিক্ষাৰ অবিহনে আমি সেইবোৰ নিজে নিজে উলিয়াই ল’ব নোৱাৰোঁ ৷ সেইবাবে আমাৰ প্ৰয়োজন হৈ পৰিল পথ প্ৰদৰ্শকৰ যাক আমি শিক্ষক বুলি কওঁ ৷ এজন মানুহ সমাজত উপযুক্তভাৱে স্বীকৃতি লভিবলৈ হ’লে অকল স্কুলীয়া শিক্ষাই যথেষ্ট নহয় ৷ এই ক্ষেত্ৰত নৈতিক তথা সামাজিক শিক্ষাৰো প্ৰয়োজন ৷ ইয়াৰ বাবে প্ৰথম ভূমিকা পালন কৰিবলগীয়া হয়‌ নিজৰ ঘৰখনে ৷ ঘৰ এখনত প্ৰথম জড়িত হৈ থাকে মাক-দেউতাক আৰু পৰিয়ালৰ সদস্যবৰ্গ ৷ শিশুৱে প্ৰথমতে মাক-দেউতাক তথা পৰিয়ালৰ সদস্যসকলকহে পায় আৰু তেওঁলোকৰ আশ্ৰয়তে ডাঙৰ দীঘল হয় ৷ শিশুৰ মানসিক উৎকৰ্ষ সাধনৰ প্ৰথম আহিলা হৈছে মনৰ আনন্দ ৷ অৰ্থাৎ মনৰ আনন্দ থাকিলেহে সিহঁতৰ মন আকৰ্ষিত হয়‌ ৷ গতিকে এই আনন্দৰ যোগান ধৰিব লাগিব প্ৰথমতে ঘৰখনে ৷ ঘৰখনৰ প্ৰতিজন সদস্যই নিজৰ ঘৰখনত সদায়ে আনন্দৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব ৷ শিশুৱে অকল যে পাঠ্যপুথিৰ পৰাই জ্ঞান আহৰণ কৰে তেনে নহয়‌ , সিহঁতে দেখি শুনিয়ে বহুত জ্ঞান আহৰণ কৰে ৷ তাৰোপৰি শিশুসকলৰ সদাচাৰৰ জ্ঞান অতি প্ৰয়োজন ৷ এইবোৰো ঘৰখনৰ পৰাই শিকে ৷ গতিকে প্ৰথমতে ঘৰখনৰ সদস্যসকল সদাচাৰী হ’ব লাগিব , সৎ‌ কথা-বতৰা , সৎ আলোচনা ,আচাৰ-ব্যৱহাৰ সৎ হ’ব লাগিব‍ , বাক্য বচন নম্ৰ আৰু মাৰ্জিত হ’ব লাগিব ইত্যাদি ৷ তেতিয়াহে শিশুসকলে দেখি শুনি সেই পথকে অৱলম্বন কৰিব ৷ এই ক্ষেত্ৰত মাক-দেউতাকৰ দায়িত্ব অতিকে বেছি ৷ কাৰণ শিশুসকল ঘৰৰ আনবোৰতকৈ মাক-দেউতাকৰ ওপৰত অধিক নিৰ্ভৰশীল ৷ সেয়ে মহান দাৰ্শনিক পণ্ডিত চাণক্যদেৱে কৈছে --
‘মাতা শত্ৰু পিতা বৈৰী 
যেন বাল নপঠিতা ৷ 
ন শোভতে সভা মধ্যে 
হংস মধ্যে বকো যথা ৷’
অৰ্থাৎ মাক-দেউতাকে যদি সন্তানক উপযু্ক্তভাৱে গঢ় দিব নোৱাৰে তেতিয়াহ’লে সেই সন্তানৰ বাবে মাক-দেউতাক শত্ৰু আৰু বৈৰী হৈ পৰে ৷ কাৰণ উপযুক্ত শিক্ষাৰ অভাৱত সি সমাজত ভাল মানুহ হিচাপে স্বীকৃতি লাভ কৰিব নোৱাৰে ৷ যিদৰে বহুতো ৰাজহাহঁৰ মাজত বগলী থাকিলেও তাক চিনি পোৱা নাযায় ঠিক সেইদৰে বহুতো জ্ঞানীৰ মাজত এজন অজ্ঞানী থাকিলেও সহজে চিনি পোৱা নাযায় ৷
   ইয়াৰ পাছত আহি পৰে আক্ষৰিক শিক্ষা ৷ অৰ্থাৎ আখৰ চিনাকি পৰ্ব |এই শিক্ষা প্ৰথমে নিজৰ ঘৰত মাক-দেউতাকে দিয়াব চেষ্টা কৰিব লাগে ৷ তাৰোপৰি আজিকালি চৰকাৰে সৃ্ষ্টি কৰা প্ৰাক-প্ৰাথমিক শিক্ষা কেন্দ্ৰত নাম ভৰ্ত্তি কৰাব লাগে | আজিকালিৰ দৰে অতীজত তেনেকুৱা ব্যৱস্থা নাছিল ৷ সেই সময়ত মানুহৰ মগজু বিকাশ আজিৰ তুলনাত বহুতো পিছপৰি আছিল | সেই সময়ত গুৰুগৃহত থাকি ছাত্ৰই শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল আৰু সেই ব্যস্থাটোক গুৰুকুলীয় শিক্ষা বুলি কোৱা হৈছিল ৷  আৰু সংস্কৃত ভষাইহে তাত প্ৰধান্য লাভ কৰিছিল ৷ ধৰ্মশাস্ত্ৰসমূহ যিহেতু নৈতিক জ্ঞানেৰে পৰিপুষ্ট গতিকে শিক্ষাৰ্থীসকল নৈতিক জ্ঞানেৰে পৰিপুষ্ট হৈছিল ৷োআমি জানো যে শিক্ষা ব্যৱস্থা সদায় সমাজ আৰু সময় কেন্দ্ৰিক ৷ গতিকে সমাজ পৰিৱৰ্তনৰ লগে লগে শিক্ষা ব্যৱস্থাৰো সলনি হয় আৰু সময় যিহেতু গতিশীল গতিকে শিক্ষা ব্যৱস্থাও  গতিশীল ৷ আৰু ইয়াৰ ফলস্বৰূপেই অতীজৰ গুৰুকুলীয় শিক্ষা ব্যৱস্থাৰ বিলুপ্তি ঘটিছিল আৰু তাৰ ঠাইত সময়োচিত শিক্ষা ব্যৱস্থাৰ সৃষ্টি হৈ বৰ্তমানৰ সময় পাইছেহি ৷

        বিজ্ঞানৰ ন ন আৱিষ্কাৰৰ লগতে শিক্ষা ব্যৱস্থাৰো নতুন নতুন বিভাগৰ সৃষ্টি হৈছে আৰু বৰ্তমান সময়ত এই ব্যৱস্থাটো বহুমুখী শিক্ষা ব্যৱস্থাত পৰিণত হৈছে ৷ বৰ্তমান সময়ৰ বাবে এই ব্যৱস্থা অতি প্ৰয়োজনীয় ৷ এই ব্যৱস্থাৰ জৰিয়তে জ্ঞান আহৰণ কৰাৰ উপৰিও ই এটা বহুমুখী দিশ উন্মোচন কৰে , যাৰ ফলত শিক্ষাৰ্থী এজনে নিজে লাভ কৰা শিক্ষাৰ জৰিয়তে নিজৰ ভৱিষ্যত নিজে গঢ় দিয়া তথা পৰিয়াল পৰিচালনাৰ বাবেও সহায়ক হয় ৷ এই ধৰণৰ শিক্ষা ব্যৱস্থাত মাক-দেউতাক আৰু শিক্ষকৰ দায়িত্ব অতি গুৰুত্বপূ্ৰ্ণ ৷ এনেকুৱা শিক্ষা ব্যৱস্থাত প্ৰাথমিক অৱস্থাত বিভিন্ন বিষয়ৰ ওপৰত জ্ঞান দিয়াৰ চেষ্টা কৰা হয় ৷ সেয়েহে শিক্ষকৰ বোজা বাঢ়ি যায় আৰু এই বৰ্ধিত বোজা বহন কৰাটো স্কুলৰ সময়খিনিয়ে যথেষ্ট নহয় ৷ গতিকে ঘৰত মাক-দেউতাকেও স্কুলীয়া শিক্ষাৰ আঁত ধৰি ল’ৰাছোৱালীৰ পঢ়াৰ ক্ষেত্ৰত নজৰ দিয়াটো জৰুৰী হৈ পৰিছে ৷ প্ৰাথমিক পৰ্যায়ত এই যে বিভিন্ন বিষয়ৰ ওপৰত জ্ঞান দিয়াৰ চেষ্টা কৰা হৈছে , ইয়াৰ মূল উদ্দেশ্য হৈছে শিক্ষাৰ্থীজনৰ কোনটো বিষয়ৰ ওপৰত ধাউতি বেছি সেইটো নিৰীক্ষণ কৰাহে ৷ গতিকে যিটো ক্ষেত্ৰত শিক্ষাৰ্থীজনে অধিক সফলতা অৰ্জন কৰিব আগলৈ তাক সেইটো দিশেৰে লৈ যোৱাৰ চেষ্টা কৰা হয় ৷ যাতে ভৱিষ্যতে সি সেইটো দিশেৰে সমাজ ব্যৱস্থাক এটা সৎ পথ দেখুওৱাৰ লগতে সেই দিশত সু্প্ৰতিষ্ঠিত হ’ব পাৰে ৷ এই ব্যৱস্থাত অভিভাৱকৰ লগতে শিক্ষকৰ দায়িত্ব অসীম ৷ কাৰণ ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতে ৰাস্তা দেখুওৱাৰ মূল কাণ্ডাৰী হৈছে শিক্ষকসকল ৷ তেওঁলোকে প্ৰতিজন শিক্ষাৰ্থীৰ ওপৰতে তীক্ষ্ণ নজৰ ৰাখিব লাগে ৷ তেওঁলোকে শিক্ষা দান কৰাৰ লগতে প্ৰতিজন শিক্ষাৰ্থী কোনটো বিষয়ৰ ওপৰত অধিক আগ্ৰহী ইয়াৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ্থীজনক সেইটো বিষয়ৰ ওপৰত সুশৃংখল জ্ঞান দিয়াৰ চেষ্টা কৰিব লাগে যাতে শিক্ষাৰ্থী জনে তেওঁৰ ভৱিষ্যত যাত্ৰা পথত উজুটি খাব নালাগে , বৰং অধিক আগ্ৰহেৰে নিজৰ পথত অগ্ৰসৰ হ’বহে পাৰে ৷ এইদৰে শিক্ষকসকলে যেতিয়া সততাৰে নিজৰ দায়িত্ব পালন কৰিব তাকে দেখি শিক্ষাৰ্থীসকলেও নিজৰ কৰ্তব্য তথা অধ্যাৱসায় পালন কৰিব আৰু ইয়ে এখন সুস্থ সবল সমাজ গঢ়াত যথেষ্ট সহায়ক হ’ব ৷
আমি ওপৰত উল্লেখ কৰি আহিছোঁ যে শিক্ষা ব্যৱস্থাত বিভিন্ন বিভাগৰ সৃষ্টিৰ জৰিয়তে ছাত্ৰ -ছাত্ৰীৰ বিভিন্ন বিষয়ত উৎকৰ্ষ সাধনৰ চেষ্টা কৰা হৈছে ৷ ইয়াৰ আন এটা কাৰণ হৈছে বৰ্তমান যুগটো হৈছে বিশ্বায়নৰ যুগ ৷ গতিকে এই যুগত পৃথিৱীৰ সকলো দেশৰ লগতে যোগাযোগ ব্যৱস্থা অতি সুচল ৷ এনেকুৱা পৰিৱেশত কাৰিকৰী জ্ঞানৰ গুৰুত্ব অধিক ৷ বিজ্ঞানৰ ন ন আৱিষ্কাৰৰ পৰিপ্ৰেক্ষিতত কাৰিকৰী জ্ঞানহে অধিক ফলপ্ৰসূ হোৱা দেখা যায় ৷ কাৰণ কাৰিকৰী শিক্ষাইহে উৎপাদনমুখী শিক্ষা আৰু এই শিক্ষা ব্যৱস্থাৰ দ্বাৰাই দেশৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত অধিক উন্নতি সাধিব পাৰে , যিয়ে দেশ এখনক আৰ্থিক দিশত স্বাৱলম্বী কৰাত সহায় কৰে ৷ গতিকে বৰ্তমান সময়ত কাৰিকৰী শিক্ষা এক সময়োচিত শিক্ষা ৷
কিন্তু বৰ্তমান সময়ৰ শিক্ষা ব্যৱস্থাত আমি এটা কথা মন কৰিছো যে যদিও বৰ্তমানৰ শিক্ষা ব্যৱস্থা স্বাৱলম্বিতাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে , আনহাতে কিন্তু বৰ্তমানৰ শিক্ষা ব্যৱস্থাত নৈতিকতাৰ অভাৱ ঘটিছে আৰু ইয়াৰ ফলতেই মহান জ্ঞান যজ্ঞৰ স্থলী শিক্ষানুষ্ঠানতেই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ’বলৈ ধৰিছে ৷ ছাত্ৰই শিক্ষাগুৰুক নমনা হৈছে , ছাত্ৰ-ছাত্ৰীৰ মাজত মিলাপ্ৰীতিৰ বিপৰীতে ক্ৰড়তাই বিৰাজ কৰিছে ৷ গতিকে এনেুকুৱা পৰিস্থিতিৰ অৱসান ঘটাবলৈ একমাত্ৰ উপায় হৈছে শিক্ষা ব্যৱস্থাত নৈতিক জ্ঞান দিব পৰা বিষয় সংলগ্ন কৰা ৷ যদিহে সেইটো কৰাৰ ব্যৱস্থা চৰকাৰে নকৰে তেন্তে এটা সময়ত গোটেই সমাজ ব্যৱস্থা বনৰীয়া জীৱ জন্তুৰ সমাজ ব্যৱস্থ পৰিণত হ’ব আৰু এনেকুৱা হিংস্ৰ সমাজ ব্যৱস্থাত মানুহ জীয়াই থকাই অসম্ভৱ হৈ পৰিব ৷ গতিকে সময় থাকোতেই চৰকাৰী কতৃপক্ষ সজাগ হোৱা উচিত ৷ লগতে শিক্ষাৰ মুল উদ্দেশ্য  
‘বিদ্যা ছদাতি বিনয়ং , 
বিনয়াৎ যাতি পাত্ৰতায় ,
পাত্ৰতাত ধনমাপ্নোতি ,
ধনাৎ ধৰ্মতত: সখম ৷’
এই আপ্তবাণী কাৰ্যকৰী কৰণত মনোযোগ দিয়া উচিত ৷


 শ্ৰী ত্ৰৈলোক্য মোহন শৰ্মা
আউনীআটী সত্ৰ ,

উত্তৰ গুৱাহাটী 

Post a Comment

0 Comments