জ্ঞানম মই
জ্ঞানম আলোচনী মই ।।
জ্ঞান আৰু বোধৰ তৃপ্তিৰে
বিলাইছোঁ পোহৰ সবাকে
জ্ঞানম মই ।।
এক সন্ধিক্ষনত ওপজা
কোনো দূৰদৰ্শী ক্ষণৰ
জলন্ত সাক্ষী
মিলাব লাগে
মিলিব লাগে
শিকাৰুৰ যাত্ৰা থমকিব নোৱাৰে
কাৰণ জ্ঞানম মই ।।
অন্বেষণৰ পোহৰত
পাৰদৰ্শী হাতৰ পৰশত
উজ্বলাই তুলি
উজ্বলি উঠিছোঁ
কাৰণ জ্ঞানম মই ।।
জ্ঞানৰ আলোকত জ্বলে
আশাৰ বন্তি
থুনুক থানাক কথাৰে
বিলাইছোঁ জেউতি
সময়ে দিব তাৰ
সমুচিত উত্তৰ
প্ৰতিশ্ৰুতি আছে তাত
সবাকে সামৰি উজ্বলি উঠিম
কাৰণ জ্ঞানম মই ।।
বিৰোগাঁও মজলীয়া বিদ্যালয়
ৰামপুৰ শিক্ষাখণ্ড ।


0 Comments