সম্পাদকীয়
বিশ্বৰ সমাজবিজ্ঞানীসকলে সময়ে সময়ে চলোৱা বিভিন্ন সমীক্ষাত দুৰ্নীতি আৰু সংঘৰ্ষজৰ্জ্জৰ এলেকা হিচাপে আফ্ৰিকীয় দেশসমূহৰ নাম তালিকাৰ শীৰ্ষৰ ফালে সন্নিবিষ্ট হৈ আহিছে যদিও তেওঁলোকে আন এটা কথাও অতি আচৰ্যৰে নিৰীক্ষণ কৰি আহিছে যে এই দেশবোৰত বসবাস কৰা জনজাতীয় লোকসকলৰ মাজত তুলনামূলকভাৱে যথেষ্ট শান্তি-সম্প্ৰীতিৰ পৰিবেশ বিৰাজমান ৷ অন্ন , বস্ত্ৰ , বাসস্থান আদি নিম্নতম মৌলিক প্ৰয়োজনসমূহৰ অভাৱেৰে জৰ্জৰিত হোৱা স্বত্বেও এই জনজাতীয় সমাজৰ লোকসকলে পাৰস্পৰিক সহযোগিতা আৰু মিলাপ্ৰীতিৰে বসবাস কৰে ৷ তেওঁলোকৰ মাজত হিংসা , বিদ্বেষ .অসূয়া , অপ্ৰীতি আদি কুপ্ৰবৃত্তিসমূহো খুব কমেই দেখা যায় ৷ হত্যা , চুৰি , ডকাইতি , জুৱা আদিৰ দৰে হিংসাত্মক ঘটনাও এই সমাজবোৰত খুব কমেই ঘটে ৷ চমুকৈ ক’বলৈ হ’লে এই জনজাতীয় লোকসকল যেন প্ৰকৃত অৰ্থতেই সুখী মানুহ ৷ কিন্তু তেওঁলোকৰ সুখৰ আধাৰ কি ? তেওঁলোকৰ এই সুখী জীৱনৰ ৰহস্য উদ্ঘাটন আৰু অন্বেষণৰ স্বাৰ্থতেই এবাৰ এগৰাকী নৃতত্ত্ববিদ উপস্থিত হৈছিলগৈ আফ্ৰিকাৰ জুলু সম্প্ৰদায়ৰ লোকসকলৰ মাজত ৷ নৃতত্ত্ববিদগৰাকীয়ে এই বিশেষ জনগোষ্ঠীটোৰ কেইগৰাকীমান কণ কণ ল’ৰা-ছোৱালীৰ মাজত পৰীক্ষামূলকভাৱে এখন প্ৰতিযোগিতাৰ আয়োজন কৰিলে ৷ প্ৰতিযোগিতাৰ নিয়ম অনুসৰি কিছু দূৰত গছ এজোপাৰ ওচৰত সিহঁতে খাই ভাল পোৱা ফলমূল কিছু ৰখা হ’ল আৰু সিহঁতক কোৱা হ’ল যে সিহঁতৰ মাজৰ যিজনে আটাইতকৈ আগতে দৌৰি গছডাল চুব পাৰিব তেওঁকেই সেই খোৱাদযুক্ত ফলমূলবোৰ দিয়া হ’ব ৷ যথাসময়ত প্ৰতিযোগিতা আৰম্ভ হোৱাৰ ঘণ্টা বাজিল ৷ নৃতত্ত্ববিদগৰাকীয়ে আচৰিত হৈ লক্ষ্য কৰিলে যে কণ কণ ল’ৰাছোৱালী কেইজনে সকলোৱে হাতত ধৰাধৰিকৈ একেলগে গছডালক লক্ষ্য কৰি খোজকাঢ়িবলৈ ধৰিলে আৰু গছডালৰ ওচৰ পোৱাৰ পিছত সকলোৱে ফলমূলবোৰ ভগাই খালে ৷ যেতিয়া নৃতত্ত্ববিদগৰাকীয়ে সেই কণমানি ল’ৰা - ছোৱালী কেইজনক সুধিলে যে তেওঁলোকৰ মাজৰ কোনোবা এজনে নিশ্চয় সকলোতকৈ আগত দৌৰি গোটেই ফলখিনি পাব পাৰিলেহেঁতেন , কিন্তু কিয় কোনো এজনেও সেই চেষ্টা নকৰিলে , নিজস্ব উপভাষাৰে সিহঁতে উত্তৰ দিলে, “ Ubuntu ( I am because we are ) . How can one of us be happy while the rest are miserable . আমি সকলো আছোঁঁ বাবেই ময়ো আছোঁ ৷ গতিকে আন সকলোকে বঞ্চিত কৰি , সকলোকে বিপদত পেলাই আমাৰ মাজৰ কোনোবা এজনে কেনেকৈ সুুুখী হ’ব পাৰিম বাৰু ?"
ওবুণ্টু ( Ubuntu ) আফ্ৰিকাৰ বেছিভাগ জনজাতীয় সমাজত পৰম্পৰাগতভাৱে চলি অহা এক লোকসংস্কাৰ , এক দৰ্শন ৷ শব্দটোৰ আভিধানিক অৰ্থ হল- I am because we are অৰ্থাৎ আমি সকলো আছোঁ বাবেই ময়ো আছোঁ ৷ আভিধানিক অৰ্থৰ পৰাই পাঠকৰ নিশ্চয় বুজিবলৈ অসুবিধা হোৱা নাই যে ওবুণ্টুৰ ধাৰণাত ব্যক্তিসত্বাৰ অস্তিত্বতকৈ বেছি প্ৰাধান্য দিয়া হয় সামূহিক সত্বাৰ অস্তিত্বক ৷ ইয়াত ব্যাক্তিৰ অস্তিত্ব আৰু পৰিচিতি নিৰ্ভৰ কৰে তেওঁ সমাজৰ আনসকল সদস্যৰ প্ৰতি দেখুওৱা আচৰণৰ ওপৰত ৷ এই সংস্কাৰৰ বিষয়ে বহলাই কোৱা হৈছে এনেদৰে --' In the African management context , the Ubuntu philosophy represents humanness , a pervasive spirit of caring within the community in which the individuals in the community love one another......As a philosophy , Ubuntu is an orientation to life that stands in contrast to rampant individualism , insensitive competitiveness and unilateral decision making . Africans are social beings that are in constant communion with one another in an environment where a human is regarded as a human being only through his or her relationships to other human beings.
ওবুণ্টু লোকসংস্কাৰত সমাজৰ প্ৰতিগৰাকী নাগৰিকক শিশুকালতে শিকাই দিয়া হয় সমাজৰ প্ৰয়োজনীয়তা আৰু চুবুৰীয়া তথা সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা ৷ এই দৰ্শনৰ মতে , সমাজৰ প্ৰতিগৰাকী সদস্যই সুযোগ আৰু দুৰ্যোগ উভয়তে ব্যক্তিগতভাৱে অথবা গাইগুটীয়াকৈ চিন্তা কৰাৰ পৰিবৰ্তে চিন্তা কৰা উচিত সমূহীয়াকৈ ৷ সুযোগবোৰ যেনেদৰে ভোগ কৰা উচিত সমূহীয়াকৈ , সেইদৰে দুৰ্যোগ বা প্ৰত্যাহ্বানৰো মুখামুখি হোৱা উচিত সমূহীয়াকৈ ৷ দুখীয়া-নিচলাৰ প্ৰতি আৰ্থিক সহায় , বৃদ্ধসকলৰ প্ৰতি সন্মানসূচক সহায়ৰ হাত , আৰ্তজনৰ প্ৰতি সহৃদয়তা , শোকাৰ্ত্তজনৰ প্ৰতি সহমৰ্মিতা , ৰোগীজনৰ প্ৰতি সেৱা আৰু শুশ্ৰূষাৰ প্ৰতিশ্ৰুতি , অনাথসকলক নিজৰ সন্তানৰ দৰে প্ৰতিপালন কৰা আদিয়েই হ’ল ওবুণ্টু লোকসংস্কাৰৰ মূলমন্ত্ৰ আৰু এনে মন্ত্ৰ অনুসৰণৰ কছৰৎ আফ্ৰিকাৰ জনজাতীয় লোকসকলে শিশুকালৰে পৰা কৰি অহা বাবেই তেওঁলোকৰ মাজত পাৰস্পৰিক দায়বদ্ধতা , সহযোগিতা , সহমৰ্মিতা আৰু সহানুভূতিৰ পৰিবেশ বিদ্যমান ৷ হিংসাত্মক ঘটনাৰ পয়োভৰো কম তেওঁলোকৰ সমাজত ৷
ওবুণ্টু দৰ্শনৰ এই শিক্ষা ' I am because you are ’ ৰ দৰেই সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়ে ইজনে সিজনলৈ প্ৰেৰণ কৰিব পৰা পাৰস্পৰিক নিৰ্ভশীলতা আৰু দায়বদ্ধতা প্ৰকাশক গভীৰ কৃতজ্ঞতাৰ এক বাৰ্তা -- ' মই সুখী জীৱন এটা পাইছোঁ কেৱল আপোনাৰ বাবে , অথবা মই জীয়াই থাকিব পাৰিছোঁ কেৱল আপোনাৰ বা আপোনালোকৰ বাবে , আপোনালোক আছে বাবেই ময়ো আছোঁঁ, সেয়ে মোৰ জীৱনৰ প্ৰতিটো কাৰ্যই পৰিচালিত হ’ব মোৰ আত্মীয় , চুবুৰীয়া তথা চৌপাশৰ ব্যক্তিসকলৰ মংগলৰ কাৰণে , মই যি কৰিম সকলোবোৰ আপোনালোকৰ বাবেই কৰিম , আপোনালোক সুখী হ’লেই ময়ো সুখী হ’ম , ' --- পৃথিৱীখন সুন্দৰ কৰি ৰাখিবলৈ , এখন সুুুুখী আৰু সুশৃঙ্খল সমাজ গঢ়িবলৈ , প্ৰতিজন মানুহৰ জীৱনত সহৃদয়তাৰ নিশ্চিতি দিবলৈ মানুহৰ এই উপলব্ধি , কৃতজ্ঞতাবোধ আৰু দায়বদ্ধতাৰ মানসিক স্থিতিয়েই নিশ্চয় আটাইতকৈ বেছি প্ৰয়োজনীয় আজিৰ সমাজত ৷ ' I am because we are . How can one of us be happy if the rest are miserable' --- ব্যক্তিগত বা গাইগুটীয়া স্বাৰ্থ আৰু চিন্তাৰ উৰ্দ্ধলৈ গৈ সমাজ, চুবুৰীয়া বা আৰ্তজনৰ সমূহীয়া স্বাৰ্থৰ বাবে চিন্তা কৰিব পৰাৰ ওবুণ্টুৰ নিচিনা এনে এক সংস্কাৰেহে জন্ম দিব পাৰে হিংসা আৰু ঈৰ্ষা- অসূয়া বৰ্জিত এখন শান্তি- সম্প্ৰীতিৰ সুখী সমাজ ৷
বৰ্তমানৰ হিংসা-বিদ্বেষ আৰু ঈৰ্ষা-অসূয়াৰে পৰিপূৰ্ণ যান্ত্ৰিক জীৱনত ওবুণ্টুৰ দৰে লোকসংস্কাৰৰে প্ৰয়োজনীয়তা আহি পৰা নাইনে ?
পৰিশেষতঃ
জ্ঞানম শৈক্ষিক গোট , কামৰূপৰ উদ্যোগ আৰু সমগ্ৰ শিক্ষা , কামৰূপৰ সহযোগত প্ৰকাশিত 'জ্ঞানম'-- আংকিক আলোচনীখনৰ এইটো পঞ্চম বছৰ , দ্বিতীয় সংখ্যা ৷ আলোচনীখনত অন্তৰ্ভুক্ত লেখাবোৰ প্ৰকাশৰ সময়ত প্ৰধানকৈ ছাত্ৰ-ছাত্ৰীৰ মনোজগত সমৃদ্ধ কৰিব পৰা সৃষ্টিশীল আৰু মননশীল লেখাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে ৷ আমি নাজানো এই প্ৰচেষ্টাত কিমানদূৰ সফল হ’ব পাৰিছোঁ ৷ তাৰ বিচাৰৰ ভাৰ আপোনালোকৰ হাতত ৷
আলোচনীখনৰ এই সংখ্যাটোত ভিন্ন বিষয়ৰ লেখা প্ৰদান কৰি সৌষ্ঠৱ বৃদ্ধি কৰাৰ ক্ষেত্ৰত বিশেষ বৰঙনি আগবঢ়োৱা বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল , সন্মানীয় লেখক-লেখিকাসকলক আমাৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ ৷ আনহাতে আলোচনীখন প্ৰকাশৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ দিহা-পৰামৰ্শৰে সকলো সময়তে উৎসাহিত কৰা 'জ্ঞানম’ৰ মুখ্য উপদেষ্টা অপূৰ্ব ঠাকুৰীয়া ছাৰ , উপদেষ্টাদ্বয় গণেশ্বৰ চহৰীয়া ছাৰ আৰু ৰজত চন্দ্ৰ ভৰালী ছাৰ , তত্বাৱধায়ক ফুলপাহি নাথ বাইদেউকো এই চেগতে ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ ৷ লগতে আলোচনীখনত
প্ৰকাশিত লেখাবোৰৰ সম্পাদনা , প্ৰয়োজনীয় তথ্যৰ যোগান ধৰা , বিভিন্ন দিহা-পৰামৰ্শ প্ৰদান আদিকে ধৰি বিভিন্ন দিশত সহযোগ কৰা 'জ্ঞানম’ শৈক্ষিক গোটৰ সকলো সদস্য তথা গোটটোৰ লগত বিভিন্ন প্ৰকাৰে জড়িত সকলো সন্মানীয় ব্যক্তিকে আমাৰ সম্পাদনা কক্ষৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ ৷
শেষত আলোচনীখন প্ৰকাশৰ ক্ষেত্ৰত ৰৈ যোৱা ভুল-ত্ৰুটিবোৰৰ বাবে মাৰ্জনা বিচাৰিছোঁ ৷ অনাগত দিনবোৰত 'জ্ঞানম’ৰ মঞ্চখন হৈ উঠক অসম আৰু অসমীয়াৰ বৌদ্ধিক চৰ্চাৰ কেন্দ্ৰস্থল ৷ তাকেই কামনা কৰিলোঁ আলোচনীখনৰ উন্মোচনৰ এই শুভ মুহূৰ্তত ৷ জয়তু জ্ঞানম ......৷ 

সম্পাদক , জ্ঞানম ই -আলোচনী
1 Comments
👍👍
ReplyDelete