মোৰো এটা সপোন আছে
সপোন —সপোন হৈছে ভৱিষ্যতৰ এনে এখন প্ৰেৰণাদায়ক ছবি , যিয়ে মানুহৰ ভাৱনা আৰু ইচ্ছাশক্তি সমুজ্জ্বল কৰি মনে বিচৰা কাম কৰিবলৈ অদম্য শক্তি আৰু প্ৰেৰণা যোগায় ৷
মোৰ এটা সপোন আছে ৷ আপোনাৰো নিশ্চয় আছে ৷ আমি প্ৰত্যেকেই মন মগজুত একো একোটা সপোন আজীৱন কঢ়িয়াই লৈ ফুৰোঁ ৷ ই নিতান্তই জৰুৰী ৷ কাৰণ সপোনে জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য গঢ়ে ৷ সপোন অবিহনে মানুহে সাহস গোটাব নোৱাৰে আৰু সাহস অবিহনে জীৱনৰ প্ৰত্যাহ্বান গ্ৰহণ কৰা কঠিন ৷ সপোন হৈছে মানুহৰ সংগ্ৰামী জীৱনত আলাউদ্দিনৰ চাকি স্বৰূপ , যিয়ে সফলতাৰ কণ্টকাকীৰ্ণ বাট পোহৰাই তোলে ৷ সপোন হৈছে যাত্ৰীবাহী বাছ চালকৰ দৰে , যিয়ে যাত্ৰীসকলক সুকলমে লক্ষ্যস্থানলৈ লৈ যায় ৷ জন মেক্সৱেলে কৈছে - “ সপোনে মানুহৰ জীৱনত কাটা কম্পাছৰ দৰে কাম কৰে , যিয়ে আমাক সঠিক নিৰ্দেশ প্ৰদানেৰে জীৱনৰ ইপ্সিত লক্ষ্যত উপনীত হোৱাত নিৰ্ণায়ক ভূমিকা পালন কৰে ৷” সেয়ে ক’ব পাৰি সপোনবিহীন জীৱন মহাসমুদ্ৰৰ বুকুত দিকবিদিক হেৰুৱাই পেলোৱা ক্ষুদ্ৰ জাহাজৰ নিচিনা ৷
কিন্তু সপোন দেখিলেইতো নহ’ব , তাৰ সুদূৰপ্ৰসাৰী দৃষ্টিও থাকিব লাগিব ৷ লাগিব তাক বাস্তবায়িত কৰাৰ প্ৰবল ইচ্ছাশক্তি ৷ আমেৰিকাৰ ৰাজনীতিবিদ তথা প্ৰাক্তন নায়ক কলিন পাৱেলে কৈছিল - “কোনো সপোনেই যাদুৰ দৰে বাস্তবায়িত নহয় ৷ দৃঢ় সংকল্প , কঠোৰ পৰিশ্ৰম আৰু কেঁচা ঘামৰ সন্মিলিত প্ৰচেষ্টাইহে সপোনক সাকাৰ ৰূপ দিয়ে ৷” সপোন সম্পৰ্কে ‘মিছাইল মেন’ খ্যাত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ এপিজে আব্দুল কালামে কি কৈছিল মন কৰকচোন ৷ তেওঁ কৈছিল – “সপোন সেইটো নহয়, যিটো তুমি গভীৰ নিশাত দেখা ৷ সপোন সেইটোহে, যিয়ে তোমাক শান্তিত শুবলৈ নিদিয়ে ৷” দুপৰ নিশা গভীৰ টোপনিত দেখা সপোনবোৰ পূৱাৰ সূৰুজৰ হেঙুলী পোহৰে পৃথিৱীখন পোহৰাই তোলাৰ লগে লগে এটা দুঃস্বপ্ন হৈ উৰি যায় ৷ কিন্তু দিনৰ পোহৰত চকু মেলি দেখা সপোনে কাকো শান্তিত থাকিব নিদিয়ে ৷ ই খেদি ফুৰে অহৰ্নিশে ৷
মহামানৱ মহাত্মা গান্ধী , আফ্ৰিকাৰ মহানায়ক নেলচন মেণ্ডেলা , কম্পিউটাৰ আৰু মোবাইল ফোন নিৰ্মাতা কোম্পানী এপ’লৰ প্ৰতিষ্ঠাপক ষ্টিভ জবচ , প্ৰখ্যাত মটৰ গাড়ী নিৰ্মাতা আমেৰিকাৰ হেনৰি ফ’ৰ্ড , ওৱাল্ট ডিজনী , শচীন টেণ্ডুলকাৰ , মুকেশ আম্বানি , ৰতন টাটা প্ৰভৃতি বিশ্ববিখ্যাত ব্যক্তিসকল নিজৰ নিজৰ ক্ষেত্ৰখনত সফলতাৰ ইমান উচ্চতাত গৈ অৱস্থান কৰিছে যে তাক অনুভৱহে কৰিব পাৰি , চুই চাব নোৱাৰি ৷ তেওঁলোকে সপোন দেখিছিল দিনত ৷ দেখিছিল এনে কিছুমান সপোন , যিয়ে তেওঁলোকৰ শান্তি-নিদ্ৰা ভংগ কৰিছিল ৷ এই তালিকাখন ইমানেই দীঘলীয়া যে লিখি ওৰ পেলাব নোৱাৰি ৷
হেনৰি ফ’ৰ্ডৰ প্ৰসংগলৈ আহিছোঁ ৷ তেওঁৰ সপোন আছিল মটৰগাড়ী নিৰ্মাণ কৰা আৰু গ্ৰাহকক কম দামত যোগান ধৰা ৷ ১৯০৩ চনত তেওঁ প্ৰতিষ্ঠা কৰা ‘ফ’ৰ্ড মটৰ কোম্পানী’য়ে প্ৰথম বছৰত মাত্ৰ ৬ হাজাৰখন বাহনহে প্ৰস্তুত কৰিবলৈ সক্ষম হৈছিল , যাৰ মূল্য আছিল ৮৫০ ডলাৰ ৷ কিন্তু নিজৰ সপোনক সাকাৰ ৰূপ দিবলৈ ফ’ৰ্ড ইমানেই বদ্ধপৰিকৰ আছিল যে , পৰবৰ্তী মাত্ৰ ৮ বছৰৰ ভিতৰত তেওঁ ৫ লক্ষখন বাহন নিৰ্মাণ কৰিলে আৰু তাৰ মূল্যও হ্ৰাস কৰিলে মাত্ৰ ৩৫০ ডলাৰলৈকে ৷ বাল্যকালতে দেখা এটা ডাঙৰ সপোন সাকাৰ ৰূপ দিবলৈ গৈ তেওঁ যাতায়াতৰ ক্ষেত্ৰত বিশ্বৰ বুকুত সূচনা কৰিছিল নতুন যুগৰ ৷ টকা-পইচা , ধন-সম্পত্তিৰ বিশাল পাহাৰ গঢ়ি সেয়ে তেওঁ কৈছিল – “Dream is my greatest asset.”
আমি ক’ত আছো সেইটো বুজি পাব লাগিব , আৰু ভবিষ্যতে আমি ক’ত থাকিমগৈ তাক মনৰ চকুৰে দেখিব পাৰিব লাগিব ৷ ইয়ে হৈছে সফলতা লাভৰ ৰহস্য ৷ সমগ্ৰ বিশ্বত সফলতাৰ চূড়ান্ত বিন্দুত উপনীত হোৱা ব্যক্তিসকলৰ জীৱন বুৰঞ্জীলৈ ভূমূকি মাৰিলে আমি দেখোঁ যে তেওলোকে এইবোৰ কথা মন-মননেৰে উপলব্ধি কৰিব পাৰিছিল বা পাৰে ৷ সেই কাৰণে ব্ৰায়ান ট্ৰেছীয়ে কৈছিল - “মই প্ৰতিদিনে লিখোঁ ৷ কিন্তু এই কাৰণে নিলিখো যে মই লিখি ভাল পাওঁ ৷ বৰং এই কাৰণেহে লিখোঁ যাতে মই সফল হব পাৰোঁ ৷” আন্না এলিনৰ ৰুজভেল্টে কৈছিল - “The future belongs to those, who believe in the beauty of their dreams.”
সেই কাৰণে সপোন দেখিব লাগে ৷ সপোনেই হৈছে সফলতাৰ দুৱাৰ ৷ অতীতত আমি লোৱা সিদ্ধান্তই আমাক বৰ্তমানৰ প্ৰেক্ষাপটত উপনীত কৰেহি ৷ আৰু বৰ্তমানৰ সপোনে আমাৰ ভবিষ্যতৰ পৰিকাঠামো নিৰ্মাণ কৰিব ৷ কাৰণ সপোনেই হৈছে মানুহৰ লক্ষ্যস্থান ৷
ডাকঃ ওডালগুৰি, বি, টি, এ, ডি (অসম)
পিন নম্বৰঃ ৭৮৪৫০৯
মোবাইল নম্বৰঃ ৯৮৬৪৬৭০৮৬৭
0 Comments