header ads

অসমীয়া কবিতা l ফুটপাথ - ৰূপালীম দাস , ৫ম বছৰ- ২য় সংখ্যা

 ফুটপাথ



ফুটপাথৰ দাঁতিত
ৰৈ চাবা কেতিয়াবা
বুজি পাবা
দুখৰ বৰষুণত
পাৰ ভঙা নৈ হৈ
সকলো হেৰাই জীয়াই থকাৰ
যন্ত্ৰণা কিমান ৷

ফুটপাথৰ দাঁতিত
ৰৈ চাবা কেতিয়াবা
বুজি পাবা
অনাহাৰত দিন কটোৱা
শিশুজাকৰ মুখত
ডাষ্টবিনত পৰি থকা
পৰিত্যক্ত ৰুটি এটুকুৰাত
ভোকৰ মূল্য কিমান ৷

ফুটপাথৰ দাঁতিত
ৰৈ চাবা কেতিয়াবা
বুজি পাবা
হাড় কঁপোৱা
ঠেটুৱৈ লগা শীতৰ কোলাত
এটুকুৰা কাপোৰৰ মূল্য কিমান ৷

তথাপি জীয়াই থকাৰ তাড়নাত
শীৰ্ণকায় মুখবোৰে হয়তো
কাহানিও নিবিচাৰে সুখ কিম্বা দুখৰ সংজ্ঞা
আকাশৰ নেদেখা জনলৈ মাথোঁ চায় ,
সেয়ে ৰৈ চাবা কেতিয়াবা
ফুটপাথৰ দাঁতিত
বুজি পাবা
জীৱনৰ তিক্ততা সামৰি
উশাহ লৈ থকাৰ যন্ত্ৰণা কিমান ৷

ৰূপালীম দাস    
শিক্ষয়িত্ৰী
ঘটনগৰ মধ্য ইংৰাজী বিদ্যালয় l

Post a Comment

0 Comments