header ads

অসমীয়া প্ৰবন্ধ l মিচিং জনজাতিৰ উৎসৱ আলি-আঃয়ে লৃগাং - গিৰিন দাস , ৫ম বছৰ- ২য় সংখ্যা

 মিচিং জনজাতিৰ উৎসৱ আলি-আঃয়ে লৃগাং






        অসমৰ দ্বিতীয় বৃহৎ জনজাতি মিচিং সকলৰ অন্যতম প্ৰধান উৎসৱ হৈছে 'আলি আঃয়ে লৃগাং’ ৷ এই উৎসৱ প্ৰকৃতাৰ্থত প্ৰকৃতি আৰু কৃষিৰ লগত জড়িত ৷ প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰৰ দিনটোত আলি আঃয়ে লৃগাং পালন কৰা হয় ১৯৫৬ চনৰ পৰাহে ৷ তাৰ আগতে ফাগুন মাহত অঞ্চল বিশেষে নিজৰ সুবিধা অনুসৰি বেলেগ বেলেগ দিনত উদ্‌যাপন কৰা হৈছিল ৷
            আক্ষৰিক অৰ্থত আলি আঃয়ে লৃগাঙৰ অৰ্থ হৈছে - 'আলি’ মানে শস্যৰ বীজ, 'আঃয়ে’ মানে ফল আৰু 'লৃগাং’ মানে সিঁচিবলৈ আৰম্ভ কৰা ৷ এই কাৰণে আলি আঃয়ে লৃগাঙক শস্য সিঁচাৰ প্ৰথম দিন হিচাপে পালন কৰা হয় ৷ লৃগাঙৰ দিনাখন প্ৰতিঘৰ পৰিয়ালৰ মুৰব্বীজনে শংকু আকৃতিৰ পাচিত শস্য সিঁচাৰ বাবে লাগতিয়াল বস্তু যেনে - ধানগুটি,কাঠআলু,কচু,আদা, আপং পানী আদি কঢ়িয়াই আনে ৷ আগতীয়াকৈ চহাই থোৱা মাটিডৰাত সাধাৰণতে পূৱ কোণত দহ-বাৰ বৰ্গফুটৰ ঠাই বাচনি কৰি তাৰ চাৰিসীমাত বনখাগৰিৰ খুঁটা পুতি কপাহী সূতাৰে মেৰিয়াই সীমাটো চিহ্নিত কৰা হয় ৷ সেই মাটিডোখৰত চাকি-বন্তি জ্বলাই পুৰাং, আপং, মাছ আদি খাদ্য সামগ্ৰী আগবঢ়োৱা হয় ৷ ইয়াৰ পাছতেই কৃষক সমাজে পূৰ্ব পুৰুষৰ আৰাধ্য দেৱতাক সাক্ষী কৰি ধৰিত্ৰী শস্য শ্যামলী হোৱাৰ কামনাৰে প্ৰাৰ্থনা জনায় ৷ ঘৰৰ মুৰব্বীজনে পথাৰত এই কাম আগবেলা সম্পন্ন কৰি ঘৰলৈ আহি মৃত পিতৃ পুৰুষসকলক এই বাৰ্তা আপং পানী আৰু পুৰাং আদিৰে আগমন নকৰা পৰ্যন্ত ঘৰৰ অইন মানুহে সাধাৰণতে আপং গ্ৰহণ নকৰে ৷
         লৃগাং উৎসৱৰ মূল এই শস্য সিঁচা কাম সম্পন্ন কৰাৰ পাছত আৰম্ভ হয় ভোজন আৰু আনন্দৰ পৰ্ব ৷ আলি আঃয়ে লৃগাং মিচিং জনজাতিৰ জাতীয় উৎসৱ হোৱা হেতুকে জাতীয় খাদ্য সম্ভাৰ উভয়নদী হোৱাটো স্বাভাৱিক ৷ভোজনৰ মুখ্য খাদ্যসম্ভাৰবোৰ হৈছে - আপং আৰু পুৰাং ভাত ৷ পানীয় আপং হিচাপে ছাইমদ এই উৎসৱত অধিক ব্যৱহাৰ কৰা হয় ৷ পুৰাং ভাত হৈছে বৰা চাউল তৰা পাতত টোপোলা হিচাপে বান্ধি সিজাই থোৱা এবিধ উত্তম খাদ্য ৷ পুৰাঙৰ লগত মাছৰ তৰকাৰী ব্যৱহাৰ কৰা হয় যদিও বৰ্তমান গাহৰিৰ মাংস বিভিন্ন ধৰণৰ শাকেৰে প্ৰস্তুত কৰি ভোজন কৰা দেখা যায় ৷
         মিচিং জনজাতি জাতীয় কৃষ্টি-সংস্কৃতিৰ ক্ষেত্ৰতো চহকী বুলি কব পাৰি ৷ মিচিং জনজাতিৰ জীয়ৰী-বোৱাৰীসকলে নিজহাতেৰে তৈয়াৰ কৰা সাজ পোছাক উৎসৱৰ দিনা পৰিধান কৰে ৷নিজৰ প্ৰিয়জনলৈ উপহ দিয়ে ৷ আলি আঃয়ে লৃগাঙৰ দিনা ডেকা-গাভৰু ,বুঢ়া-মেথা সকলোৱে মিলি সন্ধিয়া পৰত উলহ-মালহেৰে ঢোলৰ চেওত গুমৰাগ নৃত্য কৰে ৷ মিচিংসকলৰ লোকবিশ্বাসমতে গুমৰাগ নৃত্য নকৰিলে ধানত গজালি ঠন ধৰি নুঠাৰ লগতে পোক-পতংগই ক্ষতিসাধন কৰে ৷এই উৎসৱত পৰিৱেশন কৰা গীতক 'লৃগাং মিঃতম’  নামেৰে জনা যায় ৷
           আলি আঃয়ে লৃগাং কেবল এটি কৃষিভিত্তিক উৎসৱেই নহয় , ইয়াৰ অন্তৰালত নিহিত হৈ আছে সমাজ-সংস্কৃতিৰ প্ৰতিফলন আৰু ধৰ্মীয় চিন্তা-ধাৰণা ৷ ঘৰৰ মুৰব্বীজনে চন্দ্ৰ-সূৰ্যক আদি কৰি পূৰ্বপুৰুষৰ নামবোৰ স্মৰণ কৰি প্ৰকৃতিৰ বিভিন্ন শক্তিবোৰৰ প্ৰতি বিশ্বাস আৰু পূৰ্বপুৰুষৰ প্ৰতি থকা ভক্তি ভাৱ তথা ধৰ্মীয় বিশ্বাসক প্ৰতিপন্ন কৰিছে ৷

গিৰিন দাস
মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক
কৰৰা শিক্ষাখণ্ড

Post a Comment

0 Comments