জ্যোতিপ্ৰসাদৰ গীতত প্ৰকৃত
অসমৰ প্ৰকৃতি বিনন্দীয়া । নদ-নদী, জান-জুৰি, গছ-লতিকাৰে ভৰা অসমৰ প্ৰকৃতিক লৈ বহুসময়ত বহু গীতৰ সৃষ্টি হৈছে । সেইবোৰৰ ভিতৰত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীতবোৰ অনন্য ।
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ আকাশৰ এক উজ্জ্বল নক্ষত্ৰ । অসমীয়াৰ হাড়ে হিমজুৱে জ্যোতিপ্ৰসাদ । তেওঁক বাদ দি অসমীয়া কলা-সংস্কৃতি, সাহিত্যৰ কথা কল্পনা কৰিব নোৱাৰি । তেওঁৰ গীতে অসমীয়া জাতিক উজ্জীৱিত কৰে , মনলৈ আনে নতুন উদ্যম । অসমৰ মাটিৰ গোন্ধ তেওঁৰ প্ৰতিটো গীততে আছে ।
প্ৰকৃতিয়ে অসমখন সেউজীয়া কৰি ৰাখিছে । গছৰ পাতৰ সেউজ বোলে আমাৰ এই ধৰণীখন ধুনীয়া কৰিছে । জ্যোতিপ্ৰসাদে গীতেৰে প্ৰকাশ কৰিছে -
"সেউজী সেউজী সেউজী অ'
সেউজী ধৰণী ধুনীয়া "
প্ৰকৃতিৰ সৌন্দৰ্যই তেওঁৰ মন-প্ৰাণ আচ্ছন্ন কৰি ৰাখিছিল । ভৰা বাৰী, সেউজীয়া পথাৰে আৱৰি থকা গাঁওখনৰ কথা তেওঁ লিখিছে -
"ভৰপূৰ তামোলেৰে সেউজীয়া পথাৰেৰে
দূৰতে জিলিকি থকা অ' আমাৰ গাঁও "
খেতি পথাৰখনে ক্ৰমাত বৰণ সলায় । সোণোৱালী হৈ পৰে । ৰ'দালিয়ে তাত সোণত সুৱগা চৰায় ।
"সোণোৱালী শইচৰ
পথাৰ কোলাত শোভে
ৰ'দালিৰে ফুল ফল সেন্দুৰীয়া ।"
আকৌ ,
"সেউজীয়া সেউজীয়া
লানিকৈ ৰুলে ঐ
গছৰ শাৰী
সেউজী গছতে সোণ গুটি ।"
নিচলা কৃষকৰ হাড় ভঙা পৰিশ্ৰমৰ অন্তত পথাৰখন জকমকাই উঠে । সোণগুটি ঠন ধৰে । জ্যোতিপ্ৰসাদে সেয়ে কৈছে-
"আমাৰ চকুলোৰে পানী দি জীয়ালো
মাণিকীমধুৰি ধান "
সোণোৱালী ধানেৰে ভৰি পৰে পথাৰ -
"মোৰ পথাৰৰে
সোণোৱালী ধান
সেউজীয়া বননিত
শুনো কি নুশুনো
বনৰীয়া গান
মোৰে পথাৰৰে সোণোৱালী ধান ৷"
কোনোবা নিমাতীৰ অভিমান ভাঙিবলৈ জ্যোতিপ্ৰসাদে সোণ-ৰূপ, মণি-মুকুতা, ঐশ্বৰ্য-বিভূতি অনা নাই । তেওঁৰ মানত প্ৰকৃতিয়ে আমাক দিয়া উপহাৰতকৈ আন একোই ঊৰ্ধ্বত নহয় । সেই উপহাৰ যদি মানুহৰ কৰ্ষণত উদ্ভুত কোনো শস্য হয়, সেয়া সকলোতকৈ চৰা । সেয়ে তেওঁ গীতেৰে প্ৰকাশ কৰিছে -
"তোমালৈ আনিছো জগতৰে শইচ
এৰা অ' নিমাতী মান "
প্ৰকৃতিৰ এক অনবদ্য উপহাৰ হ'ল ফুল । ফুলৰ সৌন্দৰ্যই সকলোকে মোহিত কৰে । জ্যোতিপ্ৰসাদৰ গীতত ফুলে এক গুৰুত্বপূৰ্ণ স্থান পাইছে ।
"গছে গছে পাতি দিলে
ফুলৰে শৰাই"
অসমৰ মানুহৰ ঘৰৰ আগফাল, পাছফাল নানাৰঙী, নানাগঢ়ী ফুলৰ সুবাসেৰে আমোলমোলাই থাকে ।
"আগবাৰীত ফুলিলে
সোণে মোৰ চম্পা
সেউতী মালতী
সোণে মোৰ চম্পা
গোন্ধৰ গুটিমালী
ৰঙাকৈ ৰেৱতী
আমোলে মোলে ঐ
সোণে মোৰ চম্পা ৷"
ফুলৰ আমোলমোল গোন্ধে চৌপাশ অধীৰ আকুল কৰে ।
"তোৰ ৰূপৰ ফুলনিতে
শেৱালি নেৱালি কতনো ফুল...
দশোদিশ আমোলাই কৰিছে আকুল"
পৰ্বতৰ বুকুত ফুলা ৰঙা ফুলপাহৰ কথাও জ্যোতিপ্ৰসাদে লিখিছে -
"পৰ্বততে ফুলিলে ৰঙানোকৈ ফুলে কলি
ৰেণুৰে বোলালি তই কুমলীয়া হাত ৷"
সৰু সৰু কীট-পতংগও বাদ পৰি যোৱা নাই তেওঁৰ গীতত । ফুলৰ সুবাসত মতলীয়া ভোমোৰাৰ কথা সেয়ে লিখিছে -
"কলীয়া ভোমোৰা গুঞ্জৰি আহে
গোন্ধকে ধিয়াই"
ফুলৰ পাহিত পৰি পখিলা, মৌ-মাখি, মৌ-পিয়া চৰায়ে সৌন্দৰ্য বঢ়ায় ।
"ফুলৰ বাটিৰে মৌৰে
নিজৰা বাকি দিয়া
বিয়াকুল ৰূপ মৌ পিয়া ৷"
বনৰ পখীৰ কথাও বাদ পৰি ৰোৱা নাই জ্যোতিপ্ৰসাদৰ গীতত-
"বনৰীয়া আমি বনৰ চৰাই
বনে বনে ফুৰো অনাই বনাই
অনাই বনাই আমি
অনাই বনাই আমি
অনাই বনাই অ’ অনাই বনাই ৷"
অসমৰ পাহাৰবোৰ গছ-লতিকাৰে সমৃদ্ধ । ইয়াৰ সৌন্দৰ্যই সকলোকে আকৰ্ষণ কৰে । পাহাৰী নিজৰাটোৰ জিৰ জিৰ শব্দই হৃদয়ত হিল্লোলৰ সৃষ্টি কৰে । গছৰ পাতটিয়েও সেই নিজৰাকে ধিয়াই সৰি পৰে ডালৰ পৰা । নিজৰাৰ চঞ্চল পানীত সৰাপাতটি উটি ভাঁহি যায় যেন এখন নাওহে ।
"জিৰ জিৰ জিৰ জিৰ নিজৰি অ'
টুল বুল টুল বুলকৈ
হালধীয়া সৰাপাতৰ নাওখনি
গৈ গৈ গৈ
আমাৰ মৰমে ভৰা লৈ ।"
পাহাৰৰ জুৰি পানীৰে উপচি পৰে । বনলৈ বসন্ত আহে । চৌপাশে যেন ৰঙৰহে মেলা বহে । গীতেৰে জ্যোতিপ্ৰসাদে প্ৰকাশ কৰিছে-
"অ’ সখী আজি
যৌৱন বন জুৰি
বন-বসন্ত মুঞ্জৰি
পাতে বৰণৰে মেলা"
অসমৰ প্ৰকৃতিলৈ ব্ৰহ্মপুত্ৰৰ অৰিহণা উল্লেখনীয় । ব্ৰহ্মপুত্ৰক বাদ দি অসমৰ সংস্কৃতি ৰিক্ত হৈ ৰব । যুগে যুগে গীতিকাৰসকলে ব্ৰহ্মপুত্ৰক লৈ যুগজয়ী গীত ৰচনা কৰিছে । জ্যোতিপ্ৰসাদো ব্যতিক্ৰম নহয় । তেওঁ ব্ৰহ্মপুত্ৰক লুইত, লোহিত বুলি অভিহিত কৰিছে ।
"লুইতৰে পানী যাবি অ' বৈ
সন্ধিয়া লুইতৰ পানী সোণোৱালী
চহৰে নগৰে যাবি অ' বৈ "
শদিয়াৰ পৰা ধুবুৰীলৈ বৈ আছে লুইত যুগ যুগ ধৰি । বুকুত বহন কৰি আছে অসমৰ কত কাহিনী, কত গাঁথা । লুইতক লৈয়ে আমাৰ সাহ, আমাৰ মান-অভিমান । সেয়ে জ্যোতিপ্ৰসাদে কৈছে -
"লুইতৰ পাৰৰে আমি ডেকা ল'ৰা
মৰিবলৈ ভয় নাই"
আকৌ কৈছে -
"লুইতৰ আকাশত তৰাৰ তৰাৱলী
পাৰত দীপাৱলী তেজৰে নৈ
আই নাকান্দিবি "
লুইতৰ দুয়োপাৰ শুভ্ৰ জোনাকে যেতিয়া উজলাই তোলে সেই দৃশ্য অলৌকিক হৈ পৰে ।
"জোনোৱালী নিশাৰ
ৰূপোৱালী পোহৰে
চকুৰ পাহিত
কাৰ ছবি আঁকি যায়!"
ৰূপহী জোনৰ পোহৰ গছৰ পাতত পৰি চিকমিকাই উঠে । সেয়া বিনন্দীয়া দৃশ্য । জ্যোতিপ্ৰসাদৰ গীতত আছে -
"অ' সখী আহিব পিয়া
ৰূপহী জোনৰে
কিৰণ জকেমকায়
বিৰিখৰ পাততে আহিব পিয়া ।"
অসমৰ সেউজীয়া গছে-পাতে জুৰ বতাহেৰে দেহ-মন শাত পেলায় ।
"বোৱাঁ বোৱাঁ দখিণ মলয়া, তটিনী গোৱাঁ ৷
সমীৰণে আহি পৰাণ জুৰালে আ..হা ৷"
জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতত প্ৰকৃতিৰ যি নিটোল চিত্ৰ দেখা পোৱা যায়, সেয়া অতুলনীয় ।
তেওঁ নিজৰেই ৰাগক কৰবী ফুলৰ লগত তুলনা কৰিছে ।
"মোৰ ৰাগ কৰবীৰে পতা
ল'বি পূজা "
তেওঁ সৃষ্টি কৰা নৱতম গীতক পদুমৰ সুগন্ধিৰ সমান বুলি কৈছে -
"মোৰ যত অভিনৱ গান
বিকশিত কলমৰ গন্ধ সমান"
প্ৰকৃতিৰ প্ৰতিটো উপাদানে জ্যোতিপ্ৰসাদৰ গীতত ঠাই পাইছে । তেওঁৰ সুন্দৰ চিত্ৰকল্প আৰু সুৱদি ভাষাৰ সংযোগে অসমৰ প্ৰকৃতিক এক অনন্য ৰূপেৰে উদ্ভাষিত কৰিছে । সেয়ে জ্যোতিপ্ৰসাদৰ গীত চিৰনতুন, চিৰসুন্দৰ ।
সহ: শিক্ষয়িত্ৰী
২নং তুলামাটি প্ৰাথমিক বিদ্যালয়
__________________
0 Comments