আনোভা
ছাৰ, মোৰ নাম মকবুল। আমেৰিকানবোৰে মকবুল ক’ব নোৱাৰে বাবে চমুকৈ ‘ম্যেক’ বুলি মাতে। কোনোৱে আকৌ ম্যাকবুল বুলিও কয়। প্ৰথমে কিছু আপত্তি কৰিছিলো – ম্যাকবুলতকৈ মকবুল মাতিবলৈ বেছি সহজ, ইমান কষ্ট কিয় কৰিব লাগে? লাহে লাহে বাদ দিলো, তহঁত আমেৰিকানবোৰক কিনো বুজাম, নিজে যি বুজ, সেইটোৱেই কৰিবি! কোনো ধৰণৰ আইনী কাগজ-পত্ৰ নোহোৱাকৈ ১৩ বছৰ আমেৰিকাত থাকি মোৰ স্বভাৱ পশুৰ দৰে হৈ পৰিছিল। পশুৱে যিদৰে মানুহ দেখিলেই আতঙ্কিত আৰু অস্থিৰ হৈ পলায় মইয়ো তেনে কৰিছিলো। পুলিচ দেখিলেই বুকু আৰু তলপেট বিষাবলৈ আৰম্ভ কৰে। কেতিয়াবা এই বিষ ইমান তীব্ৰ হয় যে বাথৰূমত সোমাই মই বমি কৰোঁ। নিশাটো কটাইছিলো কিছুমান মেক্সিকানৰ সৈতে। সিহঁতে ড্ৰাগছ লয় যদিও মোৰ সৈতে ভাল ব্যৱহাৰ কৰিছিল। সিহঁতৰ বাবে প্ৰতিনিশা মই খিচিৰি ৰান্ধো আৰু সেই খিচিৰি সিহঁতে ড্ৰাগছৰ দৰেই অতি আগ্ৰহেৰে খাইছিল। খিচিৰিক সিহঁতে কৈছিল – ‘কিচলি’। দৰাচলতে খিচিৰি বনাবলৈ নিজৰ দেশত কেতিয়াও শিকা নাছিলো, কোনোৱে মোক শিকোৱাও নাই। ই সম্পূৰ্ণ মোৰ নিজা আৱিষ্কাৰ। হাতৰ কাষতে যি বস্তু পাওঁ সকলোবোৰ চৰুত পানীৰ সৈতে জুহালত তুলি দিও। খুব জলা দিও আৰু ৰন্ধা শেয হ’লে দাইলত তেল মৰাৰ দৰে খিচিৰিখিনি গৰম গলা মাখনত ঢালি দিওঁ। খিচিৰি খাওঁতে প্ৰায় আটাইকেইজন মেক্সিকান বন্ধুৰ জলাৰ কোবত নাকে-মুখে পানী ওলাই অৱস্থা নোহোৱা হয়, তাৰ পিছতো নিজৰ মাজত সিহঁতে মেক্সিকান ভাষাত কোৱা-কুই কৰে যে ‘কিচলি’ হ’ল পৃথিৱীৰ শ্ৰেষ্ঠ খাদ্য!
মই মোৰ মেক্সিকান বন্ধুসকলৰ কাৰণেই গ্ৰীণকাৰ্ড পাওঁ। সিহঁতৰ এজনে মোক গাড়ী চলাবলৈ শিকায় আৰু নিজেই নিউইয়ৰ্ক চহৰত কেব চলাবলৈ আৰম্ভ কৰোঁ। সেই খিচিৰি নামৰ অখাদ্যবিধ ৰান্ধিব জানিছিলো বাবেই সকলো সম্ভৱপৰ হৈ উঠিছিল। মই নিশা কেব চলাও আৰু দিনত শোও। নিশা ভাড়া বেছিকৈ পোৱা যায় আৰু বাট-পথো খালি হৈ থাকে। অৱশ্যে ৰাতি কেব চলোৱাৰ সমস্যাও নথকা নহয়। গুণ্ডা-বদমাছবোৰ কেতিয়াবা নিশা যাত্ৰী হৈ কেবত উঠে আৰু পিস্তল-ৰিভলভাৰ দেখুৱাই টকা-পইচা কাঢ়ি লয়। কিছুমান কেব চালকৰ আততায়ীৰ হাতত এইদৰে মৃত্যু ঘটিছে। কেব পৰিচালনা সন্থাবোৰে কেব চালকসকলৰ নিৰাপত্তাৰ বাবে নিয়মাৱলী কিছুমান প্ৰস্তুত কৰিছে, যেনে – (১) সকলো সময়তে ৱাকি-টকি অন ৰখা, (২) কোনোবাই পিস্তল দেখুৱালে যি বিচাৰে সকলো দি দিয়া, (৩) সন্দেহজনক কাৰোবাক গাড়ীত উঠাবলৈ মানা কৰা – বিনম্ৰতাৰে গ্ৰাহকৰ অনুৰোধ প্ৰত্যাখান কৰা ইত্যাদি। এইবোৰ নিয়ম-কানুন কিন্তু মই একেবাৰে মানি চলা নাছিলো – যাকে পাওঁ সকলোকে গাড়ীত উঠাও। মোক সেই সময়ত প্ৰচুৰ ডলাৰৰ আৱশ্যক আছিল। বহুত দিন নিজৰ দেশলৈ যোৱা নাছিলো, দেশলৈ গৈ সম্ভৱ হ’লে বিয়াখনো পাতি পেলাব লাগে। মায়ে চিঠিত লিখিছিল যে তেওঁ মোৰ বাবে ইণ্টাৰ পাছ কৰা ধুনীয়া ছোৱালী এজনী চাই থৈছে। তাইৰ নাম হ’ল কমলা। মোৰ নিজৰ লোভৰ বাবেই এবাৰ বৰ বিপদত পৰিছিলো। ছাৰ, আপোনাক সেইটো কাহিনীয়েই শুনাব খুজিছো। আপুনি লেখক মানুহ, বহুতৰে পৰা নানা গল্প আপুনি শুনিছে কিন্তু মই ক’বলৈ বিচৰা গল্পটো নিশ্চয় আপুনি শুনা নাই। ছাৰ, তিনি মিনিটমান যদি সময় দিয়ে মই বাহিৰৰ বাৰান্দালৈ গৈ চিগাৰেট এটা হুপিব খোজোঁ। আপোনাৰ সন্মুখত চিগাৰেট খোৱাৰ ধৃষ্টতা মোৰ নাই। এই কাহিনীটো কোৱাৰ সময়ত মোৰ বৰ টেনশ্যন হয়। চিগাৰেট নোখোৱাকৈ নোৱাৰো।
ডিচেম্বৰ মাহৰ শেষৰ ফালে সেইবাৰ কেইবা বছৰৰো মূৰত খুব বৰফ পৰিছিল। খ্ৰীষ্টমাছৰ দিনা অৱশ্যে বৰফ পৰা নাছিল। ‘হোৱাইট খ্ৰীষ্টমাছ’পোৱা নাছিলো কিন্তু ২৬ তাৰিখৰ পৰা বৰফ পৰাৰ লগতে ধুমুহাও আৰম্ভ হ’ল। সেই দেশত বৰফৰ ধুমুহাক কোৱা হয় ব্লিজাৰ্ড। ব্লিজাৰ্ডৰ সময়ত অফিচ-আদালত সকলো বন্ধ হৈ পৰে, সকলোৱে মিলি আড্ডা মাৰে, প’কাৰ খেলে আৰু বিয়েৰ পান কৰে। ধনী দেশৰ কথা, বেয়া সময়খিনিও তেওঁলোকে আনন্দৰ সময়লৈ পৰিৱৰ্তিত কৰে। মই সেই সময়ত নিউইয়ৰ্কৰ হালধীয়া কেব চলাইছিলো। অতিৰিক্ত ভাড়া পোৱা যায়। মোৰ বাবে ব্লিজাৰ্ড ডাঙৰ কথা নাছিল, পইছা গোটোৱাটোহে আছিল ডাঙৰ কথা। এজন দূৰণিবটীয়া পেছেঞ্জাৰ পালোঁ। তেওঁ বিশেষ কিবা কামত নিউ জাৰ্চীলৈ যাব লাগে। এই ধুমুহাৰ মাজতে ৰাতিখন তৎক্ষণাত যাত্ৰা কৰিব, মোক ওপৰুৱাকৈ টিপচ দিবলৈ ৰাজী হ’ল। মই চাহাবজনক তেওঁৰ গন্তব্য স্থানলৈ নিলো আৰু ভাড়াৰ ওপৰি ১০০ ডলাৰ টিপচো পালোঁ। উভতি আহোতেহে ডাঙৰ সমস্যাত পৰিলো। সাংঘাতিক ধৰণে ব্লিজাৰ্ড আৰম্ভ হ’ল। এনে ধৰণৰ তুষাৰপাত জীৱনত কেতিয়াও দেখা নাছিলো – যেন কোনোবাই লাখ লাখ বস্তা শিমলু তুলা আকাশত এৰি দিছে। গাড়ী আগবঢ়োৱাই অসম্ভৱ হৈ পৰিছিল। বাটত বৰফ জমি কাঁচৰ দৰে হৈ পৰিছে, গাড়ীও সমানে পিচলিছে। বৰ সাৱধানে আগুৱাব লগা হৈছিল। হাইৱেত বিশাল ট্ৰাকবোৰৰ বাহিৰে অইন গাড়ী নাই। ৰাতি মাত্ৰ দহমানহে বাজিছিল কিন্তু চাৰিওফালে নিজম পৰিছিল।
হাই-বিমত গাড়ী চলাইছিলো যাতে দূৰলৈ দেখা যায় কিন্তু ই একো কাম কৰা নাছিল। দহ গজমানৰ আগলৈ একো দেখা পোৱা নাযায়। গাড়ীৰ ফগ লাইটো জ্বলাইছিলো, বিশেষ একো সহায় হোৱা নাছিল। হঠাতে বাটৰ দাঁতিত আঙুলি দেখুৱাই ৰৈ থকা ছোৱালী এগৰাকী দেখা পাওঁ, তেওঁ লিফ্ট বিচাৰিছে। ভয়ংকৰ দুৰ্যোগৰ নিশা ইয়াত এই ছোৱালীজনী কিয়? কেতিয়াবা ‘হুকাৰ’বোৰ এনেকৈ বাটৰ দাঁতিত থিয় হৈ থাকে আৰু লিফ্ট বিচাৰে। গাড়ীত উঠাৰ পিছত বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি কৰে, আনকি হত্যাৰ দৰে ঘটনাও সংঘটিত হৈছে। ছাৰ, আপুনি ‘হুকাৰ’ বুজি পাইছেনে? সেই দেশত দেহোপজীৱীনীক ‘হুকাৰ’ বুলি কোৱা হয়। এই ছোৱালীজনী কিন্তু হুকাৰ নহয় যেন লাগিল। তাইৰ লগত এজনী সৰু ছোৱালীও আছে, সম্ভৱতঃ নিজৰে ছোৱালী। বৰফৰ ধুমুহাত বিপৰ্যস্ত। কিছু সময় এনেদৰে থাকিলে ডাঙৰ দুৰ্ঘটনা হ’ব পাৰে। গাড়ীখন ৰখাই মই দুৱাৰখন খুলি দিলোঁ। তৰুণী গৰাকী এজনী সৰু ছোৱালীৰ সৈতে গাড়ীত উঠিল আৰু অতি ভদ্ৰভাৱে ক'লে – ‘ছাৰ ধন্যবাদ।’ ক'লা ছালৰ কেব চালকক কোনেও ছাৰ বুলি সম্বোধন নকৰে। যুৱতীগৰাকীৰ ভদ্ৰতাত মই মুগ্ধ হ’লোঁ। ছোৱালীজনী বৰ ধুনীয়া আছিল। মই সাধাৰণতে কোনো আমেৰিকান ছোৱালীক ধুনীয়া নেদেখো – সিহঁতক ধবল কুষ্ঠৰোগী যেন লাগে। এই ছোৱালীজনীৰ চুলিখিনি ছবিত অঁকাৰ দৰে সোণালী ৰঙৰ আছিল। তাইৰ সন্তানটিৰ চুলিখিনিও আছিল সোণালী। শীতৰ প্ৰকোপত সৰু ছোৱালীজনী তেনেই কাহিল হৈ পৰিছিল, বোধকৰো তাইৰ ভোকো লাগিছিল। মাকক তাই কাণত ফুচফুচাই কিবা ক’লে। কিছু লজ্জিত হৈ মাকে মাত লগালে – ‘মোৰ ছোৱালীজনীয়ে বাৰ্গাৰ খাব বিচাৰিছে। আগৰ চাৰ্ভিছ ষ্টেচনত গাড়ীখন অলপ ৰখাব পাৰিবনে?’
মই উত্তৰ দিলোঁ – ‘নিশ্চয় পাৰিম।’ ‘মোৰ ছোৱালীজনীৰ নাম আনোভা। খোৱা বস্তু কিনি খাবলৈ তাইৰ হাতত যথেষ্ট ডলাৰ আছে’- মাকে ক’লে। ছাৰ, বুজিছেনে, সকলোবোৰ কথা-বতৰা ইংৰাজীতে চলিছিল। মই এতিয়া নিজৰ ভাষাতে কৈছোঁ কাৰণ কথাখিনি হুবহু মোৰ মনত নাই। বহুত কষ্টৰ অন্তত চাৰ্ভিছ ষ্টেচন এটা পালোগৈ। পিছলৈ ঘূৰি চাই দেখোঁ আনোভা মনে মনে বহি আছে, হাতত তাইৰ এশ ডলাৰৰ এখন নোট। আনোভাৰ কাষত মাক নাই। ক'লৈ গ’ল তেওঁ? মানুহ এগৰাকী বতাহত কেনেকৈ অদৃশ্য হৈ যাব পাৰে? দুৱাৰখন খুলি চলন্ত গাড়ী এখনৰ পৰা নামি যোৱা কাৰো পক্ষে অসম্ভৱ। গাড়ীৰ দুৱাৰ লক কৰা আছে। মই থতমত খাই সুধিলো – ‘তোমাৰ মা ক’ত?’ আনোভাই ক’লে – ‘গুচি গল!’ মই ক’লোঁ –‘গুচি গ’ল মানে? ক’লৈ গ’ল?’ আনোভাই কোনো সঁহাৰি নিদিলে। প্ৰশ্ন কৰিলে তাই অলপ সময় মোৰ মুখলৈ চায় আৰু তাৰ পিছত চকু দুটা তললৈ নমাই দিয়ে। ছোৱালীজনীক বাৰ্গাৰ এটা কিনি দিলো। আইচক্ৰীমো কিনি দিলো। তাই আগ্ৰহেৰে বাৰ্গাৰটো খাবলৈ ধৰিলে। মাক যে হঠাতে নাইকিয়া হৈ গ’ল তাৰ বাবে তাইক অলপো চিন্তিত দেখা নগ’ল। চাৰ্ভিছ ষ্টেচনৰ পৰা আৰক্ষীক টেলিফোন কৰি ঘটনাটোৰ খবৰ দিলোঁ। অৱশ্যে গাড়ীৰ পৰা ছোৱালীজনীৰ মাক বতাহৰ দৰে অদৃশ্য হৈ যোৱা কথাটো লুকুৱাই ৰাখিলোঁ। এইবোৰ কথা ক’লে পুলিচে মোক মানসিক ৰোগী বুলি ভাবিব। মোক মনোৰোগ বিশেষজ্ঞৰ ওচৰলৈ পঠিয়াব আৰু কেব ড্ৰাইভিং লাইচেন্সো বাতিল কৰাৰ সম্ভাৱনা আছে।
মাক-জীয়েকক বাটৰ পৰা গাড়ীত তুলি চাৰ্ভিছ ষ্টেচন এটালৈ অনাৰ কথা ক’লোঁ। ছোৱালীজনীক ৰেষ্টুৰেণ্টলৈ নি মাক অহালৈ অপেক্ষা কৰি আছিলো কিন্তু মাক গৰাকী নহা দেখি গাড়ীলৈ পুনৰ উভতি যাওঁ কিন্তু ওচৰলৈ গৈ দেখো যে তেওঁ তাত নাই।
: ছোৱালীজনী কিমান ডাঙৰ?
: পাঁচ-ছয় বছৰ হ’ব।
: তাইক টেলিফোনটো দিয়া। তাইৰ লগত কথা পাতোঁ।
সিফালৰ পৰা পুলিচে কি কথা সুধিছিল শুনা পোৱা নাছিলো। ছোৱালীজনীৰ উত্তৰবোৰহে শুনিছিলো। প্ৰথমে ক’লে –‘আনোভা’। তাৰ পাছত তাই ক’লে – ‘ফ’ৰ এণ্ড হাফ’। সম্ভৱতঃ পুলিচে বয়স সুধিছিল। তাৰ পিছত ক’লে – ‘Gone।’ তাৰ পিছত তাইক সোধা কেইবাটাও প্ৰশ্নৰ উত্তৰত ‘No’ বুলি কৈ অৱশেষত ক’লে ‘OK’। এইবাৰ ফোনটো মোলৈ আগবঢ়াই দিলে। পুলিচে মোৰ লাইচেন্স নম্বৰ, ঠিকনা, সকলো লৈ ক’লে – ‘তুমি ছোৱালীজনীক নিউয়ৰ্ক চিটিলৈ লৈ আনা। পোনে পোনে আমাৰ ওচৰলৈ আহিব। আধা ঘণ্টাৰ ভিতৰতে আৰক্ষীৰ টহলদাৰী গাড়ী এখন চাৰ্ভিচ ষ্টেচনত উপস্থিত হ’ব আৰু সেইখন তোমাৰ পিছে পিছে আহিব। পেট্ৰল গাড়ীখন গৈ নোপোৱালৈকে তুমি তাৰ পৰা লৰচৰ নকৰিবা।’ ছাৰ, মই বৰ দুশ্চিন্তাত পৰিলো। মোৰ ভাৱ হ’ল পুলিচে মোকেই সন্দেহ কৰিছে। হয়তো তেওঁলোকে ছোৱালীজনীৰ মাকক মইয়েই হত্যা কৰি মৃতদেহটো বৰফত পুতি থৈছিলো বুলি সন্দেহ কৰিছিল। সেই দেশৰ পুলিচ কিমান বেয়া আপুনি কল্পনা কৰিব নোৱাৰে। যি নহওক, পুলিচৰ গাড়ীখন আহি ছোৱালীজনীক নিজৰ লগতে বহাই ল’লে। মই পুলিচৰ গাড়ীৰ পিছে পিছে আল্লাহৰ নাম লৈ গৈ থাকিলো। পুলিচ ষ্টেছনত সিহঁতে মোক ছঘণ্টা আবদ্ধ কৰি ৰাখিলে। ছোৱালীজনীকো নানান প্ৰশ্ন কৰিছিল। মাক-দেউতাকৰ নাম, ক’ত থাকে, কোন স্কুলত পঢ়ে, বান্ধৱীৰ নাম, পোহনীয়া কিবা জন্তু আছে নেকি ইত্যাদি। আনোভাই কোনো প্ৰশ্নৰ উত্তৰ নিদিলে! অলপো মুখ খুলিব নোখোজা আচৰিত ছোৱালী তাই! অৱশেষত ছঘণ্টাৰ পিছত পুলিচৰ কবলৰ পৰা মই মুক্ত হ’লোঁ। ছোৱালীজনীক তেওঁলোকে নিজৰ জিম্মাত থ’লে।
ঘৰলৈ উভতি আহি বিপদৰ পৰা ৰক্ষা পোৱাৰ বাবে দহ ৰাকাত নফল নামাজ পঢ়িলো। অৱশ্যে মই জানিছিলো যে এতিয়াও সম্পূৰ্ণৰূপে উদ্ধাৰ পোৱা নাই, যিকোনো সময়তে পুলিচে আকৌ মাতি পঠিয়াব পাৰে। বিশ দিনৰ পাছত পুলিচৰ ফোন আহিল। আৰক্ষী বিষয়াজনে ক’লে যে তেওঁলোকে আনোভাৰ কোনো শুং-সূত্ৰ বিচাৰি পোৱা নাই কিন্তু পূৰ্ণগতিত চেষ্টা চলাই আছে। ছাৰ, আপুনি জানেনে আমেৰিকাৰ দৰে এখন সভ্য দেশত প্ৰতি বছৰে হাজাৰ হাজাৰ শিশু হেৰাই যায় কিন্তু আৰক্ষীয়ে সেই সকলৰ একো সন্ধান উলিয়াব নোৱাৰে। মই আৰক্ষী বিষয়া জনক সুধিলো- ‘ছাৰ, ছোৱালীজনী ক’ত?’
: ছোৱালীজনীক এজন ফষ্টাৰ পেৰেণ্টৰ ওচৰত ৰখা হৈছে।
: মই তাইক লগ পাব পাৰোনে?
: মনোৰোগ বিশেষজ্ঞই অনুমতি দিলে সাক্ষাৎ কৰিব পাৰিবা। এগৰাকী মনোৰোগ বিশেষজ্ঞই ছোৱালীজনীক নিৰীক্ষণত ৰাখিছে।
: মই যাব পাৰিম নে?
: পাৰিবা। মনোৰোগ বিশেষজ্ঞজনক তোমাৰ ইচ্ছাৰ কথা জনোৱা হ’ব। তেওঁ তোমাৰ সৈতে যোগাযোগ কৰিব। তেওঁৰ নাম পুল।
তিনিমাহ পাৰ হৈ যোৱাৰ পাছতো কোনেও যোগাযোগ কৰা নাছিল। ধৰি ল’লোঁ যে মনোৰোগ বিশেষজ্ঞজনে ছোৱালীজনীক মই দেখা কৰাতো নিবিচাৰে। ছাৰ, আমেৰিকা হ’ল গোটেইবোৰ পগলাৰ দেশ! আটাইতকৈ ডাঙৰ পগলা হ’ল এই মনোৰোগ বিশেষজ্ঞসকল। তিনিমাহৰ পাছত কোনোবা এটা সোমবাৰে মনোৰোগ বিশেষজ্ঞজনে মোক এটা ফোন কৰিলে। মই সুধিলো – ‘ছাৰ, ছোৱালীজনী কেনে আছে?’ ডাক্তৰজনে ক’লে – ‘ভালেই আছে তাই কেৱল কথা খুব কম কয়। সেইটোৱেই তাইৰ সমস্যা। তাৰ বাহিৰে একো অসুবিধা নাই।’
: মাক-দেউতাকৰ নাম কিবা কৈছে নেকি?
: নাই কোৱা। তোমাৰ টেক্সি কেবত উঠাৰ পাছতহে তাইৰ জীৱনটো আৰম্ভ হৈছিল যেন ভাৱ হয়। সাংঘাতিক এম্নেচিয়া। বয়সৰ লগে লগে হয়তো ঠিক হৈ যাব পাৰে।
: ছোৱালীজনীক লগ পাব পাৰিমনে?
: পাৰিবা। চকলেট তাই বৰ ভাল পায়। চকলেট এপেকেট লৈ আনিব পাৰা।
: ছাৰ, আপোনাক ধন্যবাদ।
: ছোৱালীজনীয়ে তোমাৰ সৈতে পতা সকলো কথা ৰিপ’ৰ্ট কৰিবা।
মোক দেখি যে আনোভা আন্ন্দত জপিয়াই উঠিছিল তেনে নহয়। তাই সামান্য হাঁহি এটা মাৰিলে আৰু চকলেটৰ পেকেটটো লৈ তলমূৰকৈ ‘থেঙ্ক ইউ’ বুলি ক’লে।
এঘণ্টা সময় সেই ঘৰতে থাকিলোঁ। আনোভাৰ নতুন মাকে মোক কফি বনাই খুৱালে আৰু বহুতো কাহিনী ক’লে। সকলোবোৰ কথা-বতৰা আছিল ৰাজনৈতিক। তেওঁ নিজে এজন ডেম’ক্ৰেট আৰু তেওঁৰ সকলোবোৰ কাহিনীতেই ৰিপাব্লিকানসকলৰ বদনাম। মই থকালৈকে আনোভা মোৰ পিঠিত হেলান দি বহি থাকিল। তাইৰ মুখখন দেখা পোৱা নাছিলো কিন্তু শৰীৰৰ স্পৰ্শ পাই আছিলো। এটা এসময়ত কোঠাটোত কেৱল মই আৰু আনোভা আছিলো। ঘৰৰ মালিকনীয়ে লনত ঘাঁহ কাটিবলৈ গ’ল। বাহিৰত লন ম’ৱাৰৰ শব্দ শুনা গৈছিল। মই ক’লোঁ – ‘আনোভা, মই এতিয়া যাওঁনে?’ আনোভাই পিছফালৰ পৰা হাত এখন আনি মোৰ সন্মুখত ধৰিলে। তাইৰ হাতৰ মুঠিত এশ ডলাৰৰ নোট এখন আছিল। আনোভাই স্পষ্ট মাতেৰে ক’লে – ‘মায়ে আপোনাক এই নোটখন দিবলৈ কৈছিল। আপুনি যদি নলয় মায়ে বৰ দুখ পাব।’ ডলাৰৰ নোটখন লৈ মই ক’লোঁ - ‘মাৰ কথা তুমি মোক আৰু ক’বানে?’ আনোভাই উত্তৰ দিলে – ‘ওহো, নকওঁ।’ হুমুনিয়াহ এটা কাঢ়ি এইবাৰ ক’লোঁ – ‘মোৰ কিন্তু সঁচাকৈয়ে জানিবলৈ বৰ ইচ্ছা আছিল।’ আনোভাই এইবাৰ মোক আচৰিত কৰি স্পষ্ট মাতেৰে ফুচফুচাই ক’লে – ‘আপুনি মোৰ মাক আৰু এবাৰ লগ পাব।’
: ক’ত? কেতিয়া?
আনোভাই কোনো সঁহাৰি নিদিলে। ছাৰ, ছোৱালীজনীৰ লগত মোৰ সেইটোৱেই আছিল শেষ সাক্ষাৎ। মনোৰোগ বিশেষজ্ঞই মোৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিলে। মই গুচি অহাৰ পিছত ছোৱালীজনীয়ে হেনো বৰকৈ কান্দিলে। মই হেনো তাইৰ ওপৰত মানসিক চাপৰ সৃষ্টি কৰিলো। ‘ট্ৰ’মা’ নে কিবা এটা হ’ল! চালা! কুকুৰ! কি যে অদ্ভূত চিন্তা সিহঁতৰ! যেনে দেশ তেনে ৰীতি। ছাৰ, ক্ষমা কৰিব, মোৰ বৰ খং উঠিছে বাবে মুখখন চম্ভালিব পৰা নাই। মোৰ অভদ্ৰতাক ক্ষমা কৰিব।
ছোৱালীজনীৰ বাবে তেওঁলোকে নতুন ‘ফষ্টাৰ ফেমিলি’ এটা বিচাৰি পালে। তাইৰ নতুন ঠিকনা মই নাজানো। এবাৰ শুনিছিলো তাই হেনো স্কুলত খুব ভাল কৰি আছে। সাধাৰণ বিদ্যালয়ৰ পৰা নি তাইক মেধাৱী ল’ৰা-ছোৱালীৰ বিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাৰ দহ বছৰ পাৰ হৈ গ’ল। মই সেই আগৰ দৰেই কেব এখন চলাও আৰু বেংকত টকা জমা কৰোঁ। ২৭ ডিচেম্বৰৰ নিশা যিখিনি ঠাইত মই প্ৰথমবাৰৰ বাবে আনোভা আৰু তাইৰ মাকক লগ পাইছিলো সেইখিনিৰ ওচৰে পাজৰে ৰাস্তাবোৰত ঘূৰি ফুৰোঁ। যদি কেনেবাকৈ সেই মহিলাগৰাকীক আকৌ এবাৰ লগ পাওঁ! কিন্তু আজিলৈকে দুনাই লগ পোৱা নাই। আনোভাই দিয়া এশ ডলাৰৰ নোটখন মোৰ হাতত এতিয়াও আছে। ছাৰ, নোটখন চাব নেকি?
মূলঃ হুমায়ূন আহমেদ।
অনুবাদঃ পংকজ কুমাৰ নেওগ।
0 Comments