header ads

তত্বাৱধায়িকাৰ একলম - ই-আলোচনী জ্ঞানম , ৫ম বছৰ- ২য় সংখ্যা l

 ই-আলোচনী জ্ঞানম 

তত্বাৱধায়িকাৰ একলম ---



       ‘ আমাক এনে শিক্ষা লাগে যাৰ দ্বাৰা আমাৰ সৎ চৰিত্ৰ গঠন হয় । যাৰ দ্বাৰা মানসিক বল বুদ্ধি হয় , যাৰ দ্বাৰা বুদ্ধিমত্তা প্ৰসাৰিত হ'ব আৰু যাৰ সহায়ত আমি নিজৰ ভৰিত থিয় দি আত্মনিৰ্ভৰশীল হ'ব পাৰো ।’  — স্বামী বিবেকানন্দ ৷     

        ‘ তত্বাৱধায়কৰ কলম ’ শিতানত ‘মাঘ বিহু আৰু থলুৱা খেল-ধেমালিৰ পৰম্পৰা’ৰ এক চমু অৱলোকন আগবঢ়াবলৈ লৈছোঁ ।
বাপতি সাহোন মাঘ বিহু অথবা ভোগালী বিহুটিত অসমীয়াই বিভিন্ন ধৰণৰ পিঠা-পনা , চিৰা-দৈ , কোমল চাউল , সান্দহ গুড়ি , লাড়ু , আখৈ আদি পৰম্পৰাগত খাদ্য সম্ভাৰৰ আয়োজন কৰাৰ উপৰিও পৰম্পৰাগত খেল-ধেমালি অনুষ্ঠিত কৰি বিহু উপভোগ কৰে ।
মাঘ বিহুৰ লগত সংগতি ৰাখি ঠায়ে ঠায়ে  বিভিন্ন ধৰণৰ থলুৱা খেল-ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা পৰম্পৰা এতিয়াও প্ৰচলিত হৈ আছে যাতে সকলোৰে মাজত সমন্বয় আৰু ভাতৃত্ববোধৰ এনাজৰীডাল সুদৃঢ় কৰি ৰাখিব পাৰে । এনে কিছু খেল-ধেমালিৰ বিষয়ে চমুকৈ আলোচনা কৰাৰ প্ৰয়াস কৰিছোঁ ।  
চৰাইৰ যুঁজ :
          চৰাইৰ যুঁজ বুলি ক’লে কামৰূপ জিলাৰ হাজোস্থিত হয়গ্ৰীৱ মাধৱ দেৱালয়ৰ বুলবুলি চৰাইৰ যুঁজৰ কথা মনলৈ আহে । মাঘ মাহৰ প্ৰথম দিনা হয়গ্ৰীৱ মাধৱ মন্দিৰ প্ৰাঙ্গণত ঐতিহ্য বহনকাৰী বুলবুলি চৰাইৰ যুঁজ দুটা বুলবুলি চৰাইৰ মাজত অনুষ্ঠিত হয় আৰু এই যুঁজত আটাইতকৈ শক্তিশালী বুলবুলি চৰাইটোৱেই জয়লাভ কৰে । ৰাজ্যৰ আন আন ঠাইতো চৰাই যুঁজ হয় ।
মহ যুঁজ :
          আহোম স্বৰ্গদেউসকলে ৰংঘৰৰ বাকৰিত মাঘ বিহুৰ সময়ত ম'হ যুঁজৰ আয়োজন কৰিছিল বুলি জনমত আছে ।  ম'হ যুঁজৰ বাবে ম'হবোৰক আহিন-কাতি মাহতে প্ৰতিপালন কৰি সাজু কৰোৱা হয় । এই যুঁজ সাধাৰণতে মুকলি পথাৰত দুটা ম’হৰ মাজত অনুষ্ঠিত হয় । ম'হ যুঁজ অতি আকৰ্ষণীয় যুঁজ । অগণন দৰ্শকৰ সমগম হয় বাবে এই যুঁজ সাধাৰণতে মুকলি পথাৰত অনুষ্ঠিত কৰা হয় যাতে দৰ্শকসকলে নিৰাপদ স্থানৰ পৰা এই খেল উপভোগ কৰিব পাৰে । ম’হ দুটাক গোৱালে নাকী খুলি দিয়াৰ পাছত কপালে কপালে খুন্দা মাৰি শিঙেৰে  ইটোৱে সিটোক খুন্দা মাৰি আঘাত কৰিবলৈ চেষ্টা কৰে আৰু যিটোৱে আঘাত কৰিব পাৰে  সেইটোৱে জয় লাভ কৰা বুলি ধৰা হয় ।
কুকুৰা যুঁজ :
         মাঘ বিহুত গাঁৱৰ ল’ৰা ছোৱালীৰ মাজত কুকুৰা যুঁজ খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এই খেল খেলি অধিক আনন্দ পায় । এখন ভৰিৰ ওপৰত ভৰ দি আনখন ভৰি হাতেৰে ধৰি কুকুৰাৰ দৰে জঁপিয়াই জঁপিয়াই এই খেল খেলা হয় । এগৰাকী পৰিচালকে কুকুৰা যুঁজ খেলখন হুইচেল মাৰি দিয়াৰ পিছত আৰম্ভ হয় । জঁপিয়াই জঁপিয়াই ইজনে সিজনক খেদি খেদি কান্ধেৰে আনজনৰ কান্ধত খুন্দা মাৰি পেলাব পাৰিলে অথবা হাতেৰে ধৰি থকা ভৰিখন মাটিত এৰা খাই গ’লে খেলৰ পৰা বাহিৰ কৰা হ্য় । খেদা-খেদি কৰোতে  যিয়ে আনক  মাটিত খুন্দিয়াই পেলাব পাৰে তেওঁৱে জয়ী হয় । 
         এই খেল সমূহৰ উপৰিও মাঘ বিহুত পাৰ-পানী/উঠা-বহা ,স্মৃতি-পৰীক্ষা , টেকেলী ভঙা , বস্তা দৌৰ , বেজিত সূতা ভৰোৱা , সংগীত চকী , দৌৰ/জাঁপ আদি পৰম্পৰাগত থলুৱা খেলসমূহৰ প্ৰতিযোগিতাৰ অন্যতম খেল হিচাপে গঁঞা সমাজত জনপ্ৰিয়তা আছে । কোৱা বাহুল্য অসমত ঠাই বিশেষে খেলসমূহ বেলেগ বেলেগ হয় ।
        শৈক্ষিক গোট , জ্ঞানম , কামৰূপৰ উদ্যোগ আৰু সমগ্ৰ শিক্ষা , কামৰূপৰ সহযোগত প্ৰকাশিত তিনিমহীয়া ই-আলোচনী 'জ্ঞানম'ৰ পঞ্চম বছৰ,দ্বিতীয় সংখ্যাটি (ডিচেম্বৰ , ২০২৪ , জানুৱাৰী , ২০২৫ , ফেব্ৰুৱাৰী , ২০২৫) প্ৰকাশ কৰাৰ বাবে নিৰ্ধাৰণ কৰা মুখ্য বিষয়সমূহ হৈছেঃ শিল্পী দিৱস আৰু জ্যোতিপ্রসাদ আগৰৱালাৰ প্ৰাসংগিকতা , মহাবীৰ চিলাৰায় আৰু তেখেতৰ যুদ্ধ নিপুণতা , ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস , মেডাম মে-ফি , মাঘ বিহু আৰু টুছু পূজা , আন্তৰ্জাতিক মাতৃভাষা দিৱস , পূৰ্বৰ আৰু বৰ্তমানৰ সৰস্বতী পূজা আৰু অন্যান্য শৈক্ষিক উত্তৰণৰ লগত সংগতি থকা বিষয় ।
          সদৌশেষত পঞ্চম বছৰ , দ্বিতীয় সংখ্যাটি (ডিচেম্বৰ , জানুৱাৰী , ফেব্ৰুৱাৰী) যথা সময়ত প্ৰকাশৰ ক্ষেত্ৰত প্ৰস্তুতি সম্পূৰ্ণ কৰা বাবে সম্পাদনা সমিতিৰ লগতে শ্ৰদ্ধাৰ মুখ্য উপদেষ্টা , উপদেষ্টামণ্ডলী আৰু সন্মানীয় সমূহ সদস্য-সদস্যালৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ  জ্ঞাপন কৰিছোঁ । আলোচনীখনলৈ লেখা , ছবি , সাঁথৰ , কুইজ ইত্যাদি প্ৰেৰণ কৰি সৌষ্ঠৱ বৃদ্ধি কৰা প্ৰতিগৰাকী শ্ৰদ্ধাৰ লেখক আৰু ছাত্ৰ-ছাত্ৰীলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
         আলোচনীখন প্ৰকাশ কৰোতে অজানিতে হোৱা ভুল-ত্ৰুটিৰ বাবে মাৰ্জনা বিচাৰিছোঁ । ই-আলোচনী জ্ঞানমে শিক্ষাৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ গৱেষণাধৰ্মী , সৃষ্টিশীল আৰু ভিন্নসুৰী লেখা প্ৰকাশ কৰাৰ লগতে ভাষা-চৰ্চা , মননশীল পঢ়ুৱৈ আৰু নতুন লেখকৰ সৃষ্টিত মনোনিৱেশ কৰাৰ প্ৰয়াসত যৎপৰোনাস্তি চেষ্টা আৰু গুৰুত্ব প্ৰদান কৰি আহিছে । এই ক্ষেত্ৰত আপোনালোকৰ গঠনমূলক দিহা-পৰামৰ্শ আমাৰ কাম্য ।
আমাৰ এই যাত্ৰা নতুন দিগন্তলৈ …..

 শ্ৰদ্ধাৰে-
ফুলপাহি নাথ ,
তত্বাৱধায়ক , ই-আলোচনী জ্ঞানম আৰু জিলা
আঁচনি বিষয়া , সমগ্ৰ শিক্ষা , কামৰূপ , আমিনগাঁও ।

Post a Comment

0 Comments